দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত নিৰ্মিত ১০খন চাবলগীয়া চলচিত্ৰ

ছেপ্টেম্বৰ ১, ১৯৩৯। হিটলাৰৰ অধীনষ্ঠ জাৰ্মান সেনাবাহিনীয়ে কোনোা আগজাননী নোহোৱাকৈ পোলেণ্ডৰ সীমা অতিক্ৰম কৰে, আৰু ডানজিগ (বৰ্তমানৰ গডানস্ক) চহৰ আক্ৰমণ কৰে। এই ঘটনাৰ পৰাই সূচনা হয় বিংশ শতিকাৰ সবাতোকৈ ভয়াৱহ সংঘাতৰ, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ। প্ৰায় ছয় বছৰ যুৰি চলা এই সংঘাতত কেইখনমান দেশক বাদ দি পৃথিৱীৰ প্ৰায় সকলো ৰাষ্ট্ৰই প্ৰত্যক্ষ নতুবা পৰোক্ষভাৱে জড়িত আছিল। আৰু যেতিয়া এই যুদ্ধৰ অৱসান ঘটে, তেতিয়া প্ৰায় ৭ৰ পৰা ৯ কোটি লোকে লোকে প্ৰাণ হেৰুৱাইছিল। ।

বিস্তৰ ক্ষতি, নৰসংহাৰ আৰু মানৱাধিকাৰ উলংঘনেৰে পৰিপূৰ্ণ দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনাৱলীৰ অধ্যয়ণ তথা ইয়াৰ ওপৰত আলোকপাতৰ গুৰুত্ব বৰ্তমানেও আছে। বৰ্তমানেও বিশ্বযুৰা মানৱাধিকাৰ উলংঘন, নব্য-ফেচীবাদী উগ্ৰ চিন্তাধাৰাৰ উত্থান আৰু বিভিন্ন দেশত অশান্তিপূৰ্ণ, যুদ্ধময় পৰিৱেশ অব্যাহত থকাৰ পৰাই এই কথা স্পষ্ট হয় যে আমি এতিয়াও দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ পৰা শিক্ষা ল’বলৈ বাকী।

যুদ্ধ-বিগ্ৰহকে আদি কৰি যিকোনো ৰাজনৈতিক বিভীষিকাৰ ছাপ সদায় কলা আৰু সাহিত্যত পৰে। প্ৰাচীন যুগৰ পৰাই সমাজৰ এখনৰ এক প্ৰতিনিধিত্বমূলক প্ৰতিচ্ছবি সেই সময়ৰ কলাৰ নিদৰ্শনৰ পৰা পোৱা যায়। দ্বিতীয় বিশ্বযুদ্ধক পটভূমি হিচাবে লৈ বিভিন্ন মাধ্যমত সৃষ্টি হোৱা কলাৰ উদাহৰণ অগণন। আৰু তাৰ ভিতৰত চলচিত্ৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বুলি ক’লেও অত্যুক্তি নহ’ব। কাৰণ যুদ্ধৰ যি জিঘাংসা, তাক লিখিত বা শ্ৰব্য মাধ্যমতকৈ দৃশ্য মাধ্যমেৰে অধিক সহজে আৰু অধিক মৰ্মস্পৰ্শীভাৱে অনুধাৱন কৰিব পাৰি।

দ্বিতীয় বিশ্বযুদ্ধৰ ভিত্তিত নিৰ্মিত চলচিত্ৰৰ কথা অৱতাৰণা হ’লে অধিকাংশ সময়তে হলিউডত নিৰ্মিত আমেৰিকান একচন-ধৰ্মী চলচিত্ৰসমূহৰ কথা আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে। কিন্তু হলিউডৰ বাহিৰেও পৃথিৱীৰ বহু দেশত বহুতো উচ্চ মানদণ্ডৰ চিনেমা নিৰ্মিত হৈছে। এই লিখনিত তেনে কিছু চলচিত্ৰৰ বিষয়ে এক চমু আভাস দিয়াৰ প্ৰচেষ্টা কৰা হৈছে। এইখিনিতে এটি কথা উল্লেখ কৰিব লাগিব যে এই আলোচনা দ্বিতীয় বিশ্বযুদ্ধৰ ওপৰত নিৰ্মিত কোনো সৰ্বশ্ৰেষ্ঠ চিনেমাৰ তালিকা নহয়। বৰঞ্চ এই লিখনি হ’ল বিশ্বযুদ্ধৰ ঘটনাৱলীক সামগ্ৰিকভাৱে অনুধাৱন কৰা, যুদ্ধ আৰু ফেচীবাদৰ ভয়াবহতাক বুজি উঠা, আৰু সেই ভুলৰ পুনৰাবৃত্তি নকৰাত সহায় কৰিব পৰা চলচিত্ৰৰহে তালিকা।

১০) জাৰ্মানী ইয়েৰ জিৰ’ (১৯৪৮)
ভাষা: ইটালিয়ান, পৰিচালক: ৰবাৰ্ট ৰছেলিনি

দ্বিতীয় বিশ্বযুদ্ধত পৰাজয়ৰ পাছৰ সময়ছোৱাক জাৰ্মান ভাষাত ষ্টাণ্ডে নাল (Stande Null) বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ’ল ‘শূণ্য সময়’। দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা কৰিছিল নাজী জাৰ্মানীয়ে। আৰু যুদ্ধৰ শেষৰ জাৰ্মানী হৈ পৰিছিল সম্পূৰ্ণৰুপত বিধস্ত আৰু আহি পৰিছিল বিদেশী শক্তিৰ দখলত। যুদ্ধত বিধস্ত চহৰবোৰৰ মাজত জাৰ্মান নাগৰিকসকল সন্মুখীন হৈছিল দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ। খাদ্য, খোৱাপানী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ, আৰু লগতে বস্তুৰ জুই-ছাই দাম। এনে অৱস্থাত এটি জাৰ্মান পৰিয়ালে কিদৰে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছিল তাৰে এক কৰুণ, নিৰাশাবাদী, নব্য-বাস্তৱবাদী প্ৰতিফলন ৰ’ছেলিনিৰ এই চলচিত্ৰ। যুদ্ধৰ পাছতে নিৰ্মাণ কৰা এই চলচিত্ৰৰ অধিকাংশ অভিনেতা-অভিনেত্ৰী আছিল অপেছাদাৰী লোক, খাদ্যৰ সন্ধানত ঘূৰি ফুৰা জাৰ্মানীৰ ক্ষুধাতুৰ সাধাৰণ নাগৰিক। বিধস্ত বাৰ্লিন চহৰৰ বিভিন্ন প্ৰত্যক্ষ শ্বট সন্নিৱিষ্ট এই চলচিত্ৰখনে মূলত: যুদ্ধ আৰু উগ্ৰবাদে কিধৰণৰ সংহাৰ মানৱজীৱনলৈ আনিব পাৰে তাকে প্ৰতিপন্ন কৰে।

৯) দা পিয়ানিষ্ট (২০০২)
ভাষা: ইংৰাজী, পৰিচালক: ৰোমান পোলানস্কি

জাৰ্মানী ইয়েৰ জিৰ’ৰ নিৰাশাবাদৰ বিপৰীতে দা পিয়ানিষ্ট হ’ল যুদ্ধৰ জিঘাংসাৰ মাজত জীয়াই থকাৰ হেঁপাহৰ কাহিনী। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাৰ সবাতোকৈ ভয়াবহ আৰু ঘৃণনীয় ঘটনা আছিল হ’ল’কষ্ট অৰ্থাৎ নাজী জাৰ্মানীৰ দ্বাৰা সংঘটিত ইহুদী গণহত্যা। ১৯৩৯ৰ পৰা ১৯৪৫লৈকে যুদ্ধৰ কালছোৱাত হোৱা প্ৰণালীবদ্ধ নৰসংহাৰত ইউৰোপৰ ইহুদী সম্প্ৰদায়ৰ ৬০ লাখৰো অধিক লোকক হিটলাৰৰ নাজী বাহিনীয়ে নৃশংসভাৱে হত্যা কৰিছিল। ইয়াৰে অধিকাংশ লোক আছিল পোলেণ্ডৰ। আৰু এই পোলেণ্ডৰে এজন বিখ্যাত ইহুদী সংগীতজ্ঞ তথা পিয়ানোবাদক আছিল ৱ্লাডিশ্ল স্পিলমেন। কিন্তু আশ্চৰ্য্যকৰ ভাৱে হ’ল’কষ্টৰ সমগ্ৰ সময়ছোৱাত স্পিলমেনে নাজী পুলিচ বাহিনীৰ চকুত ধূলি দি আত্মগোপন কৰিবলৈ আৰু নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। পৰিচালক পোলানস্কিও শৈশৱ কালত হ’ল’কষ্টৰ নৃশংসতাৰ এক প্ৰত্যক্ষ সাক্ষী আছিল, আৰু নিজৰ জীৱনৰ সৈতে সাদৃশ্য থকা স্পিলমেনৰ আত্মজীৱনীৰ ওপৰত ভিত্তি কৰি তেওঁ নিৰ্মাণ কৰি উলিয়াইছিল দা পিয়ানিষ্ট। মূল চৰিত্ৰত এড্ৰিয়ান ব্ৰডিৰ অভুতপূৰ্ব অভিনয়েৰে সমৃদ্ধ এই আশাবাদৰ কাহিনীয়ে অন্যান্য বঁটাৰ লগতে লাভ কৰিছিল তিনিটা অস্কাৰ।

৮) ছন অব ছল (২০০৬)
ভাষা: হাংগেৰিয়ান, জাৰ্মান, পোলিছ, ৰাছিয়ান, চেক, শ্লোভাক, য়িডিছ, গ্ৰীক। পৰিচালক: লেজল’ নিমেচ.

হ’ল’কষ্টৰ নৰসংহাৰৰ সবাতোকৈ ভয়ংকৰ সঁজুলি আছিল কনচেন্ত্ৰেশ্যন কেম্প সমূহ। নাজী জাৰ্মানীৰ বিভিন্ন অঞ্চলত প্ৰতিস্থাপিত এই কেম্পসমূহত ইহুদী, ৰাছিয়ান, পোলিছ, যুদ্ধবন্দী, সমকামী, জিপছি আদি নাজী চৰকাৰে ‘অনাকাংক্ষিত’ বুলি বিবেচনা কৰা বিভিন্ন নিপীড়িত শ্ৰেণীৰ লোকক বন্দী কৰি ৰাখিছিল। কিছু কেম্পত আনকি হাজাৰৰ হাৰত বন্দীক গেছ চেম্বাৰৰ জৰিয়তে হত্যা কৰা হৈছিল। এই কেম্পসমূহৰ ভিতৰত সবাতোকৈ বৃহৎ আছিল অস্বিৎজ। এই অস্বিৎজৰ পটভূমিতে নিৰ্মিত চন অব চল এক এনে বন্দীৰ কাহিনী যাৰ কাম আছিল নৰসংহাৰৰ বাবে ব্যৱহৃত গেছ চেম্বাৰসমূহৰ চোৱা-চিতা কৰা আৰু মৃতদেহসমূহৰ সৎকাৰ কৰা। চলচিত্ৰখনৰ অধিকাংশ কেমেৰাৰ শ্বট মূল চৰিত্ৰৰ অতি কাষৰ পৰা লোৱা হৈছে, আৰু কাটৰ সংখ্যা অতি কম। এই অভিনৱ কৌশলৰ ব্যৱহাৰৰ হেতুকে দৰ্শকে এই নৰক-সদৃশ কেম্পৰ ভয়াৱহতাক অতি ওচৰৰ পৰা অনুধাৱন কৰিব পাৰে। কেইবাটাও ভাষাৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা ছবিখনে শ্ৰেষ্ঠ বৈদেশিক ভাষাৰ চলচিত্ৰৰ শিতানত অস্কাৰ লাভ কৰিছিল।

৭) ডেইজ অৱ গ্লৰী (২০০৬)।
ভাষা: আৰবী/ফৰাচী। পৰিচালক: ৰছিদ বুখাৰেব।

বিশ্বযুদ্ধৰ সময়ছোৱাত অধিকাংশ সময় ফ্ৰান্স আছিল জাৰ্মান শাসনৰ অধীনত। জাৰ্মানীৰ বিৰুদ্ধে কিন্তু ফৰাচী বিদ্ৰোহীসকলে (ফ্ৰি ফ্ৰেন্স আৰ্মী) যুদ্ধ চলাই গৈছিল। এওঁলোকৰ মূল ঘাটি আছিল উত্তৰ আফ্ৰিকাত থকা ফ্ৰান্সৰ উপনিৱেশসমূহত। আৰু ফ্ৰি ফ্ৰেন্স আৰ্মীৰ এক বুজনসংখ্যক সৈনিক আছিল এই উপনিৱেশসমূহৰ থলুৱা আৰব আৰু কৃষ্ণাংগ জনগোষ্ঠীসমূহৰ লোক। কিন্তু ফ্ৰান্সৰ হৈ যুদ্ধ কৰাৰ পাছতো তেওঁলোক বৰ্ণবাদ আৰু বৈষম্যৰ বলি হৈছিল। আনকি যুদ্ধৰ পাছত এই সৈনিকসকলে লাভ কৰা পেঞ্চনো এই উপনিৱেশসমূহ স্বাধীন হোৱাৰ পাছত ফৰাচী চৰকাৰে বন্ধ কৰি দিছিল। বুখাৰেবৰ ডেইজ অৱ গ্লৰীয়ে এই পাহৰণিৰ গৰ্ভত হেৰাই যোৱা কাহিনীক পুনৰ আলোচনাৰ কেন্দ্ৰবিন্দু কৰি তুলিলে। চলচিত্ৰখনে মুক্তি লাভ কৰাৰ পাছত ফ্ৰান্সৰ চৰকাৰ সমগ্ৰ বিশ্বৰে পৰা প্ৰবল সমালোচনাৰ সন্মুখীন হ’ল, আৰু তেওঁলোকে এই উত্তৰ আফ্ৰিকান সৈনিকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বাধ্য হ’ল। ইতিহাসৰ পুনৰীক্ষণ আৰু কলাৰ সামাজিক-ৰাজনৈতিক প্ৰভাৱ যে সুদূৰপ্ৰসাৰী তাক এই ঘটনায়ে প্ৰতিপন্ন কৰে।

৬) কানাল (১৯৫৬)।
ভাষা: পোলিছ, পৰিচালক: আণ্ড্ৰেই ৱাইডা।

দ্বিতীয় বিশ্বযুদ্ধৰ পৰিক্ৰমাত সবাতোকৈ কৰুণ ইতিহাস হয়তো পোলেণ্ডৰ। ১৯৩৯ৰ ছেপ্টেম্বৰত নাজী জাৰ্মানী আৰু ছোভিয়েট ইউনিয়নে যুটীয়াভাৱে পোলেণ্ড আক্ৰমণ কৰি বিশ্বযুদ্ধৰ সূচনা কৰে। আৰু তাৰ পাছত কেইবাবছৰো পোলেণ্ডে সহ্য কৰিবলগীয়া হয় নাজী শাসনৰ অমানুষিক অত্যাচাৰ। ১৯৪৪ চনত যুদ্ধৰ শেষৰ ভাগলৈ পোলেণ্ডৰ ৰাজধানী ৱাৰ্ছৰ অধিবাসীসকলে নাজী শাসনৰ বিৰুদ্ধে হাতত অস্ত্ৰ লৈ বাটলৈ ওলাই আহিল। প্ৰথম অৱস্থাত বিদ্ৰোহীসকল সফল হৈছিল যদিও জাৰ্মান সেনাই অতি ক্ষীপ্ৰ গতিত আৰু নৃশংসতাৰে এই বিদ্ৰোহ দমন কৰে। আণ্ড্ৰেই ৱাইডা আছিল তেনে এক পোলিছ বিদ্ৰোহী। এই জাৰ্মান নিপীড়ণ আৰু তাৰ বিৰোধে পোলিছ অভ্যুত্থানৰ কাহিনী তেওঁ কৈছে কানাল চলচিত্ৰৰ যোগেদি। মূলত: কাহিনীৰ কেন্দ্ৰবিন্দু হ’ল জাৰ্মান সেনাৰ পৰা হাত সাৰি ভূ-গৰ্ভস্থ নৰ্দমাত আত্মগোপন কৰি থকা এক বিদ্ৰোহী দল। ৱাৰ্ছৰ অভ্যুত্থানৰ ইতিহাস জনা দৰ্শক মাত্ৰেই জানিব যে এই কাহিনীৰ সমাপ্তি কৰুণেই হ’ব। কিন্তু তাৰ পাছতো সাহসী, প্ৰত্যশাপূৰ্ণ আৰু যুঁজাৰু মনোবৃত্তিৰ এই পোলিছ বিদ্ৰোহৰ কাহিনীয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে।

৫) দা ক্ৰেইনচ আৰ ফ্লায়িং (১৯৫৭)
ভাষা: ৰাছিয়ান, পৰিচালক: মিখাইল কালাজ’ট’ভ।

ষ্টালিনৰ মৃত্যুৰ পাছত ছোভিয়েট ইউনিয়নত ক্ৰমান্বয়ে অভিব্যক্তিৰ অধিকাৰ বৃদ্ধি পাইছিল, আৰু তেনে এক সময়ৰে ফচল হ’ল এই চলচিত্ৰ। ইয়াৰ আগলৈকে অধিকাংশ ছোভিয়েট চলচিত্ৰত যুদ্ধৰ বিষয়বস্তুক এক প্ৰপাগাণ্ডাৰ দৃষ্টিকোণৰ পৰা চোৱা হৈছিল। কিন্তু কালাজ’ট’ভে প্ৰথমবাৰৰ বাবে যুদ্ধৰ প্ৰসংগত মানৱীয় অনুভূতিক কেমেৰাৰ লেন্সলৈ আনিলে। বিশ্বযুদ্ধৰ বিভীষিকাৰ মাজতে বিচ্ছেদ হোৱা এহাল প্ৰেমিকৰ এই কাহিনী শাৰীৰিক আৰু মনস্তাত্বিকভাৱে সম্পূৰ্ণৰুপত বিধস্ত যুদ্ধোত্তৰ ছোভিয়েট ইউনিয়নৰ এক জীয়া প্ৰতিচ্ছবি। কেমেৰাশৈলীৰ নতুনত্বৰ লগতে এই চলচিত্ৰৰ আন এক বৈশিষ্ট আছিল ছোভিয়েট চিনেমাত প্ৰথমবাৰৰ বাবে বহুমাত্ৰিক কেন্দ্ৰীয় মহিলা চৰিত্ৰৰ আৱিৰ্ভাৱ। মূল চৰিত্ৰত টাটিয়ানা চময়লোভাৰ চমকপ্ৰদ অভিনয়ে সমগ্ৰ বিশ্বতে প্ৰশংসা বুটলিছিল।

৪) ডাছ বুট (১৯৮১)
ভাষা: জাৰ্মান, পৰিচালক: উল্ফগেং পিটাৰছেন।

এখন ঠেক ছাবমেৰিণত কেইবাডজনো নাবিক কেইবামাহো ধৰি সাগৰৰ মাজত থাকিবলগীয়া হৈছে। সাগৰত বিপক্ষৰ সৈতে নেৰানেপেৰা যুদ্ধ আৰু গুলীবৰ্ষণ, আৰু ছাবমেৰিণৰ ঠেক আৱহাৱাত অস্বাস্থ্যকৰ, উশাহ নোপোৱা পৰিস্থিতি। এনে মুৰ্মুষু অৱস্থাত নাবিকসকলৰ মানসিক ভাৰসাম্য সুস্থিৰে নথকাটো স্বাভাৱিক। সামুদ্ৰিক যুদ্ধৰ এনে এক পটভূমিত ক্ৰমে উন্মাদৰ পৰা অধিক উন্মাদ হৈ পৰা এচাম জাৰ্মান নাবিকৰ কাহিনীৰে ৰচিত লুথাৰ গুণ্ঠাৰ-বাখাইমৰ উপন্যাসৰ ওপৰত আধাৰিত চলচিত্ৰ ডাছ বুট। কাহিনীৰ অধিকাংশই আটলান্টিক মহাসাগৰত থকা এক জাৰ্মান ছাবমেৰিণৰ ভিতৰত হোৱা ঘটনাৱলীক লৈ গঠিত। যুদ্ধত অংশ ল’বলৈ যোৱা সৈনিকৰো মাজত যে মতবাদৰ, আদৰ্শৰ ভিন্নতা থাকিব পাৰে আৰু যুদ্ধৰ ভয়াৱহতাই যে তেওঁলোকৰ মানসিক স্থিতিত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে সেইয়ে এই চলচিত্ৰৰ মূল বক্তব্য।

৩) গ্ৰেভ অৱ দা ফায়াৰফ্লাইজ (১৯৮৮)
ভাষা: জাপানী, পৰিচালক: ইচাও টাকাহাটা।

এনিমেটেড চলচিত্ৰ বুলি ক’লে দৰ্শকৰ মনলৈ সাধাৰণতে সহজ-সৰল, আনন্দদায়ক আৰু মূলত: শিশুৰ বাবে নিৰ্মিত চলচিত্ৰৰ কথা আহে। কিন্তু যোৱা কেইবা দশকযুৰি কমিকছ আৰু এনিমেচনৰ জগতখনে বহুতো প্ৰাপ্তবয়স্কৰ সৈতে জড়িত বিষয়বস্তুৰো অৱতাৰণা কৰিছে। আৰ্ট স্পিগেলমেনৰ দ্বাৰা ৰচিত হ’ল’কষ্টৰ ওপৰত আধাৰিত ‘মাউচ’ নামৰ গ্ৰাফিক উপন্যাসখনে কমিকচৰ জগতত এক আলোড়ণ আনিছিল। একেদৰেই এনেধৰণৰ দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত নিৰ্মিত গ্ৰেভ অৱ দা ফায়াৰফ্লাইজ এক অতি মৰ্মস্পৰ্শী চলচিত্ৰ। জাপানৰ বিশ্বযুদ্ধৰ কাহিনী কিছু সুকীয়া। হিৰোশ্বিমা আৰু নাগাছাকিত নিক্ষেপ কৰা পাৰমাণৱিক বোমাৰ ফলত হোৱা ধ্বংসলীলাৰ মানসিক প্ৰভাৱ জাপানৰ সমাজত বহু দশকলৈকে আছিল। গদজিলা চলচিত্ৰ তাৰেই প্ৰতিকী ৰুপ। একেদৰেই গ্ৰেভ অৱ দা ফায়াৰফ্লাইজ হ’ল যুদ্ধৰ অৱসানৰ পাছত সৃষ্টি হোৱা অৰাজকতা আৰু দুৰ্ভিক্ষৰ সময়ত জীয়াই থাকিবলৈ সংগ্ৰাম কৰা এহাল ভাতৃ-ভগ্নীৰ কাহিনী। এক সুন্দৰ, কিন্তু অতি ভয়ানকভাৱে কৰুণ কাহিনী।

২) শ্বিণ্ডলাৰ্চ লিষ্ট (১৯৯৩)। ভাষা: ইংৰাজী। পৰিচালক: ষ্টিভেন স্পিলবাৰ্গ।

হত্যা আৰু হিংসাৰে ভৰা সমাজত কেতিয়াবা এজন মানুহেই অন্যায়ৰ বিৰুদ্ধে অকলে থিয় দিব পাৰে। ষ্টিভেন স্পিলবাৰ্গৰ সৰ্বোৎকৃষ্ট সৃষ্টিয়ে সেই কাহিনীয়েই কয়। নাজী জাৰ্মানীৰ দ্বাৰা পোলেণ্ডত হোৱা ইহুদী নৰসংহাৰক লৈ নিৰ্মিত এই চলচিত্ৰ অস্কাৰ শ্বিণ্ডলাৰ নামৰ এজন জাৰ্মান উদ্যোগপতিৰ জীৱনৰ সঁচা ঘটনাৰ ওপৰত আধাৰিত। মূলত: যুদ্ধক এক লাভ-লোকচানৰ আহিলা হিচাবে গণ্য কৰা শ্বিণ্ডলাৰে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ সময়ছোৱাত নাজী বাহিনীৰ সৈতে নিজৰ ব্যৱসায় সফল কৰাতহে গুৰুত্ব দিছিল। কিন্তু পোলেণ্ডত ইহুদীসকলৰ ওপৰত হোৱা অমানৱীয় নৃশংসতা প্ৰত্যক্ষ কৰি শ্বিণ্ডলাৰৰ মন সলনি হয়, আৰু তাৰ পাছত তেওঁ ১২০০ ইহুদীক নিজে সুৰক্ষা প্ৰদান কৰি কৰি নিৰ্ঘাত মৃত্যুৰ পৰা ৰক্ষা কৰে। বৰ্তমান সমগ্ৰ পৃথিৱীতে শ্বিণ্ডলাৰে সুৰক্ষা দিয়া ইহুদীসকলৰ প্ৰায় ৮৫০০ সতি-সন্ততি আছে। নিজে ইহুদী হোৱা বাবে প্ৰায়ে বৰ্ণবাদৰ সন্মুখীন হোৱা স্পিলবাৰ্গৰ এই সৃষ্টিয়ে ৭টা শিতানত অস্কাৰ লাভ কৰিছিল, আৰু এতিয়াও হ’ল’কষ্টৰ ওপৰত নিৰ্মিত সৰ্বশ্ৰেষ্ঠ চলচিত্ৰসমূহৰ ভিতৰৰ এখন হিচাবে গণ্য কৰা হয়।

১) কাম এণ্ড ছি (১৯৮৫) ভাষা: ৰাছিয়ান
পৰিচালক: এলেম ক্লিম’ভ।

কাম এণ্ড ছি চিনেমাগৃহলৈ অহাৰ পাছত ইউৰোপৰ বিভিন্ন দেশত প্ৰদৰ্শিত হৈছিল। তেনে এক প্ৰদৰ্শনীৰ পাছত হোৱা এক আলোচনাচক্ৰত এক অৱসৰপ্ৰাপ্ত জাৰ্মান সৈনিকে থিয় হৈ কয়, “জাৰ্মান সেনা বাহিনীৰ এক বিষয়া হিচাবে মই পোলেণ্ড, বেলাৰুছ আৰু ইউক্ৰেইণত আছিলো। আৰু মই ডাঠি ক’ব পাৰো যে এই চলচিত্ৰখনত দেখুওৱা প্ৰতিটো কথাই সঁচা। আৰু মোৰ বাবে সবাতোকৈ লজ্জা আৰু শংকাৰ বিষয় এইয়ে যে মোৰ ল’ৰা-ছোৱালী আৰু নাতি-নাতিনীয়ে আমাৰ সেই ভয়াবহ কাৰ্য্যকলাপৰ বিষয়ে এই চিনেমাৰ যোগেদি জানিব পাৰিব।” নাজী জাৰ্মানীৰ সেনাৰ দ্বাৰা ছোভিয়েট ইউনিয়নৰ অন্তৰ্গত বেলাৰুছত সংঘটিত নৃশংসতাৰ কাহিনী এই চলচিত্ৰত উত্থাপন কৰা হৈছে। আৰু এই উত্থাপন এনে ভয়ানক যে বহু দৰ্শক চিত্ৰগৃহতে মূৰ্ছা গৈছিল বা অসুস্থ হৈ পৰিছিল। জাৰ্মান সেনাৰ অত্যাচাৰ স্বচক্ষে প্ৰত্যক্ষ কৰি বিদ্ৰোহী দলত যোগদান কৰা এটি কিশোৰক কেন্দ্ৰ কৰি এই কাহিনী গঢ় লৈ উঠিছে। বাস্তৱবাদ, অতিবাস্তৱবাদ আৰু অধিবাস্তৱবাদৰ সমাহাৰত নিৰ্মিত এই চলচিত্ৰই দৰ্শকক নিজৰ মানসিক ভাৰসাম্যক প্ৰশ্ন কৰিবলৈ বাধ্য কৰে, যুদ্ধৰ তাণ্ডৱ আৰু উন্মত্ততাৰ এক প্ৰতিভুস্বৰুপে।

ইয়াৰ বাহিৰেও দ্বিতীয় বিশ্বযুদ্ধৰ তথা ফেচীবাদৰ ভয়াবহতাক প্ৰতিপন্ন কৰা আন ২০ খন গুৰুত্বপূৰ্ণ চলচিত্ৰ হ’ল-

১) ইভানচ চাইল্ডহুড (১৯৬২, ৰাছিয়ান): জাৰ্মান আৰু ছোভিয়েট সেনাৰ মাজত যুদ্ধক্ষেত্ৰত আবদ্ধ এক পিতৃ-মাতৃহীন শিশুৰ কাহিনী।

২) দা থিন ৰেড লাইন (১৯৯৮, ইংৰাজী): প্ৰশান্ত মহাসাগৰৰ গুৱাডালকানালত জাপানী আৰু আমেৰিকান সেনাৰ মাজৰ সংঘৰ্ষৰ কাহিনী।

৩) ষ্টালিনগ্ৰাড (১৯৯৩, জাৰ্মান): ৰাছিয়াৰ ষ্টালিনগ্ৰাডত হোৱা জাৰ্মান আৰু ছোভিয়েট সেনাৰ মাজৰ যুদ্ধৰ ভয়াবহতাৰ কাহিনী।

৪) এ ৱ’মেন ইন বাৰ্লিন (২০০৮, জাৰ্মান): ছোভিয়েট সেনাৰ হাতত যৌন উৎপীড়নৰ বলি হোৱা জাৰ্মান মহিলাসকলৰ কাহিনী।

৫) দা থাৰ্ড মেন (১৯৪৮, ইংৰাজী): যুদ্ধ-বিধস্ত অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাৰ কাহিনী।

৬) ডাউনফল (২০০৪, জাৰ্মান): বিপক্ষৰ সেনা আহি বাৰ্লিনৰ দুৱাৰমুখত উপনীত হোৱাৰ পাছত নিজৰ ভূ-গৰ্ভস্থ বাংকাৰত ক্ৰমান্বয়ে মানসিক ভাৰসাম্য হেৰুওৱা হিটলাৰৰ কাহিনী।

৭) ছেভিং প্ৰাইভেট ৰায়ান (১৯৯৮, ইংৰাজী): ফ্ৰান্সত আহি উপনীত হোৱা আমেৰিকান সেনা দল এটিৰ কাহিনী।

৮) ব্লেক বুক (২০০৬, ডাচ্চ): নেদাৰলেণ্ডত জাৰ্মান সেনাৰ বিপক্ষে ডাচ্চ বিদ্ৰোহীসকলক সহায়ৰ অৰ্থে চোৰাংচোৱা হিচাবে কাম কৰা এগৰাকী ইহুদী মহিলাৰ কাহিনী।

৯) লাইফ ইজ বিউটিফুল (১৯৯৭, ইটালিয়ান): কল্পনাশক্তিৰ সহায়েৰে যুদ্ধৰ ভয়াবহতাবোৰৰ পৰা নিজৰ শিশুপুত্ৰক আতৰাই ৰখাৰ প্ৰয়াস কৰা এক ইহুদী বন্দীৰ কাহিনী।

১০) দা ব্ৰীজ ন দা ৰিভাৰ কোৱাই (১৯৫৭, ইংৰাজী): ম্যানমাৰত জাপানী সেনাৰ হাতত বন্দী হৈ থকা ব্ৰিটিছ যুদ্ধবন্দীসকল ওপৰত আধাৰিত কাহিনী।

১১) ইউৰোপা, ইউৰোপা (১৯৯০, বহুভাষী): নাজী বাহিনীৰ পৰা হাত সাৰিবলৈ নিজকে জাৰ্মান বুলি পৰিচয় দিয়া ছল’মন পেৰেল নামৰ এক ইহুদী কিশোৰৰ সঁচা কাহিনী।

১২) ফ্লেম এণ্ড চাইট্ৰন (২০০৮, ডেনিছ): নাজী বাহিনীৰ বিৰুদ্ধে বিদ্ৰোহ কৰি উঠা ডেনমাৰ্কৰ দুই বিদ্ৰোহীৰ কাহিনী।

১৩) ভলহিনিয়া (২০১৬, পোলিছ): বিশ্বযুদ্ধৰ মাজতে পোলিছ আৰু ইউক্ৰেনিয়ান সম্প্ৰদায়ৰ মাজত সংঘটিত গোষ্ঠীগত সংঘৰ্ষৰ কাহিনী।

১৪) ইন ডাৰ্কনেছ (২০১৩, পোলিছ): ভু-গৰ্ভস্থ নৰ্দমাৰ মাজত জাৰ্মান সেনাৰ পৰা হাত সাৰিবলৈ বহুতো ইহুদী লোকক লুকুৱাই ৰখা লিঅ’পল্ড চশা নামৰ এজন লোকৰ জীৱনৰ ওপৰত আধাৰিত কাহিনী।

১৫) ১৯৪৪ (২০১৪, ইষ্ট’নিয়ান): জাৰ্মান আৰু ছোভিয়েট আক্ৰমণকাৰী সেনাৰ মাজত আৱদ্ধ ইষ্টনিয়ানসকলৰ দুৰ্দশাৰ কাহিনী।

১৬) কন্সপিৰেচি (২০০১, ইংৰাজী): হ’ল’কষ্টৰ পৰিকল্পনাৰ হকে নাজী বিষয়াসকলে আয়োজন কৰা ৱানজে কনফাৰেন্সৰ কাহিনী।

১৭) ডানকাৰ্ক (২০১৭, ইংৰাজী): জাৰ্মান সেনাৰ হাতত পৰাভূত হৈ ফ্ৰান্সত আৱদ্ধ হৈ থকা ব্ৰিটিছ সেনাবাহিনীক সাগৰেদি কৰা উদ্ধাৰ অভিযানৰ কাহিনী।

১৮) লেটাৰ্চ ফ্ৰম ইঅ’ জিমা (২০০৬, জাপানী): ইঅ’ জিমা দ্বীপত হোৱা জাপানী-আমেৰিকান সংঘৰ্ষৰ কাহিনী।

১৯) দা এম্পায়াৰ অব দা চান (১৯৮৭, ইংৰাজী): জাপানৰ দ্বাৰা চীন আক্ৰমণৰ কাহিনী।

২০) হিৰোশ্বিমা, মন এমোৰ (১৯৫৯, ফ্ৰান্স/জাপানী): যুদ্ধৰ মনস্তাত্বিক ফলাফল আৰু স্মৃতিত তাৰ প্ৰভাৱৰ কাহিনী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here