ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা দুৰ্যোগ বনাম প্ৰাকৃতিক দুৰ্যোগ : এক পৰ্যালোচনা

অংকুৰজ্যোতি শৰ্মা

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা নোভেল কৰ’ণা ভাইৰাছ বা ক’ভিদ-19 এ সমগ্র বিশ্বৰ জীৱ কুলৰ বাবেই প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি দেখিছো, চীনত প্ৰথম এই ভাইৰাছ সংক্ৰমিত হোৱাৰ পিছত বিশ্বৰ আন আন দেশলৈও এই ৰোগ বিয়পি পৰে আৰু নিমিষতে মৃত্যুদূত হিচাপে ক্ৰিয়া কৰিছে। ভাৰতবৰ্ষও এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। Covid-১৯ মহামাৰীৰ সমান্তৰাল ভাৱে ঠাইবিশেষে প্ৰাকৃতিক দুৰ্যোগো সৃষ্টি হৈছে। প্ৰকৃতিয়ে ভাৰসাম্য ৰক্ষা কৰি চলে যদিও ই স্বত:সিদ্ধ বা অনস্বীকাৰ্য।দুৰ্যোগ কেতিয়াবা একেলগে আহে, অবশ্যে এয় কাচিৎহে দেখিবলৈ পোৱা যায়।

কৰ’নাৰ ত্ৰাসৰ মাজতে আহিছে আমপান ঘূৰ্ণীবতাহ ;অসমত আৰম্ভ হৈছে বানৰ সংহাৰ। ইয়াৰ মাজত অসমতে চলি আছে কোনো চিকিৎসা নথকা আৰু ভাৰততে প্ৰথম গাহৰিৰ আফ্ৰিকান ছ’ৱাইন ফ্লু। লাখৰ হিচাপত গাহৰি মৰিছে আৰু মাৰি পেলাব লগীয়া হৈছে।এইবোৰৰ উপৰি সুদূৰ আফ্ৰিকাৰ পৰা সাগৰ -মহাসাগৰ পাৰ হৈ ভাৰত পাইছে কোটি কোটি কাকতি ফৰিং।। ভাৰত মহাসাগৰৰ তলিত থকা টেক্ট’নিক প্লেট খনো ইতিমধ্যে দুভাগ হৈছে বুলি বিজ্ঞান আলোচনী লাইভ ছায়েঞ্চত প্ৰকাশ পাইছে। ইয়াৰ পৰিনাম হ’ব পাৰে ভূমিকম্প। উভয়ৰে দ্বাৰা সৃষ্ট ক্ষয় ক্ষতি ৰ হিচাপ পৰিসাংখ্যিক পৰ্য্যবেক্ষণ- বিশ্লেষণ সংখ্যাৰ হিচাপত বৃহৎ হোৱা আমি দেখিছো, কিন্তু ইয়াৰ ফলত সমাজত হোৱা আৰু হ’বলৈ আৰম্ভ কৰা প্ৰভাৱে মানৱ সমাজক কোঙা কৰি তুলিব। আৰ্থ সামাজিক ক্ষেত্ৰখনত প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ পৰিছে আৰু সেয়া পুনৰ সন্তুলন কৰিবলৈ বেছ কিছু বছৰৰ প্ৰয়োজন হব। Covid19 ৰ মহামাৰীৰ দুৰ্যোগ আৰু প্ৰাকৃতিক দুৰ্যোগ একে সময়তেই জ্বলন্ত সমস্যা হৈ উঠিব বুলি কোনেও অনুমান কৰিব পৰা নাছিল।

Slavoj Zizek নামৰ দাৰ্শনিক জনে অলপতে কৈছে- “Hegel wrote that the only thing we can learn from history is that we learn nothing from history, so I doubt the epidemic will make us any wiser. The only thing that is clear is that the virus will shatter the very foundations of our lives, causing not only an immense amount of suf­fering but also economic havoc conceivably worse than the Great Recession. There is no return to normal, the new “normal” will have to be constructed on the ruins of our old lives, or we will find ourselves in a new barba­rism whose signs are already clearly discernible. It will not be enough to treat the epidemic as an unfortunate accident, to get rid of its consequences and return to the smooth functioning of the old way of doing things…”

বিশিষ্ট সমাজবিজ্ঞানী আৰু সাহিত্যিক ক্ৰমে য়ুভাল নোৱা হাৰাৰি আৰু অৰুন্ধতী ৰায়ে ভবা কথাখিনি হয়তো আমি নস্যাৎ কৰিব নোৱাৰো এই মুহূৰ্তত । অপ্ৰিয় সত্য যেন লাগিলেও এনে লাগে যেন আমি ক’ব নোৱাৰাকৈ পৃথিৱীখন হয়তো একে থাকিব কিন্তু সমাজ ব্যবস্থা আৰু আনুষংগিক বিষয়সমূহ পৰিবৰ্তিত হব। ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধ হলেও পৰবৰ্তী পৰ্যায়ত ৰীতি নীতিকে আদি কৰি অৰ্থনীতি, ৰাজনীতি, সাংস্কৃতিক প্ৰণালীৰ উপৰত মাৰাত্মক প্ৰভাৱ পেলোৱাৰ ইংগিত পোৱা গৈছে। অৰুন্ধতী ৰাইয়ে কৈছে যে মহামাৰীটো এটা বাট চ’ৰা , এই পৃথিৱীৰ পৰা অইন এখন পৃথিৱীলৈ যোৱাৰ দুৱাৰ মুখ।
অতীতৰ ভুলৰ পৰা শিক্ষা লৈ হয়তো আমি মহামাৰীৰ পৰবৰ্তী জগতখনক এক নতুন দৃষ্টিকোণেৰে চাবলৈ শিকিব লাগিব। কথাবোৰ তাত্বিক হৈ থাকিলে ও এনে চিন্তা চেতনা বোৰৰ ব্যবহাৰিক ৰূপ পাবলৈ বেছি সময় নালাগিব। মানৱ সমাজত এই মহামাৰীৰ গইনা লৈ চৰকাৰৰ তদাৰকী কাৰ্যকলাপ বৃদ্ধি পাব। হাৰাৰীৰ আশংকা মতে, কেবাখনো দেশৰ চৰকাৰে ভাইৰাছ বিধৰ পৰা প্ৰতিৰোধ মূলক ব্যবস্থা হিচাপে আক্ৰান্তৰ হাৰ নিয়ন্ত্ৰণলৈ অনাৰ হেতুকে প্ৰযুক্তিৰ সহায় লৈ নিজ নিজ দেশৰ নাগৰিকৰ অবস্থান সম্বন্ধীয় তথ্য আহৰণ কৰিছে। এনে সময়ছোৱাত কিছুমান এপো(Application) ব্যবহাৰ হৈছে যিয়ে নাগৰিকক বাধ্য কৰায় নিজৰ উষ্ণতা, শাৰীৰিক অৱস্থা, শেহতীয়া জন কাৰ্য কলাপ অবস্থানৰ তথ্য দিবলৈ সেই প্ৰযুক্তিগত এপেও কৰ’না ভাইৰাছত আক্ৰান্তক সহজতে চিনাক্ত কৰিব পাৰে। ব্যক্তিগত জীৱনৰ ওপৰত স্বৈৰতান্ত্ৰিক তদাৰকী , ব্যক্তি স্বাধীনতা, স্বাত্যন্ত্ৰৰ খৰ্ব হৰণে আমাক ভাবিবলৈ বাধ্য কৰাইছে আমি কিমান গণতান্ত্ৰিক। প্ৰাকৃতিক দুৰ্যোগ ৰ ফলত নামি অহা সংকট সমাজ জীৱনৰ লগতে স্বাস্থ্য আৰু সাংস্কৃতিক, সমাজ জীৱনলৈ অস্বাভাৱিকতা নমাই আনে। এই ক্ষেত্ৰত ইতিহাস সাক্ষী হৈ থকা আমি দেখিছো।

Covid-19 ৰ সাম্প্ৰতিক কালচোৱা আৰু উত্তৰ কোভিড-১৯ ব্যবস্থাপনা নিৰ্ণয়কাৰী হ’ব। Covid১৯ ৰ বিভীষিকাৰ মাজতে উদ্ভৱ হোৱা প্ৰাকৃতিক দুৰ্যোগ কটা ঘাট চেঙা তেল দিয়া ৰ লেখীয়া কথা! অসমৰ প্ৰসংগত চাবলৈ গলে বানপানীৰ বতৰত অৰ্থনৈতিক কাৰ্যকলাপ বৰ্তাই ৰাখিবলৈ চৰকাৰে প্ৰচেষ্টা হাতত ল’ব লাগিব। বিগত সময়ত অৰ্থনীতি ইতিমধ্যে আঘাতপ্ৰাপ্ত হোৱা দৃষ্টিগোচৰ হৈছে। গতিকে অৰ্থনীতি পুনৰ্জীৱিত কৰিবলৈ আমি,জনবিশেষে অৱদান আগবঢ়াবই লাগিব। তাৰ বাবে চৰকাৰে বিস্তৃত মাষ্টাৰ প্লেন তৈয়াৰ কৰিব পাৰে। ব্যক্তিগত ভাৱে অনুভৱ কৰো কৰ্মসংস্থাপন হেৰুওৱা লোকক নিজ ৰাজ্যত মকৰল কৰাটো প্ৰশাসনৰ নৈতিক দায়িত্ব হোৱাৰ লগতে দুৰ্যোগ বিশেষকৈ বানপানীৰ বতৰত বিধ্বস্ত হৈ পৰা গ্ৰাম্য অৰ্থনীতি পুনৰ নিৰ্মাণ কৰিব লাগিব। কৃষি খণ্ড ক্ষতিগ্ৰস্থ হলে কৃষকসকলক বিভিন্ন চৰকাৰী আঁচনিত (বিশেষকৈ mgnrega) অন্তৰ্ভুক্ত কৰাৰ লগতে বান শিবিৰত থকাসকলৰ বাদে উপযুক্ত লোকসকলক তেনে অঞ্চলত বাঁহ বেতৰ কাম , চিলাই কৰ্ম আদিত কাম কৰাৰ পৰিবেশ প্ৰয়োজন।পশুপালন ক্ষেত্ৰতো চৰকাৰে আঁচনি আৰু সাহায্যৰে ব্যবস্থা ল’ব লাগে। বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুছেট্ছৰ Thoreau Lab for Global Health ৰ সঞ্চালক তথা Stem Cell আৰু Cancer Biology বিষয়ৰ গৱে চিকিৎসক যি বৰ্তমান TB aru ভাইৰাছে ভাৰতত কৰণ প্ৰতিহত কৰিব পাৰিছে নেকি নাই তাৰ গৱেষণাত ব্যস্ত ; বিকুল দাসে সদৰী কৰিছে যে ,যিটো সময়ত সকলোৱে ভেকচিনৰ আৱিষ্কাৰত ব্যস্ত তেনে সময়ত চীনদেশৰ চিকিৎসক আৰু বিজ্ঞানীসকল ব্যস্ত আছে ভাইৰাছটো আৰু ৰোগটো সম্বন্ধে চিকিৎসা কৰা আৰু গৱেষণাগাৰত গৱেষণা অব্যাহত ৰাখি যুগান্তকাৰী গৱেষণাপত্ৰ প্ৰকাশ কৰাতহে।বিগত তিনিমাহত তেওঁলোকে কেৱল ভাইৰাছটোৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হোৱাই নহয়, ইয়াৰ ওপৰত তেওঁলোকে কৰা গৱেষণাৰ তথ্যসমূহ সন্নিবিষ্ট কৰি ২০০তকৈ অধিক গুণগত মানসম্পন্ন গৱেষণাপত্ৰ প্ৰকাশ কৰিছে; যিসমূহে সমগ্ৰ বিশ্বৰ চিকিৎসকসকলক ৰোগটোৰ চিকিৎসা পৰিচালনা কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে।

চাইনীজ চিকিৎসক আৰু বিজ্ঞানীসকলে আজি যি সফলতা অৰ্জন কৰিছে এক কথাত ক’বলৈ গ’লে চিকিৎসা বিজ্ঞানৰ ইতিহাসত সেইয়া হৈছে অভূতপূৰ্ব।ৰোগীক চিকিৎসাসেৱা প্ৰদান আৰু একেসময়তে গৱেষণা অব্যাহত ৰখা, গৱেষণাপত্ৰ লিখা আৰু শেহতীয়া তথ্যসমূহকলৈ বিশ্বমানদণ্ডৰ পত্ৰিকা (journal)সমূহত গৱেষণা পত্ৰ প্ৰকাশ কৰা তাকো মহামাৰীৰ এই সময়ছোৱাৰ ভিতৰতে —ই সঁচাই অভূতপূৰ্ব।১৯১৮ চনত হোৱা স্পেনিছ মহামাৰীৰ সময়ত ইউৰোপ বা আমেৰিকা যুক্তৰাষ্ট্ৰই সেই কাম কৰিবলৈ সক্ষম হোৱা নাছিল।এজন চিকিৎসকৰ বাবে ৰোগীক চিকিৎসাসেৱা প্ৰদান কৰা আৰু একেসময়তে গৱেষণাপত্ৰ লিখাটো যথেষ্ট কঠিন কাম।

অলপতে পঢ়িবলৈ পাইছিলো যে , ক’ৰণা ভাইৰাছৰ লগত জড়িত বৈজ্ঞানিক কথাবোৰ যথেষ্ট কৌতুহলোদ্দীপক। ইয়াৰ বিকাশ হোৱা প্ৰক্ৰিয়াটো ডাৰউইনৰ তত্ত্বৰ এটা প্ৰমাণ। ডাৰউইনৰ তত্ত্বক বিৰোধীতা কৰাসকলে জীৱৰ বিকাশৰ কথাটো মানি ল’বই নিবিচাৰে, কাৰণ ই জীৱৰ উৎপত্তিৰ শাস্ত্ৰীয় ব্যাখ্যাক নস্যাৎ কৰে। অসমতো কেইমাহমান আগতে ডাৰউইনৰ তত্ত্ব ভুৱা আৰু তাক আঁতৰাই পেলাব লাগে বুলি কিছু উত্তেজনাময় বিতৰ্ক এটা চলিছিল। কিছুসংখ্যকে যুক্তিনিষ্ঠভাৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত সেই মত প্ৰথমে উত্থাপন কৰা ব্যক্তিগৰাকীয়ে পিছত তাপ মাৰিলে। এতিয়া পুনৰ ক’ৰণাৰ বিকাশ সম্পৰ্কীয় কথাটো অধিক বহলাই কাকতত লিখিব পাৰি। বহুতে মত পোষণ কৰাৰ দৰে ক’ৰণা ভগৱানৰ অভিশাপ নহয় বা বহুতে আন্দাজত প্ৰচাৰ চলোৱাৰ দৰে ই মানুহৰ নিজা সৃষ্টিও নহয়। ই ডাৰউইনৰ তত্ত্ব মানি বিকশিতহে। অণুবীক্ষণিক পৰ্যায়ত কেনেদৰে ই বিকশিত আৰু এতিয়াও কেনেকৈ বিকাশৰ পথত ই আছে — সেই কথাবোৰ অতি ৰোমাঞ্চকৰ। সজাগতাৰ মাজে মাজে এই কথাবোৰো সৰলকৈ চৰ্চা কৰিব পাৰি।

কভিড-19-ৰ চিকিৎসা পদ্ধতিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা অপৰিসীম কিন্তু এতিয়ালৈকে কভিড-19 -ৰ পৰা উপশম পাবলৈ সহায় কৰা কিছুমান চিকিৎসাৰ বাহিৰে নিৰ্দিষ্ট কোনো চিকিৎসা কভিড-19 ৰ কাৰণে নাই। প্ৰাথমিক ৰোগ বিষয়ক অধ্যয়নত দেখা গৈছে যে অন্য বেমাৰৰ কাৰণে ইতিমধ্যে ব্যৱহাৰ কৰি থকা কিছুমান দৰৱে উপশম ঘটোৱাৰ লক্ষণ দেখা গৈছে। ৰোগী বিষয়ক পৰীক্ষণ হিচাপে অথবা ৰোগীৰ কষ্ট লাঘব কৰিবলৈ এই দৰৱবোৰ ব্যৱহাৰ কৰা হৈছে। কিন্তু বিশেষজ্ঞসকলে চিন্তা ব্যক্ত কৰিছে যে, এই ঔষধবোৰ প্ৰকৃততে কভিড-19 ৰোগীক চিকিৎসা কৰিবৰ বাবে উপযুক্ত হয় নে নহয়, সেইটো প্ৰমাণিত হ’বলৈ এতিয়াও বাকী আছে।

1919 চনৰ ডিচেম্বৰৰ মাজভাগৰ পৰা 2020 চনৰ 25 এপ্ৰিল পৰ্যন্ত কভিড-19 ৰোগটো সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাচে 213 খন দেশৰ প্ৰায় 27, 24, 809 জন মানুহক আক্ৰান্ত কৰিছে আৰু 1,87,847 তকৈ অধিকলোকৰ মৃত্যু ঘটিছে। দিনক দিনে এই সংখ্যা বৃদ্ধি পায় গৈ আছে।

এটা ভেকছিন বা নতুন চিকিৎসা সম্পূৰ্ণ ক্ৰিয়াশীল হিচাপে উদ্ভাৱন কৰিবলৈ কেইবা বছৰ পৰ্যন্ত লাগিব পাৰে, কিন্তু বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization)-য়ে শেহতীয়াকৈ বিদ্যমান চাৰিটা ৰোগোপচাৰ পৰীক্ষা কৰিবলৈ বিশাল আৰ্ন্তজাতিক পৰীক্ষণ, যাক কোৱা হয় ‘চলিডাৰটি’ (Solidarity) আৰম্ভ কৰিছে। গতিকে ‘চলিডাৰটি’ হৈছে কভিড-19-ৰ কাৰণে, বিদ্যমান ঔষধৰ আৰ্ন্তজাতিক ৰোগ বিষয়ক পৰীক্ষণ। ঔষধসমূহ হ’ল মেলেৰিয়া ঔষধৰ লগত নিবিড় সৰ্ম্পক থকা ‘ক্লৰ’কুইন’ আৰু ‘হাইড্ৰ’ক্সিক্লৰ’কুইন’, প্ৰতিভাইৰাচ ঔষধ ৰেমডেচিভিৰ (ইবোলা চিকিৎসাৰ কাৰণে উদ্ভাৱন কৰা ঔষধ), প্ৰতিভাইৰাচ জনিত ঔষধ লোপিনাভিৰ আৰু ৰিট’নাভিৰ (এইচ আই ভি-ৰ কাৰণে ব্যৱহাৰ কৰা ঔষধ)-ৰ সংযোজন; আৰু এই দুবিধ ঔষধৰ লগত প্ৰদাহ বিৰোধী কম প্ৰ’টিনযুক্ত ‘ইণ্টাৰফেৰন বিটা’ (interferon beta)। আমেৰিকাকে ধৰি বিভিন্ন দেশত কভিড-19 ৰোগৰ চিকিৎসাৰ বাবে ৰোগ বিষয়ক বিভিন্ন পৰীক্ষণ আৰু অন্য কিছুমান চিকিৎসা চলি আছে।
‘সহানুভূতি-ব্যৱহাৰ’ (compassionate-use) প্ৰট’কলৰ অধীনত দ্য ইউ এছ ফুড এণ্ড ড্ৰাগ এডমিনিচষ্ট্ৰেচন (The U.S. Food and Drug Administration) চমুকৈ এফ ডি এ (ণ্ঠড্ডট্ট)-য়ে কভিড-19 ৰোগীক চিকিৎসা কৰিবলৈ ‘ৰেমডেচিভিৰ’ (remdesivir) অনুমোদন জনাইছে। এজেন্সীটোৱে ‘ক্লৰ’কুইন’ (chloroquine) আৰু ‘হাইড্ৰক্সিক্লৰ’কুইন (hydroxychloroquine)-‘জৰুৰীকালীন ব্যৱহাৰ অনুমোদন’(emergency use authorization)-ৰ অধীনত অনুমোদন কৰিছে, য’ত অনা অনুমোদিত ঔষধ জৰুৰী অৱস্থাত ব্যৱহাৰ কৰিব পাৰিব।

আইৱআ বিশ্ববিদ্যালয়ৰ মাইক্ৰবায়’লজি আৰু ইমিউন’লজি বিভাগৰ অধ্যাপক ষ্টেনলে পাৰ্লমেনে (Stanley Perlman) কয় যে, “কোনোটো চিকিৎসাই প্ৰমাণিত নহয়।” তেওঁ আৰু কয় যে, “এইয়া কেবল ঔষধবোৰে কাম কৰে নে নকৰে সেইয়া যাদৃচ্ছিকভাবে ৰোগ বিষয়ক পৰীক্ষণৰ ফলাফল।” মৃত্যুজনিত সংক্ৰমণ, কভিড-19 ৰোগত ব্যৱহাৰ কৰা এইকেইটা অগ্ৰণী ঔষধৰ প্ৰভাৱৰ বিষয়ে আমি বাৰু কিমান জ্ঞাত?

ক্লৰ’কুইন আৰু হাইড্ৰ’ক্সিক্লৰ’কুইনঃ কভিড-19 ৰোগটোৰ চিকিৎসাত ক্লৰ’কুইন আৰু হাইড্ৰ’ক্সিক্লৰ’কুইনে কাম কৰিছে নে নাই প্ৰমাণিত নোহোৱা সত্বেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মেলেৰিয়া ৰোগৰ এই ঔষধ দুবিধক ৰোগটোৰ ক্ৰিয়াশীল ঔষধ বুলি বাৰে বাৰে কৈ আছে। ৰাষ্ট্ৰপতিৰ মন্তব্যই চিকিৎসক আৰু ৰোগীৰ মাজত ঔষধটো পাবলৈ সংঘৰ্ষৰ সৃষ্টি কৰিছে, যিটো ঔষধ সাধাৰণতে স্ব-প্ৰতিৰোধ ৰোগ যেনে বাত বিষ (rheumatoid arthritis), প্ৰদাহজনিত ৰোগ লুপাচ (lupus)-ত ব্যৱহাৰ কৰা হয় আৰু বৰ্তমান আমেৰিকাত এই ঔষধবিধৰ যথেষ্ট অভাৱ। এই ঔষধবোৰ স্বাস্থ্যবান ব্যক্তি এজনৰ বাবে কিন্তু বিপদজনক। আৰিজ’ৱানাত, ক্লৰ’কুইন জাতীয় ঔষধ (যিটো সাধাৰণতে মানুহক ব্যৱহাৰ কৰিবলৈ অনুমোদন কৰা নহয়) থকা ফিচ-টেংক ক্লিনাৰ ব্যৱহাৰ কৰাৰ পিছতেই এজন মানুহ মৃত্যু মুখত পৰিছিল।

24 মাৰ্চত (2020 চন) আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিচষ্ট্ৰেচনে ক্লৰ’কুইন বা হাইড্ৰ’ক্সিক্লৰ’কুইনক জৰুৰী অৱস্থাত ব্যৱহাৰ কৰিবলৈ অনুমোদন জনাইছে। কিন্তু বহু বিশেষজ্ঞৰ মতে এই ঔষধবোৰৰ ব্যাপক ব্যৱহাৰ অসাময়িক (premature)। “ঔষধ দুবিধৰ ৰোগ বিষয়ক সমৰ্থন অত্যন্ত কম। ৰোগ ভাল হোৱাৰ ক্ষেত্ৰত প্ৰবল সাক্ষ্য দেখুওৱা নাই। ” — এনেদৰে কয় জন হপকিন্স বিশ্ববিদ্যালয় স্কুলৰ মেডিচিন বিভাগৰ অধ্যাপক মেৰিয়ম কেচট্কৰ জৰ’মিয়ে (Maryam Keshtkar-Jahromi), যি কিছুমান প্ৰাথমিক ৰোগ বিষয়ক অধ্যয়নত প্ৰকাশ কৰিছে যে এই ঔষধবোৰে নেভল ক’ৰ’ণা ভাইৰাচ (আনুষ্ঠানিক নাম SARS-CoV-2) সংক্ৰমণক বাধা দিব পাৰে, কিন্তু ৰোগ বিষয়ক পৰীক্ষণৰ পৰা দেখা গৈছে যে কভিড-19 ৰোগ হোৱাৰ পিছত ৰোগীৰ ক্ষেত্ৰত খুব কমেকৈহে ইয়াৰ প্ৰভাৱ দেখুৱাই।

“চীনৰ প্ৰি-প্ৰিণ্ট (Pre-print)অধ্যয়নত প্ৰকাশ কৰিছে যে কভিড-19 ৰোগী হাইড্ৰ’ক্সিক্লৰ’কুইনৰ দ্বাৰা উপকৃত হৈছে, কিন্তু ইয়াত মহত্বপূৰ্ণ কাৰ্যপ্ৰণালীৰ (significant methodology) সমস্যা আছে।” — এনেদৰে কয় কেচট্কৰ জৰ’মিয়ে।
এই সমস্যাটো এটা বিৰ্তকিত বিষয়। যিকি নহওঁক, কিছু সংখ্যক বিজ্ঞানীয়ে কয়, ক্লৰ’কুইন ব্যৱহাৰৰ সমৰ্থনত যথেষ্ট সবল প্ৰাথমিক ৰোগ বিষয়ক সাক্ষ্য আছে। ইটালীৰ পলেম’ বিশ্ববিদ্যালয়ৰ এনাছথেচিয়া আৰু ইনটেনচিভ কেয়াৰ বিভাগৰ গৱেষক এণ্ডি কৰ্টেজিয়ানিয়ে কয়, “আমি জানো ভাইৰাচৰ বিৰুদ্ধে কোষীয় স্তৰত ই কেনেকৈ কাম কৰে, আমাৰ প্ৰাথমিক ৰোগ বিষয়ক প্ৰমাণ আছে। দ্বিতীয়তে, এই ঔষধৰ দাম কম আৰু বিশ্বৰ সকলো দেশতে ইয়াক পোৱা যায়।” বহু বিশেষজ্ঞই মত প্ৰকাশ কৰে যে তেওঁলোকে হাইড্ৰ’ক্সিক্লৰ’কুইন, ক্লৰ’কুইন ব্যৱহাৰ কৰিবলৈ বাধা প্ৰদান কৰা নাই, কিন্তু এই ঔষধে কেনেকৈ কাম কৰে ভালকৈ বুজিবলৈ অধিক তথ্যৰ প্ৰয়োজন।

Covid19 ৰ দুৰ্যোগ ৰ মোকাবিলা কৰিবলৈ কেইবাটাও উপায়ৰ কথা আলোচনা কৰা হৈছে। বিজ্ঞানসন্মতভাবে এই মহামাৰী প্ৰতিৰোধ কৰিবলৈ পোন প্ৰথমে সমূহিক সংক্ৰমণৰ পৰা সমাজক ৰক্ষা কৰিব লাগিব। সেয়া কাৰ্য্যক্ষম কৰিবলৈ সকলোৱে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা বোৰ কঠোৰ ৰূপত মানি চলিব লাগিব। যেনে, শাৰীৰিক দূৰত্বৰ ব্যৱধান ৰখা, ঘৰৰ বাহিৰলৈ গলে মাস্ক পিন্ধা, সঘনাই চাবোন বা হেণ্ড ছেনিটাইজাৰৰে হাত ধোৱা ইত্যাদি। এনে নিয়মবোৰ কঠোৰ ৰূপত অনুশীলন কৰিলে কেৱল কৰণ ভাইৰাছৰ বীজাণুয়ে নহয়, অন্য ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পৰা পৰিলক্ষিত হৈছে। অসমৰ প্ৰসংগত স্মৰ্তব্য যে, কাৰ্যসূচীৰ অধীনত অসমৰ ২৮ হাজাৰ খন গাঁৱত Covid পৰীক্ষাৰ লক্ষ্য আগত লৈ জ্বৰ , কাঁহ পৰীক্ষা কৰোতে গড়ে এজনৰ জ্বৰ আৰু প্ৰায় দহ জন মানৰ মেলেৰিয়া ৰোগ ধৰা পৰিছে। Covid ৰো‌ নিগেটিভ আহিছে। গতিকে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলা বাবে কোনো ৰোগে জনতাক আক্ৰমন কৰা নাই। প্ৰশাসনিক পৰ্যায়ত এই দুৰ্যোগ মোকাবিলা কৰিবলৈ চৰকাৰে কেইটামান ব্যবস্থা কৰিছে। জিলা সমূহত কৰ’না ভাইৰাছ জৰীপ, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ দ্বাৰা Covid ১৯ সম্পৰ্কীয় প্ৰশ্নোত্তৰৰ(Quesstionarrie) ব্যবস্থা আৰু সামাজিক মাধ্যমত Covid ইণ্ডিয়া সেৱা আৰম্ভ কৰা হৈছে। Quesstionarrie প্ৰস্তুত পৰৱৰ্তী পৰ্যায়ত চৰকাৰে এই মহামৰিৰ সৈতে মোকাবিলা কৰিবলৈ যথেষ্ট সহায়ক হব। এইয়ে চৰকাৰক দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ সাজু কৰি ৰাখিব। Covid ইণ্ডিয়া সেৱা হৈছে জনতা আৰু চৰকাৰ ৰ মাজত এই মহামাৰীৰ সম্পৰ্কে উদ্ভৱ হোৱা সমস্যাৰ সমাধান কৰা আৰু জনতাক তথ্য যোগান ধৰা। যদি জনতাৰ মাজত Covid ১৯ ৰ সম্পৰ্কে জনিবলগীয়ায়া থাকে তেন্তে টুইটাৰত সোধা প্ৰশ্নৰ উত্তৰ এই সেৱাই উপযুক্ত সময়ত দিয়াৰ চেষ্টা কৰে। স্বাস্থ্য সেৱা অধিক উন্নীতকৰণ কৰাটোও এই দু:সময়ৰ দাবী। Herd immunity ( সামূহিক প্ৰতিৰক্ষন) ৰ ধাৰণাটো ও চৰকাৰে গুৰুত্ব দিব লাগিব। Herd immunity ৰ ফলত Covid১৯ ৰ ফলত মানুহ এজন আক্ৰান্ত নহয়। তত্ত্বই কই, অধিক লোক এই ৰোগত আক্ৰান্ত হৈ সুস্থ হৈ উঠিলে ভাৰতীয় মানুহৰ এয়া বৃদ্ধি পাব। স্বাস্থ্য বিভাগে এই সম্পৰ্কে স্পস্টিকৰণ দিয়াটো দৰকাৰ।
Covid ১৯ বনাম প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে মানৱ সমাজে একেলগে যুজ দিছে। দুয়োটা দুৰ্যোগৰ চৰিত্ৰ বেলেগ বেলেগ হলেও মানৱ সমাজ প্ৰত্যাহ্বান ৰ মুখামুখি হৈছে। সমগ্ৰ মানৱ জাতিয়ে সেই শুভ সংবাদৰ প্ৰতীক্ষা কৰিছে, যত কৰ’না ভাইৰাছবিহীন পৃথিৱী পুনৰ বিজ্ঞানৰ জয়যাত্ৰা আৰু শান্তিৰ সমদল অব্যাহত থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here