কাৰ্ণট ইঞ্জিনৰ কথাৰে(৬)

বিগত বৰ্ষত ক’ৰনা মহামাৰীৰ ফলত হোৱা লকডাউনত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায় আৰু উদ্যোগসমূহৰ ভিতৰত চলচ্চিত্ৰ উদ্যোগ অন্যতম। লকডাউন সম্পূৰ্ণৰূপে শিথিল কৰাৰ পাছতো চিনেমা হলসমূহ উদং। বৰ্তমানলৈকে আগশাৰীৰ প্ৰযোজক- পৰিচালকসকলে ওটিটি (OTT)ৰ জৰিয়তে নিজৰ চলচ্চিত্ৰৰ মুক্তি দিবলৈ পছন্দ কৰি আছে।
হয়তো কিছুদিনৰ পাছত ছবিগৃহবোৰ পুনৰ দৰ্শকেৰে ভৰি পৰিব। প্ৰত্যেক শুক্ৰবাৰে একোখনকৈ নতুন ছবিয়ে মুক্তিলাভ কৰিব। কিন্তু ছবিৰ জনপ্ৰিয়তাৰ গঠন আৰু ধাৰাৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা তথাপিও কম। প্ৰসিদ্ধ তাৰকাসমৃদ্ধ অথচ সবল কাহিনীবিহীন ছবিবোৰে শ শ কোটি কোটি উপাৰ্জন কৰাৰ বিপৰীতে হৃদয়স্পৰ্শী, বাস্তৱধৰ্মী আৰু আড়ম্বৰহীন ছবিবোৰৰ শ্বোত এজন-দুজন দৰ্শকে শান্তনামূলক পুৰস্কাৰৰ দৰে ছবিখনৰ সৌন্দৰ্য্যত নীৰৱে মুগ্ধ হ’ব। প্ৰশ্ন হয়, কিয় এই নিয়মে ইমান দৃঢ়ভাৱে খোপনি পুতিছে?

১৯২৯ চনৰ ১৬ মে’ত প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল। তেতিয়াৰ পৰা ৯২খন ছবিয়ে তাত নিজৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিছে। অৱশ্যে ২০২০ বৰ্ষৰ বিজেতা “পেৰাছাইট”ৰ পূৰ্বে কোনো অনা-ইংৰাজী ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা নাছিল। “পেৰাছাইট”ৰ বিজয়ে অনা-ইংৰাজী ছবিৰ বাবে বিজয়ৰ পথ মুকলি কৰি দিলে। কিন্তু শ্ৰেষ্ঠ ছবি হিচাপে অভিহিত হোৱাটো দূৰৰে কথা, বিশ্বৰ বৃহত্তম ছবি উদ্যোগসমূহৰ ভিতৰত অন্যতম হোৱা স্বত্বেও ১৯৫৭ চনৰ পৰা মাত্ৰ তিনিখন ভাৰতীয় ছবিয়ে অস্কাৰৰ বাবে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ২০০৯ত শ্ৰেষ্ঠ ছবিৰে পুৰষ্কৃত ব্ৰিটিছ ছবি “শ্লামডগ্ মিলিয়নাৰ” (Slumdog millionaire) ছবিখন পটভূমি ভাৰতৰ “শ্লাম” অঞ্চলৰ ওপৰত আধাৰিত। অৰ্থাৎ ভাৰতত কাহিনীৰ অভাৱ নাই।

ভাৰতৰ প্ৰায় ৬০ শতাংশ নাগৰিকে “working class”ৰ অন্তৰ্গত। অৰ্থাৎ তেওঁলোকে দিনযোৰা শাৰীৰিক পৰিশ্ৰমৰ জৰিয়তে জীৱন নিৰ্বাহ কৰে। মাহৰ মূৰত কিছু সঞ্চয় কৰি তেওঁলোকে এখন ছবি উপভোগ কৰিবলৈ ছবিগৃহলৈ ঢাপলি মেলে। সেয়েহে তেওঁলোকৰ উদ্দেশ্য কেৱল মনোৰঞ্জন। তত্ত্বগধুৰ কাহিনী এটিৰ অন্তৰ্নিহিত অৰ্থ বুজাৰ ইচ্ছা আৰু ধৈৰ্য দুয়োটাৰে কিছু অভাৱ থাকে। ছবিখনৰ নামত বিনিয়োগ কৰা তিনি ঘন্টাটো যাতে তেওঁলোকে হাঁহি-ফূৰ্টি কৰি কটোৱাব পাৰে, সেয়াই অধিকাংশ দৰ্শকৰ বাঞ্ছনীয়।

ভাৰতীয় দৰ্শকৰ এই দুৰ্বলতাৰ সুযোগ প্ৰযোজক, পৰিচালক আৰু তথাকথিত “বলিউড ষ্টাৰ”সকলে পূৰামাত্ৰাই গ্ৰহণ কৰে। অৰ্থহীন আৰু অবাস্তৱ কাহিনীক অতিমাত্ৰা “মছলা” সানি সংগীতৰ মায়াজালত আবদ্ধ কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখাৰ কৌশল তেওঁলোকে ভালকৈ আয়ত্ত কৰিছে।

ইয়াৰ উপৰিও আন কিছুমান কাৰকে ভাৰতীয় চলচ্চিত্ৰক বাৰুকৈয়ে ক্ষতি কৰিছে। ২০২০ চনত অস্কাৰৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰবেশ আছিল জোয়া আখতাৰ পৰিচালিত আৰু ৰনৱীৰ সিং- আলিয়া ভাট অভিনিত “গালী বয়”। এই ছবিখন নিসন্দেহে এখন ভাল ছবি আছিল। কিন্তু “গালী বয়”তকৈ বহু গুণে বেছি উৎকৃষ্ট কেইবাখনো সমসাময়িক ছবি যেনে “তুম্বড়”, “ছুপাৰ দিলাক্স”, “আমিষ” ইত্যাদি নিৰ্মাণ হৈছিল। এই ছবিকেইখনে যোগ্য স্বীকৃতি নোপোৱাৰ কাৰণ হ’ল ভাষা। আঞ্চলিক ছবি হোৱাৰ বাবেই এই ছবিকেইখনতকৈ নিম্নমানৰ কিন্তু মূলসুঁতিৰ ছবি এখনে প্ৰাধান্য লাভ কৰিলে। অৱশ্যে এই ঘটনাক লৈ সচেতন ছবিপ্ৰেমী সকলে সমালোচনাৰে থকা-সৰকা কৰি পেলালে।

অৱশ্যে এনে নহয় যে ১৯৫৭ চনৰ পৰা ভাৰতে প্ৰতিবাৰে কেৱল অযোগ্য ছবি এখন অস্কাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচন কৰিছে। কেইবাখনো যোগ্য ছবিয়ে পূৰ্বতে এই কৃতিত্ব অৰ্জন কৰিছে। কিন্তু কিছু বছৰৰ পৰা, বিশেষকৈ বলীউডত “ভাল” ছবি মৰুভূমিত পানীৰ লেখীয়া হৈছে। দৰ্শকৰ অবিবেচক সঁহাৰিয়ে প্ৰযোজকসকলক আৰু বেছি অদ্ভূত ছবি নিৰ্মাণ কৰিবলৈ উৎসাহ যোগাই আছে। কম বাজেটৰ অৰ্থপূৰ্ণ ছবিবোৰে একাংশ দৰ্শকৰ মন জয় কৰিলেও ব্যৱসায়িকভাৱে মুখ থেকেচা খাইছে।

হলীউদৰ ছবিবোৰৰ ফালে যদি আমি লক্ষ্য কৰোঁ, আমি দেখা পাম যে তাত আটাইতকৈ অসম্ভৱ পটভূমি, অতিমাত্ৰা বৈজ্ঞানিক কল্পনাপ্ৰসূত ছবি থকাৰ লগতে দৈনন্দিন জীৱনৰ কঠিন বাস্তৱবোৰক অকণো নাটকীয় ৰহণ নসনাকৈ উদঙাই দিয়া ছবিও আছে। এই বিভিন্ন ধাৰাৰ ছবিয়ে নিজৰ যোগ্যতা অনুসৰি দৰ্শকৰ সঁহাৰি লাভ কৰে। ভাৰতত হয়তো ভাষাৰ সীমাবদ্ধতাৰ বাবে আঞ্চলিক ছবি এখনে সমগ্ৰ দেশত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব পাৰে, কিন্তু হিন্দী মূলসুঁতিৰ ছবি এখনৰ এই সীমাবদ্ধতা কম। সঁচা অৰ্থত ভাল কাহিনী আৰু প্ৰয়োজনীয় মনোৰঞ্জনৰ মাজত সন্তুলন ৰক্ষা কৰা হিন্দী ছবিবোৰে আশানুৰূপ সঁহাৰি লাভ কৰে।

কোৱা হয়, চাক্ষুস অভিজ্ঞতা শ্ৰুতিতকৈ অধিক প্ৰভাৱশালী। এই দুয়োটা অভিজ্ঞতাৰ মিশ্ৰণৰ ফলত চলচ্ছিত্ৰ মগজুত পোনপতীয়াকৈ প্ৰভাৱ পেলাব পৰা অতি শক্তিশালী মাধ্যম হৈ পৰে। এই শক্তিৰ সু-প্ৰয়োগ কৰাটো সেয়েহে আৱশ্যক হৈ পৰে । চলচ্চিত্ৰৰ মাজেৰে মনোৰঞ্জনৰ লগত সমসাময়িকভাৱে দৰ্শকৰ মনত নতুন চিন্তাধাৰাৰ বীজ ৰোপণ কৰিব পাৰি, স্পৰ্শকাতৰ বিষয়সমূহৰ নিৰ্মোহ বিশ্লেষণ কৰিব পাৰি। এই আটাইখিনি গুণ একেলগে ঠাহ খালে ভাৰতীয় চলচ্চিত্ৰ অদ্বিতীয় নোহোৱাৰ কোনো আসোঁৱাহেই নাথাকিব।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here