ফাক টু দি পাৱাৰ টু থাউজেণ্ড নাইনটিন

কিশোৰ দাস

বুদ্ধদেৱৰ বুদ্ধি নাছিল
সেয়েহে হেনো পলাই গৈছিল

আগৰাতিৰ পঁইতাভাত এমুঠি নিমখ এজেবা, চাৰিটা জলকীয়া আৰু এচকল পিয়াঁজেৰে মোকোৰা মাৰি পেটত পেলাই কি হয় দেখা যাব বুলি পুৱতিনিশাতেই বুদ্ধ গুচি গৈছিল

হাফপেন্টটোৰ পকেটত দুটা গোল্ড ফ্লেক আৰু পাটচাধাৰ টেমাটো
টি ছাৰ্টটোত পিঠিত লিখা আছিল:
“HE WHO CARES LESS HAS THE MOST POWER”
বুকুত আছিল বগাত ক’লাকৈ মধ্যমা আঙুলি

কেণা লাগিছিল বছৰটোৰ আৰম্ভণিতে
ঠিকাৰ কামটোও হাতৰ পৰা গৈছিল
ঘৰতে শুই পিৰালিতে বহি এমাহ নিজকে খুন্দি খুন্দি বুদ্ধ পগলা হৈছিল

নিৰ্জু বুদ্ধৰ মুখতো ফুটি উঠিছিল কথাই প্ৰতি ব্যাভিচাৰৰ গালি
কালৰ সৰাপাত সৰি সৰি গজা চোতালখনৰ শেলাই চাই চাই বুদ্ধই ভাবিছিল
গোটেই বছৰটো কটালো
জুইকুৰা লগালো
জ্বলিলো
নিজৰ নেজৰ জুইকুৰা নিজেইতো নুমাব লাগিব
ঢেকঢেকাই হাঁহিবলৈ আহে ভালৰ দিনত যিয়ে বেয়াৰ দিনত সিয়েইচোন লাঠ দিয়ে
মৰোঁ মৰোঁ ৰাতিবোৰৰ ভাগি নোহোৱা কাৰোবাক সুখী কৰিবলৈতো বছৰেকীয়া বন্ধা খাটি থকা নাই

পগলা বুদ্ধ বুদ্ধিভ্ৰষ্ট হৈছিল

কোনোবা কোনোবাই ঘৈণীয়েকক কৈছিল
ষ্টেচনৰ চকী এখনত তলমূৰকৈ বহি বিৰবিৰকৈ হেনো বুদ্ধই বকি আছিল
ফাক টু দি পাৱাৰ টু থাউজেণ্ড নাইনটিন
ফাক টু দি পাৱাৰ টু থাউজেণ্ড নাইনটিন।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here