এখন চহৰৰ কাহিনী

বিখ্যাত আমেৰিকান ইতিহাসবিদ তথা লিখক ৰাছেল ছাৰ্টয়ে তেওঁৰ অতি চৰ্চিত “আমষ্টাৰদামৰ ইতিহাস”ত আমষ্টাৰদামক বিশ্বৰ আটাইতকৈ উদাৰ চহৰ বুলি অভিহিত কৰিছে। ১৩শ শতিকাত আমষ্টেল নদীৰ কাষত বৰশী বোৱা সৰু গাঁওখনেই এতিয়া নেদাৰলেণ্ডছৰ ৰাজধানী আমষ্টাৰদাম। আমষ্টেল নদীৰ কাষৰীয়া অঞ্চল হোৱাৰ লগতে এটি নদীবান্ধ(dam) থকাৰ বাবেই ঠাইখনৰ নাম আমষ্টাৰদাম হল। আমষ্টাৰদামৰ উপনামটো মোকুম, শব্দটো আহিছে হিব্ৰু শব্দ মাকানৰ পৰা যাৰ আক্ষৰিক অৰ্থ হৈছে চহৰ।

১৭শ শতিকাত ডাচ্চ সোণালী যুগৰ সময়ত আমষ্টাৰদাম বন্দৰ বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বন্দৰবোৰৰ ভিতৰত অন্যতম আছিল। আমষ্টাৰদাম ষ্টক এক্সচেঞ্জ বিশ্বৰ সৰ্বপ্ৰথম আধুনিক সুৰক্ষা প্ৰযুক্তিৰ নিৰ্মিত ষ্টক এক্সচেঞ্জ। ‘ভেনিছ অফ দ্য নৰ্থ’ ৰূপে খ্যাত আমষ্টাৰদাম ১৫৫ টা সৰু-ডাঙৰ খাল বিলেৰে ভৰপূৰ। ইউনেস্কোৰ ‘World Heritage Site’ৰ এখন চহৰখনৰ মুখ্য আকৰ্ষণ হৈছে ইয়াত থকা সংগ্ৰহালয় সমূহ। বিশ্বৰ হেনো জনমূৰী হিচাপত আটাইতকৈ বেছি সংগ্ৰহালয় আমষ্টাৰদামতে আছে। বিশ্ববিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গফ ডাচ্চ আছিল, তেওঁ কৰ্মৰাজি সমূহ সংৰক্ষণৰ বাবে ১৯৬৩ চনত ডাচ্চ চৰকাৰে ভেন গফ সংগ্ৰহালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ভেন গফ সংগ্ৰহালয়ৰ কাষতে আছে ৰিজকছ সংগ্ৰহালয়। ১৭৯৮ চনত প্ৰতিস্থিত সংগ্ৰহালয়টো নেদাৰলেণ্ডৰ আটাইতকৈ বৃহৎ চিত্ৰ সংগ্ৰহালয়।

আমষ্টাৰদামত ১৮৬২ চনৰ পৰা এখন ভাঁহি থকা ফুলৰ বজাৰ আছে, যিখন এতিয়া বিশ্বপ্ৰসিদ্ধ।

আমষ্টাৰডামৰ ৭০তকৈও অধিক ৰাস্তা-ঘাট সাহিত্যিক আৰু শিল্পীৰ নামেৰে নামাংকিত। অৰ্থাৎ কৰা আৰু কৌশলে ইয়াত যথাযথ সন্মান আৰু স্বীকৃতি লাভ কৰে। আমষ্টাৰডামত এটা অলপ আচৰিত যদিও সুন্দৰ ৰীতি আছে। কোনো পৰিয়াল নোহোৱা অকলশৰীয়া লোকৰ মৃত্যু হ’লে চহৰখনৰ কবিসকলে তেওঁৰ বাবে এটি বিশেষ কবিতা ৰচনা কৰি বিদায় দিয়ে।
এন ফ্ৰেংকৰ ‘ডায়েৰী অফ অ য়ং গাৰ্ল’ৰ কথা নুশুনে মানুহ একেবাৰে নগণ্য। বহুল চৰ্চিত দ্বিতীয় বিশ্ব যুদ্ধৰ এই ভুক্তভোগী গৰাকী ৬ জুলাই, ১৯৪২ চনৰ পৰা ১৯৪৪ চনৰ ৪ আগষ্টলৈ আত্মগোপন কৰি থকা ঘৰটো আমষ্টাৰদামতে আছে। দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহ স্মৃতি সমূহৰ কথা অনুভৱ তথা অনুধাৱন কৰিবলৈ ১৯৬০ চনত এন ফ্ৰেংকৰ ঘৰটোক সংগ্ৰহালয়ৰ ৰূপ দিয়া হৈছিল।

বিশ্ব ফুটবলত আটাইতকৈ প্ৰখ্যাত যুৱ একাডেমী খন হৈছে আয়াকচ ফুটবল ক্লাবৰ , এই ক্লাবটোও আমষ্টাৰদামৰে। বিশ্ব বিখ্যাত বিয়েৰ কোম্পানী ‘হেইনেকেন’ও মূলতঃ আমষ্টাৰদামৰে। বিশ্বৰ আটাইতকৈ উদাৰ চহৰখনত কফি শ্বপ বোৰত ৫ গ্ৰামলৈ ভাং কিনিবও পোৱা যায়। নেদাৰলেণ্ডৰ আইনে ইয়াক ন্যায্যতা প্ৰদান কৰি থৈছে।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here