কৰ’না আৰু জীয়া বাস্তৱ

ৰাকেশ ৰঞ্জন বৈশ্য

“বাইদেউ/দাদা আপোনাৰ ৰিজাল্ট পজিটিভ আহিছে , আপুনি ৰেডি হৈ থাকক আমাৰ এম্বুলেন্সে আপোনাক পিক আপ কৰিবলৈ যায় আছে”- আপোনাৰ বা মোৰ বাবে দেখাত ই এক সাধাৰণ বাৰ্তালাপ যদিও ইয়াৰ অন্তঃৰালত লুকাই থাকে আপুনি বা মই অনুভৱ কৰিব নোৱাৰা অসংখ্য ভাৱৰ বুৰবুৰণি। বৰ্তমান মই কোভিড কাউন্সেলিং চেন্টাৰ, উজানবজাৰত কৰ্মৰত। সংক্ৰমণৰ জটিল শিকলি ভাঙি মহানগৰীক কৰ’ণাৰ গ্ৰাসৰ পৰা ৰক্ষা কৰাই আমাৰ গুৰুদায়িত্ব। আজিকালি স্বাস্থ্যমন্ত্ৰীৰ ৰাতিৰ টুইটে পিছদিনাৰ ব্যস্ততাৰ উমান দিয়ে। বিগত কেইবাদিনৰ পৰা কৰ’ণা ভাইৰাচ বা কোভিডক খুব ওচৰৰ পৰা লগ পাইছো , ৰোগী বা অভিভাৱক সকলৰ নানা প্ৰশ্নৰ সন্মুখীন হৈছো, কিছুমান জটিল পৰিস্থিতিত নিজকে আবিষ্কাৰ কৰিছোঁ আৰু অনেক অভিজ্ঞতা সঞ্চয় কৰিছোঁ।
কৰ’ণা ভাইৰাচ দিজিজ -২০১৯ বা কোভিড-১৯ ৰ বিষয়ে বা ইয়াৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ ল’বলগীয়া সাৱধানতা খিনিৰ কথা আমি ইমান দিনে বহুত চিকিৎসকৰ পৰা শুনি আহিছোঁ। মই এই লেখাটোৰ জৰিয়তে এই বেমাৰটোৰ লগত জড়িত ৰোগীৰ মানসিক দিশ তথা কিছুমান সামাজিক দিশত গুৰুত্ব আৰোপ কৰিম।

কৰ’ণা মানে ইংৰাজীত crown অৰ্থাৎ মুকুট । আক্ষৰিক অৰ্থত এই মুকুট পিন্ধা ভাইৰাছটোৱে আজি বেমাৰৰ ৰজা হৈ গোটেই পৃথিৱীত গীজগিজাই আছে আৰু ইয়াৰ কৰাল গ্ৰাসত আজি সমগ্ৰ পৃথিৱী স্তব্ধ হৈ গৈছে। আচলতে এই বেমাৰটো অতিমাৰি হিচাপে প্ৰতিষ্ঠিত হোৱাৰ আঁৰত আছে ইয়াৰ বিয়পিব পৰা ক্ষমতা যি বেলেগ বেমাৰৰ তুলনাত অতি প্ৰবল।

ৰোগীক পজিটিভ হোৱাৰ সংবাদ দি হাস্পাতাললৈ পঠিয়াম বুলি কোৱাৰ পিছত আমি নিয়মিত ভাবে সন্মুখীন হোৱা প্ৰশ্নটো হল- ” মোৰ বেমাৰৰ একো লক্ষণ নাই , তেনেস্থলত মোক কিয় লৈ যোৱা হব?”
এতিয়া কথাটো হল আমি ইমান দিনে দেখি অহা সৰহভাগ ৰোগীৰ কোনো লক্ষণ নাথাকে। কিন্তু শৰীৰত বেমাৰৰ অৱস্থিতি ধৰা পৰাৰ পিছত কেতিয়া আপোনাৰ স্বাস্থ্য বেয়াৰ ফালে গতি কৰে সেয়া ক’ব নোৱাৰি। যিহেতু বেমাৰটোৱে হাওঁফাওঁৰ ক্ষতি কৰে সেয়েহে যিকোনো মুহূৰ্তত আপোনাৰ দেহত oxygen saturation কমি যোৱাৰ ফলত আপোনাক বাহ্যিক ভাবে oxygen বা mechanical ventilation দিব লগা হ’ব পাৰে। তেতিয়া যদি আপুনি সময়ত হাস্পাতালত উপস্থিত নহয় , কথা বিষম হব পাৰে। বহুত ৰোগীয়ে কয় “মই 2 মিনিটলৈ উশাহ ধৰি ৰাখিব পাৰো” কিন্তু এনে পৰিসংখ্যাই আপোনাৰ হাওঁফাওঁৰ ক্ষমতা নিৰ্ধাৰণ নকৰে । কেন্সাৰ , মধুমেহ, উচ্চ ৰক্তচাপ, বৃক্কৰ ৰোগ, এইডছ, হাওঁফাওঁৰ কোনো পুৰণি ৰোগ ইত্যাদিয়ে কোভিদক আপোনাৰ শৰীৰৰ বিস্তাৰ ক্ষতি সাধন কৰিবলৈ ৰঙা দলিছা পাৰি দিয়ে। আজিকালি মধুমেহ আৰু উচ্চ ৰক্তচাপৰ সমস্যা সৰহভাগ ক্ষেত্ৰতে পৰিলক্ষিত হয় । আমাৰ স্বাস্থৰ প্ৰতি এলাগী স্বভাৱটোৰ বাবে ই সময়ত ধৰা নপৰে অথবা আপুনি গম নোপোৱাকৈ আপোনাৰ শৰীৰত ইয়াৰ অৱস্থিতি আমি নুই কৰিব নোৱাৰো। সামাজিক দিশৰ পৰা চাবলৈ গলে , home quarantine অমান্য কৰি ঘৰৰ বাহিৰলৈ আহি আড্ডা দি আন দহজনৰ শৰীৰলৈ বেমাৰ বিয়পোৱাৰ উদাহৰণ আমাৰ সমাজত বহুত আছে । তেনেস্থলত সমাজখনৰ বা আপোনাৰ ঘৰৰ আন সদস্যসকলৰ মঙ্গলৰ বাবে আপুনি হাস্পাতালত থকাটো উচিত বুলি আমি ঠাৱৰ কৰিব খোজো।

দ্বিতীয় গুৰুত্বপূৰ্ণ সমস্যাটো হল-“ভয়”। ভয় হ’ল টেষ্ট কৰালে পজিটিভ আহিব আৰু হাস্পাতাললৈ যাব লাগিব। সেইকাৰণে বহুত লক্ষণ থকা মানুহে নিজে নিজে চিকিৎসা আৰম্ভ কৰিছে। কৰ’ণা এটা self limiting disaese অৰ্থাৎ নিজৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা immunity য়ে নিজে এই ভাইৰাচৰ বিৰুদ্ধে যুঁজি আমাৰ শৰীৰক ইয়াৰ কবলৰ পৰা ৰক্ষা কৰে। সেই যুদ্ধখন চলি থকা সময়ত যদি ৰোগীজনৰ শৰীৰত কিছুমান গুৰু সমস্যা যেনে pneumonia , ARDS , sepsis আদিয়ে দেখা দিয়ে, তেতিয়া তাৰপৰা ৰোগীজনক মৃত্যুমুখত পৰাৰ পৰা ৰক্ষা কৰাটোৱেই চিকিৎসা বিজ্ঞানৰ প্ৰধান লক্ষ্য। জ্বৰ , কাহ আদি লঘু লক্ষণৰ বাবে দৰৱ খোৱাটো ন্যায্য যদিও চিকিৎসকৰ উপদেশ অবিহনে কিছুলোকে antibiotic, hydroxycholoquine আদি দৰব গ্ৰহণ কৰা কথাটো সঁচাকৈয়ে বিপদজনক।

তৃতীয়তে কৰ’ণা টেষ্টক লৈ মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে। আজিকালি টেষ্ট দুই প্ৰকাৰৰ কৰা হয়:
১) ৰেপিড এণ্টিজেন টেষ্ট
২) আৰ. টি. পি চি আৰ (laboratory test)
Rapid টেষ্ট কৰালে যদি পজিটিভ আহে তেতিয়াহ’লে আপোনাৰ লক্ষণৰ ওপৰত ভিত্তি কৰি হাস্পাতাল বা Covid care centre ত ৰখা হয়। আনহাতে নিগেটিভ আহিলে False negative অহাৰ আশংকাত আকৌ এবাৰ laboratory test কৰা হয় যিটোৰ ফলাফল আহোঁতে প্ৰায় চাৰি পাছ দিন সময় লাগে। বিজ্ঞানীয়ে দাবী কৰা মতে যিটো কীটত টেষ্ট কৰোৱা হয় তাত False positive সাধাৰণতে নহয় যদিও false negative হ’ব পাৰে। ৰেপিড টেষ্টত যদি আপোনাৰ FALSE NEGATIVE result ওলায় তেন্তে আপোনাৰ লেবৰেট’ৰী টেষ্টৰ কাৰণে SWAB সংগ্ৰহ কৰা হয় আৰু ইয়াৰ ফলাফল নহালৈকে আপুনি হোম কুৱাৰিণ্টাইনত থকাটো বাঞ্চনীয় ।কিন্তু বহুত মানুহে তেওঁলোকৰ Rapid টেষ্টৰ result চাই ক’ৰণা নিগেটিভ বুলি ভাবি লয়। সেইকাৰণে বহু ক্ষেত্ৰত যেতিয়া লেব’ৰেটৰী টেষ্ট পজিটিভ আহে তেতিয়া সেই ৰোগীজনে ভাবে যে তিনিদিন আগত মোৰ নিগেটিভ আছিল,আজি আকৌ কোনো লক্ষণ নোহোৱাকৈ কেনেকৈ পজিটিভ হ’ল! এই গোটেই কথাটো ভালদৰে বুজি লৈ আমি সাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ কৰাটো জৰুৰী।

বেমাৰ এটা দেহত লৈ গভীৰ অনিশ্চয়তা আৰু এবোজা প্ৰশ্ন বুকুত বান্ধি পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ হাস্পাতালত অকলে দিন কটাবলগীয়া হোৱা কথাটোৱে যিকোনো মানুহক মানসিকভাবে কোঙা কৰি পেলাব পাৰে। সেইকাৰণে বহুতে এই বেমাৰটোৰ লগত মুখামুখি হ’বলৈ ভয় কৰে। যাৰফলত আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। মনত পৰে উজানবজাৰৰ উৰীয়াবস্তিৰ পৰা ৰোগী এজনক হাস্পাতাললৈ নিয়া মুহুৰ্তত তেওঁ ভয়তে পলায়ন কৰি কোঠাৰ ভিতৰত আত্মহননৰ চেষ্টা কৰে। পাছত আৰক্ষীৰ সহায়ত দুৱাৰ ভাঙি আমাৰ সহকৰ্মীয়ে তেওঁক উদ্ধাৰ কৰে। তেওঁ চিঞৰি চিঞৰি কৈছিল -” মোক তালৈ নি ইহঁতে মাৰি পেলাব”। আপোনালোকে উপলব্ধি কৰিব পৰিছে চাগে কেনেকুৱা ধৰণৰ শংকা আৰু অন্ধবিশ্বাস আমাৰ সমাজত প্ৰচলিত হৈছে।

ৰোগী এজন চিনাক্ত হোৱাৰ পিছত আমি সংক্ৰমণ ৰুধিবলৈ তেওঁ পূৰ্বৰ ১৪ দিনত যিসকলৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকৰ নাম বোৰ টুকি লওঁ আৰু পিছত লেবৰটৰী টেকনিছিয়ানে তেওঁলোকৰ স্বাৱ সংগ্ৰহ কৰে। বহুত ঠাইত মানুহবোৰে স্বাৱ দিবলৈ অমান্তি হয় আৰু আমি তেতিয়া আৰক্ষীৰ ভয় দেখুৱাবলৈ বাধ্য হওঁ । বহু ঠাইত আশাকৰ্মীসকলক নামবোৰ আনি দিয়া অপৰাধত অপদস্ত কৰে।
ভয় লগাটো স্বাভাৱিক। এইখিনিতে আমি মানসিক ভাবে প্ৰস্তুত হোৱাটো প্ৰয়োজনীয় কিয়নো আমাৰ ব্যক্তিগত সমস্যা , সংশয়, ক্ষোভ আদিতকৈ আমাৰ সামাজিক দায়বদ্ধতা উৰ্দ্ধত। “প্ৰাঙ্গণ”ৰ জৰিয়তে মই পাঠকসকলক জনাব খোজো যে আপোনালোকে যাতে হাস্পাতালত কোনোধৰণৰ অসুবিধা নাপায় তাৰ বাবে প্ৰয়োজনীয় সকলোখিনি ব্যৱস্থা কৰা হৈছে। চিকিৎসাকৰ্মী সকলে আপোনালোকক সকলোধৰণৰ সহায় কৰিবলৈ অপাৰগ, সেয়েহে আপোনালোকে কুণ্ঠাবোধ নকৰাকৈ স্বাব টেষ্ট কৰাই সমাজখনক সংক্ৰমনৰ পৰা উদ্ধাৰ কৰাত আমাক সহায় কৰক।

দুখ লাগে যেতিয়া এটা পৰিয়ালৰ মাক আৰু দেউতাক পজিটিভ হৈ এটা দহবছৰীয়া আৰু এটা ৩ বছৰীয়া সন্তানক এৰি হাস্পাতাললৈ যায়। এৰি যাবলৈ মন নাই , লৈও যাব নোৱাৰে, বেমাৰে পাব বুলি ভয়। খং উঠে যেতিয়া দুদিন আগত containment zone ঘোষণা কৰি অহা ঘৰখনৰ পৰা কোনোবা এজনে ডিঙিত এখন প্ৰেছক্ৰিপছন আঁৰি ধিতিঙালি কৰি ঘূৰি ফুৰে। দুখ লাগে যেতিয়া ওচৰ চুবুৰীয়া সকলে কোভিড আক্ৰান্ত ৰোগীক তথা তেওঁৰ পৰিয়ালক গালি গালাজ অথবা পৰিহাৰ কৰে। এইবোৰ এক সামাজিক ব্যাধি।আমি ৰোগৰ বিৰুদ্ধে যুঁজিব লাগে ; ৰোগীৰ বিৰুদ্ধে নহয়। এয়া আমাৰ বাবে এক জটিল সময়। এয়া সময় এক হৈ ইজনে আনজনৰ সহায় কৰা।

কৰ’ণাৰ বিৰুদ্ধে এই যুঁজত প্ৰশাসনে ল’কডাউনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ল’কডাউন কিমান ফলপ্ৰসূ ?? ই কাৰ জীৱনত কি প্ৰভাৱ পেলালে, কাৰ কি ক্ষতি কৰিলে তাৰ ওপৰত নিতৌ আলোচনা হৈ থাকে। মই ভাবো যেতিয়ালৈকে আমি নিজে সজাগ নহওঁ, দায়িত্বশীল নহওঁ, তেতিয়ালৈ কোনো ল’কডাউনে আমাক সুৰক্ষিত ৰাখিব নোৱাৰে , বেমাৰ বিয়পোৱাৰ পৰা ৰোধ কৰিব নোৱাৰে । আমি কথাবোৰ বুজি নুঠালৈ; আৰক্ষীৰ গাড়ীখন পিছ দিয়াৰ লগে লগেই মাস্ক খুলি আড্ডা দিয়ালৈ , নিজৰ মা-দেউতাৰ পুৰণিকলীয়া প্ৰেছক্ৰিপছন উলিয়াই লৈ বাহিৰলৈ যোৱাৰ উপায় বিচাৰি থকালৈ , দিনটোত তিনিবাৰকৈ বজাৰ কৰি থকালৈ কৰ’ণাৰ পৰা আমাক কোনেও বচাব নোৱাৰে। কোভিড এখন নাটক নহয়, ই এক মহামাৰী। ৰাজনৈতিক মেৰপাকত সোমাই বিচলিত নহ’ব। আপোনালোকক কৰযোৰে অনুৰোধ জনাইছোঁ নিজে ল’বলগীয়া সাৱধানতাখিনিৰ লগত কৃপনালি নকৰিব। মুখাবৰণ ঠিকমতে পৰিধান কৰক , হাত ধুওক , অনাহকত ঘৰৰ পৰা নোলাব। এয়াই আপোনালোকলৈ মোৰ অনুৰোধ আৰু পৰামৰ্শ।
ঘৰতে থাকক।
সুৰক্ষিত থাকক।

1 COMMENT

  1. Thanks to the writer of the article about COVID 19.for his valuable suggestion. But sorry to say that yet we are not aware regarding Corona. The example of breaking of lockdown by us is 100% practical. I also request all to stay safe yourself and safe your family and society.

LEAVE A REPLY

Please enter your comment!
Please enter your name here