কাৰ্ণট ইঞ্জিনৰ কথাৰে (২)

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

পুৰুষ আৰু নাৰী। প্ৰকৃতিৰ অপাৰ শক্তি, অদ্বিতীয় সৃষ্টিশীলতা আৰু নানা বিবৰ্তনৰ মাজেৰে ধাৱমান হোৱা বৰ্ণময় ধাৰাবাহিকতাৰ ধ্বজাবাহক এই দুটি মানৱ জাতি। পৰস্পৰৰ অবিহনে অস্তিত্বহীনতাত ভোগা এই দুটি জাতিক লৈয়েই ধৰাৰ বুকুত সৃষ্টি হৈ আহিছে অলেখ কাহিনী, উত্থান-পতনৰ গাথা।

শাৰীৰিক আৰু মানসিক স্তৰত প্ৰকৃতিয়ে নিজৰ দুই আত্মোভৱক দিছে পৃথক গঠন, শক্তি আৰু ক্ষমতা। কিন্তু সভ্যতাৰ বিকাশৰ অৰুণোদয় হোৱাৰ পৰাই মানৱ জাতিৰ এই দুটি অংশৰ মাজত সামাজিক স্তৰতো গঢ়ি উঠিল পাৰ্থক্য; আহি পৰিল অগ্ৰাধিকাৰ আৰু প্ৰাধান্যৰ অঘোষিত নিয়ম-নীতি। বিশ্বৰ অধিকাংশ সমাজেই হৈ পৰিল পুৰুষ প্ৰধান।

আক্ষৰিক অৰ্থত পুৰুষ প্ৰধান সমাজ এখন পুৰুষৰ বাবে এক অত্যন্ত সুবিধাজনক স্থিতি। বাস্তৱতো এয়া মিছা নহয়। জন্মলগ্নৰ পৰাই এজন পুৰুষে সম পৰ্যায়ৰ নাৰীতকৈ অলপ হ’লেও বেছি ক্ষমতা, স্বাধীনতা আৰু গুৰুত্ব লাভ কৰে। এই অগ্ৰাধিকাৰ প্ৰায়েই নিষ্ঠুৰ, অন্যায়। কিন্তু স্পাইডাৰমেনক আংকল বেনে কোৱা “With great power comes great responsibility” কথাষাৰৰ বাস্তৱিক অৰ্থ কিছু ক্ষেত্ৰত প্ৰতিফলিত নোহোৱাকৈ নাথাকে। “Great” নহ’লেও, অধিকাংশ পুৰুষৰ ক্ষমতা, বিশেষাধিকাৰ আৰু প্ৰাধান্যৰ বিশাল চাদৰৰ আঁৰত লুকাই থাকে “দ্বায়িত্ব”।

ভাৰতীয় সমাজ এখন অত্যাধিকভাৱে পুৰুষ প্ৰধান সমাজ। ইয়াৰ একমাত্ৰ উল্লেখযোগ্য ব্যতিক্ৰম হ’ল মেঘালয়ৰ সমাজ। অৰ্থাৎ এইআষাৰ কথা ক’লে ভুল নহ’ব যে ৯০ শতাংশ পৰিয়ালত এটি ল’ৰা সন্তানৰ জন্ম হ’লে যি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়, এটি কন্যা শিশুৰ জন্মত সেই উৎসাহ-আহ্লাদ কিঞ্চিৎ হ’লেও ম্লান পৰে। কিন্তু ফাৰহান কুৰেশ্বিৰ দেউতাকে ” মেৰা বেটা ইঞ্জিনীয়াৰ বনেগা” বুলি কোৱাৰ দৰে বহু ক্ষেত্ৰত এটি নিৰীহ বালকৰ বাবে তেনে এক স্বগোক্তি জীৱনৰ ভাগ্যনিয়ন্তা হৈ পৰে। তেতিয়া নহ’লেও , পাছলৈও বহুত ল’ৰাৰ শিৰত সঁপি দিয়া হয় এটি বিশেষ পেচা গ্ৰহণ কৰাৰ আকাংক্ষা ,উচ্চাভিলাষ অথবা পৰিয়ালৰ মৰ্যাদা ৰক্ষাৰ গুৰুদ্বায়িত্ব। অৱশ্যে এনে ঘটনা কেৱল যে ল’ৰাই সন্মুখীন হয় তেনে নহয়, আধুনিক সমাজখনত ছোৱালী এগৰাকীয়েও কিছু কিছু ক্ষেত্ৰত তেনে পৰিস্থিতিত সোমাই পৰে।

দ্বিতীয় পটভূমিত , তেনে এক পৰিয়ালৰেই জীয়ৰী ডাঙৰ হৈ অহাৰ লগে লগেই, ক্ৰমাৎ শাৰীৰিকভাৱে নাৰীত্বৰ সম্পদ লাভ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগেই তেওঁৰ ওপৰত আৰোপ কৰা হয় নানা বাধা, নিজকে সুৰক্ষিত কৰি ৰখাৰ নীতি- নিৰ্দেশনা। বিপৰীতে ল’ৰাজনে লাভ কৰে অবাধ স্বাধীনতা, মুক্ত বিচৰণ কৰাৰ সুবিধা। কিন্তু ইয়াৰ এটা ওলোটা দৃশ্য আছে। দৃশ্যটোৰ মূল বস্তু চকুপানী। নাৰীয়ে চকুপানী টুকিলে সেয়া দুখৰ আত্মপ্ৰকাশ যদিও এজন পুৰুষৰ অশ্ৰু সিক্ত নয়ন তেওঁৰ দুৰ্বলতাৰ পৰিচয়। পুৰুষে যে কান্দিব নোৱাৰে!

তৃতীয় দৃশ্যত, প্ৰায় প্ৰত্যেকখন ঘৰতেই পিতৃৰ স্থান সৰ্বত্তোম। ঘৰখনৰ স্বাৰ্থত লোৱা প্ৰতিটো নিৰ্ণয়ৰ বাবে পিতৃৰ মতামতে পায় আগস্থান। কিন্তু পৰিয়ালৰ বাঘজৰী নিজৰ হাতত ৰাখিলেও এগৰাকী পিতৃয়ে আজীৱনৰ বাবে এক দ্বায়বদ্ধতা গ্ৰহণ কৰে। সেই দ্বায়বদ্ধতা তেখেতে নিজৰ যৌৱন কালতেই উপলব্ধি কৰে যেতিয়া তেওঁৰ মানসপটত “ঘৰখনক কি কৰি খুৱাবি” প্ৰশ্নটোৱে স্থান লাভ কৰে। এগৰাকী পুত্ৰ, এগৰাকী স্বামী আৰু তাৰ পাছত এগৰাকী পিতৃ হিচাপে কৃতকাৰ্য হ’বলৈ পুৰুষৰ এক ইচ্ছা নিশ্চয় থাকে, সেই আকাংক্ষা পূৰণ কৰিবলৈ অধিকাংশ পুৰুষে অবিৰাম চেষ্টা চলায়।

এয়া সম্পূৰ্ণ সত্য যে মাতৃৰ সমান উদাৰ , মৰমিয়াল আৰু বিশাল মনৰ অধিকাৰী কোনো হ’ব নোৱাৰে। মমতা আৰু বাৎসল্য নাৰীৰ অবিকল্পিত গুন, নাৰীত্বক সুশোভিত কৰি তোলা স্বৰ্গীয় অলংকাৰ। কিন্তু নিজৰ কন্যাক সসন্মানে, ধুমধামেৰে বিবাহত কন্যাদান দিয়াৰ গধুৰ দ্বায়িত্ব পালন কৰা প্ৰত্যেক গৰাকী পুৰুষো নমনীয়।

উনবিংশ শতিকাৰ প্ৰবুদ্ধিৰ পৰা একবিংশ শতিকাত ভৰি দিয়া নাৰীবাদ সমগ্ৰ বিশ্বতেই এক গুৰুত্বপূৰ্ণ আৰু কিছু পৰিমাণে সংবেদনশীল বিষয়। এয়া কেতিয়াও নুই কৰিব নোৱাৰি যে পুৰুষ প্ৰধান সমাজখনৰ কবলত প্ৰায়েই নাৰীক কণ্ঠৰুদ্ধ কৰা হয়। প্ৰত্যেক মূহুৰ্তত শত-সহস্ৰ নাৰী পুৰুষৰ হাতত শাৰীৰিক আৰু মানসিকভাবে নিৰ্যাতিত আৰু নিষ্পেষিত। কিন্তু তাৰ অৰ্থ এয়াও নহয় যে অধিকাংশ সমাজৰ হৰ্তা-কৰ্তা পুৰুষৰ কোনো সমস্যা নাই। নিজেই গঢ় দিয়া মান-মৰ্যাদাৰ নিষ্ঠুৰতাৰ বলি হোৱা পুৰুষৰ উদাহৰণ আমি আমাৰ চাৰিওফালে লক্ষ্য কৰিলেই পাম। অসংখ্য নিষ্পাপ, উৎসাহী, জীৱনমুখী তৰুণে সেই বিশেষ মান-মৰ্যাদা-আত্মসন্মানৰ বৃত্তত বৰ্তি থাকিবলৈ প্ৰতি মূহুৰ্তত বিসৰ্জন দিয়ে নিজৰ ৰঙীন সপোন। প্ৰচণ্ড অনিচ্ছাৰে সৈতে “পৰম্পৰাগত” পেচা গ্ৰহণ কৰি বহুত হৈ পৰে একো একোটা টকা ঘটা যন্ত্ৰ।
এই লেখাৰ মাজেৰে নাৰীৰ সমস্যাৰ প্ৰতি কণা চকু নিক্ষেপ কৰাৰ কোনো উদ্দেশ্য নাই। নাৰী সবলীকৰণ বৰ্তমান এক অপৰিহাৰ্য্য বিষয় আৰু লক্ষ্য। মাত্ৰ এই পুৰুষ প্ৰধান সমাজখন নাৰীৰ লগতে যে কিছু কিছু ক্ষেত্ৰত পুৰুষৰ বাবেও অভিশাপ হৈ পৰে, তাৰে কেইটামান দৃশ্যপট উত্থাপন কৰিবলৈ চেষ্টা কৰা হ’ল।

পুৰুষ আৰু নাৰী। প্ৰকৃতিৰ অপাৰ শক্তি, অদ্বিতীয় সৃষ্টিশীলতা আৰু নানা বিবৰ্তনৰ মাজেৰে ধাৱমান হোৱা বৰ্ণময় ধাৰাবাহিকতাৰ ধ্বজাবাহক এই দুটি মানৱ জাতি। এই দুই অংশ সঁচা অৰ্থত হৈ পৰক পৰস্পৰৰ বাবে অপৰিহাৰ্য। পুৰুষে নাৰীক দিয়ক যথাযথ সন্মান, সমদ্বায়িত্ব গ্ৰহণ কৰাৰ স্বাধীনতা আৰু অধিকাৰ। তাৰ প্ৰতিদান স্বৰূপে নাৰীয়ে স্বীকাৰ কৰক পিতৃ, ভাতৃ, স্বামী অথবা বন্ধুৰ অভেদ্য পুৰুষালিৰ আঁৰত লুকাই থকা দ্বায়বদ্ধতা।
“নিৰ্ভয়া” কাণ্ডৰ দৰে মানৱতাক লজ্জিত কৰা ঘটনা নালাগে।

কিন্তু ঋণৰ বোজাৰে কোঙা হৈ পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ শেষ চেষ্টা হিচাপে আত্মহননৰ পথ লোৱা সৰ্বস্বান্ত কৃষকো আমাক নালাগে।
এখন সুন্দৰ, সজীৱ পৃথিৱী লাগে।
নাৰী-পুৰুষৰ দৈৱ যুগলবন্দীৰ জয়গানেৰে মুখৰিত সমাজ লাগে।

হেমাংগিনী দাস
পল্লৱ কুমাৰ দাস
প্ৰত্যুষ প্ৰতিম দাস
বিক্ৰমজিত দেউৰী

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here