কাৰ্ণট ইঞ্জিনৰ কথাৰে – ৬

অনিশ্চয়তা, সংশয়, প্ৰতিবাদ আদি নানা‌ বাধা বিঘিনি অতিক্ৰম কৰি অৱশেষত ট’কিয় অলিম্পিক অনুষ্ঠিত হৈ আছে। উত্তৰ কোৰিয়াক বাদ বিশ্বৰ সকলো দেশেই বৰ্তমান ট’কিয় অলিম্পিকত ভাগ লৈ আছে। কোভিদ ১৯ৰ প্ৰকোপৰ বাবে সাধাৰণ দৰ্শক শূণ্য হ’লেও অলিম্পিকৰ উৎসাহ হেৰাই যোৱা নাই। টেলিভিছন আৰু মোবাইলৰ জৰিয়তেই বিশ্ববাসীয়ে উপভোগ কৰিছে নিজৰ দেশৰ খেলুৱৈ সকলৰ অতুলনীয় প্ৰতিভাৰ প্ৰদৰ্শন। মৃত্যু, হতাশা, অৰ্থনৈতিক সংকটৰ দৰে এশ এবুৰি সমস্যাই জৰ্জৰিত কৰিলেও খেল আৰু ক্ৰীড়াৰ প্ৰতি থকা তাগিদা আৰু উন্মাদনাই মানৱ জাতিক শক্তি আৰু আশা যোগাইছে।
২০২০ বৰ্ষই সমগ্ৰ পৃথিৱীক মৃত্যু আৰু শংকাৰ কৰাল গ্ৰাসত ঠেলি দিছিল। তাৰ ফলস্বৰূপে এখন এখনকৈ কৈ স্থগিত হৈছিল বিশ্বৰ প্ৰধান ক্ৰীড়া অনুষ্ঠানসমূহ। তাৰ ভিতৰত অলিম্পিকৰ লগতে ইউৰো কাপ, কোপা আমেৰিকা ইত্যাদি অন্যতম। কিন্তু ২০২১ বৰ্ষত পৰিস্থিতি কিছু অনুকূল হোৱাৰ লগে লগে এখন এখনকৈ স্থগিত অনুষ্ঠান অনুষ্ঠিত হৈ আছে। খেলুৱৈ সকলৰ কেৰিয়াৰ আৰু জীৱিকা বাদ দিলেও এই ক্ৰীড়া অনুষ্ঠানসমূহে বিশ্বজুৰি গৃহবন্দী হৈ থকা কোটি কোটি লোকক মনোৰঞ্জনৰ লগতে দুঃসময়ৰ মোকাবিলা কৰাত অলপ হ’লেও বৰঙনি যোগাইছে।
বছৰৰ আৰম্ভণিতেই ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াত অবিশ্বাস্য ভাৱে টেষ্ট শৃংখলা দখল কৰে। অভিজ্ঞতাৰ ফালৰ পৰা তেনেই অনুজ এমুঠি ভাৰতীয় প্ৰতিভাৱান খেলুৱৈয়ে গাব্বাত অনুষ্ঠিত অন্তিমখন টেষ্টত জয়লাভ কৰি ইতিহাস ৰচনা কৰে। “Fortress Gabba has fallen” এইশাৰী বাক্যই ক্ৰিকেট বলিয়া ভাৰতীয় সকলক এই সংগ্ৰামৰ মাজত প্ৰদান কৰে অনাবিল আনন্দ। অষ্ট্ৰেলিয়াত কৰা শৃংখলা দখলৰ বাবে ভাৰতীয় দলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলাৰ সুযোগ লাভ কৰে। কোৰোণাৰ লগতে অৰ্থনৈতিক পতনৰ বিৰুদ্ধে যুঁজি থকা ভাৰতত তেনেই সাধাৰণ যেন লগা জয়লাভ এটিয়ে উৎসাহ আৰু উৎসৱৰ ধল বোৱাই আনে।
পৰৱৰ্তী সময়ত বিশ্বৰ আটাইতকৈ জনপ্ৰিয় খেল ফুটবলৰ দুখন অতি গুৰুত্বপূৰ্ণ চেম্পিয়নশ্বিপ প্ৰায় সমসাময়িকভাৱে অনুষ্ঠিত হয়- ইউৰো কাপ আৰু কোপা আমেৰিকা। ইউৰোপত ইতিমধ্যে কোভিদ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ বাবে তুমুলভাৱে উৎসাহিত ষ্টেডিয়াম ভৰ্তি দৰ্শক আৰু অনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত হয় ২০২০ চনতেই অনুষ্ঠিত হ’ব লগা ইউৰো কাপ। যেন পুণৰুজ্জীৱিত হৈ উঠিল খেলুৱৈৰ লয়-তাল-ছন্দৰ সৈতে সংগত কৰা দৰ্শকৰূপী বাদ্য। অৱশ্যে দক্ষিণ আমেৰিকাত কোভিদৰ শংকা চলি থকাৰ বাবে ফাইনেল খনৰ বাদে আনবোৰ খেল দৰ্শনকবিহীন ভাৱেই পতা হয়। কিন্তু ষ্টেডিয়ামত বহি খেল চোৱাৰ সৌভাগ্য নহ’লেও টেলিভিছনৰ পৰ্দাত অগণন লোকে এই দুই বৃহৎ ক্ৰীড়োৎসৱ উপভোগ কৰে। এবছৰ জুৰি খেলৰ উন্মাদনাৰ পৰা বঞ্চিত বিশ্ববাসীক সেই সোৱাদ দিয়াত এই দুই অনুষ্ঠানে অকণো ক্ৰুটি নাৰাখিলে।
জুলাই মাহৰ ২৩ তাৰিখৰ পৰা অতিৰিক্ত এবছৰৰ অপেক্ষাৰ অন্ত পেলাই অনুষ্ঠিত হৈ আছে “the greatest show on Earth”। কিছু সময়ৰ বাবে সমস্যাবোৰ পাহৰি প্ৰতিখন দেশৰ জনগণে নিজৰ খেলুৱৈক দিছে হিয়াভৰা উৎসাহ আৰু সমৰ্থন। সকলোতকৈ উৎসাহজনক খবৰটো হ’ল এইবাৰ অলিম্পিকত বিভিন্ন দেশত আশ্ৰয় লোৱা শৰনাৰ্থীসকলৰ এক বিশেষ দলে অংশগ্ৰহণ কৰিছে। গৃহযুদ্ধ, দুৰ্ভিক্ষৰ দৰে বিভিন্ন বিভীষিকাময় পৰিস্থিতিৰ মুখামুখি হৈ অহা শৰনাৰ্থী ক্ৰীড়াবিদসকলৰ এই অংশগ্ৰহণ নিশ্চিতভাৱে সংগ্ৰামৰ অন্তত অহা কৃতকাৰ্যতাৰ আটাইতকৈ উৎকৃষ্ট নিদৰ্শন। পৃথিৱীৰ সকলো কোণৰ পৰা ক্ৰীড়াবিদ সকলে সমাগত হৈ প্ৰতিদ্বন্দিতাৰ লগতে একতা আৰু শান্তিৰ বাবে খেলাৰ লক্ষ্য লৈ ১৮৯৬ চনত আৰম্ভ হোৱা অলিম্পিকৰ উদ্দেশ্য যেন এইবাৰ সঁচা অৰ্থত সফল হ’ল।
মানৱ জীৱনত খেল আৰু ক্ৰীড়াৰ মাহাত্ম্য চলন্ত সময়ে আমাক মৰ্মে মৰ্মে উপলব্ধি কৰোৱাইছে। হাজাৰ নিৰাশাৰ মাজতো প্ৰিয় খেলৰ প্ৰদৰ্শন অথবা প্ৰিয় খেলুৱৈৰ সফলতা মানসিক তৃপ্তিৰ উৎস। সেইবাবেই হয়তো কোৱা হয় , “Sports keep us alive!” ।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here