“কা আন্দোলনৰ স্মৰণ”

বেনিশা শইকীয়া

৯ ডিচেম্বৰ,২০১৯ তাৰিখে ৰাতি শুব পৰা নাছিলো।মই য’ত থাকো তাত CAA ৰ কথা কোনেও নাপাতে।কাৰো ক্ষোভ নাই।মই কোঠাটোত সোমাই ছটফটাইছিলো।মোৰ কটনৰ হোষ্টেললৈ গুছি যাবলৈ মন গৈছিল।এপাকত মই বেলকনিলৈ ওলাই আহিলোঁ;ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা বন্ধু সপোনক ফোন লগালোঁ‌,”সপোন,মই কি কৰো?মই থকা হোষ্টেলটোৰ কাৰো CAA ক লৈ একো চিন্তা নাই।মোৰ খং উঠিছে ভিতৰি।কিমানক বুজাম?”

সপোনে মোক ‘জয় আই অসম’ বুলি চিঞৰি দিবলৈ ক’লে।মই লৰালৰিকৈ ভিতৰৰ পৰা তুলি কোবোৱা মাৰিডাল আনিলোঁ আৰু বেলকনিত ৰৈ “জয় আই অসম” বুলি জোৰে চিঞৰি দিলোঁ‌। হাতত মাৰিডাল ইমান জোৰত ধৰি আছিলো যেন মই কাৰোবাক মাৰিডালেৰে কোবাই একেবাৰে মাৰি পেলাম বুলিহে ভাবি লৈছো।

পিছদিনা পুৱা “CAA আমি নামানো” চিঞৰত সাৰ পালোঁ‌।” লৰালৰিকৈ মুখখন ধুই ওলাই আহিলোঁ।লগত হোষ্টেলৰ পাঁ‌চজনী ছোৱালী।ওচৰ পাই দেখিলোঁ‌ শিল্পী সমাজে উলিওৱা দীঘলীয়া এটা সমদল।সমদলটোৰ লগে লগে মই আৰু এজনী বা বহুদূৰ পালোহি।লগত ওলাই অহা বাকীকেইজনী ছোৱালী থাকি অহাৰ বাবে আমি আকৌ উভতি দিলোঁ‌।চান্দমাৰী কলনিত ৰৈ আমি সমদলটো চাই ৰ’লো।মই মাজে মাজে চিঞৰি আছিলো,”জয় আই অসম” বুলি।মোক আচৰিত কৰি লগত থকা দুজনীমান বায়ে ক’লে,”এইৰ লগত থাকিলে লাজ পাই মৰিব লাগিব।” কথাষাৰ শুনি খঙত গোটেইজনী গৰম হৈ গ’লো।”জয় আই অসম” বুলি চিঞৰাত লাজৰ কথা কি হ’ব পাৰে।সিহঁতক একো নোকোৱাকৈ সমদলটোৰ শেষত ময়ো খোজ ল’লো।লগত অভিনেতা নৱদ্বীপ শইকীয়া দা।কিবা মিটিং হোৱাৰ কথা আছিল বাবে গুৱাহাটী ক্লাবত সমদলটো ৰ’ল।মই অকলে গৈ কটনৰ হোষ্টেল MNDP ৰ ওচৰ পালোগৈ।তাৰ পৰা চান্দমাৰীলৈ নিজৰ হোষ্টেল ঘূৰি আহিবলৈ লোৱাত ভাবিলো খালী হাতে নাযাওঁ‌।MNDP ৰ পৰা প্লে কাৰ্ড এখন বাচি ল’লো,”অসমে হিন্দু-মুছলমান কোনো বিদেশী মানি নলয়”। তাৰে জুনিয়ৰ এটাৰ ছাৰ্ট এটা পিন্ধি ওলাই আহিলোঁ।আহি থাকোতে মই অনুভৱ কৰিছিলোঁ‌ যে মোৰ হোষ্টেলৰ ছোৱালীকেইজনীৰ দৰে মানুহৰ লগত একো কৰিব নোৱাৰি;তাতকৈ অকলে ওলাই অহা ভাল।MNDP ৰ পৰা চান্দমাৰীলৈ প্লেকাৰ্ড লৈ আহি থাকোতে যেন মই প্ৰতিটো খোজত মনৰ ক্ষোভ হে উজৰিছিলোঁ‌।মই হোষ্টেলৰ ওচৰ পাইছিলোঁহি।কিন্তু ৰৈ দিবলৈ মন যোৱা নাছিল।

চান্দমাৰীত ল’ৰাৰ জুম এটাই টায়াৰ জ্বলাই আছিল।কাকো পাৰ হৈ যাবলৈ দিয়া নাছিল।মোক দূৰৰ পৰা দেখি সিহঁত ৰৈ গ’ল।অলপ ওচৰ পোৱালৈ সিহঁতে বাটটো এৰি দুয়োফালে দুটা শাৰী হৈ মোক যাবলৈ দিলে।মোৰ কাণত সিহঁতৰ হাত চাপৰিৰ শব্দবোৰ পৰিছিলহি।মোৰ খোজটো খৰ হৈছিল।হেডফোনডাল উলিয়াই গান এটা লগাই লৈছিলোঁ‌,” গতি আজি মোৰ,সীমাৰেখা তোৰ …”।অভাৰব্ৰীজখন পাৰ হৈ কমাৰ্চৰ সন্মুখত আৰু জু তিনিআলিতো একে পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ।মোক বাট উলিয়াই দি হাত চাপৰিৰে প্ৰতিবাদকাৰীয়ে সাহস দিছিল।মোৰ কাণত এবাৰ ছিটিকি আহি পৰিছিলহি,”ছোৱালী হ’লে এনেকুৱা হ’ব লাগে।কোনে কি কৰে চাওঁ নিচিনা”।শুনি আৰু সাহস পাইছিলোঁ।অকলে খোজকাঢ়ি গৈ আছিলো যদিও অনুভৱ হৈছিল মই যেন বহুতৰে ক্ষোভ লগত কঢ়িয়াই নিছো।
কোনোবাই কিবা বেয়াকৈ ক’লে গতি কমিব বুলি গানটো ফুল ভলিউমত শুনি গৈছিলো।যাকে চাইছিলোঁ সকলোকে লাহেকৈ “জয় আই অসম” বুলি কৈ থৈ গৈছিলোঁ‌।এজন ল’ৰাই টায়াৰ জ্বলাই থকাৰ পৰা বাইকত আহি মোৰ লগত কথা পাতিছিলহি।মোৰ সেইখিনি সময়ৰ বাবেও ৰ’বলৈ মন যোৱা নাছিল।কেইজনীমান ছোৱালীয়ে চিঞৰি কৈছিল,”CAA আমি নামানো।” মোৰ ভাল লাগিছিল।ভাবিছিলো সকলো যাতে ৰাস্তালৈ ওলাই আহে একেটা চিঞৰ,একেখিনি ক্ষোভ বুকুত লৈ।

এনেকৈয়ে গৈ থাকোতে বাটত খুউব পিয়াহ লাগিছিল।ক’তো দোকান এখন খোলা নাছিল।মোৰ লগতো পানী নাছিল।মাজতে বেগ লৈ থকা ল’ৰা এজনক পানী বিচাৰিলোঁ নাই বুলি ক’লে।পিয়াহত উপাই নাপাই ভাবিলো হোষ্টেললৈ উভতি যাওঁ‌।কিন্তু হোষ্টেললৈ যাবলৈও বহুত দূৰ।তথাপি উভতি খোজ ল’লো।অলপ দূৰ অহাৰ পিছত ল’ৰা দুজনমানে নিজেই মোলৈ পানী বটল এটা আগবঢ়াই দিলে।বাটত যাওতে ভাবি গৈছিলোঁ‌ -এসময়ত অসমত অফিচ কাছাৰী,শিক্ষানুষ্ঠানত বাংলা ভাষাৰ প্ৰচলন হৈছিল।পিছত মিছনেৰীৰ প্ৰচেষ্টাত আকৌ অসমীয়া ভাষাৰ প্ৰচলন হ’ল।অসমে ছাগে পুনৰ সেই দিন চাবলৈ আগবাঢ়িছে।অসমতে অসমীয়াৰ অস্তিত্ব নিঃশেষ হ’বলৈ গৈ আছে ৰজাঘৰৰ পৃষ্ঠপোষকতাতে।কথাবোৰ ভাবি ভাবি অধিক ক্ষোভিত হৈছিলোঁ।তাতকৈও খং উঠিছিল এইবোৰ দেখিও ওলাই নহা আৰু ওলাই অহাবোৰকো ঠাট্টা কৰাবোৰৰ কথা ভাবি।

সেই খোজখিনি যেন CAA খেদি যোৱা এটা এটা খোজ আছিল।নিজক এবাৰ হ’লেও ‘মই কিবা এটা কৰিলোঁ‌’ বুলি বুজোৱাৰ এটা সৰু প্ৰচেষ্টা আছিল।
মোক ‘জয় আই অসম’ বুলি চিঞৰি দিওঁ‌তে মোৰ লগত থাকিলে লাজ পাই মৰিব বুলি কোৱা ছোৱালীকেইজনীয়ে কিমানদূৰলৈকে মোক অকলে যাবলৈ সাহস দিলে হয়তো নিজেই নাজানিলে।সেই ক্ষোভখিনিৰ বাবেই পূৰ্ব পৰিকল্পনা নোহোৱাকৈ মই ওলাই গৈছিলোঁ‌।

পিছত সিহঁতে ষ্টেটাচত মোৰ ফটো দি “Proud of you” লিখিছিল।তাতকৈ সিহঁতৰ হাতত প্লে কাৰ্ড লৈ দিয়া ফটো দেখাহেতেন মই বেছি সুখী হ’লোহেতেন।

সেইদিনা প্ৰত্যেক খোজতে মই ক্ষোভ উজাৰিছিলোঁ‌।নিজৰ মাজতে যেন এখন যুদ্ধ ঘোষণা কৰিছিলোঁ‌।আন হাজাৰখন যুঁ‌জত জিকিবলে তেনে যুঁ‌জৰ প্ৰয়োজন আছে বুলি ভাবো।সেইদিনা মই জীয়াই থকাৰ উমান পাইছিলোঁ।মোৰ দেউতাৰ মুখখন বাৰে বাৰে মনলৈ আহিছিল।দেউতাই দেশ সেৱাৰ নামত ইমানবছৰ আমাৰ পৰা দূৰত আছিল;মই তেওঁৰ জীয়েক হৈ নিজৰ জাতিটোৰ বাবে মাত মাতিব পৰাকৈ ইমানখিনি সাহস ৰাখিব নোৱাৰিমনে?

দিনটোৱে মোক এটা কথা খুউব ভালকৈয়ে শিকালে,”কিবা কৰিব বিচাৰিলে যদি আনে লগ নিদিয়ে,অকলেই খোজ দিব লাগে।”
ৰবীন্দ্ৰনাথে কোৱাৰ দৰেই,”যদি তোর ডাক শুনে কেউ না আসে,তবে একলা চলো রে।”

15 COMMENTS

  1. বেনিশা❤️
    খুবেই সুন্দৰ হৈছে , “প্ৰাঙ্গন”লৈ অভিনন্দন

  2. বেনিশা বা💞সেউজবুলিয়া মনটোক লৈ আগুৱাই যোৱা🌸যিমান বৰ তোমাৰ লেখা পঢ়োঁ,তোমাক নতুনকৈ পাওঁ😊

  3. এনেধৰণৰ উৎসাহৰ লিখনি বোৰে তেজবোৰ অধিক গৰম কৰি আনে ।

    জয় আই অসম

LEAVE A REPLY

Please enter your comment!
Please enter your name here