দিৰাঙত দুটা দিন

সীমান্ত বৰ্মণ

ৰাতিপুৱা ফেঁহুজালি দিয়াৰ পৰত অলপ পলমকৈ হ’লেও যেতিয়া ছুম’খন চলিল, মনটো কিবা এক উন্মাদনাৰে জীপাল হৈ উঠিল। এই উন্মাদনা নতুন ঠাই ভ্ৰমণৰ হাবিয়াস সযতনে পুহি ৰখাসকলৰ নিচেই পৰিচিত। ময়ো তাৰেই মাজেৰেই এজন । ২০১৯ চনৰ ২১ মাৰ্চ। গন্তব্যস্থান অৰুণাচল প্ৰদেশৰ এখনি সৰু গাঁও দিৰাঙ। বহুতে দিৰাঙক এখন ক্ষুদ্ৰ নগৰ বুলি কয় যদিও নগৰীকৰণৰ ক্ষেত্ৰত দিৰাঙ এতিয়াও পিছপৰা। আচলতে দিৰাঙ ক্ষুদ্ৰ ক্ষুদ্ৰ পাহাৰীয়া বসতি অঞ্চল কেইটামানৰ এক সমষ্টিহে মাথোঁ। যা নহওঁক, পৰ্যটনৰ ক্ষেত্ৰত দিৰাঙৰ স্থান সুকীয়া। বহু পৰ্যটকে টাৱাঙলৈ যোৱা সুদীৰ্ঘ আৰু কষ্টকৰ বাটছোৱা দুদিনত ভাগ কৰি দিৰাঙত এনিশা কটায়। কিন্তু শেহতীয়াকৈ এই ধাৰণা সলনি হ’ব ধৰিছে। পৰ্যটনৰ ক্ষেত্ৰত হোৱা বিকাশ তথা ৰাস্তা ঘাট উন্নতি কৰণৰ ফলস্বৰূপে এতিয়া অধিকাংশই দিৰাঙ আৰু দিৰাঙৰ সমীপৰে ছাংটি উপত্যকা সুকীয়াকৈ ভ্ৰমণ কৰে। আমাৰো মুখ্য গন্তব্যস্থান এই দুখনেই আছিল।

ছুম’খনে যেতিয়া ভালুকপুঙৰ প্ৰৱেশদ্বাৰ পাৰ কৰিলে, তেতিয়া যাত্ৰাৰ প্ৰথমটো পৰ্যায় অতিক্ৰম কৰা যেন লাগিল। ইয়াৰ পৰাই অসম এৰি অৰুণাচল প্ৰদেশৰ বাটছোৱাৰ আৰম্ভণি। সীমান্তত থকা গাঁওখনৰ নাম টিপি। টাৱাঙৰ পৰা বৈ অহা চিয়াঙ নৈৰ পাৰে পাৰে গঢ় লৈ উঠা এখনি সৰু গাঁও। অৰ্কিড উদ্যান আৰু জলপ্ৰপাত এটাৰ সন্ধানত ইয়ালৈ কেইবাবাৰো অহা হৈছে। সেয়ে এই বাটছোৱা এক চিনাকি আবেগেৰে ভৰা।

টিপিৰ পৰা কিছুদূৰ গৈ গাড়ীবোৰ ছেপা নামেৰে সৰু ঠাই এখনত ৰ’লে। আমাৰ ড্ৰাইভাৰজনে চাহ বিৰতিৰ ইংগিত দিয়াৰ লগে লগে আমাৰ সহিতে আন আন যাত্ৰীবোৰেও এঙামুৰি ভাঙিলে। ৰাস্তাৰ দাঁতিত শুই থকা কুকুৰকেটাই যেন আমাৰ আগমনত কিছু সেমেনা-সেমেনি কৰিলে। কুঁৱলীৰ আঁচল ভেদি সূৰ্যটো তেতিয়া ওলাইছিলহে মাথোঁ। চাৰিওফালে এবাৰ চকু ফুৰালো। ৰাস্তাৰ এটা কোণত এটা সৰু গীৰ্জাঘৰ, ওচৰত দুই-চাৰিটা আধা পকী ঘৰ আৰু আনটো ফালে ট্ৰাক আস্থান আৰু কেইটামান ঘৰ। কিছুসময় এই সৰু ঠাইখনৰ উমান লওঁতেই ড্ৰাইভাৰে যাত্ৰা পুনৰ আৰম্ভ কৰাৰ সংকেত দিলে।

ছেপা পাৰ হৈ আমি ছেছা অৰ্কিড উদ্যানৰ সমীপেৰে পাৰ হ’লো। খিৰিকীৰেই সু-সজ্জিত আৱেষ্টনীৰ মাজত অৰ্কিড সংৰক্ষণৰ আৰ্হি দেখা পালোঁ। কিছুদূৰ গৈ আমি টেঙা উপত্যকাত প্ৰৱেশ কৰিলোঁ আৰু লগে লগে ঘন সেউজীয়া চৌদিশ ক্ৰমাৎ ধূসৰ সেউজীয়ালৈ ৰূপান্তৰিত হ’ব ধৰিলে। তেতিয়া আছিল চেৰী ফুল ফুলাৰ বতৰ (Cherry Blossom) । এই টেঙা উপত্যকাতে আমি প্ৰথম চেৰী ফুলৰ আভাস পালোঁ। টেঙা নৈৰ পাৰত গঢ় লৈ উঠা এই উপত্যকাটো ভাৰতীয় সামৰিক বাহিনীৰ ছাউনিৰে মেৰা, সেয়েহে ইয়াত ফটোগ্ৰাফী নিষিদ্ধ। গোটেই বাটছোৱা খিৰিকীৰেই ইয়াৰ সৌন্দৰ্য উপভোগ কৰি আগবাঢ়িলোঁ।

অৱশেষত প্ৰায় আঢ়ৈমান বজাত আমি দিৰাং নৈ পালোঁ। তেজপুৰৰ পৰা দিৰাঙলৈ প্ৰায় আঠ ঘণ্টামান সময় লাগিল। হোটেলত কিছু জিৰাই আমি আমাৰ প্ৰথম গন্তব্যস্থান Thupsung Dhargyeling মঠলৈ বুলি ৰাওনা হ’লো। এই মঠটো দিৰাঙৰ মূল চ’কটোৰ পৰা কিছু উচ্চতাত অৱস্থিত যদিও খোজকাঢ়ি যাব পৰা দূৰত্বত। চেৰী ফুলৰ লগতে তেতিয়া দিৰাঙত কমলা টেঙাৰো বতৰ আছিল। মঠটোলৈ যোৱা গোটেই বাটছোৱা ঘৰে ঘৰে লহপহীয়াকৈ কমলা লাগি থকা দেখিবলৈ পালোঁ। মঠটোৰ প্ৰবেশদ্বাৰলৈ পথছোৱা ধেনুভেৰীয়া আৰু কাষে কাষে বৌদ্ধ ধৰ্মীয় পতাকাৰ শাৰী। তাত উপস্থিত হৈয়েই গম পালো যে এই মঠটো তুলনামূলকভাৱে তেনেই নতুন আৰু আধুনিক। পৰ্যটকৰ বাবে ইয়াত থকাৰ ব্যৱস্থাও আছে। তিনিমহলীয়া মঠটোৰ মূল গৃহলৈ থকা খটখটিৰ দাঁতিত নানান ফুলৰ সমাহাৰ। মঠটোৰ সন্মুখ চোতাল ধৰ্মীয় চক্ৰৰ আৱেষ্টনীৰে আৱৰা আৰু পাৰ্শ্বৱৰ্তী কোণৰ সোঁমাজতে এটা প্ৰকাণ্ড টিলিঙা আছে। বৌদ্ধ ধৰ্মীয় লোকসকলে আহি ধৰ্মীয় চক্ৰবোৰ হাতেৰে ঘূৰ্ণন কৰে আৰু টিলিঙাটো বজাই প্ৰাৰ্থনা কৰে। এই সু-উচ্চ মঠটোৰ পৰাই দিৰাঙৰ চৌদিশ দেখা পায়। দিৰাং নৈৰ পাৰত গঢ় লৈ উঠা বসতি তথা প্ৰাকৃতিক সৌন্দৰ্য চাই মন প্ৰাণ ভৰি গ’ল।

কিছুসময় তেনেদৰে কটাই আমি দ্বিতীয় গন্তব্যস্থান কালচক্ৰ মঠলৈ বুলি ৰাওনা হ’লো। শুনিবলৈ পোৱা মতে, কালচক্ৰ মঠটো দিৰাঙৰ আটাইতকৈ পুৰণি মঠ। দিৰাঙৰ মূল চ’কটোৰ পৰা উত্তৰদিশে অলপ গৈয়ে শিলৰ খটখটিৰে গঢ়া ঠেক ৰাস্তা এটাৰে আমি কালচক্ৰ মঠটো পালোঁ। পূৰ্বৰ মঠটোতকৈ তেনেই সৰু তথা পুৰণি এই মঠটো। সময়ে সময়ে কৰা মেৰামতিয়ে নতুনত্বৰ কিছু চানেকি দিয়ে যদিও মঠটোৱে সাধাৰণ গাঁৱলীয়া জীৱনৰহে আভাস দিয়ে। সেয়েহে তাত গৈ অধিক প্ৰশান্তিহে লাভ কৰিলোঁ। ৰঙা-হালধীয়া ৰঙেৰে উদ্ভাসিত মঠটোৰ চাৰিও কাষে কণ-কণ ল’ৰা ছোৱালী বোৰে নানা খেল খেলি আছিল; মাজে সময়ে মঠৰ সাধু জনেও ইফালে-সিফালে ঘূৰি আছিল। এইবোৰৰ মাজতেই কিছু সময় কটাই আমি প্ৰথম দিনাৰ ভ্ৰমণ সামৰিলোঁ।

দ্বিতীয় দিনা ৰাতিপুৱাই আমি গাড়ী এখন ভাড়া কৰি চাংটি উপত্যকালৈ ৰাওনা হ’লো। চাংটি দিৰাঙৰ পৰা প্ৰায় ১৩ কি.মি. দূৰৈত অৱস্থিত এখনি সৰু গাঁও। দিৰাং নৈৰ পাৰতে অৱস্থিত এই গাঁওখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। তাত উপস্থিত হৈয়ে মনটো এক বুজাব নোৱাৰা আৱেগেৰে ভৰি পৰিল। ইটাৰ সলনি শিল আৰু কাঠেৰে নিৰ্মিত ঘৰবোৰত স্বকীয় কাৰুকাৰ্যৰ চানেকি আছে। পূৰ্বতে উল্লেখ কৰাৰ দৰে ঘৰে ঘৰে চেৰীফুল আৰু কমলা টেঙাৰ পয়োভৰ। চৌদিশে গছ-গছনিৰ নানা ৰঙী বেশত গোটেই পৰিৱেশটো নৈসৰ্গিক যেন লাগিল। গাঁওৰ লোকসকল সৰল আৰু হাঁহিমুখীয়া। এঘৰে আমাক দেখা পাই কমলা টেঙাও যাচিছিল। পৰ্যটকৰ ভিৰ দেখি নৈৰ পাৰত দুটামান homestay গঢ় লৈ উঠিছে। নৈৰ পাৰে পাৰে চৰণীয়া পথাৰ, পথাৰত ঘোঁৰা, ভেড়া, গৰু-ছাগলীৰ সমাহাৰ। চৰাই চিৰিকতিৰো আব্দাৰ সুকীয়া। সকলোবোৰ চাই এনে লাগিল যেন দিৰাং নৈৰ পাৰত এখন সৰগহে গঢ়ি লৈছে। কেনেকৈ তাত আধা দিন পাৰ হ’ল গমেই নাপালো।

ইয়াৰ উপৰি দিৰাঙত দিৰাং য’ঙ (Dirang Dzong), গৰম পানীৰ উঁহ আৰু অন্যান্য মঠ আছে। সেইবিষয়ে পিছত কেতিয়াবা লিখিম। যা নহওক, এই টোকাতো পঢ়ি কোনোবাই যদি দিৰাং ভ্ৰমণ কৰিব বিচাৰে, তেন্তে মাৰ্চৰ পৰা মে’ মাহ নতুবা ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত পৰিকল্পনা কৰিব পাৰে। মাৰ্চত যিদৰে তাত কমলা টেঙাৰ পয়োভৰ, অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত কিৱি ফলৰ পয়োভৰ হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here