দাঁতৰ সাধাৰণ স্বাস্থ্য আৰু সামগ্ৰিক যতন

সমুজ্জ্বল ভৰদ্বাজ

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল – “অসমীয়া মানুহে হাঁহিব নাজানে।” আমি অসমীয়া মানুহে ৰসৰাজে কোৱাৰ দৰে হাঁহিব জানো নে নাজানো সেয়া আলোচনাৰ বিষয়, কিন্তু এইষাৰ কথা সঁচা যে প্ৰাণ খুলি হাঁহি এটি মাৰিবলৈ আপোনাক ডালিমগুটিয়া নিৰোগী দাঁত দুপাৰিৰ অতীৱ প্ৰয়োজন ।

এটি হাঁহিয়ে কঢ়িয়াই সুখী মনৰ বতৰা, এটি হাঁহিয়ে কঢ়িয়াই আনক সুখী কৰাৰ বাসনা। এটি মিঠা হাঁহিৰ পৰাই আৰু অনেক হাঁহি বিয়পে। গীততো আছে-“হাঁহিৰে জীৱন সুন্দৰ কৰা, চকুৰ পানীৰে নহয়…।” জীৱন সুন্দৰ কৰা এই হাঁহিটি ধৰি ৰাখিবলৈ হ’লে আমি দাঁত গজা দিনৰ পৰাই দাঁত সৰা দিনলৈ দাঁত তথা সমগ্ৰ মুখগহ্বৰৰ যতন ল’ব লাগিব। বৰ্তমানৰ প্ৰাত্যহিক জীৱনধাৰাত মানৱ সমাজৰ জীৱনশৈলী পৰিৱৰ্তন সমানুপাতিকভাৱে দাঁত তথা মুখগহ্বৰত ন ন ৰোগে প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা গৈছে। কথাতেই কয়, বোলে – “গছ কাটিলেই মুঢ়া, দাঁত সৰিলেই বুঢ়া”। অকালতে দাঁতহীন সোলা মুখৰ গৰাকী হ’বলৈ কাৰনো মন যাব! পিছে দুৰ্ভাগ্যৰ কথা যে পৃথিৱীৰ আন বহু দেশৰ তুলনাত আমাৰ দেশ ভাৰতবৰ্ষত দাঁত বিষয়ক সজাগতা তেনেই চালুকীয়া অৱস্থাতেই আছে। দাঁতৰ বিভিন্ন বেমাৰ তথা মুখগহ্বৰৰ কৰ্কট ৰোগৰ বৰ্ধিত পৰিঘটনাবোৰ তাৰ সুস্পষ্ট প্ৰমাণ।

শিশুটিৰ দাঁত গজাৰ লক্ষণ দেখাৰ লগে লগে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। বেমাৰ হ’লেহে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে বুলি ভবাটো অতিশয় ভুল ধাৰণা। প্ৰসংগক্ৰমে উনুকীয়াব বিচাৰো যে বহুসংখ্যক পিতৃ-মাতৃয়ে সন্তানৰ দাঁত সোনকালে গজিবৰ বাবে শিশুটিৰ মুখৰ ভিতৰত আঙুলি সুমুৱাই চুপিবলৈ দিয়ে– এই অভ্যাসে দাঁতৰ গঠনত বিয়োগাত্মক প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ উপৰি দুধদানীত একেলেঠাৰিয়ে বহু সময় গাখীৰ খুওৱা, দুধদানী মুখত লৈ টোপনি যোৱা, প্ৰয়োজনতকৈ বেছি বয়সলৈ দুধদানীত গাখীৰ খোৱা নাইবা অত্যাধিক পৰিমাণে আঙুলি চুপি থকাৰ দৰে বদ-অভ্যাসো অনতিবিলম্বে পৰিহাৰ্য। চকলেটকে ধৰি খুব বেছি মিঠাজাতীয় বস্তু খোৱাৰ অভ্যাসেও দাঁতত বিৰূপ প্ৰভাৱ পেলায়।

দন্ত চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ এনেকুৱা ৰোগীয়ো লগ পাইছোঁ, যিসকলৰ মতে ব্ৰাছ ব্যৱহাৰ কৰিলে দাঁত ক্ষয় যায়। এয়া অসম্ভৱ। আমাৰ দাঁতৰ বাহিৰৰ পৰা দেখা পোৱা বগা প্ৰলেপটো ‘এনামেল(Enamel)’ নামৰ খনিজপ্ৰধান পদাৰ্থৰে গঠিত আৰু এই এনামেল হ’ল মানৱ শৰীৰত উপলব্ধ কঠিনতম অংগ, যি হাড়তকৈও শক্তিশালী। পুৱা শুই উঠি আৰু নিশা শুবৰ পৰত– অৰ্থাৎ দিনে দুবাৰকৈ ব্ৰাছ কৰাৰ অভ্যাসে দাঁত আৰু মুখমণ্ডলক অণুজীৱৰ আক্ৰমণৰ পৰা বচাই ৰাখে। ব্ৰাছ কৰাৰ নিৰ্দিষ্ট পদ্ধতিসমূহ অনুসৰণ কৰিব পাৰিলে অভ্যাসটি আৰু অধিক ফলপ্ৰসূ হয় উঠে। দাঁতৰ ফাঁকত জমা হোৱা খাদ্যৰ কণাবোৰ উলিয়াবৰ বাবে ‘ফ্লছ(Floss)’ৰ ব্যৱহাৰো অতি গুৰুত্বপূৰ্ণ দিশ। খাদ্যাভ্যাসৰ সলনিৰ হেতু ন-কৈ দেখা দিবলৈ ধৰা বেমাৰবোৰ এৰাই চলিবৰ বাবে ‘মাউঠ-ৱাছ(Mouth Wash)’ৰ ব্যৱহাৰো প্ৰয়োজনীয় হৈ উঠিছে। দাঁতৰ উপৰি আমি জীভাখনো পাৰ্যমানে চিকুণ কৰি ৰাখিব লাগে। আমাৰ দেহাটো এটি অতি উচ্চ পৰ্যায়ৰ কাৰ্যালয় আৰু মুখগহ্বৰ হ’ল তাৰ আদৰণি কক্ষ। এই আদৰণি কক্ষৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দ্বাৰা দেহত দেখা দিব পৰা নানানটা অসুখৰ পৰা হাত সাৰি থাকিব পৰা যায়।

মুখগহ্বৰৰ সুৰক্ষাৰ কথা ভাবিলেই চাধা-বিড়ি-চিগাৰেট, পাণ মচলা, গুটখা, মদ আদি বৰবিহবোৰৰ কথা মনলৈ আহে। এই আটাইবোৰ কৰ্কট ৰোগ সৃষ্টিকাৰী কাৰক। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানে প্ৰকাশ কৰা শেহতীয়া সমীক্ষাৰ ফলাফল অনুসৰি বৰ্তমান আমাৰ দেশত প্ৰতি ২৮৬ টা মুখগহ্বৰৰ কৰ্কট ৰোগৰ ঘটনাৰ ভিতৰত ১৫১ টাৰ কাৰক এই বৰ্জনীয় পদাৰ্থসমূহ বুলি চিহ্নিত কৰা হৈছে। সাপৰ সৰু বৰ নথকাৰ দৰে এইসমূহৰো কোনো সৰু বৰ নাই। সময় থাকোতেই এইবোৰৰ ব্যৱহাৰ পৰিহাৰ কৰি নিৰাপদ জীৱনৰ দিশে ধাৱমান হোৱাটোহে বুদ্ধিমানৰ পৰিচায়ক। অসমীয়াৰ অতি আদৰৰ তামোল-পাণ-চূণৰ অপৰিমিত খাদ্যাভ্যাসো এৰাই চলিব পাৰিলে ভাল।

প্ৰতি ছয় মাহৰ মূৰে মূৰে দন্ত চিকিৎসকৰ ওচৰলৈ মুখগহ্বৰৰ সামগ্ৰিক পৰীক্ষাৰ অৰ্থে যোৱা উচিত। বয়স বঢ়াৰ লগে লগে দাঁতৰ বেমাৰসমূহো বৃদ্ধি পায়। প্ৰধানতঃ কেলচিয়াম, ভিটামিন-চি আৰু ভিটামিন-ডি যুক্ত খাদ্যই মুখগহ্বৰক বেমাৰৰ আক্ৰমণৰ পৰা বচাই ৰাখে। গুৰুত্বপূৰ্ণ কথাটো হ’ল – আপুনি নিজেই নিজৰ বেমাৰ প্ৰথমে লক্ষ্য কৰিব পাৰে। সেয়েহে প্ৰতিদিনে নিজে আইনাৰ সন্মুখত থিয় হৈ কমেও পাঁচ মিনিট সময় নিজৰ মুখগহ্বৰ পৰীক্ষা কৰাৰ অভ্যাস গঢ়ি তোলক। এনে অভ্যাস আপোনাক বহু বিপদৰ পৰা ৰক্ষা কৰাটো ধুৰূপ।

ঠাণ্ডা গৰম বা মিঠা খাদ্য খালে দাঁতত সিৰসিৰণি উঠা, দাঁতৰ ফাঁকত লাগি ধৰা খাদ্য খৰিকাৰে নিতৌ খুচুৰি খুচুৰি উলিয়াওতে তাত ঘাঁ হোৱা, দাঁতৰ ৰং সলনি হোৱা, দাঁতৰ গুৰিত শিলজাতীয় বগা গুড়ি পদাৰ্থ জমা হোৱা, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আদি সঘনে হৈ থকা ৰোগ। ইয়াৰে যিকোনো এটা বেমাৰৰ অকণমান লক্ষণ দেখা পালেও পলম নকৰি দন্ত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। ইতিমধ্যে সৰি যোৱা পুৰঠ দাঁতৰ ঠাইত বেছ কিছু মাহ ধৰি নতুন দাঁত কৃত্ৰিমভাৱে সংস্থাপন নকৰালে তাৰ আশে পাশে থকা আন সুস্থ দাঁতৰ গঠনত প্ৰভাৱ পৰাও পৰিলক্ষিত হয়। গাখীৰ দাঁত সৰিলে পুৰঠ দাঁত আহে, কিন্তু পুৰঠ দাঁত সৰাৰ পাছত প্ৰাকৃতিকভাৱে তাৰ ঠাইত আন কোনো নতুন দাঁত অহা সম্ভৱপৰ নহয়। সেয়েহে কৃত্ৰিম দাঁত সংস্থাপনৰ প্ৰতিও আমি ধ্যান দিব লাগে।

শিশুৰ ২০ টা গাখীৰ দাঁত আৰু প্ৰাপ্তবয়স্ক ব্যক্তিৰ ৩২ টা পুৰঠ দাঁত মুকুতাৰ দৰে আতোলতোল যত্নৰে প্ৰতিপালন কৰা দৰকাৰ। মানুহৰ সৌন্দৰ্য, শাৰীৰিক বিকাশ আৰু সামগ্ৰিক স্বাস্থ্য – এই আটাইবোৰ দিশতে দাঁত আৰু মুখগহ্বৰৰ ভূমিকা অনস্বীকাৰ্য আৰু সেয়ে আমি নদেখাজনৰ এই বৰদানৰ প্ৰতি সজাগ হৈ আৱশ্যকীয় গুৰুত্ব প্ৰদান কৰিব লাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here