কাৰ্ণট ইঞ্জিনৰ কথাৰে (৪)

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

মাত্ৰ কেইদিনমান পূৰ্বে দেশবাসী মগ্ন হৈ আছিল দেৱী দুৰ্গাৰ আৰাধনাত। কৰ’ণাৰ প্ৰকোপত পূজাৰ উৎসাহ আৰু আড়ম্বৰ কিছু ম্লান পৰিলেও দেৱীৰ প্ৰতি ভক্তি কোনো গুণে কমা নাই। সকলোৰে এটাই উপাসনা- দুৰ্গতিনাশিনীয়ে কৰ’নাসুৰৰ পৰা পৃথিৱীক ৰক্ষা কৰক।

কিন্তু সেই দুৰ্গতিনাশিনীৰ উপাসনাৰ দেশতেই বাৰে বাৰে দুৰ্গতিৰ সন্মুখীন হয় নাৰী। মাত্ৰ ডেৰ মাহ পূৰ্বে সংঘটিত হৈ গ’ল বুকু কঁপাই যোৱা হাঠৰাচ ধৰ্ষণ কাণ্ড। তাৰ পিছৰ কিছুদিন ছ’চিয়েল মিডিয়া ভৰি পৰিল নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ বন্ধ কৰাৰ দাবী অথবা নাৰীৰ প্ৰতি সহমৰ্মিতাৰ পোষ্টৰেৰে। চৰকাৰ, প্ৰশাসন, আৰক্ষী সকলোকে তীক্ষ্ণ গৰিহণা আৰু প্ৰশ্নবাণেৰে থকা সৰকা কৰা হ’ল। আৰু তেনেদৰেই সাগৰত ওফন্দি উঠা ঢৌ পাৰলৈ আহি নিজৰ অস্তিত্ব হেৰোৱাৰ দৰেই কেইদিনমান পিছতেই “ব্যস্ত” সমাজৰ মানসপটৰ পৰা অন্তৰ্ধান হ’ল কোনোবা কামুক লম্পটৰ জিঘাংসাৰ বলি হোৱা এগৰাকী ১৯ বছৰীয়া মৃত যুৱতী। ছ’চিয়েল মিডিয়া আকৌ “ট্ৰিগাৰ” হ’বলৈ হয়তো আন এগৰাকী নিষ্পাপ নাৰীয়ে দিব লাগিব বলিদান।

“প্ৰেক্টিকেল” পৃথিৱীত আৱেগিক দিশ বাদ দি যদি আমি পৰিসংখ্যাৰ দিশলৈ চাওঁ, সেয়া আৰু অধিক হতাশাজনক। National Crime Records Bureauৰ তথ্য অনুসৰি ২০১৯‌ বৰ্ষত ভাৰতত ৩২,০৩০টা গোচৰ ৰুজু কৰা হয়। অৰ্থাৎ প্ৰতিদিনে ভাৰতত ৮৭ গৰাকী নাৰী ধৰ্ষণৰ মুখামুখি হয়। ২০১৮ বৰ্ষত ইয়াৰ সংখ্যা আছিল ৯১। আটাইতকৈ ভয়ংকৰ কথা হ’ল, এই সকলোবোৰ অভিযোগৰ ভিতৰত, ৩০ শতাংশতকৈও কম অপৰাধীক শাস্তি প্ৰদান কৰা হয়। অৱশ্যে, এয়া আমি নুই কৰিব নোৱাৰোঁ যে ৰুজু হোৱা আটাইসমূহ গোচৰৰ ভিতৰত মিছা অভিযোগো থাকে। কিন্তু এয়াও সত্য যে ভাৰতবৰ্ষত প্ৰতিদিনে বহুত এনে ধৰ্ষণ সংঘটিত হয় যিবোৰৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নহয়।

সমস্যাৰ সমাধান অবিহনে তাৰ বিষয়ে বিতং আলোচনা কৰি থকাটো অৰ্থহীন। প্ৰত্যেক বছৰে NCBRৰ তথ্যই দেশৰ স্বৰূপ উদঙাই দিয়ে। অথচ এই পৰিসংখ্যাৰ গ্ৰাফডাল নিম্নমুখী হোৱাৰ কোনো লক্ষণ দেখাৰ সৌভাগ্য আমাৰ হোৱাই নাই। যি সময়ত ভাৰতত শিক্ষিত নাগৰিকৰ হাৰ বৃদ্ধি হৈ আছে, সেই সময়ত যৌন অপৰাধৰ হাৰত কোনো পৰিৱৰ্তন নোহোৱাটো চিন্তনীয় বিষয়। প্ৰশ্ন হয়- শিক্ষাই মানসিকতাৰ পৰিৱৰ্তন আৰু উত্তৰণত কোনো প্ৰভাৱ পেলাব পৰা নাই নেকি?
শিক্ষাৰ প্ৰকৃত মূল্য বুজি পোৱা যিকোনো ব্যক্তিয়ে ইয়াৰ উত্তৰত এয়াই ক’ব যে মানসিকতা আৰু ব্যক্তিত্বৰ উন্নতিৰ মূল আহিলাই হৈছে শিক্ষা। তেনেস্থলত এয়া মোটামুটি স্পষ্ট যে এই শিক্ষা ব্যৱস্থাত হয়তো কিবা ক্ৰুটি আছে অথবা শিক্ষাদানৰ পদ্ধতিত আছে কিবা বিসংগতি।

আমাৰ শিক্ষা পাঠ্যক্ৰমত অষ্টম শ্ৰেণীত প্ৰজনন আৰু যৌন শিক্ষাৰ এক থূলমূল আভাষ দিয়া হয়। পৰৱৰ্তী সময়ত দশম শ্ৰেণীত ইয়াৰ বিষয়ে কিছু বিস্তাৰিত আলোচনা কৰা হয়। কিন্তু দুৰ্ভাগ্যজনকভাবে, এই পাঠটো শিক্ষকে ছাত্ৰক আন পাঠৰ দৰে শিকাই বুজাই দিবলৈ সংকোচবোধ কৰে। “Reproduction”, “sexual” ইত্যাদি শব্দবোৰ দেখিলেই যেন শিক্ষক আৰু ছাত্ৰ উভয়কে লাজ আৰু কুণ্ঠাৰ দেৱালে আৱৰি ধৰে। ইয়াৰ ফলত, কোনো ছাত্ৰই পাঠটো মুখস্থ কৰি পৰীক্ষাত নম্মৰ লাভ কৰিলেও তাৰ নৈতিক আৰু বাস্তবিক গুৰুত্ব বুজিবলৈ সক্ষম নহ’বও পাৰে। কিন্তু ইয়াত আমি শিক্ষকসকলকো দূষিব নোৱাৰোঁ। পূৰ্বৰ পৰা চলি অহা অৱধাৰিত পৰম্পৰা এটাক আওকাণ কৰি ব্যতিক্ৰমী শিক্ষা দিয়াৰ সাহস আঙুলিৰ মূৰত লেখিব পৰা শিক্ষকেহে কৰিব।

অৱশ্যে আমাৰ দেশত কোনোদিনে বিদ্যালয়ৰ মুখ নেদেখা দুৰ্ভগীয়া বাসিন্দা অজস্ৰ আছে। কিন্তু কোৱা হয়, ব্যক্তি এজনৰ প্ৰথম শিক্ষা ঘৰতেই আৰম্ভ হয় । পিছে ভাৰতীয় সমাজত, পিতৃ-মাতৃয়ে সন্তানৰ আগত যৌনতা, গৰ্ভধাৰণ, গৰ্ভপাত, যৌন ৰোগ ইত্যাদিৰ বিষয়ে আলোচনা কৰাটো পাপ বুলি গণ্য কৰা হয়। কন্যা শিশু এটি ডাঙৰ হৈ অহাৰ লগে লগে শৰীৰ আৰু “সন্মান”ৰ বিষয়ে বাৰে বাৰে সোঁৱৰাই দিয়া হয় যদিও একেখন ঘৰৰে ল’ৰাজনৰ সৈতে ভুলতেও যৌনতা সম্পৰ্কে কোনো আলোচনা কৰা নহয়। এক গুৰুত্বপূৰ্ণ শিক্ষাৰ অভাৱৰ ফলতেই একোজন ল’ৰা পাছলৈ হৈ পৰে এজন লম্পটৰ চৰিত্ৰৰ অধিকাৰী। অথচ, সকলো বুজিও, এই ভুলৰ নিৰ্মূলৰ বাবে কোনো অভিভাৱকে আগভাগ লোৱা পৰিলক্ষিত নহয়।
এই সকলোবোৰৰ পৰা এটা কথা স্পষ্ট যে অভিভাৱকেই হওক বা‌ শিক্ষকেই , সকলো সমাজৰ তথাকথিত শালীনতাৰ বান্ধোনেৰে আবদ্ধ। ইয়াৰ বাবে কোনোবা এজনক আমি দোষী সজাব নোৱাৰোঁ।

এই সমস্যাৰ সমাধান কি সেয়া এক জ্বলন্ত প্ৰশ্ন। কোনে কাক‌ শিকাব? প্ৰজন্মৰ পৰা প্ৰজন্ম বাগৰি অহা পৰম্পৰা এটা ওফৰাই পেলাবলৈ আৰু কিমান সময়? অন্য কোনো শিক্ষাৰ দৰেই যৌন শিক্ষা কেতিয়া সাধাৰণ হৈ পৰিব?

আশাৰ বতৰা এটাই যে এপাচি শাকত এটা জালুকৰ লেখীয়া যদিও এই বিষয়ে সজাগ লোকো আছে। বিশেষকৈ এই প্ৰজন্মৰ ভালেমান প্ৰতিনিধিয়ে এই ক্ষেত্ৰত নিজৰ জ্ঞানৰ পৰিচয় দি আহিছে। ভৱিষ্যতলৈ তেওঁলোকে পৰৱৰ্তী প্ৰজন্মক কুণ্ঠবোধ নকৰাকৈ এই সজাগতা আগবঢ়াই দিয়াটো তেওঁলোকৰ দ্বায়িত্ব হৈ পৰিছে।

সমস্যা সমাধানৰ বাবে সমস্যাৰ কাৰণ পোখে-পোঘালিয়ে উঘালি পেলোৱাটো আটাইতকৈ উৎকৃষ্ট উপায়। যৌন শিক্ষাক কেৱল বৈজ্ঞানিক ভাৱেই নহয় , নৈতিক ভাৱে মনত বহাই দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। যিদিনা কেৱল ছ’চিয়েল মিডিয়াত পোষ্ট দিয়াতেই দ্বায়িত্ব সামৰা বুলি গণ্য নকৰি কোনো লুকঢাক আৰু কুণ্ঠাবোধ নকৰাকৈ খোলা খুলিকৈ এই বিষয়বোৰৰ আলোচনা কৰা হ’ব, সেইদিনাই হয়তো নিশা দহ বজাত ঘৰৰ পৰা ওলোৱাৰ আগতে কোনো নাৰীয়ে এশবাৰ ভাবিব নালাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here