কটন গাৰ্লছৰ ডাইনিং হলেদি …

হিমাদ্ৰী শৰ্মা

হোষ্টেল বুলি কিবা এটা আৰম্ভ কৰিব বহিলেই খেলিমেলি এবোজা কাহিনীৰ অহা যোৱা চলে মন-মণিকোঠাত, আচলতেই বিপাঙত পৰোঁ আৰম্ভণিৰ চৰ্ত কি আছিল ! ঠিক তেনেকুৱাই আছিল প্ৰথম খোজ দিওঁতে কটন কলেজৰ গাৰ্লছ হোষ্টেল মোৰ বাবে, হয়তো প্ৰায় প্ৰতিজন নতুনৰ বাবে….আইডিয়া নাই অথচ বহুত জল্পনা কল্পনা, ঘৰৰ পৰা অলপ বেছি( জোখতকৈ বেছি) ট্ৰেইনিং দি পঠাইছে বোলে, যি কৰে সহিবি কিন্তু হোষ্টেল নেৰিবি। সঁচা কথা ক’বলৈ গ’লে কটনলৈ আৱেগত যোৱা নাছিলোঁ, জেদত গৈছিলোঁ, নগাঁও ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা মনে বিচৰা ধৰণে এটা ফলাফল কৰাৰ পিছতেই ফলাফলৰ খবৰ ল’বলৈ অহা সকলোৰে ( মানে প্ৰায় সকলোৰে) এটাই কথা কটন নালাগে, বৰবাদ হৈ যাব ছোৱালী , সেইবোৰ শুনিয়েই ওলালোঁ আচলতে কিমান বৰবাদ হ’ব পাৰি…. আৰু পাছৰখিনি সময় নহয় যেন সোণালী ঘোঁৰা!!!
এতিয়ালৈকে হোষ্টেল পোৱাহি নাই…. ডাইনিং হল পাবলৈ সময় আছে, গতিকে পাঠকৰ ধৈৰ্য আৰু সহ্য নিত্যান্তই প্ৰয়োজনীয়। নামভৰ্তিৰ দিনা আগবেলা ভাগতে বিভাগ আৰু হোষ্টেল দুয়োটা নিৰূপণ হৈ গ’ল, হোষ্টেলৰ নামটো কি দিলে মোক – NBD, ময়ো নুসুধিলোঁ সম্পূৰ্ণ নামটো, হয় মেম বুজিছোঁ বুলি কটনৰ পৰা ওলাই জুলাই মাহৰ মাজভাগত পৰা সেই তীব্ৰ গৰমত ক্ৰমে দেউতা আৰু মাৰ লগত দীঘলীপুখুৰীৰ পাৰৰ গাৰ্লছ হোষ্টেল অভিমুখে খোজ ল’লো। আহি হোষ্টেলৰ সন্মুখ পালোহি- কটন গাৰ্লছ পোৱাৰ আগতে সন্দিকৈ কলেজৰ ছাত্ৰী নিবাস NPB – নিৰ্মলপ্ৰভা বৰদলৈ, ময়ো NBD, NPB খেলিমেলি কৰি তাতেই সোমালোঁ, পিছে তাতে থকা বাইদেউ কেইগৰাকীমানে মোক বুজাই দিলে, ওলাই আহি পৰৱৰ্তী গেটখনেৰে সোমাই আহিলোঁ- তিনিখন নামফলক-

১) NBD – নলিনী বালা দেৱী ছাত্ৰী নিবাস ( সোঁ মাজত )
২) SKL – শ্বহীদ কনকলতা ছাত্ৰী নিবাস ( বাওঁ ফালে)
৩) DKR – ড° কমলা ৰয় ছাত্ৰী নিবাস ( সোঁ ফালে)

গেটত থকা ৰামসিং ঠাকুৰ আৰু ৰাজা দাদায়ে বুজাই দিছে সকলোকে, অৱশ্যে সেইদিনা খন্তেকৰ কাৰণে চিনাকি হৈ আহি টালিয়ে টোপোলায়ে ৩১ জুলাই তাৰিখে সোমালোগৈ সেই ডাঙৰ ডাঙৰ সেউজীয়া গেটকেইখনৰ বেৰিকেট যেন পৰিৱেশটোত । ৰুম নং – ২০৩ হ’ল ঠিকনা। এই যে এসোপা চিন্তা লৈ হোষ্টেল সোমোৱা বুলি কৈছিলোঁ- ইয়াতেই ডাইনিং হলৰ প্ৰাসংগিকতা , অহংকাৰ , ভোক, লাজ, ভয়, ওস্তাদি, কান্দোন, হাঁহি সকলোবোৰৰ ওপৰত লেকাম লগাই ভাৰসাম্য ৰূপ দিয়া সেই ডাইনিং হলটোতেই মিলি যায় সকলো, সকলো!! বি.এ পঢ়িবলৈ যোৱাৰ বাবে ডাইনিং হলটো তিনিবছৰ তিনিটা বেলেগ ৰূপত পাইছিলোঁ, তাকেই কিছু বিনিময় কৰোঁ আজি।

বুকু হম হম কৰি থকা এটা বছৰ- জুনিয়ৰ ৰূপত । ভাত খোৱাৰ সময়ত মনে মনে খাই বৈ উঠি আহিছিলো- no হাঁহি খিকিন্দালি, তাতে কোনোবা চিনিয়ৰ বাইদেৱে যদি সেইখিনি সময়ত ভাত খাব বহিছে আমি লগৰীয়া এজাক থাকিলেও টু শব্দ এটা বাহিৰ কৰা নাছিলোঁ। অৱশ্যে তেনে কোনো কঢ়া নিয়ম ধৰা বন্ধাকৈ নাছিল যদিও এই সমীহ যেন অনুশাসনবোৰ প্ৰজন্মক্ৰমে হোষ্টেলত বাগৰি অহা যেন অনুমান হয়। ৰাতিপুৱা আৰু দুপৰীয়াৰ ভাগত ডাইনিং হলৰ কোনো বিশেষ বেলৰ ব্যৱস্থা নাছিল যদিও ৰাতিৰ ভাগত সৰ্বমুঠ তিনিটা বেল বাজিছিল – প্ৰথম বেলত চিনিয়ৰসকলে, দ্বিতীয় বেলত জুনিয়ৰসকলে আৰু তৃতীয় বেলটো প্ৰথম দুয়োটা বেলত খাবলৈ নহাসকলৰ বাবে উমৈহতীয়া আছিল। আচলতে এই ভাগটোৰ কাৰণো নথকা নহয়- যিহেতু বহিব পৰা ৮০ জনীয়া ব্যৱস্থাৰ সুবিধা আছিল তথাপিও থাল বাতিৰ অভাৱত (৮০ জনৰ তুলনাত) ভাগ ভাগকৈ খোৱাৰ সুবিধা কৰি দিছিল ঠাকুৰসকলে। ইয়াত ঠাকুৰ বুলি ক’লে হোষ্টেলৰ সেইকেইজন কৰ্মচাৰীক কটন গাৰ্লছত সম্বোধন কৰা হয়, যিকেইজনে তিনিওটা বছৰে মা-দেউতাৰ অভাৱ অনুভৱ কৰিব নিদিয়াকৈ মৰমেৰে আমাক যতন কৰি ৰাখে। সেই তিনিওটা বেলৰ ভিতৰত চিনিয়ৰসকলৰ বাবে ধৰা বন্ধা নাছিলে( জুনিয়ৰ সকলৰ তুলনাত ) তথাপিও একেবাৰে কাচিৎ কোনোবাগৰাকীহে এই এই নিয়মৰ হেৰফেৰ কৰা চকুত পৰিছিল। এবাৰ জুনিয়ৰ অৱস্থাত কাষৰ হোস্টেলখনত মৰা বেলটোৰ লগত হিচাপ গণ্ডগোল হোৱাত মই আৰু মোৰ লগৰ দুগৰাকীয়ে চিনিয়ৰ বেলটো জুনিয়ৰ বেল বুলি ভুল কৰি ভাতৰ কাঁহী লৈ বহিছিলোহে মাত্ৰ, অলপ পাছতে গিৰিপ গিৰিপকৈ যেতিয়া বাইদেউ সন্থা সোমালেহি আমি তাৰে ভাত তাতে এৰি লৰ, পাছত অৱশ্যে তেওঁলোকে উৰহী গছৰ ওৰ পাই বৰ ৰস পাইছিল আৰু আমাক আগলৈ বাঢ়ি লোৱা ভাত খাই আহিবলৈ সকীয়াই দিছিলে।

ভাতৰ পৰ্ববোৰ একাষৰীয়া কৰি থ’লেও ডাইনিং হলটোৰ যেন আহৰি নাই। নৱাগত আদৰণি সভাৰ আগে আগে হোৱা প্ৰতিযোগিতামূলক চিনাকি পৰ্বৰ এসপ্তাহ ডাইনিং হলতে পাৰ হয়। একেবাৰে সন্মুখৰ আসনত বিচাৰকৰ ৰূপত থার্ড ইয়েৰৰ বাইদেউসকল, মাজত ভিজা মেকুৰীৰ ৰূপত নৱাগতা সকল আৰু তেওঁলোকৰ দুয়োফালে দ্বিতীয় বৰ্ষৰ চিনিয়ৰ হওঁ হওঁ অৱস্থাত থকা বিল্লা পাৰ্টী- একদম ৰস নোহোৱা এই মাজৰ বৰ্ষৰ অধিকাৰীসকলৰ অৱস্থা , না চিনিয়ৰগিৰী দেখাব পাৰে, না জুনিয়ৰ জীৱনটোৰ মজাখিনি ঘূৰাই পোৱা যায়। এইদৰে আৰম্ভ হোৱা ডাইনিং হলমুখী খোজবোৰ লাহে লাহে খৰ হয় আৰু কেইবাখনো জেনেৰেল মিটিংৰ ৰূপ পায়। বহু বিবাদ মীমাংসা হয় এই ঠাইটুকুৰাতে, বহুকেইগৰাকীৰ ৰণচণ্ডী ৰূপ দেখা পোৱা যায়- মুঠতে ডাইনিং হলৰ জেনেৰেল মিটিংত কোনো কোমল নহয়, এক সাংঘাতিক অনুশাসনেৰে বান্ধ খাই থাকে, formal হ’বলৈ শিকে। সৰস্বতী পূজাৰ মণ্ডপ, কলেজ সপ্তাহৰ অংক, নিৰ্বাচনৰ প্ৰাৰ্থী সকলোবোৰ ঠিক হৈ যায় মাত্ৰ এখন ৰুদ্ধদ্বাৰ বৈঠকত এই ডাইনিং হলতে। এখন হোষ্টেলৰ আবাসী খুব সহজে ( বিশেষকৈ গাৰ্লছ হোষ্টেলত) আন এখন হোষ্টেলৰ ডাইনিং হল নুসোমায়, বিশেষকৈ বছৰটোৰ দুটা সময়ত- নিৰ্বাচন আৰু কলেজ সপ্তাহ, কাৰণ ইয়াতেই পুঞ্জীভূত হৈ থাকে বহু তথ্য , বহু কথা।

বিশেষকৈ নিৰ্বাচনৰ বেলিকা বন্ধু আবাস যেতিয়া প্ৰচাৰৰ বাবে আহে আৰু তাৰ ঠিক আগতে প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়াত কটন গাৰ্লছৰ ডাইনিং হলত বৈঠক বহে আৰু নিৰ্বাচন জিকি অহাৰ পাছতো শেষবাৰৰ বাবে এই ঠাইতেই সুখৰ সময়ৰ আদান প্ৰদান কৰা হয় আৰু পৰাজয় হ’লেও অনাগত বৰ্ষৰ বাবে সংকল্প লোৱা হয়। কলেজ সপ্তাহৰ সময়ত ডাইনিং হলবোৰ উজাগৰে থাকে, কাৰণ শুই দিলেই কিজানি হাতৰ পৰা ওলাই যায় শ্ৰেষ্ঠ আবাসৰ সুযোগ!! এনেদৰেই সময়বোৰে গতি কৰে, কেতিয়াবা নিৰিবিলি পৰিৱেশত কেও কিছুৱে পৰীক্ষাৰ প্ৰস্তুতিও চলায় এই ডাইনিং হলৰ একোণত বহি…..। লাহে লাহে শেষৰটো বছৰ পাওহি মানে স্বাধীনতা ভৰি পৰেহি, তেনেকুৱাতে এৰিবৰে হয় কটনৰ বাকৰি….হোষ্টেলৰ আবেলি। NBD,SKL আৰু DKR ৰ চিনাকি মুখবোৰ ক্ৰমে সিঁচৰতি হৈ পৰে কৰ্মক্ষেত্ৰৰ বিশাল পৰিধিত নিজৰ স্থিতিৰে।
জয়তু কটন গাৰ্লছ….

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here