কাৰ্ণট ইঞ্জিনৰ কথাৰে (৫)

“চাওঁতে চাওঁতে বছৰটো পাৰ হৈ গ’ল”, এনেদৰেই আমি প্ৰতিটো বছৰৰ শেষত স্বগতোক্তি কৰোঁ। পিছে ২০২০ ব্যতিক্ৰম হ’ল। যোৱা বছৰটো আমি ক’ৰনাৰ সন্ত্ৰাসত কম্পমান হৈ থাকোঁতে থাকোঁতে, ঘৰৰ ভিতৰত সোমাই লকডাউন খোলাৰ অপেক্ষা কৰোঁতে কৰোঁতে, এটাৰ পাছত এটা অপ্ৰিয় খবৰ সহ্য কৰোঁতে কৰোঁতে আৰু শেষলৈ ক’ৰণাক বুঢ়া আঙুলি দেখুৱাই ভিৰৰ মাজত নিৰ্ভয়ে ঘূৰি ফুৰোতে ফুৰোতেই বছৰটোৱে মেলানি মাগিলে। সঁচাকৈয়ে বাৰু এনেদৰেই পাৰ হ’ল নেকি যোৱা দশকৰ অন্তিমটো বৰ্ষ?
সমগ্ৰ বিশ্বজুৰি আঙুলিৰ মূৰত লেখিব পৰা মানুহ ওলাব যিয়ে ২০২০ বৰ্ষটো “ভাল” বৰ্ষ আছিল বুলি অভিহিত কৰিব বিচাৰিব। এই বছৰটোত অচিন মহামাৰীৰ কবলত পৰি লক্ষ লক্ষ লোকৰ জীৱন বন্তি অকালতে নুমাই গ’ল। অসংখ্যই মৃত্যুৰ পৰা ৰক্ষা পৰিলেও সংস্থাপন আৰু জীৱিকাৰ পথ হেৰুৱাই পৃথিৱীতে নৰক যন্ত্ৰণা লভিলে। বিধ্বস্ত শিক্ষাব্যৱস্থাত ধোৱা-কোৱা হৈ পৰিছে ছাত্ৰৰ ভৱিষ্যত। ইমানৰ পাছত,২০২০ বৰ্ষৰ কিবা “ভাল” দিশ আছে বুলি কোৱাৰ কোনো অৱকাশেই হয়তো নাই। তথাপিও আমি ক’ম, ২০২০ বৰ্ষ ভাল নহ’লেও, সম্পূৰ্ণ বেয়াও নহয়।
“যোগ্য ভোগ্য বসুন্ধৰা”। ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণেই হৈছে মানৱ জাতি। অত্যাধিক প্ৰতিকূল পৰিস্থিতিতো জীয়াই থকাৰ উপায় বিচাৰি উলিয়াব পৰাৰ কাৰণেই অন্য জীৱৰ তুলনাত মানৱ জাতি অপৰাজেয়। কেৱল শাৰিৰীক ভাৱেই নহয় , মানসিক ভাৱেও মানুহে আটাইতকৈ কঠিন পৰিস্থিতিত বিচাৰি উলিয়াব পাৰে আশাৰ ৰেঙনি। তাৰেই প্ৰতিচ্ছবি স্পষ্ট কৰিলে ২০২০ বৰ্ষই।
শৈশৱত সকলোৰে কিছুমান ভাল পোৱা কাম থাকে, যাক আমি “হবী” বুলি কও। কিন্তু সময়ৰ সোঁতত আমি গম নোপোৱাকৈয়ে আমাৰ “হবী”বোৰ দৈনন্দিন জীৱনৰ পৰা খুব সন্তৰ্পণে অন্তৰ্ধান হৈ যায়। কেৰিয়াৰ, চাকৰি ইত্যাদিৰ চাকনৈয়াত পৰি আমি আকৌ তেনেবোৰ কাম কৰিবলৈ সময় নোপোৱাৰ অজুহাত দিওঁ। কিন্তু যোৱা বছৰ, আমি তেনে অজুহাতবোৰ আঁতৰাবলৈ সোণালী সুযোগ পালোঁ। ঘৰৰ ভিতৰত বন্দী হৈ থকা সময় পাৰ কৰিবলৈ আমি যেন পুনৰাৱিষ্কাৰ কৰিলোঁ আমাৰ হৃদয়ৰ কোনোবা কোণত লুকাই থকা হেঁপাহবোৰ। আৰু তেতিয়াই সকলোৱে বুজি উঠিল কেনেদৰে আমি ধন-সম্পত্তি-প্ৰতিপত্তিৰ দৌৰত পাহৰি গৈছিলো মনৰ নিৰ্মল আনন্দবোৰ; কেনেদৰে ইজনে সিজনক পৰাস্ত কৰাৰ প্ৰতিযোগিতাত আমি নিজেই হেৰুৱাই পেলাইছিলো নিজৰ অস্তিত্ব। এয়া নিশ্চয় ২০২০ৰ এক দান!
ঠিক তেনেদৰে, সময় নোহোৱাৰ অজুহাতত আমি নিজৰ পৰিয়ালৰ প্ৰতিও অন্যায় নকৰা নহয়। পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ নিজৰ পৃথিৱীত বাস কৰাৰ ফলত তেওঁলোকৰ মাজত আহি পৰিছিল এক নেদেখা দূৰত্ব। ইজনৰ সিজনৰ প্ৰতি মৰম-আদৰ কমা নাছিল যদিও মনৰ কথাবোৰ পাতিবলৈ আমাৰ চোন সময়ে নাছিল(?)। এই বৰ্ষটোত সময় উভৈনদী হৈ পৰিল। ঘৰৰ চাৰি দেৱালৰ মাজত দিনটোৰ ২৪ ঘন্টা একেলগে কটাই সকলোৱে মৰ্মে মৰ্মে পুনৰ উপলব্ধি কৰিলে পৰিয়ালৰ মূল্য। কামৰ পৃথিৱীখনৰ পৰা কিছু বিৰত থাকি প্ৰকৃত পৃথিৱীখন উপভোগ কৰাৰ সুযোগ জানো কম মূল্যবান?
ক’ৰনাৰ বিৰুদ্ধে যুঁজখনত কোনোবা যদি জয়ী হৈছিল সেয়া হ’ল মানবতা। সমগ্ৰ বিশ্বজুৰি চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী , আৰক্ষী, প্ৰশাসন, পশু চিকিৎসক, বেংক বিষয়া ইত্যাদি সকলোৱে যিদৰে নিস্বাৰ্থভাবে নিজৰ সেৱা আগবঢ়ালে , তাত ৰিণি ৰিণি শুনা গৈছিল মানৱতাৰে জয়গান। তলাবন্ধৰ দিনত যিদৰে সকলোৱে ইজনে সিজনৰ সহায়-সাৰথি হ’ল, সেয়াই মানৱতাৰ মূলভাব। বিপদৰ কালত ভেদাভেদ পাহৰি সকলো আগবাঢ়ি আহিল এই যুঁজত অৱতীৰ্ণ হ’বলৈ। এই বিশ্ব ঐক্য আৰু সংহতিয়ে হয়তো ২০২০ চনৰ আটাইতকৈ ডাঙৰ অৱদান।
সৰ্বশেষত, যোৱাটো বৰ্ষই এটা কথা স্পষ্ট কৰিলে যে মানৱ জাতিয়ে যিমানেই উন্নত আৰু বলবান হোৱাৰ অহংকাৰ নকৰক কিয়, প্ৰকৃতিৰ ৰোষৰ সন্মুখত সদায়ে অসহায়। শত সহস্ৰ বছৰ যুৰি গঢ়ি উঠা সভ্যতাৰ অস্তিত্বক ভেঙুচালি কৰি তাক মষিমূৰ কৰিবলৈ প্ৰকৃতিক বেছি সময়ৰ প্ৰয়োজন নহয়। প্ৰকৃতিক সন্মান কৰি আনবোৰ জীৱ-জন্তুৰ সৈতে সহবাস কৰাই হৈছে মানৱ জাতিৰ ভাগ্য।
যোৱা বছৰটোৱে আমাৰ যথেষ্ট ক্ষতি কৰিলেও একে সময়তে দি থৈ গ’ল জীৱনৰ অমোঘ শিক্ষা। এই শিক্ষা বোৰ বুকুত বান্ধি লৈয়ে আমি আগবাঢ়িছো এক নতুন দশকলৈ। এই দশকতেই হয়তো বিভিন্ন বৈজ্ঞানিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ সাক্ষী হ’ব বিশ্ববাসী। হয়তো “ভাৰ্চুৱেল” প্ৰযুক্তিয়ে সম্পূৰ্ণৰূপে গ্ৰাস কৰিব দৈনন্দিন জীৱন। সেয়েহে যোৱা বছৰটোৱে আমাক দি থৈ যোৱা জীৱনৰ পাঠবোৰ স্মৰণ ৰখাটো আমাৰ বাবে হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ। বিশ্ব শান্তি বজাই ৰাখি সমগ্ৰ মানৱ জাতি লাভান্বিত হোৱা কৰ্মই হ’ব আমাৰ লক্ষ্য।
“Happy new year”ৰ ঠাইত ২০২১ হক “hopeful new year”। সকলোৱে ঘূৰাই পাওক হেৰুওৱা শান্তি, আশা-আকাংক্ষা। বৰ্তমানৰ নৱ প্ৰজন্মৰ বাবে এই দশকটোৱেই হওক তেওঁলোকৰ জীৱনৰ মাইলৰ খুঁটি। “প্ৰাঙ্গণ”ৰ সকলো পাঠকলৈ আমাৰ তৰফৰ পৰা যাচিলো আন্তৰিক শুভেচ্ছা আৰু আশাৰ আগমন।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here