ধৰ্মনিৰপেক্ষতা আৰু ভাৰত – সংজ্ঞা, সমালোচনা আৰু প্ৰাসংগিকতা।

উন্মিলন কলিতা

প্ৰাচীন ইউৰোপৰ শেষভাগৰ পৰা মধ্যযুগলৈ ৰোমান কেথ’লিক আৰু আৰব-ফৰাচী ইছলামধৰ্মাৱলম্বী সাম্ৰাজ্যসমূহৰ মাজত নেৰানেপেৰাকৈ বৰ্তি থকা ধাৰ্মিক দ্বন্দ্ব ‘ক্ৰুচেদ'(Crusade) হৈছে ‘ধৰ্ম’ আৰু ‘ৰাজ্য’ৰ মাজত থকা জটিল সম্পৰ্কটিৰ এটি ৰাজনৈতিক অধ্যায়। ১৬৪৮খ্ৰীষ্টাব্দৰ পিছৰ পৰা অৰ্থাৎ উত্তৰ-ৱেষ্টফেলিয়া চুক্তিৰ কালছোৱাত, ইউৰোপত আবিৰ্ভাৱ হ’ল একো একোখন ‘জাতি-ৰাষ্ট্ৰ’ অৰ্থাৎ ‘Nation States’ৰ. অতীতৰ সাম্ৰাজ্য ব্যৱস্থাৰ ঠাইত গঢ় লৈ উঠিল সাৰ্বভৌমত্ত্বক আৰ্হি কৰা একো একোখন ৰাষ্ট্ৰৰ। পাশ্চাত্যৰ এই উত্থানৰ সমান্তৰালভাৱে আৰম্ভ হয় ৰাষ্ট্ৰ ব্যৱস্থা আৰু গীৰ্জাৰ মাজত এক তুমুল বিতৰ্ক – ৰাষ্ট্ৰৰ ন্যায়-আদেশ ইত্যাদি নিৰ্ণয় কৰাত গীৰ্জাৰ ভূমিকা কি হ’ব তাকে লৈ। থূলমূলকৈ ক’বলৈ গ’লে এই বিতৰ্কৰ পৰাই উদ্ভৱ হয় সাধাৰণতে আমি বুজি আহা ‘ধৰ্মনিৰপেক্ষতা’ নামৰ আদৰ্শটিৰ। ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰা ধৰ্মক বিছিন্ন কৰা বা পৰস্পৰক পৰস্পৰৰ লগত সংলগ্ন হ’বলৈ নিদিয়াটোয়ে আমি ধৰ্মনিৰপেক্ষতা বুলি ওপৰা ওপৰিকৈ জানো। সদ্যহাতে ই যদিও এক অসম্পূৰ্ণ আৰু আধৰুৱা সংজ্ঞা, গৰিষ্ঠসংখ্যক মানুহে পিছে ইয়াকে ধৰ্মনিৰপেক্ষতা বুলি মানি লয়।

ধৰ্মনিৰপেক্ষতা হৈছে স্থান বিশেষে বুজা এক জটিল ধাৰণা। যদিও সৰহসংখ্যক খ্ৰীষ্টান ধৰ্মাৱলম্বী ইউৰোপীয় ৰাষ্ট্ৰত ইয়াৰ ৰূপ বুজা অতি সহজ, কিন্তু আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখা ইয়াৰ প্ৰকাৰসমূহৰ ইখনৰ লগত আনখনৰ পিছে মিল বুজা অতি কঠিন। সাম্প্রতিক জগতত বিশ্বজনীন প্ৰেক্ষাপটত পোনপ্ৰথমে ধৰ্মনিৰপেক্ষতাত আউল লগোৱা ঘটনাটো আছিল ইৰাণ দেশৰ ধৰ্মতন্ত্ৰলৈ হোৱা ৰূপান্তৰৰ ঘটনাটো। ইজিপ্তৰ জনগণে ঔপনিবেশিক শাসনৰ পিছত নিজকে এখন ইছলাম ধৰ্মাৱলম্বী দেশ হিচাপে পৰিগণিত কৰে। তাৰ পিছত চুবুৰীয়া ৰাষ্ট্ৰ এলজেৰিয়াত ১৯৯১ চনত জয়যুক্ত হয় ‘ইছলামিক মুক্তি শক্তি’ (Islamic Salvation Front) যাৰ লগত আলজেৰিয়া ধৰ্মতন্ত্ৰৰ প্ৰতিষ্ঠা হয়। তাৰ পাছত এখন এখনকৈ টুনিছিয়া, ইথিয়’পিয়া, তুৰ্কী, আফগানিস্তানত ইত্যাদি দেশত সূত্ৰপাত ঘটে ধৰ্মতন্ত্ৰৰ। এই জোৱাৰ অকল মধ্য এছিয়াতে সীমাবদ্ধ হৈ নাথাকিল। বৰ্তমান ভাৰতত উদ্ৰেককাৰী অতিহিন্দুবাদী ৰাজনীতিৰ প্ৰসাৰ এই দৃষ্টিৰ পৰা এক জলন্ত সমস্যা। শ্ৰীলংকাত বৌদ্ধ সিংহলীসকলৰ সংখ্যাগৰিষ্ঠতাৰ ৰাজনীতি, ইজৰাইল উগ্ৰ-ইহুদিবাদৰ লগতে পশ্চিম ইউৰোপৰ দেশসমূহতো সক্ৰিয় ধৰ্মভিত্তিক ৰাজনীতিয়ে স্থান পাইছে, যত অন্যথা গতানুগতিক ভাবে ধৰ্মই এক ব্যক্তিগত স্থানহে লাভ কৰি আহিছে। ধৰ্মনিৰপেক্ষতাৰ এক যেন বিশ্বজনীন স্তৰত অৱতৰণহে ঘটিছে, তাৰেই এক দৃশ্য আমাৰ আগত আজি প্ৰতিফলিত হৈছে।

প্ৰথম কথা, ধৰ্মনিৰপেক্ষতাক আমি ৰাষ্ট্ৰ আৰু ধৰ্মক প্ৰভেদ কৰা আদৰ্শ বুলি হাত সাৱটি বহি বা ফেচবুকত ধাৰাপাত লিখি সমালোচনা কৰিলে আমাৰ এক ডাঙৰ ক্ৰুটি হ’ব। কিয়নো এই আদর্শবিধৰ অস্তিত্ব আৰু গুণ আগতে অৱগত কৰাৰ দৰেই স্থান, কাল, ৰাষ্ট্ৰখনৰ গাঁথনি আৰু ঠাই এখনৰ জনবসতিৰ সামাজিক গাঁথনি সাপেক্ষে সলনি হয়। পিছে, ধৰ্মনিৰপেক্ষতাক লৈ বিস্তাৰিত ভাবে সমালোচনা সাম্প্ৰতিক কালত খুব কমেই হৈছে, লঘু ধৰ্মান্ধতাক লৈহে ৰাইজৰ ধাউতি।

ধৰ্মনিৰপেক্ষতাৰ ওলোটাটো হৈছে ধৰ্মতন্ত্ৰ । ধৰ্মনিৰপেক্ষতাক বুজিবলৈ আমি ধৰ্মতন্ত্ৰ কি তাক বুজিব লাগিব। আজিকালিৰ যুগ হৈছে এক ‘তৎক্ষণাত-যুগ’। বিষয়বস্তুৰ পৰা আঁতৰি আহি কৈছোঁ, এই ‘তৎক্ষণাত যুগে’ গ্ৰাস কৰা লোকক তৎক্ষণাত যিকোনো কাম নাইবা প্ৰশ্নৰ সমাধান লাগে। এই ধৰক কোনোবাই প্ৰশ্ন সুধিছে — ধৰ্ম কি? এজনে কৈছে ধৰ্ম মোৰ জীৱন যাপনৰ চিৰনমস্য চিৰন্তন সত্য। আনজনে কৈছে ধৰ্ম মোৰ খুলখালি, ল’ৰা এটা হৈছে, পৰহি তাৰ অন্নপ্ৰসন্ন । তৃতীয় ব্যক্তি এজনে হুৰ মূৰকৈ ক’বাৰপৰা আহি কৈছে অন্যান্য ধৰ্মৰ মানুহবোৰ বোলে বাহিৰা দেশৰ চোৰাংচোৱা। সভ্ৰান্ত ঘৰৰ ছোৱালী এজনীয়ে আকৌ কাষৰ পৰা কৈছে ধৰ্ম হৈছে মুম্বাইৰ এটা প্ৰখ্যাত চিনেমাৰ প্ৰতিষ্ঠান। মুঠতে ধৰ্মক লৈ আমাৰ আলোচনাবোৰ এনেকুৱা – তৰল যুক্তিৰে পৰিপূৰ্ণ।

ধৰ্মতন্ত্ৰ হৈছে এনে এক শাসন ব্যৱস্থা যত ৰাষ্ট্ৰ এখনে এটা সক্ৰিয় ধৰ্মক আদৰ্শ হিচাপে পালন কৰে। সেই ৰাষ্ট্ৰই পৃষ্ঠপোষকতা কৰা ধৰ্মৰ ধৰ্মগ্ৰন্থত উল্লেখিত বা প্ৰচলিত ধৰ্মটিৰ ৰীতি নীতিসমূহকে সেই ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় আইন। তেনে ধৰ্মতন্ত্ৰ এখনক ইংৰাজীত Theocratic State বোলা হয়। খোমেনেইৰ ইৰাণ, বৰ্তমান এৰ্ডগানৰ তুৰ্কী হৈছে ইয়াৰ উত্তম নিদৰ্শন। পিছে ইয়াতেই ধৰ্মতন্ত্ৰৰ সংজ্ঞা শেষ হৈ নাযায়। ইয়াৰ বাদে এনে বহু ৰাষ্ট্ৰ আছে যত শাসন ব্যৱস্থা আৰু ধৰ্ম – ক্ষেত্ৰ বিশেষে পৃথক, ক্ষেত্ৰ বিশেষে সংলগ্ন। ধৰক এখন ৰাষ্ট্ৰই এটা বিশেষ ধৰ্মক ৰাষ্ট্ৰীয় ধৰ্মৰ মৰ্যাদা দিছে, আন এখনে একে ধৰ্মতে সন্নিৱিষ্ট দুবিধ শাখা ধৰ্মক উভয়ে ৰাষ্ট্ৰীয় ধৰ্মৰ মৰ্যাদা দিছে, বা আন এখন ৰাষ্ট্ৰই একাধিক ধৰ্মক ৰাষ্ট্ৰীয় ধৰ্ম হিচাপে স্বীকৃতি প্ৰদান কৰিছে – এই সকলোবোৰ একো একোখন ৰাষ্ট্ৰৰ ধৰ্মৰ সৈতে তথা সম্পৰ্কৰ বিবিধ উদাহৰণ হ’ব পাৰে।

এতিয়া ‘ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ’ বুলিলে কাক ক’ম? ৰাজনীতি বিজ্ঞানৰ ভাষাত ক’বলৈ গ’লে যিসমূহ ৰাষ্ট্ৰই প্ৰথম স্তৰ অৰ্থাৎ অন্ত-বিশেষে [end specific], দ্বিতীয় স্তৰ অৰ্থাৎ আনুষ্ঠানিক-ভিত্তি [institution level] আৰু তৃতীয় স্তৰ অৰ্থাৎ আইন-নীতি ভিত্তিৰ [ policy and law level] ভিতৰত প্ৰথম দুটা স্তৰত ধৰ্ম আৰু ৰাষ্ট্ৰ ব্যৱস্থা পৃথক কৰি ৰাখে- সেইসমূহ দেশেই হৈছে ধৰ্মনিৰপেক্ষ দেশ। ইয়াৰ পৰা আমি কি বুজোঁ –
১. Non-Theocratic state অৰ্থাৎ ধৰ্মক ৰাষ্ট্ৰৰ পৰা পৃথক ৰাখিলেই সি এখন আপোনা আপুনি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হৈ নাযায়, তেনে ৰাজ্যই এটা বিশেষ ধৰ্মক স্বীকৃতি বা মৰ্য্যদা দিবও পাৰে।
২. ৰাষ্ট্ৰ আৰু ধৰ্মৰ আনুষ্ঠানিক প্ৰভেদিকৰণেই ধৰ্মনিৰপেক্ষতা নুবুজাই, কিয়নো তেনে ৰাজ্যই অন্ত বিশেষে বা নীতি বিশেষে ধৰ্মৰ প্ৰভাৱ বা উপাদানসমূহ গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ, সিও এক প্ৰকাৰৰ আনুষংগিক ধৰ্মতন্ত্ৰ। ইংৰাজীত চমুকৈ ক’বলৈ গ’লে – Political secularism cannot be identified with Church-State separation.

এতিয়া আগবাঢ়িছোঁ ভাৰতৰ ধৰ্মনিৰপেক্ষতাক লৈ। আৰম্ভণিতে কোৱাৰ দৰে ধৰ্মনিৰপেক্ষতাক এক পাশ্চাত্যৰ আৰ্দশ বুলি বহুতো স্বৰাজোত্তৰ তথা উত্তৰ-ঔপনিবেশিক বুদ্ধিজীৱীসকলে ইয়াক সমালোচনা কৰি আহিছে। ভাৰতৰ ক্ষেত্ৰটো ই ব্যতিক্ৰম নহয়। আমাৰ অসমৰ লগতে ভাৰতত বৰ্তমান সময়ত ইয়াক লৈ এক সাংঘাতিক বিতৰ্ক দেখিবলে পোৱা গৈছে। ৫ আগষ্টত তাৰিখে অযোধ্যাত বহু বিতৰ্কিত ৰাম-মন্দিৰৰ ভূমি পূজন কাৰ্যসূচী সমাপন হয়, সেই সংক্ৰান্ততে, বহু লোকে ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ চৰিত্ৰটোক লৈ দুটা ফৈদত বিভক্ত হ’ল – মন্দিৰ পন্থী আৰু মন্দিৰ বিৰোধী। তাৰ আগতে যোৱা বছৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ এই ক্ষেত্ৰত ঘোষণা কৰা ঐতিহাসিক বিচাৰটোৰ সময়তো এই ‘ধৰ্মনিৰপেক্ষতা’ক লৈ আলোচনা তথা বিতৰ্ক হৈছিল। ২০০২ত হোৱা গুজৰাটৰ নৰসংহাৰ, ‘৯৩ৰ বোম্বে বিস্ফোৰণ, তাৰ আগতে ৰথযাত্ৰা আৰু বাবৰি মছজিদ উচ্ছন্ন কাৰ্যসূচীয়ে হওক, বা ৰাজীৱ গান্ধীৰ সময়ত গৃহীত হোৱা মুছলমান উলেমাক তুষ্টিকৰণ কৰা ‘মুছলমান মহিলা (সুৰক্ষা তথা বিবাহ বেছেদ) আইন’য়ে হওঁক – ভাৰতৰ সাম্প্ৰতিক ৰাজনৈতিক ক্ষেত্ৰত এই ধৰ্মনিৰপেক্ষতা আদৰ্শক লৈ চলি অহা তৰ্ক-বিতৰ্কসমূহ ভাৰতৰ ধৰ্মৰ সৈতে থকা ৰাজনৈতিক সম্পৰ্কটোক জানিব’লৈ অতিশয় জৰুৰী।

ভাৰতৰ ধৰ্মনিৰপেক্ষতাক সমালোচনা কৰা এজন প্ৰখ্যাত চিন্তাবিদ হৈছে আশীষ নন্দী। নন্দীয়ে কয় যে ভাৰতে স্বধীনতাৰ সময়ত আঁকোৱালি লোৱা ধৰ্মনিৰপেক্ষতা হৈছে এক ‘তোলনীয়া ধৰ্মনিৰপেক্ষতা’, যি হৈছে বহিঃৰাজ্যৰ পৰা তুলি আনি ভাৰতৰ সৰহসংখ্যক ধৰ্মপৰায়ণ জনসংখ্যাৰ ওপৰত জাপি দিয়া এক যান্ত্ৰিক আৰু আকোৰগোজ ধাৰণা। ভাৰতৰ বহুধাৰ্মিক চৰিত্ৰটোৰ লগত যে পাশ্চাত্যৰ গীৰ্জাৰ monolithic চৰিত্ৰটোৰ একো মিল নাই; সেয়েহে পাশ্চাত্যত আবিৰ্ভাৱ হোৱা এই গীৰ্জা-বিমুখী ধৰ্মনিৰপেক্ষ ধাৰণাটো ভাৰতৰ ক্ষেত্ৰত খাপ নাখায় – এয়া হ’ল নন্দীৰ মূল মত। নন্দীয়ে ব্যক্ত কৰে যে ভাৰতৰ ধৰ্মীয় চৰিত্ৰত প্ৰমুখ্যে হিন্দু আৰু মুছলমান – এই দুইবিধ ধৰ্মত অতীত কালৰে পৰা এনেকুৱা যান্ত্ৰিক ধৰ্ম-বিমুখী আদৰ্শ নাই; অশোকে হওঁক, আকবৰে হওঁক, ক’তো ধৰ্ম-বিমুখী আভাস পোৱা নাযায়; আৰু সেয়েহে এইধৰণৰ কঠোৰ ধৰ্ম-বিমুখী আদৰ্শ এটা ধৰ্মাৱলম্বী জনগণৰ ওপৰত শিলৰ বোজাৰ দৰে জাপি দিয়াটো এক অন্যায়, লগতে তেনে ধৰ্মনিৰপেক্ষতাই এই ধৰ্মাৱলম্বী মানুহৰ ধাৰ্মিক অধিকাৰ তথা আকাংক্ষাৰ ওপৰতো এক গভীৰ কূটাঘট কৰাৰ ওপৰিও সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰি সমাজৰ শান্তি ভংগ কৰাৰ এক ভয়ংকৰ আশংকা থাকে। আশীষ নন্দীয়ে নেহৰুৱে ভাৰতৰ প্রান্তে প্রান্তে প্ৰতিষ্ঠিত কৰিব খোজা বৈজ্ঞানিক চিন্তাবোধৰ ( rational and scientific temperament) লগত সংগতি ৰখা এই ধৰ্মনিৰপেক্ষতাক তুলসীৰ লগত কলপটুৱাৰ মুক্তি কৰাৰ ৰণকৌশল বুলি প্ৰত্যুত্তৰ দিছে; আৰু তেনে ৰাজনৈতিক চক্ৰবেহু এটাই যে ভাৰতৰ সমাজ জীৱনৰ বাবে এটা বিভ্ৰান্তিকৰ ধাৰণা, সেইটো তেওঁ Internal Dialectics of Modernity-Nation State paradigmৰ সৈতে পাঠক সমাজক বুজাব চেষ্টা কৰিছে। ইয়াৰ লগতে এই খোকোজাটো নন্দীয়ে আঁতৰাব বিচাৰিছে যে তেওঁৰ ধৰ্মনিৰপেক্ষ-বিমুখ মতটোৱে কিন্তু কোনো সাম্প্ৰদায়িক আদৰ্শক প্ৰশ্ৰয় নিদিয়ে । তেওঁ কয় যে RSS-BJPৰ যোগাত্মক ধৰ্মনিৰপেক্ষতা (positive secularism) হৈছে নেহৰুভিয়ান ধৰ্মনিৰপেক্ষতাতকৈও এক বিভৎস বস্তু। RSS কাৰ্যকর্তাসকলৰ পোছাক যে ব্ৰিটিছ ঔপনিবেশিক পুলিচ তথা চিপাহী সেনাৰ পোছাকৰ আৰ্হিতে ভিত্তি কৰা হৈছে, সেই লক্ষ্য কৰিয়ে নন্দীয়ে RSSক ‘Illegitimate child of Western Colonialism’ বুলি মন্তব্য কৰিছে। তেওঁ এইটো প্ৰসংগতে কয় যে সংঘ(Sangh)ৰ ধৰ্মৰ আদর্শটো ভাৰতীয় প্ৰেক্ষাপটত ভিত্তি যদিও তাৰ যিটো গঢ়াৰ্থ, সেইটো হ’ল পাশ্চাত্যৰ semitic ধৰ্মাৰ্দশৰ মৌলবাদী ধাৰণা। সেইবাবে ভাৰতৰ ক্ষেত্ৰত নন্দীয়ে নেহৰুভিয়ান ধৰ্মনিৰপেক্ষতা আৰু সংঘৰ হিন্দুত্ববাদ – দুয়োকে কটু ভাষাৰে কটাক্ষ কৰে।

এতিয়া ভাৰতীয় ধৰ্মনিৰপেক্ষতাক যদি আমি এক মাৰ্ক্সীয় দৃষ্টিভংগীৰে চাওঁ, তেন্তে অচীন ভ’নাইক(Achin Vanaik)ৰ আশীষ নন্দীৰ ওপৰোক্ত ধাৰণাটিৰ সমালোচনাৰ ফালে মন কৰিব লাগিব। ভনাইকে কয় যে এখন আধুনিক সভ্য সমাজত প্ৰত্যেকজন ব্যক্তিক ব্যক্তিকেন্দ্ৰিক কিছুমান অধিকাৰ প্ৰদান কৰা হয় (Individual Rights) । এই অধিকাৰসমূহ কোনো ঐতিহাসিক বা পৈত্ৰিক ভিত্তিত (embedded self) দিয়াৰ বিপৰীতে দিয়া হয় ব্যক্তিকেন্দ্ৰিক ভিত্তিতহে (individual basis) – সেইবাবে নন্দীৰ ধাৰণাটো এখন আধুনিক সমাজৰ মূল স্তম্ভৰ পৰিপন্থী, যিহেতু তেওঁৰ ধাৰণাই এখন সমাজক এটা পশ্চাত্‍মুখী দিশ (retrogressive, instead of progressive) প্ৰদান কৰে।

শেষত সংক্ষিপ্তত উল্লেখ কৰিম ৰাজীৱ ভাৰ্গৱে ‘An Alternate Conception : Indian Secularism’ত লিখা কথাখিনিৰ। তেওঁৰ মত এই যে ভাৰতৰ ধৰ্মনিৰপেক্ষতাক অন্য ৰাজ্যৰ ধৰ্ম ব্যৱস্থাৰ লগত তুলনা কৰাটো হয়তো এক বিফল সাধাৰিকৰণ নাইবা অতিৰঞ্জিত সমালোচনা হ’ব – কিয়নো ভাৰতৰ ধাৰ্মিক অনৈক্যতাৰ ইতিহাস আৰু বৰ্তমান ভাৰতৰ এক নিজস্ব অভিজ্ঞতা। ভাৰতৰ ধৰ্মনিৰপেক্ষতাই স্থান দিয়ে ব্যক্তিকেন্দ্ৰিক তথা সামাজিক অধিকাৰৰ সমূহক, যিটো পাশ্চাত্যৰ ক্ষেত্ৰৰ সমূলি বিলুপ্ত। ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ জন্ম ভাৰতৰ বহু ধাৰ্মিক, বহু ভাষিক, বহু ভৌগোলিক সমাজ এখনত। ইয়াত আন্তঃধাৰ্মিক আৰু অন্তঃধাৰ্মিক – দুয়োভিধ পৰ্যায়ৰ ধৰ্মকে সমান গুৰুত্ব দিয়া হয়। সবাতোকৈ জৰুৰী কথাটো এইটোৱে যে – Indian breed of secularism follows a doctrine of ‘principled distance’ – আমাৰ দেশৰ ধৰ্মনিৰপেক্ষতাই ৰাষ্ট্ৰ, সমাজ আৰু ধৰ্মৰ ক্ষেত্ৰত এটা ‘সন্মানজনক দূৰত্ব’ৰ আদৰ্শৰ পালন কৰে। এই সন্মানজনক দূৰত্বটোক বুজিবলৈ আমাৰ সময় লাগিব ঠিকেই, কিন্তু সেই মননশীল অনুশীলনে আমাৰ দেশত বৃদ্ধি পোৱা ধৰ্মৰ নামত হোৱা হিংসাত্মক ৰাজনীতিয়ে হওঁক বা লঘু দ্বন্দ্ব-খৰিয়ালে হওঁক – বহু পৰিমানৰ ধৰ্মৰ লগত জড়িত কু-আপাদানসমূহ নাইকিয়া হ’ব। আমাৰ সকলোৰে ধৰ্ম আৰু ধৰ্মনিৰপেক্ষতাক লৈ এক পূৰঠ দৃষ্টিভংগী হ’লে আমি এখন সমাজ হিচাপে আগুৱাই যাব পাৰিম বুলি মই দৃঢ়-বিশ্বাসী।

প্ৰসংগসূচী :
• ৰাজীৱ ভাৰ্গৱৰ ‘Political Secularism’, Oxford Handbook of Political Theory.
• আশীষ নন্দীৰ ‘Critique of Indian Secularism’.
• থমাছ পেন্টমৰ ‘Understanding Indian Secularism.’

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here