এচাৰি

ভাৰ্গব লিগিৰা

আস!
দিগন্তই তাৰ সৰ্বশৰীৰত অনুভৱ কৰে এচাৰিৰ প্ৰচণ্ড কোব। সি আৰ্তনাদ কৰি উঠে। সেই আঘাতৰ পৰা মুক্তি কামনাৰে সি নেদেখাজনক প্ৰাৰ্থনা জনায়। তথাপিও এচাৰিৰ কোবৰ প্ৰকোপ নকমে। সি পলোৱাটোকে ঠিৰাং কৰে এক……..দুই…….তিনি…..
দৌৰিবলৈ আৰম্ভ কৰে সি।
এই এচাৰিৰ কোব তাৰ বাবে অন্ততঃ কোনোদিনে কাম্য নহয়নে দেউতাকৰ ৰঙা চকুৰে নিগৰা জুইৰ সতে পিঠিত, বাহুত, কলাফুলত প্ৰচণ্ড জোৰেৰে আঘাত কৰা এই এচাৰিডালৰ প্ৰতি পূৰ্বৰে পৰা তাৰ মনত আছে এক অহেতুক ঘৃণা, বিতৃষ্ণা। সি কোনোদিনে বিচৰা নাছিল, এচাৰিডাল এটা অজগৰ হৈ তাক মেৰিয়াই ধৰক। সি কোনোদিনে আশা কৰা নাছিল, এচাৰিডাল বিষাক্ত লতা হৈ আৱৰি ধৰক তাৰ সুকোমল শৰীৰ। অথচ তাৰ শৈশৱক যদি এটা বৃত্তৰ ৰূপ দিয়া হয়, তেন্তে তাৰ প্ৰতিডাল ব্যাস, ব্যাসাৰ্ধ কিম্বা জ্যা হ’ব এই এচাৰি।
“ঐ উঠিবৰ হ’ল নে তোৰ? বেলি আহি মূৰৰ ওপৰ পালেহি। লাটচাহাবৰ পুতেকৰ দৰে এই পৰলৈকে শুই থাকিল কেনেকৈ হ’ব ?” পুৱাই বাপেকৰ গালি আৰু এচাৰিৰ সাৰৌপ সাৰৌপ কোবত আৰম্ভ হৈছিল দিগন্তৰ শৈশৱৰ প্ৰতিটো দিন। দেউতাকক লৈ দিগন্তৰ স্মৃতিৰ আলমাৰিটোত মনত ৰাখিব পৰাকৈ বৰ বেছি কিবা নাছিল। তাৰ বাৰ বছৰ বয়সত হঠাৎ এদিন হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ঢলি পৰি মৃত্যু হোৱা দেউতাক তাৰ বাবে ভাওনাৰ এজন হিংস্ৰ অসুৰৰ দৰেই আছিল। যেতিয়াই নিৰন্ন সময়ত স্মৃতিৰ সেওটা ফালি দেউতা নামৰ চৰিত্ৰটোৰ সি ৰোমন্থন কৰিব খোজে , তাৰ চকুত ধৰা দিয়ে চকুৰে জুই নিগৰাই পাহুৱাল মানুহ এজনে এজনে হাতত এডাল প্ৰকাণ্ড এচাৰি লৈ তাক খেদি অহাৰ দৃশ্য; য’ত সি অসহায়ভাবে দৌৰি থাকে, দৌৰি থাকে আৰু এটা সময়ত নিজকে এৰি দিয়ে দেউতাকৰ ওচৰত। দেউতাকৰ হাতৰ এচাৰিডালে তাক মেৰিয়াই ধৰে। সি চটফটাই থাকে। চিঞৰি থাকে। কান্দে।
প্ৰতিটো ৰাতি মাকে এচাৰিৰ কোবত তাৰ পিঠিত বা কলাফুলত লগা ঘাঁবোৰত বনদৰৱ সানি দিয়ে। তাৰ এতিয়াও চকুৰ আগত দুলি থাকে তাৰ ঘাঁ বোৰত চকু পৰাৰ লগে লগে বিষাদত গধুৰ হৈ সেমেকি উঠা মাকৰ চকুহাল। মাকৰ প্ৰতিও তাৰ মনটোত অভিযোগ বা আক্ষেপৰ অন্ত নাছিল। আৰু ইমানকৈ অত্যাচাৰ কৰা দেউতাকক তেওঁ কিয় কিবা এষাৰো কথা কোৱা নাছিল ? কিয় এবাৰো তাৰ আগত থিয় হৈ দেউতাকৰ এচাৰিডাল উভতাই পঠাব পৰা নাছিল ?
ভনীয়েককলৈ তাৰ হিংসা ওপজিছিল। দেউতাকে তাইক বহুত মৰম কৰিছিল। কোনোদিনে তাইৰ উপৰত হাত তোলা নাছিল। কোনোদিন বেয়াকৈ এষাৰ কথা কোৱা নাছিল। আজিও সি বুজি নাপালে তাৰ আৰু ভনীয়েকৰ মাজত দেউতাকে কি কথাত ইমান বেছি আন্তৰিকতাৰ দূৰত্বৰ এডাল ৰেখা আঁকি পেলাইছিল।
দেউতাকৰ প্ৰতি সীমাহীন ক্ষোভ আৰু অভিযোগত তাৰ অন্তৰখন ভৰি পৰিছিল। যিদিনা তাৰ দেউতাক ঢুকাইছিল, কি কৰিব লাগে সি বুজা নাছিল। মাক আৰু ভনীয়েকে হিয়া ঢকুৰি কান্দিছিল, অথচ সি আছিল নিৰ্লিপ্ত। খৰিৰ মাজত দেউতাকৰ নিথৰ দেহটো শুৱাই দিয়াৰ পাছত বগা চুৰিয়া আৰু গাত এখন বগা চেলেং লৈ সি তাত মুখাগ্নি কৰিছিল। জুইকুৰা জ্বলি উঠোতে সি সেইফালে একেথৰে চাই আছিল। হঠাৎ কোনোবা এজনে কৈছিল, “বোপা দিগন্ত, দেউতাক বিদায় দে, তেওঁ আৰু কোনোদিন তহঁতৰ ওচৰলৈ নাহে”। কথাষাৰ শুনি সি কিছুপৰ তভক মাৰি আছিল। পিছমুহূৰ্ততে সি ঘৰৰ ভিতৰলৈ দৌৰ মাৰিছিল আৰু দেউতাকৰ বিচনাৰ তলৰ পৰা এচাৰিডাল আনি চিতাৰ জুইকুৰাত সুমুৱাই দিছিল। তাৰ পিছত হুকহুকাই কান্দি উঠিছিল সি। বহুসময় ধৰি কান্দিয়েই আছিল। বহুসময়।
সময়ৰ প্ৰবাহত দিগন্ত ডাঙৰ হৈ আহিল। এচাৰিৰ কোব খোৱা অধ্যায়টো লাহে লাহে তাৰ জীৱনৰ এক পাহৰিব খোজা অথচ পাহৰিব নোৱাৰা অধ্যায়লৈ ৰূপান্তৰিত হ’ল। সি এতিয়া এটা সৰু কোম্পানীৰ চেলছ-মেন। ঘৰে ঘৰে গৈ কোম্পানীৰ প্ৰডাক্ট বিক্ৰী কৰিব লাগে।
“যদিও সৌন্দৰ্য মানৱ জীৱনৰ সৰ্বস্ব নহয়, তথাপিও নিজকে সজাই পৰাই ধুনীয়াকৈ ৰাখিবলৈ কোনে বাৰু নিবিচাৰে ? এখন বগা উজ্জ্বল ছাল, উজ্জ্বল মুখ কোনেনো নিবিচাৰে? কিন্তু মানুহৰ সেই আকাংক্ষাৰ সুযোগ লৈ বহুতো বহুজাতিক কোম্পানীয়ে মিছা প্ৰলোভনেৰে যাক যমক বিজ্ঞাপনৰ চমকত এনে কিছুমান সামগ্ৰী বিক্ৰী কৰি আহিছে, যি আপোনাৰ সুন্দৰ ছালখনক কৰি তুলিব পাৰে ৰুগ্ন। কিন্তু এতিয়া আৰু চিন্তা নাম কাৰণ, আমাৰ নূপুৰ হাৰ্বেলে আপোনালৈ লৈ আহিছে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে তৈয়াৰী আপোনাৰ ছালৰ মহৌষধ। নূপুৰ বিউটি প্লাছ হাৰ্বেল ফেয়াৰনেছ ক্ৰীম। ” ধুৰ….. চাকৰিৰ তাড়নাত কি কি যে ক’ব লগীয়া হৈছে নহয় মানুহক। প্ৰথম দুদিনমান খুব ভাল লাগিছিল তাৰ। মানুহৰ আগত এই কথাবোৰ কৈ সি নিজকে বহুত বেলেগ যেন অনুভৱ কৰিছিল। বগা চাৰ্ট, কোম্পানীৰ ল’গো থকা ৱাছকোট, টাই, ক’লা পেন্ট আৰু ফৰ্মেল ক’লা জোতাৰে তাৰ নিজকে উচ্চ পদবিধাৰী বিষযাৰ দৰে লাগিছিল। কিন্তু লাহে লাহে মানুহৰ আগত একেবোৰ মিছা কথাকে কৈ কৈ আমনি লাগিবলৈ ধৰিছিল। তদুপৰি, মানুহৰ পৰা পোৱা অনাকাংক্ষিত ব্যৱহাৰে তাক আৰু অধিক বিতুষ্ট কৰিছিল। প্ৰডাক্ট বিক্ৰীৰ বাবে গ’লেই বিৰক্তিৰ চাৱনিৰে চোতালৰ পৰাই উভতাই পঠিওৱা, কটু মন্তব্যৰে তাৰ জীৱিকাক অপমান কৰা, ইত্যাদি ইত্যাদি ঘটনাই কামটোৰ প্ৰতি তাৰ বিতৃষ্ণা জন্মইছিল। বিক্ৰী কমি গৈছিল প্ৰডাক্টবোৰৰ। সমান্তৰালকৈ তাৰ উপাৰ্জনো কমি আহিছিল। ৰুগীয়া মাক আৰু কলেজত পঢ়ি থকা ভনীয়েকক সুখত ৰাখিবৰ বাবে তাৰ উপাৰ্জনৰ টকাকেইটাৰে কোনোদিনে অটা নাছিল।
“মইনা, তই ঔষধকেইটা অনিছিলি নে?” নিজৰ পৃথিৱীখনত মগ্ন হৈ থকা দিগন্তৰ ধ্যান ভাঙি মাকে সুধিলে। ৰোগগ্ৰস্তা মাকজনী ৰোগৰ ভৰত হাউলি পৰিছে। “অ’, মই একেবাৰে পাহৰি গ’লো নহয় মা।” মাহটো শেষ হ’বলৈ পোন্ধৰটা দিন থাকোতেই হাতত পইচা নাইকিয়া হ’ল বুলি ক’বলৈ তাৰ মন নগ’ল। “পাহৰিবিয়েই, মাৰৰ প্ৰতি কিবা দয়া মমতা থাকিলেহে। এনেওতো চাগে বোজা বুলিয়েই ভাব। সোনকালে মৰি থকাটোৱে চাগে বিচাৰ। ভগবানেও কি কৰিবলৈ জীয়াই ৰাখিছে জানো!” কেইবাদিনো দৰবকেইটা আনিবলৈ কৈ থকাৰ পিছতো আনিব নোৱাৰা তাৰ প্ৰতি মাকৰ খং উঠাটো স্বাভাৱিক। “মই আনি দিম, মা, কাইলৈয়ে….” “নালাগে”, তাৰ মুখৰ কথা কাঢ়ি আনিলে মাকে, “কোনো দৰকাৰ নাই”। তহঁতৰ নিচিনা পুতেক থকাতকৈ নথকাই ভাল। কিয়নো তুলি তালি ডাঙৰ কৰিলোঁ জানো। সৰুতেই মাৰি পেলোৱাই ভাল আছিল”। উচাৎ মাৰি তেওঁ ওলাই যায়। সি বুজি পায়, তেওঁ কান্দিছে। তেওঁৰ দুখ লাগিছে। নিজৰ ওপৰত ধিক্কাৰ জন্মিল তাৰ। প্ৰচণ্ড এবোজা বিষাদৰ ভৰত সি বিছনাখনতে পৰি ৰ’ল।
কিমান সময় সি তেনেকৈ আছিল নাজানে। হঠাৎ সি দেখা পায়, দেউতাক আহিছে। চকুৰে জুই উলিয়াই, হাতত সেই এচাৰিডাল লৈ। এচাৰিডালেৰে তাক কোবাইছে। সি চিঞৰিব খুজিছে, কিন্তু পৰা নাই। মাকৰ অসুখটো তাৰ বুকুতো অনুভূত হয়। বাপেকে এচাৰিডালেৰে কোবাই তাক প্ৰচণ্ড খঙেৰে কয়, ” মই বেছি সোনকালে গ’লোগৈ। সেইকাৰণে ইমান কাণ্ডজ্ঞানহীন হ’বলৈ পাৰি তই। আৰু দুদিনমান থাকিবলৈ পোৱা হ’লে তোক একেবাৰে চিধা কৰি গ’লোহেতেন।” তেওঁ তাক আকৌ কোবাই। সাৰৌপ! সাৰৌপ!
হঠাতে সি ঠিৰাং কৰি পেলায়। সি পলাব! পলোৱাটোৱেই শ্ৰেয়। বাপেকক গতা মাৰি পি পলাবলৈ আৰম্ভ কৰে, সি দৌৰে। এইবাৰ সি আৰু আচৰিত হয়। তাৰ সন্মুখত মাক লৈ থাকে। মাকৰ হাততো এডাল এচাৰি। এচাৰি জোঁকাৰি মাকে কয়,” খবৰদাৰ! পলাব নোৱাৰ তই। কিমান পলাবি? পলাই যদি ৰণ জিকিব পাৰি, তেন্তে এই পৃথিৱীৰ সকলো মানুহ পলাই ফুৰিলেহেঁতেন। যুঁজিব লাগিব তই, যুঁজিব লাগিব। ঘূৰি যা, যুঁজ কৰগৈ!”
সি চিঞৰি উঠে। জোৰকৈ। এই চিঞৰ আৰ্তনাদ নহয়, আস্ফালন। পি ঠিৰাং কৰে, এডাল এচাৰি সিও গোটাব। প্ৰয়োজনত কোবাব, প্ৰয়োজনত গা বচাব।
পি যেতিয়া চকু মেলি চায়, তাৰ কোঠাত জ্বলি থকা মমবাতিৰ খীন পোহৰত সি স্পষ্টকৈ দেখে, চকুত এসাগৰ মমতা আঁকি লৈ তাৰ কাষত মাক লৈ আছে- তালৈ উদ্বিগ্নতাৰে চাই আছে,
“তই ঠিকে আছ পোৱা?”
এচাৰি এডালে তাৰ জীৱন বৃত্তটো আকৌ নতুনকৈ আঁকিবলৈ আৰম্ভ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here