এইজাক বাৰিষা কেৱল মোৰ

বুদ্ধ জ্যোতি বেজবৰুৱা

আৱদ্ধ উপত্যকাত এটা কবন্ধ শব্দৰ দৰে
এইয়া মাথো বিভ্ৰম পুৰঠ হোৱাৰ।
উন্মাদ চোতালখনত সৌজাক নগ্ন বিহংগ
ধপধপকৈ উৰি যায় কৰি শব্দ উলংগ
ধৰাশায়ী হৈ সৰি পৰে জৰ্জৰতাৰ অপভ্ৰংশ।
আৰু ধন্যবাদৰ আশীৰ্বাদত তিতি বুৰি ফৰকাল আকাশ খেপিয়াই
এদিন তুমি শুধিছিলা
কিহত জুপুকা তোমাৰ বসন্ত?

ফটামুখৰ পৰা বাজ হোৱা কথাষাৰ
এটা কুমজেলেকুৱাৰ দৰে বগাই গৈছিল।
প্ৰাচীনতাৰ জেউৰা ভেদি।
শুনিবলৈ , শুনিবলৈ কৰা এটি চেষ্টা
আকিবলৈ, আকিবলৈ কৰা এটা চেষ্টা
কিন্তু আখৰবোৰ মোৰ হৈ থকা নাই
বৰষুণ মোৰ হৈ থকা নাই।
দুৱাৰখনৰ তলাটো খুলি দিবানে মোক?

LEAVE A REPLY

Please enter your comment!
Please enter your name here