এটা ৰঙা কবিতা

সপোন বৰা

ৰঙা তীব্ৰ,
সু-তীব্ৰ;
ৰঙাত তেজ থাকে,
ৰঙাত থাকে ঘামৰ গোন্ধ।
চকুপানী গোট মাৰে,
গোট মাৰি শিল হয়,
শিলৰ ঘৰ্ষণত স্ফুলিংগ হয় বাজ,
জাগ সৰ্বহাৰা, জাগ।

চহৰৰ দুৰ্গন্ধময় নলীবোৰেদি
মোৰ দেশৰ মলিবোৰ বৈ যায়,
পুঁজিপতি অথবা ধর্মগুৰুৰ মূত্ৰনলীয়েদি
স্বছন্দে বৈ যায় মোৰ দেশৰ নেতা,
নেতাৰ হস্তমৈথুনত সৃষ্টি হয় আমোলা-বিষয়া।

পথাৰত এতিয়া সোণগুটি নগজে।
আত্মঘাটি কৃষকৰ আত্মাৰ অভিসম্পাতত বিধ্বস্ত মোৰ দেশৰ পথাৰ।
নদীয়ে পলস নেপেলোৱা পথাৰবোৰত
প্ৰতিদিনে উদ্গীৰিত হয় কৃষকৰ ক্ষোভৰ আগ্নেয়গিৰী,
সৰ্বহাৰা কৃষক, কিমান আৰু সহিবি?
জাগ কৃষক জাগ,
বিপ্লৱক কৰ মূলমন্ত্ৰ,
উফৰিব এদিন ধনতন্ত্ৰ।

শাসকৰ বাওঁ চকু অন্ধ,
সোঁ-চকুত চেফৰণ শেলাই।
নিষ্পেশিত কাৰুণ্যৰ যাতনাত বিধ্বস্ত
অ’ মোৰ দেশৰ মজদুৰ-জোৱান-কিষাণ, জাগ;
শাসকৰ সোঁ-চকুত কৰি তীব্ৰ প্ৰহাৰ,
কাঢ়ি আন বঞ্চিত অধিকাৰ।
তীব্ৰ ৰঙাক কৰি সু-তীব্ৰ,
নীৰৱ নিস্পন্দ জীৱনক কৰ স্পন্দিত।
উফৰাই প্ৰতাৰণাৰ নিলিখা ইতিহাস,
ৰঙা তেজেৰে লিখি দে দেৱালত,
ভোকৰ আন এটা নাম বিদ্ৰোহ।

ভণ্ড শাসকৰ বুকুত সৃষ্টি কৰ ত্ৰাস,
জনতা, তই মহাকাল।
জাগ্ৰত জনতাৰ বিক্ৰী নোযোৱা সমদলৰ গচকত,
মাটিত মিলাই দে শাসকৰ দম্ভ,
শাসক আজি অন্ধ।

ৰঙা স্ফুলিংগ হওঁক বাজ,
জাগ সৰ্বহাৰা, জাগ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here