এটা অসহিষ্ণুতাৰ গল্প

ভাৰ্গব লিগিৰা

কিমান যে কাহিনী সোমাই থাকে গল্প একোটাৰ বুকুত। এখন সমাজ অথবা এচোৱা সময় অৱগাহন কৰি নিটাল মাৰি কাহিনীবোৰ শুই থাকে । কেতিয়াবা সাৰ পায় – কথা পাতে , হাঁহে , কান্দে। কেতিয়াবা প্রেম কৰে – অভিমান কৰে । অথচ কোনেও নেদেখে। নাভাবে। ভীষণ একাকীত্বত ভূগি কাহিনীবোৰ হেৰাই যায়-নিজৰ মাজতে, যিদৰে হেৰাই যায় মানুহ।

ভাৱনাৰ জখলাডালত এখাপ এখাপকৈ বগাই এটা কাহিনী তুলি আনি গল্প এটা লিখাৰ আপ্ৰাণ চেষ্টা কৰি আছে প্ৰদ্যুম্ন হাজৰিকাই। গল্পকাৰ হিচাপে বৌদ্ধিক মহলত তেওঁৰ এটা পৰিচয় আছে। চৌপাশৰ সৰু সৰু ঘটনাবোৰ সূক্ষ্ম অন্তৰ্দৃষ্টিৰে পৰ্যবেক্ষণ কৰি তাত জীৱনবোধৰ ৰহণ সানি হাজৰিকাই লিখা গল্পবোৰত জীৱন্ত হৈ উঠে জীৱনৰ আলোকদীপ্ত ৰূপ। জীৱন জীয়াৰ অদম্য তাড়না এটাই জীৱন দিয়ে তেওঁৰ গল্পবোৰক।তেওঁৰ অগতানুগতিক বিষয়বস্তু আৰু প্রকাশভংগীৰ সৰল মাধুৰ্যই কেৱল সমালোচকেই নহয়, সাধাৰণ শ্ৰেণীৰ পাঠকো আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।

প্ৰদ্যুম্ন হাজৰিকাই এটা গল্প লিখি আছে।

এটা নতুন গল্প।

হঠাৎ হাজৰিকাৰ কলমত নচলা হ’ল। এনে লাগিলে যেন তেওঁৰ কলমৰ নিবটোত কোনোবাই জোৰেৰে টানি ধৰি আছে। সৰ্বশক্তি প্ৰয়োগ কৰিও তেওঁ কলমটো আগবঢ়াব পৰা নাই। এক অদ্ভুত অনুভৱত কিংকৰ্তব্যবিমূঢ় হৈ পৰা মানুহজনৰ মুখমণ্ডলত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল আৰু তেওঁ আটাইতকৈ আচৰিত হ’ল তেতিয়া , যেতিয়া তেওঁ দেখা পালে – তেওঁৰ কলমৰ নিবটোৱেদি বগাই আহি তেওঁৰ সমুখত ধৰা দিছে এজন মানুহ- এজন আদবয়সীয়া, আটিয়াল শৰীৰৰ জীৱন্ত মানুহ।

প্ৰায় চিৎকাৰ কৰি হাতৰ কলমটো দলিয়াই দি হাজৰিকাই মানুহজনক সুধিলে ,“ কোন ? কোন আপুনি?” এটা ক্ৰুৰ হাঁহি মাৰি মাখনৰঙী পায়জামা এটা পিন্ধি থকা মানুহজনে ওলোটাই তেওঁক প্ৰশ্ন কৰিলে,“ কিয়? মোক চিনি পোৱা নাই? ”

হাজৰিকাই মানুহজনৰ ফালে অপলক নেত্ৰে চাই থাকিল। নাই এই মানুহজনক ক’তো ইয়াৰ আগতে দেখা যেন নালাগিল তেওঁৰ। শ্বপিং মল, বাচ ষ্টেণ্ড, বজাৰ, চিটি বাচ, চিনেমা হল- না – ক’তো দেখা নাই। তেনেহ’লে কিয় ইমান চিনাকি চিনাকি লাগিছে মানুহজন ? কিয় এনে লাগিছে যেন মানুহজন তেওঁৰ একেবাৰে আপোন- একেবাৰে ওচৰৰ পৰা মানুহজনক জানে !

“ কি হ’ল হাজৰিকা ছাৰ ? মনে মনে থাকিল যে ?” মানুহজনে আকৌ প্ৰশ্ন কৰিলে।

“ মোক ক্ষমা কৰিব ”, অনুনয়ৰ সুৰত হাজৰিকাই কৈ উঠিল,” মই আপোনাক একেবাৰে চিনিব পৰা নাই।”

হাজৰিকাৰ কথা শুনি মানুহজনে অট্টহাস্য কৰি উঠিল। “আপুনিয়েইতো মোৰ সৃষ্টিকৰ্তা মিষ্টাৰ প্ৰদ্যুম্ন হাজৰিকা। আপোনাৰ ভাৱনাৰ তীব্রতাত জন্ম হৈ কলমৰ চিয়াঁহীৰ টোপাল সৰি গল্পৰ মাজত জীৱন্ত হোৱা চৰিত্ৰ মই। ভালকৈ চাওক হাজৰিকা, চিনিব।”

এইবাৰ প্ৰদ্যুম্ন হাজৰিকা আচৰিত হ’ল। তেওঁ ভালদৰে মানুহজনক চালে – এৰা – সেই একেই চকু, একেই নাক, একেই মুখৰ ক্ৰুৰ হাঁহি – আনকি অলপ আগতে কৰা অট্টহাস্যটোও ! তেওঁৰ গল্পৰ বৰ্ণনাৰ স’তে হুবহু মিলি গৈছে মানুহজন। তাৰমানে- তাৰমানে মানুহজনে কোৱাৰ দৰে সঁচাকৈয়ে তেওঁ গল্পৰ চৰিত্ৰ? এইমুহূর্তত কেনে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব লাগে প্ৰদ্যুম্ন হাজৰিকাই ভাবি নাপালে। ভয়, আনন্দ আৰু আশ্চৰ্যৰ মিশ্ৰিত প্ৰতিক্ৰিয়া এটাই তেওঁৰ মুখমণ্ডলত ভুমুকি মাৰিলে।

“কিন্ত আপুনি ইয়াত কিয়? আপুনি গল্পটোৰ মাজতহে থাকিব লাগিছিল?” কৌতূহলবশত: হাজৰিকাই সুধি পেলালে। আকৌ মানুহজনে অট্টহাস্য কৰি উঠিল,“কিয়? মোক এনেকৈ দেখি বেয়া পাইছে? ভয় খাইছে? চিন্তা নকৰিব, মই আপোনাৰ একো অনিষ্ট কৰিব অহা নাই।”

মানুহজনে প্ৰদ্যুম্ন হাজৰিকাৰ কোঠাটোৰ চাৰিওফালে থকা বস্তুবোৰ এটা এটাকৈ চাই গ’ল। তেওঁৰ চকুৰ চাৱনিয়ে প্ৰদ্যুম্ন হাজাৰিকাক বিৰক্ত কৰিলে। তেওঁ অতিষ্ঠ হ’ল।

“আপোনাক এইদৰে থাকিবৰ বাবে মই সৃষ্টি কৰা নাছিলোঁ। আপোনাৰ স্থান ইয়াত নহয়, গল্পৰ মাজত। যাওক তালৈ উভতি যাওক।” তেওঁৰ কথাত একো গুৰুত্ব নিদি মানুহজনে স্বাভাৱিকভাৱে কৈ উঠিল,“ আপোনাৰ কোঠাতো কিন্ত বেছ ধুনীয়া।”

হাজৰিকাৰ এইবাৰ সচাঁকৈয়ে খং উঠিল। ৰূঢ় আৰু কৰ্কশ কণ্ঠৰে তেওঁ প্ৰায় চিঞৰি কৈ পেলালে,“আপোনাক মই যি উদ্দেশ্যে সৃষ্টি কৰিছোঁ, তাত গুৰুত্ব দিয়ক। মোৰ কোঠাৰ সৌন্দৰ্য বৰ্ণনা কৰাৰ প্ৰয়োজন নাই। নিজৰ ঠাইলৈ উভতি যাওক।”

এইবাৰ যেন হাজৰিকাৰ কথাকেইষাৰে মানুহজনক অলপ স্পৰ্শ কৰিলে। কিছুসময় তভক মাৰি তেওঁ ক্ষীণ আৰু কাতৰ দৃষ্টিৰে হাজৰিকাৰ ফালে চালে। কাৰুণ্যতাৰে ভৰা কণ্ঠস্বৰ এটাৰে তেওঁ ক’লে,“মোৰ লগত কিয় এনেকুৱা কৰিলে হাজৰিকা ছাৰ?”

“কি কৰিলো মই?”

“মই কি কৰিব বিচাৰিছিলো আপুনি এবাৰ সুধিছিল নে? আপোনাৰ ভাৱনাত মোক যিধৰণে সজালে ভাল লাগিব বুলি ভাবিলে, সেইধৰণেই মোক সজাই পেলালে। এবাৰো নুসুধিলে মোক – কি হ’ব বিচাৰো মই ! কি কৰিব খোজো মই !”

“আপুনি কি হ’ব বিচাৰিছে?”

“ হাজৰিকা ছাৰ, মই জানো আপুনি গল্পকাৰ। মোৰ লগতে গল্পটোৰ প্ৰতিটো চৰিত্ৰৰ জন্ম আপোনাৰ কল্পনাত। সকলো সুখী। কেৱল সুখী হ’ব নোৱাৰিলো মই। মোক ক্ষমা কৰিব ছাৰ। সুখী হ’ব নোৱাৰাৰ বাবেই মই ওলাই আহিলো। আপোনাৰ ওচৰলৈ।”

“কিয় সুখী নহয় আপুনি?”

কি প্ৰশ্ন সুধিছে ছাৰ? আপুনি দিয়া চৰিত্ৰটো লৈ যে কোনোৱেই সুখী হব নোৱাৰে সেই কথাও আপুনি নাজানে নে? আপুনি জানো পাৰিব? আপুনি জানো পাৰিব এজন ধৰ্ষণকাৰীৰ চৰিত্ৰ লৈ সুখী হৈ থাকিব?

“আপুনি বেছি কথা কৈছে। আপুনি জানে নে মন গ’লেই মই আপোনাৰ অস্তিত্ব নোহোৱা কৰি পেলাব পাৰো?”

“জানো ভালকৈয়ে জানো ছাৰ। এইটোও জানো, আপুনিয়েই নহয়, প্ৰতিজন গল্পকাৰেই বুকুত লৈ ফুৰে এই অহংকাৰ। এই অহংকাৰলৈ ভয় কৰিয়ে গল্পৰ চৰিত্ৰবোৰ মনে মনে থাকে। গল্পৰ বুকুত শুই থাকে। বুকুত দুখ আৰু ক্ষোভৰ বোজা লৈ যুগ যুগ ধৰি সিহঁতে নীৰৱে থাকে। কিন্ত মোৰ সেই ভয় নাই। সেই ভয় ত্যাগ কৰিয়ে মই আপোনাৰ ওচৰলৈ আহিছো। আপোনাক ক’বলৈ আহিছো, এজন ধৰ্ষণকাৰী হৈ আপোনাৰ গল্পত থকাতকৈ একেবাৰে নথকাই শ্ৰেয়।”

“কিয়? কিয় ধৰ্ষণকাৰী হৈ থাকিব নোখোজে আপুনি?”

“আপুনি ঘূৰাই পকাই একেটা প্ৰশ্নকে কৰি আছে ছাৰ। কিমান বিদ্বেষ আৰু ঘৃণাৰে আপুনি মোৰ চৰিত্ৰটো সজাইছে মই উপলব্ধি কৰিব পাৰো। মই এইটোও উপলব্ধি কৰিব পাৰো, আপোনাৰ গল্পটো পঢ়ি থাকোতে পাঠকৰ চকুত ফুটি উঠিব মোৰ প্ৰতি অসামান্য বিদ্ৰোহ, অপৰিসীম ঘৃণা। সেয়া মই সহ্য কৰিব নোৱাৰো।”

“এই ঘৃণা আৰু বিদ্বেষ বাদ দি গল্পটোত আপোনাৰ চৰিত্ৰটো থাকিব নোৱাৰে।”

“মোক যদি গল্পটোত ৰাখিব খুজিছে, তেনেহ’লে মোক গল্পটোৰ নায়কৰ চৰিত্ৰটো দিয়ক। এয়া মোৰ কাতৰ অনুৰোধ ছাৰ।”

মানুহজনৰ কথাত প্ৰদ্যুম্ন হাজৰিকাৰ সৰ্বশৰীৰত এক উষ্ণ প্ৰৱাহ বিয়পি গ’ল। যি চৰিত্ৰৰ তেওঁ স্ৰষ্টা, তেওঁ আহি আজি তেওঁৰ সৃষ্টিৰ ওপৰত প্ৰশ্ন তুলিছে! তেওঁৰ খং উঠিল। প্ৰচণ্ড খঙত তেওঁ কৈ উঠিল, “অসম্ভৱ।”

“কিয় ছাৰ?” সাংঘাতিকধৰণে মানুহজন একেবাৰে শান্ত হৈ থাকিল। হাজৰিকা নিজেই আচৰিত হ’ল। ইমানখিনি সংযম তেওঁতো চৰিত্ৰটোত দিয়া নাছিল! “কিয় মোক গল্পটোৰ নায়ক কৰিব নোৱাৰে ছাৰ? মোৰ নাম ইছমাইল হোৱা বাবেই?”

এইবাৰ প্ৰদ্যুম্ন হাজৰিকাৰ হাতত কোনো উত্তৰ নাছিল। মানুহজনে কৈ গ’ল,“ হাইস্কুলত আপোনাৰ লগত ইক্রামূল নামৰ এজন লৰা পঢ়িছিল। আপোনাৰ ভাল বন্ধু আছিল। কলেজত আমিনুল আৰু ইজাজক লগ পাইছিল। বিশ্ববিদ্যালয়ত পঢ়োঁতে তৌফিক, ছলমান, ইউচুফ, আব্দুল, ইকবাল- ইঁহতো আপোনাৰ অভিন্ন হৃদয় বন্ধু আছিল। আপোনাক জনাই দিওঁ ছাৰ ইহঁত কোনো ধৰ্ষণকাৰী বা অপৰাধী নাছিল। প্ৰত্যেকেই এতিয়া প্রতিষ্ঠিত। আপুনি বিশ্ববিদ্যালয়ত পঢ়া দিনত মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰাবাসত আছিল। তেওঁ অপৰাধী নাছিল। বিশ্ববিদ্যালয় সপ্তাহত আপুনি মালিক ছাৰৰ ‘অঘৰী আত্মাৰ কাহিনী’ৰ সমালোচনা লিখি প্ৰথম পুৰস্কাৰ পাইছিল। তেওঁ অপৰাধী নাছিল। আটাইকেইগৰাকী ব্যক্তিক আপুনি ভাল মানুহৰ স্বীকৃতি দিয়ে, শ্ৰদ্ধা কৰে।

যদি এওঁলোকক অপুনি ইমানেই ভাল পাই, তেনেহ’লে ইছমাইল অথবা ইব্ৰাহিমক কিয় আপোনাৰ গল্পৰ নায়ক হিচাপে চাব নোখোজে? কিয় আপোনাৰ গল্পত ইছমাইল বা ইব্ৰাহিমেই সদায় ধৰ্ষণ কৰে, হত্যা কৰে, চুৰি কৰে অথবা কৰে নাৰী নিৰ্যাতন? কিয় ছাৰ? কিয় কোনোবা লম্পটে ধৰ্ষণ কৰা ছোৱালীজনীক ইছমাইলে দিব নোৱাৰে এটা নতুন জীৱন? কিয় টকাৰ বাবে পত্নীক হত্যা কৰা মানুহ ৰূপী দানৱক হেণ্ডকাফ পিন্ধাই জেললৈ লৈ যোৱাজন হ’ব নোৱাৰে ইব্ৰাহিম? কিয় ছাৰ? মোক উত্তৰ দিয়ক!”

এইবাৰ প্ৰদ্যুম্ন হাজৰিকাৰ হাতত কোনো উত্তৰ নাছিল। এটা হুমুনিয়াহ তেওঁৰ নিশাহত সৰি পৰিল। সেই হুমুনিয়াহটো থপিয়াই ধৰি মানুহজনে এটা ম্লান হাঁহি মাৰিলে।

“ছাৰ, ইছমাইল বা ইব্ৰাহিমো মানুহ হ’ব পাৰে। আপোনাৰ কলমে সিহঁতকো মানুহ সজাব পাৰে। মই যাওঁগৈ। যিদিনা আপুনি ইছমাইল বা ইব্ৰাহিমক সুচৰিত্ৰৰ মানুহ সজোৱাৰ সৎসাহস কৰিব, সেইদিনাই মই ঘূৰি আহিম। আপোনাৰ গল্পৰ নায়ক হ’ম।”

আৰু হঠাতে মানুহজন নোহোৱা হ’ল, হেৰাই গ’ল।

প্ৰদ্যুম্ন হাজৰিকাই তেওঁৰ আধালিখা গল্পটোলৈ চালে- তেওঁক আচৰিত কৰি গল্পটোৰ শব্দবোৰ হেৰাই গৈ থাকিল – এটা এটাকৈ।

পুনশ্চ ; কিমান যে কাহিনী সোমাই থাকে গল্প একোটাৰ বুকুত! যি লিখা হয়, আমি তাকেই দেখো- পঢ়ো – বুজো। অথচ কোনোদিন নাভাবো- নোকোৱাকৈ যে সিহঁতৰ বুকুত সোমাই থাকে কত অকথ্য কাহিনী !

10 COMMENTS

  1. ভাল লাগিল ভাৰ্গৱ দা। আশা থাকিল আৰু কাহিনী পঢ়িব পাম ।

  2. পঢ়ি ভাল লাগিল । সঁচাকৈয়ে তোমাৰ ৰচনা অনন্য। আৰু পঢ়িবলৈ পাম বুলি আশা থাকিল।

  3. অতি সুন্দৰ । সাহিত্য বিষয়ত মই সিমান মন্তব্য কৰাতো ঠিক নহব, কিন্তু মোৰ দৃষ্টিত অত্যন্ত সম্ভাৱনাপূৰ্ণ গল্পকাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here