ঢেঁকীয়া মন্ত্ৰ

মিণ্টুল হাজৰিকা

তথাগতৰ ওচৰত এৰি আহিছোঁ মই
নিশ্বাস আৰু দেহৰ উত্তাপ

বিচ্ছেদৰ পিছত এনেদৰে নিজক নিজে আশ্বাস দিওঁ

মই পৃথিৱীৰ পৰা বিদায় লোৱা সময়ত
তুমি তাৰ নৈসৰ্গিক দুৱাৰেদি মোক আগবঢ়াই দিবা

য’ত ফুলে ফুলৰ মৌ চোহে

হাতৰ মুঠি খুলি দিছোঁ
বেলিৰ চকুত চকু থৈ মই মৰিবলৈ ওলাইছোঁ
পিয়াহত পানী জাৰত জুই নিদিয়া মানুহবোৰক

কবৰত ফুল দিবলৈ নিদিবা

সিহঁতে মোক বেইমানৰ দৰে
অপঘাতে মৰিবলৈ আন্ধাৰত এৰি দিছিল

হাতত গুজি দিছিল তেজত জুবুৰিওৱা ফুল

মই নিবিচাৰোঁ
মোৰ অৱস্থানে তোমাক যন্ত্ৰণা দিয়ক
যি যন্ত্ৰণাৰ বাবে তুমি মাজৰাতি সাৰে থাকিব লাগে

পুৰুষ দেহত নাৰীৰ হুমুনিয়াহ
কঢ়িয়াই লৈ ফুৰাজনক সোধা

ভৰিৰ তলৰ মাটি নিমজ নে খহটা ?

হাতৰ চাপৰিটোত যাৰ পৃথিৱী
তাক তোমালোকে কেনেকৈ শিকাবা সংসাৰ ধৰ্ম

ইহ সংসাৰ মায়া বুলি কোৱা
চন্দনৰ ফোঁট কিম্বা মূৰৰ টুপীটোৱে দিব পাৰিব নে
মায়াহীন এখন সংসাৰৰ ঠিকনা

এতিয়া হৃদয় শূন্য
যেন পতিতাৰ দিনৰ খোটালি

ক্ৰমশঃ
চালৰ বেলি পদূলিত পুতিছে চকু !

LEAVE A REPLY

Please enter your comment!
Please enter your name here