ডাকিনী- যোগিনী- শঙ্খিনী

জিন্তু গীতাৰ্থ

সকলো কথা ফুকি উৰুৱাই দিব পাৰি নে?

যিদৰে উৰুৱাই দিয়া হয় মাটিৰ চুঙাটোৰ পৰা শোহা মাৰি লোৱা ধোঁৱাবোৰ! সি নাজানে৷ এই সম্বন্ধে মোৰো বিশেষ ধাৰণা নাই৷ ছিলিমটো সিদিনা মই ভৰ্তি কৰি আনিছিলোঁ৷ অথচ সেই ভাজেই ৰূমৰ এচুকত পৰি থাকিল৷ ছিলিমটো আছিল বিতোপনৰ৷ সি প্ৰায়েই ছিলিমটোত হোপা মাৰে, নাক আৰু মুখুৰে ফু মাৰি উলিয়াই দিয়ে ধোৱাৰ আঙুঠিবোৰ৷ তাৰ পাছত মোৰ ওপৰত উজাৰ খাই পৰে৷ এইবোৰ কথা এতিয়া পুৰণা ঘাঁৰ দৰে হৈ পৰিছে৷

মই বিছনাৰ পৰা উঠি আহি খিৰিকীকাষত থিয় দিলোঁ৷ বিছনাত শৈলেন পৰি আছে ভাগৰত৷ মানুহে বাৰু নিজৰ সৈতে বাৰে বাৰে সম্পৰীক্ষা কৰি চায় নেকি ? এই যে অতদিনৰ আহ্বানৰ পিছতো মই ৰৈ আছিলোঁ আৰু আজি একেকোবেই আহি শৈলেনৰ বিছনাত পৰি দিছোঁ!

বাহিৰত সকলো মাজৰাতিৰ আন্ধাৰত পোত গৈ আছে ৷ ঠিক এনে প্ৰহৰতেইতো নামি আহে ৰহস্যময়ী ডাকিনী যোগিনী আৰু শঙ্খিনী ৷ জয়াল বাৰীৰ বাঁহৰ লেকেচিত ওলোটা ভৰি ওলোমাই বহে ৷মৃত পুৰুষৰ ভষ্ম আৰু অস্হিৰ প্ৰতি ডাকিনীহতৰ প্ৰচণ্ড হুতাহ৷ এই মায়াৱী শঙ্খিনীহঁতে হেনো শ্মশান পাৰ হোৱা মানুহক জপটিয়াই ধৰে ৷ সেই মানুহৰ গাত বাহা কৰি হেনো তন্ত্ৰ কৰি ফুৰে সাংসাৰিক মানুহৰ জগতত৷সন্মোহনবিদ্যাৰে ভেল্কীবাজী কৰে ৷অথচ জীয়াই জীয়াই জানো মানুহ হৈ নুঠে আধিভৌতিক ৰহস্যৰ অধিকাৰী? সংসাৰ জ্বালাত তপ্ত ৰক্ত মাংসৰ মানুহৰ মাজতে কত প্ৰকাৰৰ সন্মোহন!

তেনে সন্মোহনেইতো আছিল বিতোপনলৈও ৷

বিতোপনক মই সমস্ত সঁপি দিছিলোঁ। অথচ বিতোপনে মোক নিঠৰুৱা কৰি এৰি গৈছে৷ যিদৰে এৰি গৈছে তাৰ প্ৰিয় ছিলিমটো৷সেইৰাতি ভাল কাজিয়া এখনেই লাগিছিল৷ খঙৰ ভমকত সি ওলাই গৈছিল৷ গ’ল যি গ’লেই৷ গৈ থাকিলগৈ তাৰ অফিচৰ কোৱাৰ্টাৰত৷ বিতোপন গুচি যোৱাৰ পিছত ছিলিমটোৱে মোক সান্তনা দিব পাৰিব বুলি ভাবিছিলো৷ কিন্তু হোপা এটা মাৰি চাম চাম বুলি আজিলৈকে চোৱা নহ’লগৈ৷ ৰিস্ক একোটা লৈ দিবলৈও অনেকবাৰ ভবা যায়৷

এনে ৰিস্ক লোৱাত সি অৰ্থাৎ ধন পাৰ্গত হৈ উঠিছে৷ এতিয়া ফুকি ফুকি সি অনায়াসে দেহ মন কৰি পেলাব পাৰে টলমল টলমল৷ ধোঁৱাৰ সৈতে অনেক দৃশ্য সি নিজৰ চেতনাত সাঙুৰি থৈছে৷সৰুতে সি মাকক দেখিছিল, বাঁহৰ চুঙা এটাৰে ফুকি ফুকি আধা কেচা খৰিৰ ধোঁৱাৰ মাজত ক’লা পৰি যোৱা ডেক্‌চীত চাউল সিজোৱা৷ অনেকবাৰ দেখিছে সি৷ মাকক ধানখেৰৰ পুঁজিত মানুহে ধোঁৱা দিওঁতে, সি দেখিছিল নিৰূপায় মানুহজনীৰ মুজুৰা পৰি অহা মুখ ৷দেখি দেখি পাৰ্গত হৈ উঠিছে ধোঁৱাৰ জন্নতত৷
সি যিখন গাঁৱত জনম লভিছে তাত এয়া নিতান্তই সাধাৰণ কথা৷ তাকে লৈ আপোনালোকৰ আগত এবকলা পাতনি নো কিয় মেলিলোঁ, তাকে নিশ্চয় ভাবিছে৷ বৰষুণৰ বতৰ৷ মোৰ হাতত একাপ ধূম্ৰায়িত কফি আৰু এটা উদং, একক আবেলি৷ অন্ততঃ এনেদৰে তো বেকাৰ শেষ কৰি দিয়া নাযায়৷ তদুপৰি, আলোচনী এখনৰ বিশেষ সংখ্যাৰ কাৰণে সম্পাদকে ফোন কৰি থৈছে৷ গতিকে কথাৰ সূতাৰে কথন জুলাহাত চাদৰ এখন বৈ পেলোৱাই যাওঁক৷

কাহিনীটোৰ আৰম্ভ হৈছে ঠিক সেই পানীয়ে ধুই যোৱা অথবা প্ৰতিবাৰেই গিলিব খোজা গাঁৱখনৰ পৰা৷ সেইখন গাঁৱ মোৰ নিজৰ নহয়৷ নহ’লেও দুই এক মানুহ চিনাকী৷ গাঁওখনৰ নাম বৰগাঁৱ৷ বৰগাঁৱৰ গাতে লাগি আছে বৰ ৰিজাৰ্ভ৷ ৰিজাৰ্ভৰ এমূৰে বুঢ়াদিয়া আৰু আনমূৰে পাগলাদিয়া নৈৰ সোঁত৷ এই ৰিজাৰ্ভক লৈয়ে ক্লাচ নাইনমানত থাকোতে ভূগোলৰ প্ৰজেক্ট কৰা কথা মনত পৰে৷ প্ৰজেক্টনো আৰু কি! আগতে আনে লিখি থোৱা বহীৰ পৰা চাই চাই লিখাৰহে কাৰবাৰ ——– ‘,…এই ৰিজাৰ্ভত প্ৰতিবছৰে পানী সোমায়৷ …এই ৰিজাৰ্ভ কেউকাষে মুকলি৷….অনেক প্ৰজাতিৰ চৰাই …..’

আজিকালি এই প্ৰজেক্ট ফজেক্ট বোধকৰো উঠি গ’ল৷

কিন্তু আন এটা বৃহৎ প্ৰজেক্টৰ দায়িত্ব লৈ মই ধনৰ গাঁৱত সোমাইছিলোঁ৷ পুলিচ আৰু এন.জি.অ’ এটাই ধোঁৱাৰ মাজৰ পৰা ৰক্ষা কৰা ধনৰ মাক আছিল সেইবাৰ ‘লিড্‌ স্ট’ৰী’৷ গাঁৱৰ অনেক মতাই ফেনেকি থৈ যোৱা মানুহজনী ৰূপান্তৰিত হৈছিল ডাকিনীলৈ ৷ ক’লা পৰি যোৱা শঙ্খৰ গৰাকী হৈ উঠিছিল৷ অথচ সেইবাৰ উভতি আহিবৰ আগেয়ে মানুহজনীয়ে ৰিজাৰ্ভত সোমোৱা পানীলৈ দেখুৱাই কৈছিল – ‘ইয়াৰ তলত যে ডুব গৈ আছে শ্মশানসোপা, তালৈ ইমানপৰে সিঁহত অহাৰ সময় হৈ গৈছে ৷ তুমি যোৱাগৈ এতিয়া ৷’

মানুহজনীৰ মুখখনত অদ্ভুত হাঁহি এটা জিলিকি উঠিছিল৷

অৱশ্যে ৰিজাৰ্ভত পানী এতিয়াও সোমায়৷ এইবাৰো পানী সোমাইছে৷ ধনে ফেচবুকত দিয়া ফটোখনৰ পৰাই গম পোৱা যায়৷ আগৰ দৰে ৰিজাৰ্ভ আৰু মুকলি হৈ থকা নাই৷ বোধকৰো চৰাই পাতিও আগৰ দৰে নাহে আৰু৷ সেইবুলি হাইঠাৰ চাহিদা এতিয়াও কমি যোৱা নাই৷ শীতৰ ৰাতি এতিয়াও ডেকামখাই লগ হৈ ঢং ঢংকৈ কাঁহ কোবায়৷ বৰকাঁহৰ শব্দই সৰ্বত্ৰ ছানি ধৰে৷ সেৰেঙা হৈ অহা অৰণ্যৰ ওখ গছত পৰি ৰোৱা হাইঠা চৰাই থলৰ থলৰকৈ সৰি পৰে ৷ এবাৰ মাটিত পৰা হাইঠা আৰু উৰিব নোৱৰা হয়৷ ল’ৰাহঁতে আনন্দতে উছাহতে কিৰিলি পাৰি উঠে -‘ হাইট্টল পৰ্‌ছি আজি- হাইট্টল’৷

যোৱা বছৰ তেনে এক ফেচবুক লাইভ দিওঁতে কম গণ্ডগোল গৈছে নে! প্ৰকৃতিপ্ৰেমী দুই একে গালি গালাজো কৰিছিল৷ গালি গালাজ কৰিলে কি হ’ল! এয়াই নিয়ম৷প্ৰজন্মৰ পাছত প্ৰজন্ম চলি অহা পৰম্পৰা৷ এই পৰম্পৰাৰ শক্তিশালী সূতাবোৰ ভাঙি ছিঙি বৰ এক বিশেষ কিবা কৰাৰ সপোন ল’ৰাহঁতে নেদেখে৷ নেদেখে কাৰণেই পৰম্পৰা ৰক্ষাৰ এই প্ৰতি-পৰম্পৰা৷ এই কাহিনীৰ প্ৰটাগ’নিষ্ট হিচাপে ল’ব খোজা ধনো ঠিক একেই৷

ধৰি লোৱা হ’ল ধন এইবাৰ কলেজৰ ছাত্ৰ৷ বয়সৰ লেখেৰে অলপ ইফাল সিফালো হ’ব পাৰে৷ এইকেইদিন তাৰ গাত তত নাইকিয়া হৈছে৷ সি কোনেও নভবা ধৰণে কথা অলপ ভাবিছে; যাক কোৱা হয় ‘থোৰা হাট্‌কে’ বুলি৷ সি এইকেইদিন বৰষুণৰ গান শুনিছে আৰু ভাৱনাৰ জাল গুঠিছে৷ বৰষুণৰ মাজত কালি মাৰুত সি শহালাদ দেখি আহিছে৷ এনে দিনত শহালাদ দেখা মানে কুবেৰৰ ধন হাতত লগা৷ সি আঁচনিখন এতিয়া পাঙিব লাগিছে মনৰ লগত৷মন তাৰ খুড়াকৰ পুতেক৷ দুয়ো কাণ সমনীয়া৷ যোৱা বানত মাক মৰাৰ পৰা ধনৰ অৱস্থা ঠেৰুছিগা গৰু লেখীয়া হৈ গৈছেগৈ ৷

তাৰেই চেলু লৈ ধন আৰু মন দুয়ো বছৰৰ এনে সময়তে যোৱাবাৰ ফুৰিব ওলাইছিল৷

যোৱাবছৰ দলটো এনে দিনতেই ওলাইছিল৷ক্লাচ পাতি বাদ দি সিহঁতেও যোগ দিছিল৷ সোমবাৰ আছিল৷ সিদিনাই সিঁহতে ভৰি দিছিলগৈ মহানগৰখনত৷ -‘নগৰত বৰ বৰ ঘৰ’৷ এল পি স্কুলৰ পাতৰ স্মৃতিৰ পৰা উঠি অহা শব্দবোৰৰ লগত সিঁহতে নিজাকৈ আৰু কিবা কিবি যোগ দিব পৰাকৈ অভিজ্ঞ হৈ উঠিছিল৷কিবা এক নাম নজনা গোপন সূত্ৰ আৱিষ্কাৰৰ উন্মাদনা সিহঁতৰ কলিজাত টগবগাই উঠিছিল৷ ইখনৰ পাছত সিখন বাছ সলাই, ইটো দলৰ পৰা সিটো দলৰ চোং সলাই সিহঁতে ভৰি থৈছিল মহানগৰখনৰ এটা প্ৰান্তৰ মহাকালৰ বাবে উৎসৰ্গিত সেই পাৱনধামত৷

একেখন মহানগৰতে ময়ো ঘূৰ্মুটিয়াই ফুৰিছিলোঁ৷ সেই যে সেই ৰাতি শৈলেনৰ লগত কটাই আহিলোঁ তাৰপাছৰ পৰাই কিবা এটা হ’ল ৷সেই ৰাতি পূজামত্ত মহানগৰক পাছ দি আমি পাহাৰৰ দাঁতিৰ তাৰ সৰু কোঠাটোত একলগ হৈ পৰিছিলোঁ ৷ সি বৰ জোৰকৈ কণীৰ আমলেট আৰু ঘন দাইলেৰে মোক ভাত খুৱাইছিল৷ পাছদিনা পুহৰি পুৱাতেই মই গুচি আহিছিলোঁ৷ শৈলেনে কয় বোলে এটা ৰাতি যি হ’ল হ’ল ;তাতকৈ বেছি আৰ একো হ’ব নোৱাৰে আমাৰ মাজত ৷ অথচ মই বাৰে বাৰে স্বপ্নজাল এখনত ফাচ খাব খোজো৷ বাৰে বাৰে বিচাৰোঁ কোনোবাই জোৰ কৰি খুৱাওক মোক ঘন দাইল আৰু আমলেটৰ ভাত৷
মহানগৰখনৰ সম্ভ্ৰান্ত প্ৰকাশন প্ৰতিষ্ঠান এটাত চাকৰি কৰোঁ মই৷ তাৰ সমানে শিৱ নামৰ এক অনাদী অনন্ত ব্যাপ্ত সত্বাক বিচাৰি ফুৰিছিলোঁ৷ ইতিমধ্যে এবছৰ একেলগে কটাই মোৰ বুকু উদং কৰি বিতোপন নিৰুদ্দেশ হৈ গৈছে৷ আজি এবছৰে মই বিতোপনৰ বাবে বাট চাইছোঁ৷ বাদুলী পাখিৰ দৰেই গধুৰ একাকী দিনবোৰ পাৰ কৰি মই অ’ত ত’ত বিতোপনক বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ৷ অথচ এতিয়া আচলতে বিতোপন নে শৈলেনৰ বাবে বাট চাইছোঁ, সেই কথাও হৈ উঠিছে মোৰ বাবে দ্ব্যৰ্থক৷

সিদিনা অফিচৰ পৰা ওলাই বাছত উঠিবলৈ লৈও থমকি ৰ’লোঁ৷ সেইদিনা প্ৰচণ্ড ভিৰ৷ ইফালে চিপচিপ বৰষুণ৷ বাছৰ সেই ভিৰ ভাৰৰ মাজতেই আছিল ধন৷

সুদীৰ্ঘ সাত বছৰৰ মূৰকত মই ধনক দেখিলোঁ৷ তাৰ আৰু তাৰ লগৰ আটাইবোৰৰ পিন্ধনত ডালিয়া ফুলৰ বৰণৰ স্পৰ্টিং আৰু পেন্ট৷ সি মহানগৰখনৰ ঠায়ে ঠায়ে হৈ থকা ব’ল বমৰ উৎসৱলৈ আহিছে৷সিদিনা যেন মই তাক নতুনকৈহে আৱিষ্কাৰ কৰি পেলালোঁ৷ সুঠাম বাহু, দাক্ষিণাত্যৰ চিনেমাৰ নায়কৰ দৰেই তাম্ৰাভ বৰণ, ঢুলু ঢুলু চকু, কুটকুৰা চুলি- এয়াচোন সাইলাখ শিৱ৷ মই খুব লাহে লাহে জাল এখন গুঠিবলৈ সূতাৰ গুলী কিছুমান গোটাবলৈ ধৰিলোঁ৷

এপদ এপদকৈ অত আশাৰে বস্তু গোটোৱা কি উজু কথা? মনৰ গোপন কন্দৰৰ কত ভাৱৰ প্ৰৱাহ, কত আৱেগৰ স্ৰোত মিলি থাকে এনেদৰে গোটোৱা বস্তুবোৰৰ সৈতে!

ঠিক এনে কিছুমান নিষিদ্ধ ভাৱনা লৈয়েই ধনে এইবাৰ অলপ টকা গোটাইছে৷বাৰিষাৰ আগেয়ে অনেকে ৰিজাৰ্ভত খাল খন্দাই লৈছে৷ কওঁতা, গাঁওতা কোনো নাই৷ যাৰ পইছা আছে সিয়েই খাল একোটা খন্দাই লৈছে৷লাভত কটা মাটিখিনিও পালে, বাৰিষা মাছ খাব পৰাকৈ খাল এটাও হ’ল৷ বাৰিষা পানী হ’লে মাছ সোমাবই৷খাল খন্দা ট্ৰেক্টৰত লাগি দি ধনে ভালেখিনি টকা গোটাইছে৷ ম’বাইল এটাও লৈছে সি৷ যোৱা বছৰ গুহা পূজালৈ অহা কুমাৰীহঁতৰ এজনীৰ সৈতে মন বান্ধি পেলাইছিল সি৷ সিঁহতৰ কটা জাতিলাও বৰণৰ দেহ, সহস্ৰ চাকিৰ পোহৰত টগবগ সেই চকুৰ মায়া – জাল এখনে তাক মেৰিয়াই ধৰে৷ সেই জালৰ পকনীয়াত পৰি তাৰ দেহৰ মাৰাত্মক ঠাই কিছুমান কঠিন হৈ আহে৷ এইবাৰ গ’লে যেনেতেনে সি নিভৃতকৈ লগ কৰিব তাইক৷ফোনৰ নম্বৰটোও লৈ ল’ব সি এইবাৰ৷ সেইকাৰণেই সৰহকৈ টকা গোটাইছে সি৷ তাৰ কাৰণে স্কুলৰ ফিল্ডত ফুটবল খেলাও সি বাদ দি দিছে৷তাৰ সলনি ৰিজাৰ্ভৰ মাটি কটা ট্ৰেক্টৰত কাম কৰিছে৷ ৰিজাৰ্ভৰ সুবিশাল বুকুত অ’ত ত’ত খন্দা খালবোৰ খমলা-খমল ঘাঁ যেনেই দেখা গৈছিল৷

ঘাঁ এটুকুৰা বাঢ়ি আহিব ধৰিছিল মোৰ বুকুতো৷

ধনৰ সৈতে তাৰ মাকৰ কথা পাতিব বিচাৰিছিলোঁ৷ তাৰ ছালৰ তলৰ পুৰণা ঘাঁ কিছুমান জেংখৰি এডালেৰে মই ঘুকটিয়াই দিব বিচাৰিছিলোঁ ৷ মই বিচাৰিছিলোঁ মৰি যোৱা ধনৰ মাক উঠি আহক মোৰ গল্পটোলৈ আৰু ধনেই হৈ উঠক তাৰ যোগসূত্ৰ৷ অথচ

মোক হতাশ কৰি ধন বিৰক্ত হৈ উঠিছিল৷

সি মোক হোৱাটছ আপত ব্লক কৰি দিছিল৷

এইধৰণৰ কথা কাৰ্যত মই অভ্যস্ত নাছিলোঁ৷ অপমান আৰু ইয়াৰ্কিৰ সমুখীন হ’ব পৰা সম্ভাৱনাবোৰক অতিক্ৰমি এই চহৰত মই নিজাকৈ এক সৰু পৰিচিতি গঢ়ি তুলিছিলোঁ৷ হয়তো মোৰ নিজা কিছু প্ৰৱল অহমবোধে সাঁপৰ পোৱালিৰ দৰে মূৰ দাঙি উঠিছিল৷ মই নিজেও ক’ব নোৱৰাকৈয়ে মিথটোত বিশ্বাস কৰিবলৈ লৈছিলোঁ ৷ মনে মনে ভাবিছিলোঁ, ডাকিনী শঙ্খিনী হৈও মানুহজনী এবাৰ নামি অহা হ’লে!

শৈলেনে মোক পুনৰ লগ কৰিবলৈ বিচৰা নাছিল৷

মই আইনাৰ সমুখত থিয় হৈ নিজকে এইবাৰ খুটি চাইছিলোঁ৷মোৰ চকু, ওঁঠ, ডিঙিত হাত বুলাই চাইছিলোঁ৷ তক্তাৰ দৰে সমান বুকুত হাত দিছিলোঁ আৰু একধৰণৰ শূন্যতাক আকলন কৰিছিলোঁ৷

অলৱৎ যন্ত্ৰৰ দৰে কাম কৰি গৈছিলোঁ৷অথচ মোৰ বুকুৰ ভিতৰত কিবা এটা যেন খোচা বিন্ধা কৰি আছিল৷নিজক লৈ দ্বিধাত ভোগাৰ কোনোদিনেই মই পক্ষপাতি নাছিলোঁ৷ গেষ্ট্ৰিকৰ অসুবিধা বুলি দৈনিক খালী পেটত অ’মেজ খোৱা কৰিছিলোঁ৷ তাৰ পিছতো বুকুত সেই একেই অনুভৱ কৰিছিলোঁ৷ মোৰ খুব ইচ্ছা হৈছিল, ধনক যেন প্ৰচণ্ডভাৱে বিদ্ৰুপ কৰিম৷ অথচ সি মোক সকলোতে ব্লক কৰি থৈছিল ফেচবুকৰ বাদে৷ ফেচবুকত এক ইমেজ বজাই ৰখাত মই ওস্তাদ আছিলোঁ৷ তাক একো ক’ব নোৱাৰি নিৰুপায় ক্ষোভত মই ফাটি পৰিছিলোঁ৷ বাৰে বাৰে হাতত তুলি লৈছিলোঁ ভৰ্তি হৈ থকা চিলিমটো৷ অথচ বাৰে বাৰে মই ৰৈ গৈছিলোঁ৷ যিদৰে বাৰে বাৰে মাতিবলৈ লৈও ৰৈ গৈছিল শৈলেন৷ মই তাক বিৰক্ত কৰি তুলিছিলোঁ৷ বাৰে বাৰে মেছেজ কৰিছিলোঁ- মাতা, এবাৰ মাতা মোক ৷ অথচ চৰম নিৰ্লিপ্তিৰে সি উত্তৰ দিছিল – ‘তুমি বিৰাট ইম’শ্যনেল৷ এইবাৰ আহিলে নিজকে কন্ট্ৰ’লেই কৰিব নোৱাৰিবা৷ তাতকৈ এনেকৈ থাকোঁ দিয়া৷ সকলো সম্পৰ্কক লেবেল লগাবই লাগিব বুলি কি কথা আছে ?’

যন্ত্ৰৰ দৰেই মই শুইছিলোঁ, ছটফটাইছিলোঁ৷ফেচবুকত শৈলেনৰ প্ৰফাইলৰ ফটোবোৰ ৰ লাগি চাইছিলোঁ৷বহুদেৰী বিছনাত পৰি থাকি অৱশেষত উঠি আহিছিলোঁ৷ মই মনে প্ৰাণে বিচাৰিলোঁ- বিতোপন অথবা ধন; অন্ততঃ কোনোবা এটা আহি ওলাওক৷
গধুৰ ডেউকাৰ ভাৰ বহন কৰাৰ দৰেই মই প্ৰতিটো দিনৰ ভাৰ বহন কৰিবলৈ লৈছিলোঁ৷ প্ৰায়ে আবেলি মই গুৱাহাটী ক্লাবত বাছৰ পৰা নামি উলুবাৰীৰ ৰূমলৈ খোজ কাঢ়িছিলোঁ৷ফ্লাইঅ’ভাৰ খনেৰে ক্ৰমশঃ উঠি আহোতে এনে লাগিছিল যেন এইমাত্ৰ আকাশখনক চুই চাব পাৰিম৷অথচ সেই আকাংক্ষাক মষিমূৰ কৰি ব্ৰীজখন সিমূৰলৈকে নামি যায়৷ এনেকৈ অনেক দিন পাৰ হৈ গ’ল৷

অনেক বুঢ়া ৰ’দৰ আবেলি, বৰষুণ বতাহৰ আবেলি ফ্লাই অভাৰখনেৰে মই পাৰ হৈ আহিলোঁ৷

ইমানবোৰ দিনত মই ধনৰ কথা পাহৰি থাকিবলৈ চেষ্টা কৰিলোঁ৷ পাহৰি থাকিবলৈ চেষ্টা কৰিলোঁ বিতোপনৰ কথাও৷ মই নিজৰ মাজতেই যুদ্ধ এখন যেনিবা কঢ়িয়াই ফুৰিলোঁ৷ তাৰমাজতেই এদিন আবেলি ফ্লাইঅ’ভাৰখন পাৰ হওঁতে দেখা এক দৃশ্যই মোৰ

চেতনাত টুকুৰিয়াই থৈ গ’ল৷সিদিনা আকাশৰ পশ্চিমফালে কুহুম বৰণৰ ভাগি ছিগি যোৱা ৰেখা কিছুমান লাং খাই পৰি আছে৷যেন কোনোবাই পকি গেলি যোৱা ৰঙালাও এটা ছটিয়াইহে দিছে৷আনটো ফালে ক’লা সুবিশাল মেঘৰ ছটা এটাই শেষ ৰ’দক গিলি আনিছে৷এই সকলো আওকাণ পৰি ফ্লাইঅ’ভাৰখনেৰে হৰদম গাড়ী মটৰ অহা যোৱা কৰিছে৷তাৰমাজতেই ফ্লাই অ’ভাৰখনৰ সোঁ ফুটপাথত এহাল যুৱক যুৱতীৰ কাজিয়া৷যুৱকে ন-যুৱতীক চৰ শোধাইছে৷তাই কান্দিছে৷ দুই এবাৰ উচাৎ মাৰি উঠিছে৷দুই একে ৰস পাই ৰং চাইছে৷

মই আনটো পাৰে ফুটপাথত এপলক ৰৈ চকুমুদি মনত পেলাবলৈ চেষ্টা কৰিলোঁ৷ধন, বিতোপন – কোন দেখাত কেনে আছিল ঠিক মনলৈ নাহিল৷তাৰসলনি ধূসৰ, ভাগি ছিগি যোৱা অস্বচ্ছ অৱয়ৱ এটাহে মোৰ চকুৰ সমুখত ভাঁহি উঠিল৷লগতে কাণৰ ওচৰলৈ উফৰি আহিল অত্যন্ত অপমানসূচক বাক্যশেল কিছুমান৷ তাৰ লগে লগে ভাঁহি আহিল বহুকাল পূৰ্বে মানুহজনীয়ে বিচিত্ৰ ভংগীৰে কৈ উঠা কথাবোৰ – ‘ডাকিনী আহে৷ সন্মোহনেৰে বশ কৰে পুৰুষৰ চিৎ৷ নিজলৈ চা ৷ৰূপ ৰসত পুৰুষ মত্ত হৈ পৰে ৷ ফাচি ৰয় ডাকিনীৰ জালত৷’

অস্তমিত বেলি কাটি হৈ পৰিব খোজা আকাশৰ মুখামুখিকৈ ৰৈ আছিল বৃষ্টিপাতৰ সম্ভাৱনাৰে গধুৰ মেঘবোৰ৷ সেই মুহুৰ্মুহুঃ পলত এক সত্যৰ উপলব্ধিৰে চমকি উঠিলোঁ৷তাৰমানে অতদিনে মই অপমান আৰু অৱজ্ঞাৰ জ্বালাবোৰহে চেতনাৰ পিঠিত বান্ধি লৈ ফুৰিছিলোঁ৷ লহমাৰ ভিতৰতে দপদপাই বৰষুণ সৰিবলৈ ধৰে৷ মানুহবোৰৰ দৌৰাদৌৰি লাগে৷সকলোৱে এডোখৰ আশ্ৰয়ৰ সন্ধানত লৰা ঢপৰা লগাই দিয়ে৷ মই বৰষুণত তিতি তিতি লাহে লাহে খোজ লওঁ৷

বৰষুণত সেইদিনা তিতি বুকুখন পাতল লাগিছিল৷

তাৰপাছত দিনবোৰ সহজ হৈ উঠিব বুলি মই ভাবিছিলোঁ যদিও হৈ উঠা নাছিল৷

মই যেন কাৰোবাৰ প্ৰতি অপেক্ষা কৰিছিলোঁ৷ কাৰ প্ৰতি? বিতোপনৰ কোনো খবৰেই মোৰ হাতত নাছিল৷ ধনৰ প্ৰতি আৰু কোনো অনুৰাগো মই বাকী ৰখা নাছিলোঁ৷

ইমানদিনে ধনৰ কাহিনী এটা সহজেই লিখি পেলাব পাৰিম বুলি ভাবিছিলোঁ৷ ধনে শহা খাবলৈ মন মেলে আৰু ফান্দ পাতে৷অথচ তাৰ ফান্দ সদায়েই খালী হৈ থাকে৷ মৰখকুৱা মানুহে খাওঁতে খাওঁতে ৰিজাৰ্ভত শহাৰ উছন হৈ গৈছে৷তাৰপাছত? তাৰপাছত মই বাট চাওঁ, এনে এক সময়লৈ য’ত অনায়াসে কাহিনীটোৱে অনৰ্গল নিজে নিজৰ বাট বিচাৰি উলিয়াব৷
দিনবোৰ চমু চাপি আহিছিল৷

শীতৰ শুকান দিনবোৰ পাৰ হৈ গৈছিল৷ বৰষুণত গা ধুই পৃথিৱীয়ে পাৱন হৈ উঠাৰ যো জা চলাইছিল৷অথচ এইবাৰ মহানগৰখন শূইন হৈ এক আচৰিত উদাসীনতাৰ পোছাক পিন্ধি লৈছিল৷ ইতিমধ্যে পৃথিৱীজুৰি মহামাৰীয়ে অতিকায় ৰূপ ধাৰণ কৰিছে৷ মহানগৰখনত আন ঠাইৰ পৰা মানুহৰ আহ যাহ বন্ধ কৰি দিয়া হৈছিল৷

তাৰমাজতেই দুই এক দল আহি সোমাইছিলহি৷

চহৰখনৰ নিজান হৈ পৰা অলিয়ে গলিয়ে হঠাৎ দুই এক তেনে দল দেখা গৈছিল৷ সকলোৰে পোছাকবোৰ আছিল মামৰৰ বৰণৰ৷গলে হাতে আছিল বিচিত্ৰ ধৰণৰ ৰুদ্ৰাক্ষৰ মালা৷ উকা হৈ যোৱা চহৰখনৰ অ’ৰ ত’ৰ পৰা ভাঙৰ গোন্ধ ভাঁহি অহা হৈছিল

তাৰপাছত কেইবাদিনলৈও চহৰখন নিস্তব্ধ হৈ পৰিল৷আমি সকলো ঘৰত সোমাই থাকিলোঁ৷সেইকেইটা দিন মোৰ বাবে দিন ৰাতি একাকাৰ হৈ পৰিল৷ বহুবাৰ ভাব হৈছিল এবাৰ হোপা মাৰি চোৱা যাওক৷ছিলিমটো হাতত লৈয়ো মই আকৌ থৈ দিওঁ৷ তাৰসলনি ম’বাইলটো হাতত তুলি লওঁ আৰু শৈলেনৰ সৈতে ঘন্টাৰ পাছত ঘন্টা ধৰি কথা পাতোঁ৷ সি চহৰখনৰ এমূৰে অসমীয়া স্কুল এখন খোলাৰ পৰিকল্পনাৰ কথাবোৰ কয় ৷ মই তাক সুধি সুধি বাৰে বাৰে ঘন দাইল এখন ৰান্ধিবলৈ যত্ন কৰোঁ৷ অথচ সেই স্বাদ ক’তো নাপাওঁ৷ আকৌ ছিলিমটোলৈ আশাৰে চাওঁ আৰু ৰৈ যাওঁ৷ৰিস্ক এটা লৈ দিবলৈও অনেকবাৰ ভবা যায়৷
লাহে লাহে অলপ অলপকৈ চহৰখন খুলি দিয়া হ’য়৷
আমি আকৌ কামলৈ যাবলৈ আৰম্ভ কৰিলোঁ৷এইবাৰ মুখত মাস্ক আৰু বেগত ছেনিটাইজাৰ সহযাত্ৰী হৈ উঠিল৷বিতোপনৰ ক’তো একো খবৰ নাছিল৷ অথচ সদায়েই ভাব হৈছিল, এই যেন আহি ওলাব সি আৰু ছিলিমটোত হোঁপা মাৰি মোৰ ওপৰত উজাৰ খাই পৰিবহি৷
খুলি দিয়াৰ লগে লগে মই চহৰখনৰ অ’ত ত’ত ঘূৰ্মুটিয়াই ফুৰিলোঁ৷ চহৰখনৰ অ’ত ত’ত পৰি থকা প্ৰাচীন ভাস্কৰ্য কিছুমানৰ গাত কাণ পাতি মই যেন পৃথিৱীৰ কোনেও নোকোৱা কাহিনী কিছুমান শুনিবলৈ বিচাৰিলোঁ৷ অথচ নিৰ্জীৱ শিলাবোৰত খোদিত কাৰুকাৰ্যবোৰৰ পৰা মই একোৱেই উদ্ধাৰ কৰিব নোৱাৰিলো৷
ঝৰঝৰকৈ বৈ যোৱা ত্ৰিধাৰা জলৰাশিত থিয় হৈ মই আন মানুহৰ সৈতে চাকি উটুৱাই দিলোঁ৷ শিলনিৰ মাজে মাজে আৰু বৃহৎ গছৰ তলত ছিলিমৰ নিচাত মচগুল দলবোৰৰ মাজতো বহি চালোঁ৷ আৰু সেই ৰহস্যময় গুহা পূজা!
নাই, এইবোৰৰ কতোৱেই ধন নাছিল৷
তাৰসলনি সন্যাসী কিছুমান ভাং হুপি বহি আছিল৷ মই গৈ সোধো – ডাকিনী যোগিনী শঙ্খিনী কেতিয়া নামে!
আৰক্ত দুচকু তুলি সিঁহতে কৈ উঠে – ‘শ পুৰা যোৱাৰ পাছত মাজৰাতি মায়াবীহঁত নামি আহে প্ৰেতলোকৰ পৰা ৷পুৰা শৱৰ ছাইৰ পৰা সিহঁতে কৰ্ষণ কৰে ৰহস্যময় মায়াৰ কাঠী৷ ‘
-‘মাতিব পাৰি নে ? পাৰি নে নিজে মাতি আনিব? ‘ মই ব্যগ্ৰ হৈ উঠো৷ সন্যাসীয়ে নীৰৱে ভাঙৰ নিচাত ডুব যায় ৷
বিমৰ্ষ মন এটাৰ ভাৰ লৈ মই উলটি আহো৷
অথিৰ অবিৰ দুপৰৰ পুখুৰীৰ দৰেই জীৱন চলিবলৈ ধৰে৷
মাজে মাজে চহৰখনত লকডাউন হয়৷ মাজে মাজে খোলে৷ তাৰ ফাকে ফাকে অফিচলৈ যাওঁ৷ নিয়মমাফিক৷ প্ৰকাশনগোষ্ঠীৰ টেবুলৰ সম্ভ্ৰান্ত নীৰৱতাৰ মাজত মই নিজকে এৰি দিওঁ৷জুপি জুপি শব্দ ঠিক কৰোঁ৷ ভুল বাক্যবোৰ কাটো৷ শুধৰাও৷ সকলো ঠিক এইদৰেই চলি যাব বুলি একপ্ৰকাৰ ধৰি লৈছিলোঁ৷ অথচ মহামাৰীয়ে আন সকলো ক্ষেত্ৰৰ দৰেই প্ৰকাশন গোষ্ঠীবোৰকো কোঙা কৰি আনিছিল৷ বহুকেইখন আলোচনী,বাতৰিকাকত বন্ধ হ’বৰ উপক্ৰম হৈছিল৷ অনেক প্ৰুফ ৰিডাৰ আৰু অন্যান্য কৰ্মচাৰীয়ে লাহে লাহে চাকৰি হেৰুৱাব ধৰিছিল৷ বস্তু বাহানিৰ দাম ধা ধা কৰে এনেকৈ বাঢ়ি গৈছিল যে সামান্য দৰমহাৰে মোৰ দৰে মানুহো চলা কঠিন হৈ আহিছিল৷ এই সকলোৰে মাজত ধনৰ কথা ভাবিবলৈকো মোৰ আহৰি নাছিল৷ অথচ, সদায়েই ভাব হৈছিল এই যেন বিতোপন আহি ওলাব৷
বিতোপনৰ একো খবৰ নাছিল৷ তাৰ সলনি আহি ওলালহি কমল৷
ৰাতি সি পেপাৰ এখনত কাম কৰে৷দিনত আমাৰ প্ৰকাশনগোষ্ঠীত ডি.টি.পি. অপাৰেটৰ হৈ যোগ দিলেহি৷ক্ষীণকায় দীৰ্ঘদেহী এই ল’ৰাটোৰ চকু-মুখত একধৰণৰ মায়াসনা আছিল৷অনবৰত গুণগুণাই থকা এই ল’ৰাটো মোৰ সৈতে ঘনিষ্ঠ হৈ আহিল৷একেটা কোঠাৰ এমূৰে মই বহোঁ৷ মোৰ টেবুলৰ খিৰিকীৰ সিপাৰে দেখা যায় মানুহে খাই অনা এখন পাহাৰ৷ আনটো মূৰে ডি টি পি অপাৰেটৰৰ টেবুলত বহি কমলে খটখটাই টাইপ কৰি যায়৷ আচৰিতভাবে সি এদিন মোক দেখুৱাই দিলে পাহাৰখনৰ পৰা জাকি মাৰি উৰি অহা এজাক চৰাই৷
কমলৰ সৈতে মই অন্তৰংগ হৈ উঠিলোঁ৷
অফিচৰ পাছত কফিৰ বাবে সন্ধিয়াৰ অলপ সময় আমি উলিয়াই ল’লো৷ আমাৰ কিছুমান কথা মিলি গৈছিল৷ মই যেন মোট সলাবলৈ ধৰিছিলোঁ৷ মই সাধাৰণতে পছন্দ কৰা ক’লা ৰঙৰ সলনি আকাশী অথবা ভৰুণ গছবৰণীয়া কাপোৰ পিন্ধিবলৈ ভালপোৱা হৈছিলো৷ অলপমান পাতলকৈ ওঁঠযুৰিত লিপগ্লচ লগোৱা কৰিছিলোঁ৷ মই অলপ শকত হ’বলৈ ধৰিছিলোঁ৷ সুদীৰ্ঘদিন ইনচমনিয়াৰ সৈতে সহবাস কৰাৰ পিছত মোৰ চকুলৈ টোপনিৰ পাতল আচ্ছাদন নামি অহা হৈছিল৷ সেই চিলমিলনিৰ মাজতে মই দেখোঁ বৰফে ঢাকি পেলাইছে আমাৰ চহৰখনৰ বাট পথ৷তাৰ লগত মই খোজ কাঢ়িছোঁ৷ পাণবজাৰৰ পৰা বেলিভিউলৈ৷ ঝৰঝৰকৈ বতাহত আমাৰ আগে পিছে সৰি পৰিছে গছৰ হালধীয়া পাত৷ খোজকাঢ়ি থাকোতেই কোনোবাই মোৰ কান্ধত টুকুৰিয়াই আমাক অতিক্ৰমি যায়৷ পিছফালৰ দেখা যায় এক হুদী পিন্ধা অৱয়ব৷ কোন সেয়া?বিতোপন? টলকিব পৰাৰ আগতেই মই সাৰ পাই যাওঁ৷উঠি বহোঁ আৰু আঠুত মূৰ গুজি ৰওঁ৷খিৰিকীৰ সিপাৰে আকাশ পোহৰ হৈ আহে৷মই উঠি আহোঁ আৰু হাতত তুলি লওঁ ধূমায়িত গ্ৰীণ টিৰ কাপ৷
তাৰপাছত সেই একেই অথিৰ অবিৰ দৈনন্দিনতা৷
একে যেন দেখিলেও সকলো কথাই জানো একে হৈ থাকে? একেখন নদীৰে সোঁতে সোঁতে জানো তৰপা তৰপি মাত্ৰাৰ তাৰতম্য নাথাকে? থাকে৷ জীৱনৰো তো থাকে তৰপা তৰপি তাৰতম্য৷
আকাশত মেঘ কিছুমান ওলমি ৰোৱা হৈছিল৷
তেনেদিনতেই সম্পাদকে ফোন কৰে৷ অত্যন্ত আগ্ৰহেৰে তেওঁ কৈ উঠে – ‘আনলকৰ সময়লৈ আমাৰ আলোচনীখন ওলাব৷ তোমাৰ গল্পটো ৰেডি কৰা৷ এইবাৰ মিচ নকৰিবা৷’
মই খুব আশাৰে পুনৰ ধনলৈ মূৰ তুলি চাওঁ৷ সি নিৰ্বিকাৰ হৈ ৰয়৷ এইবাৰ সব বন্ধ৷ তাৰ তাইক লগ পোৱা নহয়গৈ৷ টকা সৰহ পৰিমাণে তাৰ হাতত ৰৈ গৈছে৷টকাখিনিৰে সি এতিয়া কি কৰিব মই সুধো তাক৷ সি নিৰ্বিকাৰ হৈ ৰয়৷
মোৰ দুঃশ্চিন্তা বাঢ়ে৷ কমলে হয়তো লক্ষ্য কৰে৷
মাজে মাজে আকৌ লকডাউন পৰে৷ কাম বন্ধ হৈ যায়৷ দুদিনৰ কাৰণে আকৌ খোলা দিয়ে৷ শংকা আৰু সংশয়ে মোক ঘেৰি ধৰে৷ তেনে সময়তে কমলে এক খবৰ লৈ আহে৷আগশাৰীৰ সংবাদ প্ৰকাশন প্ৰতিষ্ঠান এটাই
ই-বুলেটিন উলিয়াবৰ যো জা কৰিছে৷ ভাল দৰমহা৷কমলে ইচ্ছা কৰিলে মোক এচিচটেণ্ট হিচাপে সুমুৱাই ল’ব৷ বিনিময়ত! বিনিময়ত মাত্ৰ অলপ ঘনিষ্ঠ সময়৷তাৰ তাগিদা বাঢ়ি আহে৷ অনেক সপোনৰ কথাই সি কয়৷
বাহিৰৰ বতাহ হৈ আহিছিল বিষাক্ত৷ সকলোৱে মুখত মাস্ক, হাতত গ্লভ্‌চ পিন্ধিহে বাহিৰলৈ ওলাব পাৰিছিল৷ পৰিচিত চহৰখনৰ পৰিৱেশ হৈ উঠিছিল থমথম কৰে গোমা৷তাৰমাজতে এদিন ৰাতি অফিচৰ পৰা কমল আহি ওলালহি৷ মই তাৰ সমুখত সিদিনা নিজকে পাৰি দিলোঁ৷অথচ হঠাৎ মোৰ কি জানো হ’ল! মোক যেন কোনোবাই কাণে কাণে কৈ উঠিল – “যদি বিতোপন উলটি আহে?’
মই ধহমহকৈ উঠি আহিলোঁ আৰু তাক ৰূমৰ পৰা উলিয়াই দিলোঁ৷
পিছদিনা অফিচৰ কোঠাত একধৰণৰ থমথম কৰে নিৰৱতাই বিৰাজ কৰিলে৷ যন্ত্ৰৰ দৰেই মই কমলৰ সৈতে মাত্ৰ কাম সংক্ৰান্তীয় কথাকেইটা পাতিলোঁ৷
অথচ মোৰ গল্পটো লিখা নহ’লগৈ৷
বাৰে বাৰে লিখিবলৈ বহি মই অন্যমনষ্ক হৈ ৰ’লোঁ৷ বাৰে বাৰে বিতোপনলৈ মনত পৰিবলৈ ধৰিলে৷ৰাজ্যৰ অনেক ঠাই এতিয়া বানত ডুব যাব লাগিছে৷ সি নিশ্চয় কোনোবা সাহায্যকাৰী দলৰ লগতেই আছে৷ মই দুই এক বন্ধুৰ ওচৰত খবৰো ল’লো৷ কাৰো হাতত বিতোপনৰ একো খবৰ নাছিল৷ বিতোপনৰ বাবে ঠিক বাট চাই থাকোঁতেই ধন আহি ওলালহি৷ তাৰ হাতত এটা নতুন ফুটবল৷
ধনে মোক ফুটবল খেলা চাবলৈ মাতি নিলে৷ মনকো মাতি আনিলে৷ ধন মনে ৰিজাৰ্ভৰ মাৰু পায়গৈ৷মাৰুৰ ইটো মূৰে পথাৰ৷ আনটো মূৰে সসাগৰা পানী৷ এবাৰ বল গৈ মাৰু পাৰ হৈ পানীত পৰিল৷ বল আনিবলৈ লওঁতেই পানীৰে সমান হৈ থকা খালত মন পৰিল৷মনক বচাবলৈ যাওঁতে ধনে পানী খাই মৰি থাকিল৷মোৰ টেবুলত পৰি থকা বাতৰি কাকতখনত সৰুকৈ এটা খবৰ হৈ দুয়োৰে কথা প্ৰকাশ পালে৷
আৰু মই?
মই কমলৰ কথা ক’বলৈ বুলি শৈলেনলৈ ফ’ন কৰোঁ ৷ পৰম আস্হাৰে শৈলেনক মই কৈ উঠো – ‘কমলৰ সৈতে লিভ ইন টুগেদাৰৰ কথা ভাবিছোঁ৷ ‘
সিটো মূৰত হাঃ হাঃ কৈ শৈলেন হাঁহিত ফাটি পৰে আৰু কৈ উঠে – ‘ তুমি নিজেই ইমান কনফিউজ্‌ড৷…আৰু এটা মানুহৰ লগত লিভ ইন কৰিবা!…বাই দি ৱে সিদিনা দাইলখন মই দিনতে ৰান্ধি থোৱা আছিল ৷ ৰাতি কেৱল এবাৰ গৰমহে কৰিছিলোঁ৷ সেইকাৰণে সোৱাদ পাইছিলা৷ ‘
মই ইতিমধ্যে কাটি কুটি কাগজ কেইখিলা পেলাই দিছোঁ৷ আজি ৰাতি দুটা জৰুৰী কল কৰিবগৈ লাগিব৷ প্ৰথমে সম্পাদকক ক’ব লাগিব যে গল্পটো নহ’লগৈ৷দ্বিতীয়তে কমলক চিধাকৈ কৈ দিব লাগিব যে এটা চাকৰিৰেই মই চলিম৷ কিছুমান সম্পৰ্ক লেবেল নলগোৱাকৈও চলিব পাৰি৷ তাৰ আগত মই ছিলিমটো উলিয়াই ল’লো৷ তেতিয়ালৈ মই ছাদৰ ৰেলিঙত ভৰি ওলোমাই বহিছোঁ৷ ক্ৰমশঃ মোৰ ভৰি দুখন ওলোটা হৈ আহে ৷মই লাইটাৰেৰে পিছফালে অঙঠা জ্বলালোঁ আৰু পৰম হেঁপাহৰে ধোঁৱাত শোহা দিব চালোঁ৷তেতিয়াই কোনোবাই গোপনে মোৰ কাণৰ ওচৰত ফিচফিচাই উঠে –
‘ডাকিনী ডাকিনী, পুৰুষৰ মঙহলৈ অতনো হুতাহ
ৰিজাৰ্ভৰ পানীতে মাকে ডাকিলে ধনক, হেৰুকৰ পৰা৷
তেতিয়ালৈ শুহি লোৱা ধোঁৱাবোৰ নাকে মুখে সোমাই মোৰ কাহ উঠিব ধৰে ৷ বিফল হৈ মই ছাদৰ পৰা জ্বলন্ত অঙঠাৰ ছিলিমটো তললৈ দলিয়াই দিলোঁ৷ বতাহৰ ছিৰিয়েদি অঙঠাবোৰ উফৰাই উফৰাই ছিলিমটো তললৈ সৰি থাকিল ৷

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here