কাৰ্ণট ইঞ্জিনৰ কথাৰে

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

আলোচনীখন পঢ়িবলৈ ৱেবছাইটটো খুলি আপুনি হয়তো ভাবিছে প্ৰথমটো শিতানৰেই নামটো অলপ অদ্ভুত। সম্পাদকীয়ৰ স্থানত অদ্ভুত নামেৰে নামাংকিত এই শিতানটো আচলতে কি? কেৱল মনোযোগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে নে নেপথ্যত অন্য কিবা কাৰণ আছে?

কাৰ্ণট ইঞ্জিন প্ৰকৃততে এক কাল্পনিক ইঞ্জিন। ইয়াৰ কৃতকাৰ্যতা (efficiency) আটাইতকৈ বেছি। সেইবাবেই আমাৰ চাৰিজনীয়া ৱাট্ছএপ গ্ৰুপটোৰ নাম দিয়া হৈছিল “কাৰ্ণট ইঞ্জিন”। এই গ্ৰুপৰ দুগৰাকী সদস্যৰ মনত এদিন এক যাদৃচ্ছিক পৰিকল্পনা হিচাপে থিতাপি লাভ কৰিছিল “প্ৰাঙ্গণ” । আজি “কাৰ্ণট ইঞ্জিন”ৰ প্ৰচেষ্টা আৰু শুভাকাংশীসকলৰ সহযোগত আপুনি “প্ৰাঙ্গণ”ৰ প্ৰথম সংখ্যা পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। “প্ৰাঙ্গণ”ৰ প্ৰথম সপোনস্থলী আৰু আমাৰ বন্ধুত্বলৈ সন্মান যাচি এই শিতানটোৰ নাম “কাৰ্ণট ইঞ্জিনৰ কথাৰে” ৰখা হ’ল।

এতিয়া আমাৰ মূল উদ্দেশ্যলৈ আহোঁ‌। বিখ্যাত ফুটবল খেলুৱৈ আৰু বিশেষজ্ঞ জোহান ক্ৰুফে এষাৰ কথা কৈছিল, ” Choose the best for every position, and you’ll not end up with a strong XI but with 11 strong 1’s”। ক্ৰুফৰ এই কৌশল আমি অনুসৰণ কৰিব বিচাৰিছোঁ। প্ৰত্যেকগৰাকী লিখকৰ শ্ৰেষ্ঠ সৃষ্টি প্ৰকাশ কৰিবলৈ আমি আগ্ৰহী। একো একোটা শ্ৰেষ্ঠ লিখনিৰ সমাহাৰেৰে এখন উত্তম আলোচনী তৈয়াৰ কৰি পঢ়ুৱৈ সমাজক মানসিক তৃপ্তি দিয়াই আমাৰ লক্ষ্য। তাৰবাবে আমি অহোপুৰুষাৰ্থ কৰিবলৈ সাজু।

গুৰু-গম্ভীৰ সম্পাদকীয় এটা লিখি উপদেশ অথবা পৰামৰ্শ দিয়াৰ যোগ্যতা আৰু অভিজ্ঞতা- দুয়োটাৰে আমাৰ অভাৱ আৰু তেনে ধৃষ্টতা আমি নকৰোঁ। মাত্ৰ ম’বাইল, ইন্টাৰনেট আৰু ছ’চিয়েল মিডিয়াত আসক্ত বুলি প্ৰায়েই গালি খোৱা এই প্ৰজন্মৰ প্ৰতিনিধিস্বৰূপে এটা কথা ব্যক্ত কৰিব খুজিছোঁ।

” The only thing we have to fear is fear itself”, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিজৰ উদ্বোধনী বক্তৃতাত ফ্ৰেংকলিন ডি. ৰুজভেল্টে এই প্ৰখ্যাত বাক্যষাৰী কৈছিল। ১৯৩৩ চনৰ ৪ মাৰ্চত কোৱা সেই কথাষাৰীৰ গুৰুত্ব হয়তো কিছু পৰিমাণে এই প্ৰজন্মই হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে জীৱনত “ৰিস্ক” ল’বলৈ কুণ্ঠাবোধ নকৰে। হয়তো সেইবাবেই এই প্ৰজন্মই যিদৰে “কা”ৰ বিৰুদ্ধে সংগ্ৰামত ৰাজপথ উদ্বেল কৰি প্ৰাণৰ বিসৰ্জন দিবলৈ ভয় নকৰে; ঠিক তেনেদৰে ল’কডাউনৰ সময়ত দিহিং পাটকাইৰ সুৰক্ষাৰ বাবে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰি চৰকাৰক বাধ্য কৰোৱাৰ ক্ষমতাও ৰাখে। সেয়েহে ৰাজনীতিৰ পৰা সমাজনীতিলৈ, সংগীতৰ পৰা সাহিত্যলৈ অথবা ইতিহাসৰ জ্ঞানৰ পৰা বৈজ্ঞানিক সচেতনতালৈ, প্ৰায় সকলো দিশ সম্পৰ্কে এই প্ৰজন্মৰ অভিমত জনাৰ এক ক্ষুদ্ৰ প্ৰয়াসেই হ’ল “প্ৰাঙ্গণ”। আগন্তুক সময়ত শদিয়াৰ পৰা ধুবুৰীলৈ এই যুৱশক্তিৰ চিন্তাধাৰাক এখন মঞ্চ প্ৰদানেই “প্ৰাঙ্গণ”ৰ সফলতা বুলি আমি গ্ৰহণ কৰিব পাৰিম।

এইখিনিতেই আমি কেইগৰাকীমান ব্যক্তিৰ নাম ল’ব খুজিছোঁ যাৰ অবিহনে “প্ৰাঙ্গণ”ৰ প্ৰকাশৰ বাট কিছু কঠিন হৈ পৰিলহেঁতেন। সেয়েহে এই সুযোগতে আমি তেওঁলোকক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ । সায়ন্তন শইকীয়া , ত্ৰিদীৱ ভাগৱতী আৰু ৰক্তিম ৰঞ্জন বৈশ্যক তেওঁলোকৰ পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ।  প্ৰাচুৰ্য তালুকদাৰলৈ ধন্যবাদ যাচিছোঁ। Prangon.in ৱেবছাইট প্ৰস্তুত কৰিছে Invision গোষ্ঠীয়ে। লগতে প্ৰচাৰ আৰু কাৰিকৰী দিশত আমাক যথেষ্ট সহায় আগবঢ়োৱাৰ বাবে জীৱন নাথৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথম সংখ্যাত আমাৰ অনুৰোধত নিজৰ বহুমূলীয়া সময় খৰচ কৰি লেখাসমূহেৰে আমাক ধন্য কৰা সকলো লেখক-লেখিকাৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ’ম।

বিশ্বত্ৰাস কৰ’না মহামাৰীয়ে আমাৰ দৈনন্দিন জীৱনশৈলীত এক দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব। এই মহামাৰীৰ বিৰুদ্ধে সমুখ সমৰত থিয় দিয়া আমাৰ চিকিৎসক, নাৰ্চ আৰু আৰক্ষী প্ৰশাসনক আমি নমন কৰিছোঁ। তেওঁলোকৰ কষ্ট আৰু কৰ্মনিষ্ঠাৰ ওচৰত বিশ্ববাসী চিৰঋণী হৈ ৰ’ব। কিন্তু ইয়াৰ মাজত আমি অন্য চাকৰিয়াল আৰু সেৱা খণ্ডৰ সৈতে জড়িত লোকসকলক পাহৰিলে তেওঁলোকৰ প্ৰতি অন্যায় কৰা হ’ব। বেংক কৰ্মচাৰী, পশু চিকিৎসক, অভিযন্তা, বিভিন্ন বিভাগত কৰ্মৰত বিষয়া- মহৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ গাখীৰ, তৰকাৰী বিক্ৰেতা , বাছ চালক ইত্যাদি; প্ৰত্যেক গৰাকীয়ে সমাজৰ চকা চলাই নিয়াত নিজৰ অৱদান নিস্বাৰ্থভাৱে আগবঢ়াই আছে। সেয়েহে “প্ৰাঙ্গণ”ৰ প্ৰথম সংখ্যা চিকিৎসা সেৱাৰ সৈতে জড়িত সমূহৰ লগতে ৰাতিপুৱা মুখত মাস্ক পিন্ধি ঘৰৰ পৰা কৰ্মস্থান অভিমুখে ওলাই যোৱা প্ৰত্যকগৰাকীলৈ উচৰ্গা কৰিলোঁ।

এইখিনিৰে এই সংখ্যাৰ “কাৰ্ণট ইঞ্জিনৰ কথা’ সামৰিছোঁ। দুচকুত অদম্য হেঁপাহ আৰু মনত উকমুকাই থকা এক আলোড়ন লৈ আমি “প্ৰাঙ্গণ” আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে “প্ৰাঙ্গণ”ক আদৰি লৈ আমাক উৎসাহিত কৰিব। আলোচনী খনত ৰৈ যোৱা ভুল-ভ্ৰান্তিৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। ভুলবোৰ আঙুলিয়াই দিয়াৰ লগতে মূল্যবান দিহা-পৰামৰ্শ আগবঢ়াই আমাক এই যাত্ৰাত সহযোগ কৰিব বুলি আমাৰ বিশ্বাস আছে।

হেমাংগিনী দাস
পল্লৱ কুমাৰ দাস
প্ৰত্যুষ প্ৰতিম দাস
বিক্ৰমজিত দেউৰী

13 COMMENTS

    • সুন্দৰ, শুভেচ্ছা যাচিলো আগলৈ আলোচনীখনে পঢ়ুৱৈ সমাজৰ সমাদৰ পাবলৈ সক্ষম হব ।

    • সুন্দৰ পদক্ষেপ। ‘প্ৰাঙ্গণ’লৈ আন্তৰিক শুভকামনা। ‘কাৰ্ণট ইঞ্জিন’ৰ প্ৰচেষ্টা সফল হওঁক।

  1. “কাৰ্ণট ইঞ্জিন”ৰ প্ৰচেষ্টা সফল হওক..

  2. বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইমাত্ৰ পঢ়িলোঁ কাৰ্ণট ইঞ্জিন , লিখনি খুব উন্নত মানদণ্ডৰ হৈছে, নতুন প্ৰজন্মৰ এনে লিখনিয়ে মোক আবেগিক কৰি তুলিছে। আগুৱাই যোৱা ।ই আলোচনীয়ে পাঠকক উৎসাহিত কৰিব।ধন্যবাদ

  3. নামটো ভাল লাগিছে সম্পাদকীয় পৃষ্ঠাটোৰ । দোষ আঙুলিয়াই দিবৰ কাৰণে নহয়, সকলোৱে জানিবৰ কাৰণেহে কথা এষাৰ কব ওলাইছো । কাৰ্ণট ইঞ্জিনৰো efficiency ১০০% নহয়, সদায় ১০০% তকৈ কম । কাৰ্ণটে সেইটোকে দেখুৱাইছিল । বাকী পৃষ্ঠাবোৰ পঢ়া নাই এতিয়ালৈ । পঢ়িলে মন্তব্য দিব লগা থাকিলে দিম । দেখাত কিন্তু সুন্দৰ হৈছে, ভিতৰিও সুন্দৰ হব বুলি বিশ্বাস ।

    • ক্ষমা কৰিব ছাৰ ভুলবশঃত ৰৈ গ’ল। দেখুৱাই দিয়াৰ বাবে অশেষ ধন্যবাদ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here