কাৰ্ণট ইঞ্জিনৰ কথাৰে (৩)

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

-নৱবৰ্ষৰ অশেষ শুভকামনা জনালোঁ! ২০২০ বৰ্ষই আপোনাৰ জীৱনলৈ লৈ আহক আনন্দ আৰু উদ্দ্যম আৰু উদ্দ্যম!

-বহুত বহুত ধন্যবাদ! আপোনালৈও যাচিলো নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা!

২০২০ চন! এনেদৰেই অযুত হেঁপাহ আৰু প্ৰতিশ্ৰুতিৰে বিশ্ববাসীয়ে এটি নতুন দশকৰ অগ্ৰদূত হিচাপে বৰ আশাৰে এই বৰ্ষটো আদৰিছিল। পিছে সেই আশাত বৰ নিষ্ঠুৰভাবে চেঁচাপানী পৰিল। এটাৰ পাছত এটা ধাৰাবাহিক দুৰ্ঘটনা আৰু হতাশাজনক খবৰে সকলোকে জুৰুলা কৰি আছে।

কিন্তু এই হতাশা, প্ৰতিকূলতাৰ উপদ্ৰৱৰ মাজেৰে সংগোপনে সকলোৰে জীৱনত গঢ়ি উঠিল নতুন অভ্যাস, জীৱনশৈলীৰ নতুন স্বভাৱ। ক’ৰণা মহামাৰীৰ আৱিৰ্ভাৱ অবিহনে কিছু নিকট ভৱিষ্যতত হ’বলগীয়া ঘটনাবোৰ এতিয়া নিত্যনৈমিত্তিক। অনলাইন পাঠদান, “ৱৰ্ক ফ্ৰম হ’ম”, নিত্য ব্যৱহাৰ্য প্ৰায় সকলো সামগ্ৰীৰ হোম ডেলিভাৰী, ইত্যাদি এতিয়া শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে বোধগম্য হৈ উঠিছে। যেন বৰ্তমানতেই ভৱিষ্যতে ঠেলি- হেঁচি নিজৰ স্থান গ্ৰহণ কৰিলে।

এই নতুন অভ্যাস, দৈনন্দিন জীৱনশৈলীৰ ফলত সকলোৰে অলক্ষিতে ক্ষতিগ্ৰস্ত হৈ আছে এটি বিশেষ সময়। সেয়া হৈছে শৈশৱ। ইতিমধ্যে টি.ভি আৰু ম’বাইলৰ চাৰিবেৰৰ মাজত শৈশৱ আবদ্ধ হোৱাৰ দিশে ধাৱমান হৈছিলেই। তাৰ পাছতো যি অলপমান আশা আছিল, ল’কডাউনে সেয়াও কলিতে টিপ মাৰিলে।

এটি চিৰস্মৰণীয় শৈশৱ, ম’বাইলৰ প্ৰভাৱত অধিকাংশই এক চঞ্চল কৈশোৰ জীৱন পাৰ কৰি প্ৰাপ্তবয়স্কৰ পুৰঠ মানসিকতা আৰু দ্বায়িত্বৰ সৈতে লাহে লাহে পৰিচিত হ’বলৈ ধৰিছে এই প্ৰজন্ম। আমাৰ পূৰ্বৰ প্ৰজন্মৰ শৈশৱৰ দৰে অতি ৰোমাঞ্চকৰ নহ’লেও এই প্ৰজন্মই সৌভাগ্য ক্ৰমে লাভ কৰিছে এটি সুগঢ়ী শৈশৱ। টি.ভিত টেণ্ডুলকাৰ-ছেহৱাগৰ বেটিং উপভোগ কৰাৰ পৰা নিজে বেট ধৰালৈ; “ইণ্ডিয়ান আইডল” উপভোগ কৰি ৰাতি ভাত খোৱাৰ পৰা মঞ্চত নিজে পৰিবেশন কৰালৈ; সঁফুৰা, ৰংমন, টিংকল পঢ়ি চিঠি লিখাৰ পৰা অকণি ন’কিয়া ম’বাইলটোত সাঁপৰ গেম খেলালৈ, এই প্ৰজন্মই পাৰ কৰিছে এটি দ্বৈত অভিজ্ঞতাৰে পুষ্ট শৈশৱ। পঢ়া-শুনাৰ লগতে আন প্ৰয়োজনীয় কাৰ্যবোৰৰ মাজত এটি সুন্দৰ সামঞ্জস্য থকা “শৈশৱ” এটা পোৱা বুলি এই প্ৰজন্মই গৌৰৱ কৰিব পাৰে।

আমাৰ অগ্ৰজ প্ৰজন্মৰ শৈশৱ নিসন্দেহে আমাৰ প্ৰজন্মতকৈ অধিক ৰোমাঞ্চকৰ আছিল। মাঁ-দেউতাৰ মুখত সাধুকথাৰ দৰে শুনিবলৈ পাওঁ সৰুতে তেওঁলোকে সমনীয়াৰ সৈতে একেলগে কৰা কামবোৰ। সময়ে সময়ে পথাৰত কাম কৰা, মাছ মৰা, বাঁহ-বেতৰ আটকধুনীয়া বস্তু সজা, ৰবাব টেঙাৰে ফুটবল খেলা, লোকৰ বাৰী খুঁচৰি ফল-মূল সংগ্ৰহ কৰা, ৰাতিপুৱা আকাশবাণীত “আজি পুৱা” শুনা, “গীতিমালিকা”ত প্ৰিয় গান বজাবলৈ অনুৰোধ জনোৱা, ৰেডিঅ’ কোনোবা ডাঙৰ লোকৰ মৃত্যুৰ খবৰ শুনি স্কুল বন্ধ বা হাফ-দে পোৱাৰ আনন্দত হাঁহি দিয়া, ৰেডিঅ’তে শুনি ১৯৮৩ চনৰ বিশ্বকাপ জিকাৰ সোৱাদ পোৱা ইত্যাদিৰ মূল্য হয়তো কোনোদিনেই জুখিব পৰা নাযাব। অৱশ্যে এইটো কথাও সঁচা যে তেওঁলোকে আমাতকৈ অলপ হ’লেও এটি কষ্টকৰ শৈশৱ পাৰ কৰিছে। কিন্তু সেই কষ্টৰ ফলতেই তেওঁলোকে হয়তো শৈশৱতে লাভ কৰিছিল জীৱণবোধৰ শিক্ষা।

এতিয়া আহিছো মূল চিন্তনীয় বিষয়টোলৈ। আমাৰ পৰৱৰ্তী প্ৰজন্ম অৰ্থাৎ বৰ্তমান যিকেইটা শিশুৰ বয়স ১-১০ বছৰৰ ভিতৰত, তেওঁলোকৰ ক্ষতিগ্ৰস্ত শৈশৱ। ক’ৰণাৰ উৎপাতৰ আগৰ পৰাই আৰম্ভ হৈছিল এই প্ৰক্ৰিয়া, এতিয়া ল’কডাউনত তাৰ প্ৰকোপ বঢ়াৰ লগতে এটি উৎকৃষ্ট অজুহাতো হৈ পৰিছে। আটাইতকৈ দুখ লগা কথাটো হ’ল এই অৱধাৰিত গতিৰ জন্ম দিয়া দোষত দোষী এই শিশু সকলৰেই পিতৃ মাতৃ। কোলাত তুলি লৈ মৰম আদৰেৰে ভাত খাব নোখোজা শিশুক খুৱাই দিয়াৰ সলনি মাকবোৰে এতিয়া কণ কণ শিশুক ভাত খুৱাব বাবে হাতত তুলি দিয়ে ইউটিউব ভিদিও। গধূলি ওচৰত বহাই লৈ বুঢ়ী আইৰ সাধু অথবা ইশপৰ সাধু শুনোৱাৰ বিপৰীতে মোবাইল গেম খেলিবলৈ উৎসাহ দিয়াৰ আঁৰত আছে পিতৃসকল।ঘৰতেই শিকাব পৰা A,B,C অথবা ১,২,৩ শিকাবলৈ বিদ্যালবোৰে এতিয়া নাৰ্ছাৰীৰ পৰা অনুষ্ঠিত কৰে অনলাইন ক্লাছ। অৰ্থাৎ এতিয়া এটি ৭-৮ বছৰীয়া শিশুৰো প্ৰয়োজন হৈছে এটা ব্যক্তিগত মোবাইল অথবা টেবলেট। কিন্তু ইয়াৰ আঁৰত কোনো অপৰিহাৰ্য্য যুক্তি আছে জানোঁ??

এয়া সত্য যে পৃথিৱীখন বহুত আগবাঢ়ি গৈছে। জীৱনৰ প্ৰত্যেক খোজতে এতিয়া তুমুল প্ৰতিযোগিতা আৰু তাত বৰ্তি থাকিবলৈ সৰুৰে পৰা এটি শিশুক সাজু কৰি তোলাটো প্ৰয়োজনীয় হৈ পৰিছে। কিন্তু তাৰ অৰ্থ এয়া নহয় যে তেওঁলোকৰ পৰা শৈশৱ কাঢ়ি অনাৰ অধিকাৰ আমাৰ আছে। মানিছোঁ চহৰৰ যান্ত্ৰিকতাৰ মাজত ঘৰৰ বাহিৰত খেলাৰ পৰিবেশ আৰু সুযোগ দুয়োটাৰে অভাৱ। কিন্তু তাৰ মাজতো উচিত বিকল্প বিচাৰি উলিওৱা দায়িত্ব মাক দেউতাকৰ লগতে সমাজখনৰো।
মানৱ জাতিয়ে নিজৰ উত্থানক লৈ যিমান অহংকাত নকৰিলেও, কৰণা মহামাৰীয়ে উদঙাই দিছে আমাৰ দুৰ্বলতা, খুলি পেলাইছে প্ৰকৃতিৰ ওচৰত আমাৰ অসহায় অৱস্থাৰ আৱৰণ। বিভীষিকাৰ মাজতো সকলোৱে ভাবিবলৈ বাধ্য হৈছে জীৱন কিমান অনিশ্চিত, মৃত্যু ভয়ৰ আগত ধন সম্পত্তি কিমান মূল্যহীন। তাৰ মাজতে আমাৰ অলক্ষিতে অথবা অসাৱধানতাত ক্ষতিগ্ৰস্ত হয় আছে জীপাল শৈশৱ। তাৰ প্ৰতি সজাগ হ’বলগীয়া সময় নিশ্চয় আহি পৰিছে। অন্যথা শৈশৱৰ প্ৰকৃত অৰ্থ বুজি পোৱা অন্তিম প্ৰজন্ম হৈ ৰ’ব আজিৰ প্ৰজন্ম। জুবিনৰ “মনলে উভতি আহে ল’ৰালি” ৰোমন্থন কৰিবলৈ কোনো নাথাকিব!

2 COMMENTS

  1. Page tu bhal lage pori 😇 akhor bilak o dangor dangor rokha hoise. Overall layout tu obbhal lagise bohut. Agor bar ata 2ta article porisilu. Bhal lagise. 💚

LEAVE A REPLY

Please enter your comment!
Please enter your name here