ক্লষ্ট্ৰফোবিয়া

হৃষীকেশ গোস্বামী

আকাশত এটা বিৰাট পেন্দুলাম
অবিৰাম ,নিৰন্তৰ সময় গণনা ।

জলঙাৰে ফোঁট জোন দেখা
জীৰ্ণ চাৰি দেৱালৰ ভিতৰত
এজন মানুহ।

সোঁফালৰ বেৰ খন বাওঁফালে
আৰু বাওঁফালৰ খন সোঁফালে
আহি আছে ,
আহি আছে নে গৈ আছে ?
মাজত মানুহ জন
এসাগৰ নীলিম শিখাৰ মাজত
অগ্নিকুণ্ড মন এটা লৈ
মানুহ জন ৰৈ আছে
ভয়ে ভয়ে ,
ক্ষুধা(?)
কেৱল মৃত্যুৰ ভয়ত?

উঁয়ে ধৰা পালেঙৰ ওপৰত
জীৱনৰ শেষ সপোন দেখা
মানুহজনে বুকুত মাজে মাজে অনুভৱ কৰে এক বিষ
দুখ, ভয় নে অন্য কিবা?

বাঁহৰ বেৰখনত বগাই ফুৰা
এডাল ফেঁটী সাপৰ ভয়ত তেওঁ পলাই ফুৰে।
নিতান্তই প্ৰয়োজনত টানি টানি লোৱা উশাহ কেইটাৰ পৰা ওলোৱা প্ৰচণ্ড শব্দ আৰু
সুদূৰৰ কোনো অশৰীৰীৰ বুকু কপোৱা হাঁহি,
জয়াল ৰাতিৰ সংগী হৈ পৰে।

চাৰিবেৰৰ ক্ষমতা কিমান ?
বেৰৰ ছাঁয়াৰ ক্ষমতা কিমান?
তেওঁ দৌৰি থাকে ,
পাৰ নোপোৱাৰ আশংকাত ,
পাৰবোৰে তেওঁক খেদি ফুৰে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here