কৰ’না নিগেটিভ – ইমানতে শেষ নহয়

ডাঃ আঙ্গীৰস ভট্টাচাৰ্য্য

কৰ’না ভাইৰাছে মানুহৰ জীৱন, সভ্যতা আৰু বিশ্বৰ প্ৰগতিৰ সন্মুখত এক ভয়ংকৰ প্ৰত্যাহ্বান হিচাপে থিয় দি বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে। মানুহে যুদ্ধ, ধৰ্মান্ধতা, উগ্ৰবাদ আৰু বৰ্ণ বৈষম্য আদিৰ বিভীষিকা উপলব্ধি কৰিব পাৰিছে। প্লেগ, বৰ আই আদি মহামাৰীৰ সৈতেও যুজঁ দিছে। কিন্তু বিশ্বত মানুহৰ জীৱন, সভ্যতা, প্ৰগতি আৰু অৰ্থনীতি একেলগে মষিমূৰ কৰি যোৱা দুৰ্যোগ এটা হয়তো এই অত্যাধুনিক যুগত কোনেও কল্পনা কৰিব পৰা নাছিল।

লিখনিৰ প্ৰথমতে মই ক’ভিড মহামাৰীয়ে প্ৰাণ কাঢ়ি নিয়া লক্ষজনৰ বাবে মৌন প্ৰাৰ্থনা জনাইছোঁ। কভিড যোদ্ধা হিচাপে বিশ্বত যিসকল চিকিৎসকে আত্মহুতি দিলে, যিসকল স্বাস্থ্যকৰ্মী আৰু অন্যান্য দায়িত্ব পালন কৰি থকা ব্যক্তিয়ে প্ৰাণ দিলে তেওঁলোকলৈ মোৰ প্ৰণাম জনাইছোঁ। বহুত অস্বস্তিকৰ পৰিবেশৰ মাজত দায়িত্ব পালন কৰি থকা সকললৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ ত্যাগ বিশ্বত মানৱ সভ্যতা জীয়াই থকালৈকে মানুহে সুৱঁৰি থাকিব। এনে এটা পৰিবেশত চিকিৎসক হিচাপে প্ৰথম অৱস্থাৰে পৰা সেৱা আগবঢ়াবলৈ পাই লক্ষজনৰ মাজত এজন বুলি সন্তোষ অনুভৱ কৰিছোঁ।

কভিড সম্পৰ্কে মানুহৰ মনত প্ৰথমতে থকা ধাৰণা সময়ৰ লগে লগে সলনি হৈছে। এই সম্পৰ্কে বিশ্ব স্বাস্থ্য সংস্থাই অহৰহ নিৰ্দেশনা দি আহিছে। সমাজ সচেতন আৰু শিক্ষিত মানুহে এইবোৰ পালন কৰিছে। কভিডৰ লক্ষণ, ইয়াৰ চিকিৎসা ব্যৱস্থা মানুহে এতিয়া জনা হৈছে। জনা হৈছে কোনবোৰ ৰোগীৰ জটিলতা বাঢ়ে। ইয়াৰ উপৰিও জনা হৈছে এই বেমাৰৰ নিশ্চিত প্ৰতিষেধক নাথাকিলেও চিকিৎসা বিজ্ঞানৰ নীতিৰে আওপকীয়াকৈ কেনেকৈ চিকিৎসা কৰা হয়। মনত ৰখা ভাল যে এই দৰৱ সমূহ ৰোগীজনৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিহে প্ৰয়োগ কৰা হয়। প্ৰত্যেকজন ৰোগীৰ আক্ৰান্তৰ সময় ৰোগীৰ উপসৰ্গ আৰু স্বাস্থ্যৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি দৰব আৰু দৰবৰ জোখ বেলেগ বেলেগ হয়। মুঠৰ ওপৰত কভিড এটা ঘৰতে চিকিৎসা কৰা বেমাৰ নহয়। কভিড ৰোগৰ এজন ৰোগীৰ হঠাৎ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি হৈ জটিল অৱস্থালৈ গতি কৰিব পাৰে।

কভিড আক্ৰান্ত ৰোগীৰ কৰ’না ভাইৰাছ মুক্ত হ’লেও সুস্থ বুলি ক’ব নোৱাৰি। কৰ’না ভাইৰাছে দেহত কৰি যোৱা ক্ষতিৰ বাবে পোষ্ট কভিড জটিলতাৰ সৃষ্টি হৈ ৰোগী জনৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।

এতিয়া প্ৰশ্ন হৈছে কৰ’না ভাইৰাছে মানুহৰ দেহত কি ধৰণেৰে ক্ৰিয়া কৰে ? ইয়াৰ ফলত ৰোগীজনৰ বিভিন্ন অংগত কি কি বিসংগতি (বেমাৰ) হয় আৰু ভৱিষ্যতে তেওঁৰ কিবা স্থায়ী ক্ষতি হ’ব পাৰে নেকি ?
কভিড এটা Inflamatory disease। ই প্ৰথমতে হাওঁফাঁও (lungs) ৰ pulmonary vessels বোৰত সংক্ৰমণ কৰি তেজ গোট মাৰি pulmonary thombosis ৰ সৃষ্টি কৰে। তেজ গোট মৰাৰ ফলত pulmonary artery বোৰ বন্ধ হয়। গম নোপোৱাকৈ এই ঘটনাটো হয় বাবে ইয়াক happy hypoxia বুলি কোৱা হয়। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ৩ ৰ পৰা ৫ দিনৰ ভিতৰত বাহ্যিক লক্ষণে দেখা দিয়ে। সেই সময়তে anti viral আৰু anti coagulant দৰৱ ব্যৱহাৰ কৰি চিকিৎসা কৰা হয় যাতে তেজ গোট মাৰিব নোৱাৰে আৰু ৰোগীজন বেছি জটিলতাৰ ফালে নাযায়। ৭ দিনৰ পাছত এইবোৰ চিকিৎসাই কোনো কাম নিদিয়ে। কাৰণ ইতিমধ্যেই কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে হাওঁফাওঁত Cytokine Storm develop কৰে। এই অৱস্থাই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (immune system) টো সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰি পেলায়। ৯ দিনৰ পাছত ভাইৰাছ নিষ্ক্ৰিয় হৈ আনক সংক্ৰমণ কৰিব নোৱাৰা হয়।

হাওঁফাওঁত শ্বাস-প্ৰশ্বাসৰ জৰিয়তে প্ৰৱেশ কৰা কৰ’না ভাইৰাছে প্ৰথমে সংক্ৰমণ আৰম্ভ কৰে। হাওঁফাৱে তেজলৈ অক্সিজেন যোগান ধৰে আৰু কাৰ্বন ডাই অক্সাইড সহ দূষিত গেছ বাহিৰ কৰি দিয়ে। সেই অক্সিজেন তেজৰ লগত চলাচল কৰি মগজুলৈ যায়। কৰ’না ভাইৰাছে Pulmonary vessel বোৰ নষ্ট কৰি দিয়াৰ ফলত তেজ গোট মাৰি pulmonary artery বোৰ বন্ধ কৰি দিয়ে। ফলস্বৰূপে মগজুলৈ তেজৰ লগত অক্সিজেন পৰিবহণ কমি যায়। ফলত pneumonia হয় আৰু হাওঁফাওঁত ফ্ৰাইব্রচিচ হয়।

মগজুলৈ অক্সিজেনৰ পৰিমাণ গম নোপোৱাকৈ কমি যোৱাৰ ফলত Happy Hypoxia হয়। তেতিয়া ৰোগীজন অস্থিৰ হয় , মূৰৰ বিষ হয়, উশাহ চুটি হয় আৰু বুকু ঢপঢপায়। কথা ক’বলৈ অসুবিধা পায়। তেজৰ লগত গোট মৰা সৰু সৰু ব্লাডক্লট মগজুলৈ গৈ brain cell damage কৰে। এটা সময়ত স্মৰণ শক্তিও হেৰুৱায় আৰু পেৰেলাইচিচ পৰ্যন্ত হ’ব পাৰে।
যকৃতলৈ তেজৰ গোট মৰা কণিকাবোৰ গৈ ইয়াক ভালদৰে কাম কৰাত বাধা দিয়ে আৰু যকৃতটো দুৰ্বল কৰি পেলায়। ফলত যকৃতত হ’বলগীয়া ৰাসায়নিক প্ৰক্ৰিয়া ভালদৰে নহয়। ফলত পেটৰ অসুখ, বদহজম আদি হয়। pancreas য়ে ভালদৰে কাম নকৰাৰ ফলত blood sugar পৰ্যন্ত বৃদ্ধি হয়। আগৰে পৰা diabetes থকা ৰোগীৰ বাবে ই অতি ভয়ানক।
বৃক্কই মানুহৰ দেহৰ বহুবোৰ অতি প্ৰয়োজনীয় অংগৰ ৰাসায়নিক পৰিৱৰ্তনবোৰত সহায় কৰি সেই অংগ প্ৰত্যঙ্গ বোৰে ভালদৰে কাম কৰি যোৱাত সহায় কৰে। কভিড আক্ৰান্ত ৰোগীৰ ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পোৱাৰ বাবে বৃক্কই ভালদৰে কাম কৰিব নোৱাৰা হয়। আগৰে পৰা বৃক্কৰোগত ভুগি থকা ৰোগীৰ এনে অৱস্থাত ৰোগ প্ৰতিৰোধী ক্ষমতা একেবাৰে নিম্নতম হয়। এনে কভিড আক্ৰান্ত ৰোগীৰ কম সময়ৰ ভিতৰতে hypoxia ৰ সৃষ্টি হয়। সেইবাবে আগৰে পৰা বৃক্ক ৰোগত ভুগি থকা কভিড ৰোগীৰ মৃত্যুৰ হাৰ সৰ্বাধিক।

Heart এ মগজুলৈ অহৰহ তেজ চলাচল কৰাই থাকে। কভিডৰ ফলত coronary artery বোৰত গোটমৰা তেজৰ কণিকাবোৰ সোমাই হৃদ ক্ৰিয়া বন্ধ কৰি দিব পাৰে। ৰোগীৰ এনে অৱস্থাক massive heart attack বুলি কোৱা হয়।
কভিড ৰোগীজন কৰ’না ভাইৰাছ মুক্ত হ’লেও ইতিমধ্যে কৰি যোৱা ক্ষতিৰ বাবে হাৰ্ট, হাওঁফাওঁ, যকৃত, বৃক্ক আৰু মগজু আদিত ৰোগৰ জটিলতা বৃদ্ধি পায়। বহুতো ৰোগী কৰ’না ভাইৰাছ মুক্ত হোৱাৰ পিছত ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বাবে মৃত্যু হয়। ইয়াৰ পাৰ্শ্বক্ৰিয়া বহুদিনলৈ থাকি যায়। কিছুমান অসুবিধা স্থ্যইও হ’ব পাৰে। কৰ’না সংক্ৰমণৰ ফলত ৰোগীৰ দেহত ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যোৱাৰ বাবে অন্য ৰোগেও দেখা দিব পাৰে।

এতিয়া আমাক প্ৰয়োজন ‘পোষ্ট কভিড কেয়াৰ’ৰ বাবে উপযুক্ত চিকিৎসা ব্যৱস্থা। কৰ’না ভাইৰাছ মুক্ত হোৱাৰ পাছত হাৰ্ট, হাওঁফাওঁ, যকৃত, বৃক্ক আৰু স্নায়ুৰ ৰোগৰ উপযুক্ত চিকিৎসাৰ অতি প্ৰয়োজন। তেজ পৰীক্ষা, চ’ন’গ্ৰাফী, এক্সৰে, চি টি স্কেন আৰু এম আৰ আই ৰ দ্বাৰা বিসংগতিখিনি নিশ্চিত কৰি উপযুক্ত চিকিৎসা কৰাব লাগে। ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৩০ খন বিচনা যুক্ত ‘পোষ্ট কভিড কেয়াৰ’ চিকিৎসা ব্যৱস্থা কৰা হৈছে। সকলো ঠাইতে এই ব্যৱস্থাৰ প্ৰসাৰ হোৱা উচিত।

মুঠতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকা কৰাৰ লগে লগে পৰীক্ষা কৰাই প্ৰথম ৫ দিনৰ ভিতৰত বিধিসন্মত চিকিৎসা ল’লে ৰোগীজন জটিল অৱস্থালৈ গতি কৰাৰ পৰা ৰক্ষা পৰিব পাৰে। বৰ্তমান মানুহৰ মনত ‘উপসৰ্গ নাই ঘৰতে ভাল হ’ব’ বুলি যি এটা ভ্ৰান্ত ধাৰণা গঢ়ি উঠিছে, সি অতি বিপদজনক। উপসৰ্গবোৰ সহ্যৰ বাহিৰলৈ যোৱা মানেই ৰোগীজন জটিল অৱস্থালৈ গতি কৰা। ফলত চিকিৎসা ব্যৱস্থাও অসহায় হয়।

ভাৰতবৰ্ষ প্ৰায় ১৩৩ কোটি মানুহৰ দেশ। ইয়াত চিকিৎসক আৰু মানুহৰ অনুপাত অতি নগণ্য। ভাৰতবৰ্ষৰ চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁঠনিও বৰ দুৰ্বল। ইয়াৰ মূল কাৰণ অৰ্থনীতি আৰু জনগণৰ সজাগতাৰ অভাৱ। তাৰোপৰি দেশখনৰ সংসদেই নাজানে এই মহামাৰীত কিমান চিকিৎসকৰ মৃত্যু হৈছে। এনে এখন দেশৰ নাগৰিক হিচাপে নিজেই সচেতন হৈ বিধিসন্মত প্ৰতিৰোধ ব্যৱস্থা পালন কৰিব লাগিব। সময়মতে নিজা উদ্যোগেৰে কভিডৰ চিকিৎসা কৰাব লাগিব।
চিকিৎসক সকলে নিজৰ জীৱন তুচ্ছ কৰি এই দুৰ্যোগৰ সময়ত নীৰৱে কাম কৰি আছে। কভিড ৰোগৰ কৰ’না ভাইৰাছ মুক্ত হোৱাৰ পাছতো পোষ্ট কভিড কেয়াৰ হিচাপে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা কৰাব লাগে।
আহক আমি সকলোৱেই বিশ্ব ব্যাপ্ত মহামাৰীৰ লগত যুদ্ধখনত একো একোজন পৰিপক্ক সৈনিক হিচাপে থিয় হওঁ। মোৰ দৃঢ় বিশ্বাস জনসাধাৰণৰ চকুৰ আঁৰত নীৰৱে গৱেষণা কৰি থকা মহান বিজ্ঞানীসকলৰ উদ্ভাৱনেৰে এই যুদ্ধখনত আমি জয়ী হ’ম।

3 COMMENTS

  1. বৰ্তমান সময়ত প্ৰয়োজনীয় বহু কথা জানিলো।
    যিবোৰ কথাৰ পৰা আমি অনভিজ্ঞ হৈ আছিলোঁ। এইবোৰ জনাৰ পিছত আমি নিজৰ লগতে আনকো কৰণা ভাইৰাছ সম্পৰ্কে সচকিত কৰাব পাৰিম। জনসাধাৰণৰ কল্যাণৰ অৰ্থে Dr Angirash Bhattasarjya ছাৰে ইমান সুন্দৰকৈ কৰণাৰ সমস্যা আৰু সাবধানতা সম্পৰ্কে সকলোখিনি কথা আমাক জনোৱাৰ বাবে তেওঁলৈ বহুত বহুত ধন্যবাদ থাকিল। আগলৈও আমাক এনেদৰে স্বাস্থ্য সম্পৰ্কে কিছু জ্ঞান দিব বুলি আশা কৰিলো। শেষত আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। 🙏🙏🙏

  2. Dr. Angirash লৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছোঁ আগলৈ যাতে তেখেতে বিভিন্ন স্বাস্থ্য সম্বন্ধীয় উপদশেষেৰে জনসাধাৰণ ক উপকৃত কৰি যাব.

  3. সঁ‌চাকৈয়ে জনসাধাৰণক উপকৃত কৰিব পৰা অতি প্ৰয়োজনীয় লিখনি । নজনা বহুতো কথাই জানিলো ।
    ধন্যবাদ Dr Agnirash

LEAVE A REPLY

Please enter your comment!
Please enter your name here