‘বাটাৰফ্লাই ইফেক্ট’(Butterfly Effect) আৰু বিশৃংখলতা তত্ব(Chaos Theory)

ৰাস্না বৰুৱা

১৯৫৫ চনৰ ডিচেম্বৰৰ সেই বিশেষ দিনটোত ৰ’জা পাৰ্কচে শ্বেতাংগ মহিলাগৰাকীক নিজ আসন এৰি দিয়া হ’লে কি হ’ল হয়?কোনে জানে যুদ্ধোত্তৰকালীন ‘নাগৰিক অধিকাৰ আন্দোলন’ৰ ৰূপ কেনে হ’ল হয়!

আপেলটো সৰি পৰাৰ ঠিক আগমূহুৰ্তত নিউটন যদি বহাৰ পৰা উঠি গ’ল হয়, কোনে জানে মহাকৰ্ষণৰ মহান সূত্ৰ মানুহৰ হাতত কেতিয়া কি ভাৱে আহি পৰিলহিহেঁতেন!

তেজীমলাৰ সাধুৰ মাহীমাকজনী যদি সাদৰী হ’লহেতেন, তেজীমলাক যদি তেওঁ নিজ জীৰ দৰেই আতোলতোলকৈ ৰাখিলেহেতেন তেন্তে আমি তেজীমলাৰ সাধুটো আজিৰ ধৰণেই জানিলোঁহেতেন নে ?

‘বাটাৰফ্লাই ইফেক্ট’(Butterfly Effect)

ওপৰত উল্লেখ কৰাৰ দৰে অসংখ্য ঘটনা আৰু অনুৰূপ পৰিণতিৰ অনুমান কৰিব পাৰি। প্ৰাৰম্ভিক অৱস্হাৰ সামান্য পৰিবৰ্তনৰ ফলত অবাঞ্চনীয় ফলাফল লাভৰ ঘটনা দৈনন্দিন জীৱনতো সুলভ। এয়ে ‘প্ৰাৰম্ভিক অৱস্হাৰ প্ৰতি স্পৰ্শকাতৰতা’(Sensitive dependence on initial condition), যাৰ জনপ্ৰিয় নাম হ’ল ‘Butterfly Effect’ |
ভৱিষ্যতৰ প্ৰতি মানুহৰ অনুসন্ধিৎসাৰ অন্ত নাই। সেই তাৰণাৰ ফলশ্ৰুতিতে অনেক সাহিত‍্যৰ জন্ম হৈছে, শিল্পৰ সৃষ্টি হৈছে আৰু বিজ্ঞানীসকলৰ বাবেও উন্মোচিত হৈছে চিন্তা আৰু কৰ্মৰ এক বিশাল ক্ষেত্ৰ।

১৯৬১ চনত MIT-ৰ এজন প্ৰফেছৰ, গণিতজ্ঞ তথা বতৰবিজ্ঞানী এডৱাৰ্ড লৰেনছে তেওঁ বিশ্লেষণ কৰি থকা বতৰসম্পৰ্কীয় তথ্য খিনিৰ পৰা এক অভূতপূৰ্ব উপলব্ধি লাভ কৰে।তেওঁ কম্পিউটাৰত তথ্যসমূহ ছয় দশমিক স্হানৰ পৰিবৰ্তে তিনি দশমিক স্হানলৈ বহায়।তেঁও ভাবিছিল যে ইয়াৰ ফলত অন্তিম ফলাফলত বিশেষ সাল-সলনি নঘটিব।কিন্তু প্ৰাপ্ত ফলাফল দেখি তেওঁ আশ্চৰ্যচকিত হৈ পৰে।দুয়োবাৰৰ বিশ্লেষণে সম্পূৰ্ণ বেলেগ ধৰণৰ বতৰৰ নিৰ্দেশ কৰে। প্ৰথমে লৰেনছে কোনো যান্ত্ৰিক বিজুতিৰ বাবে তেনে হোৱা বুলি ভাবে। কিন্তু সতৰ্কভাৱে পৰ্যবেক্ষণ কৰিও তেওঁ কোনো যান্ত্ৰিক ক্ৰুটী বিচাৰি নেপালে।অৱশেষত তেওঁ এই সিদ্ধান্তত উপনীত হ’ল যে প্ৰাৰম্ভিক অৱস্হাৰ নামমাত্ৰ পৰিবৰ্তনেও ফলাফলত উল্লেখযোগ্য প্ৰভাৱ পেলাব পাৰে।এয়া আছিল বিশৃংখলতা তত্ব(Chaos Theory)-ৰ প্ৰথম উপস্হাপন।বিশৃংলতা তত্বই কয় যে জটিল বিশৃংখল প্ৰণালী বোৰৰ যাদৃচ্ছিকতাৰ মাজত এক বিশেষ সাজোন অন্তৰ্নিহিত হৈ থাকে।

এই বিশৃংখলতা তত্বৰ গুৰুত্ব এইখিনিতে যে ই নিউটনীয় বলবিজ্ঞানৰ সূত্ৰসমূহৰ প্ৰতি প্ৰত‍্যাহ্বানৰূপে থিয় দিয়ে।নিউটন তথা তেওঁৰ অনুগামীসকলে ভাবিছিল যে প্ৰকৃতিৰ প্ৰাথমিক নীতি সমূহৰ সহায়ত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ নিৰ্ভুল নিৰ্ণয় সম্ভৱ।‘লেপলাছৰ দানৱ’(Laplace’s Demon)-ৰ কথা এইক্ষেত্ৰত উল্লেখনীয়।‘লেপলাছৰ দানৱ’ এক কাল্পনিক সত্তা।লেপলাছে মতে ই বিশ্বব্ৰহ্মাণ্ডৰ সকলো পৰমাণুৰ নিৰ্দিষ্ট মূহুৰ্তৰ নিৰ্ভুল অৱস্হান আৰু ভৰবেগৰ বিষয়ে জ্ঞাত।এই জ্ঞানৰ সহায়ত নিউটনীয় বলবিজ্ঞানৰ নীতি ব‍্যৱহাৰ কৰি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ অতীত আৰু ভৱিষ্যত নিখুঁতভাৱে নিৰ্ণয় কৰিব পৰা যায়। কিন্তু বিশৃংখলতা তত্বই প্ৰকৃতিৰ যাদৃচ্ছিকতাসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষিত কৰে আৰু নিউটনীয় বলবিজ্ঞানৰ ক্ৰুটী সমূহ আমাৰ চকুৰ আগত দাঙি ধৰে। লগে-লগে তেতিয়ালৈকে বহুলভাৱে গ্ৰহণীয় Clockwork Universe-ৰ ধাৰণাটোলৈও ই আঙুলি টোঁৱায়।

দৰাচলতে বৰ্তমান বা প্ৰাৰম্ভিক পৰিস্হিতিৰ বিষয়ে সম্পূৰ্ণকৈ নজনাৰ বাবেহে ভৱিষ্যত বা ফলাফলৰ বিষয়ে সম্পূৰ্ণকৈ জানিব পৰা নাযায়। আমি সংখ্যাপ্ৰণালীৰ জোখ-মাখৰ ‍‍ক্ষেত্ৰত সততে বিশৃংখলতা দেখা পাওঁ।প্ৰাৰম্ভিক তথ‍্যৰ প্ৰতি এনে স্পৰ্শকাতৰতাক লৰেনছে নাম দিছিল ‘নিৰ্ণয়কাৰী বিশৃংখলতা’(Deterministic Chaos),য’ত বৰ্তমানৰ নিখুঁত জ্ঞানেহে ভৱিষ্যতৰো নিখুঁত নিৰ্ণয় কৰিব পাৰে(When the present determines the future ,but the approximate present does not approximately determine the future).

লৰেনছে দ্ৰৱ-গতিবিজ্ঞানৰ কেইটামান সমীকৰণৰ ক্ষেত্ৰত বিশৃংখলতাৰ আচৰণ অধ্যয়ন কৰে।তেওঁ এই সন্দৰ্ভত “Deterministic Non-periodic Flow” নামেৰে এখন গৱেষণা পত্ৰ প্ৰকাশ কৰি উলিয়ায়। তেওঁ যাদৃচ্ছিকতাৰ মাজতো এক সুসংৱদ্ধ গঠন দেখা পায়। এই গঠনৰ লেখিয় বিন‍্যাসটোক কোৱা হয় ‘লৰেনছ আকৰ্ষক’(Lorentz Attractor)।গতিবিজ্ঞানৰ প্ৰণালীৰ ক্ষেত্ৰত আকৰ্ষক(attractor) হ’ল একোটা সাংখ‍্যিক থূপ যি নিৰ্দিষ্ট এক জটিল বিন‍্যাস অনুসৰণ কৰে। ১৯৭২ চনত এডৱাৰ্ড লৰেনছৰ আন এখন গৱেষণাপত্ৰ প্ৰকাশিত হয়, যাৰ শিৰোনাম হ’ল “Predictability: Does the flap of a butterfly’s wings in Brazil set off a tornado in Texas?”।ইয়ে হ’ল “Butterfly Effect” নামটোৰ ভিত্তি।

‘গেলটন ব’ৰ্ড’(Galton Board)

বিশৃংখলতাৰ মাজত সুপ্ত বিন‍্যাসৰ আন এক সুন্দৰ আৰু আমোদজনক উদাহৰণ হ’ল ‘গেলটন ব’ৰ্ড’(Galton Board) বা ‘বিন মেছিন’(Bean Machine)। পৰিসংখ্যাবিদ ছাৰ ফ্ৰেন্সিছ গেলটনে ১৮৭৪ চনত ইয়াৰ উদ্ভাৱন কৰে। তেওঁৰ নাম অনুসৰিয়ে ইয়াক ‘গেলটন ব’ৰ্ড’ বুলি কোৱা হয়। এই ‘গেলটন ব’ৰ্ড’খনত সৰু-সৰু গজাল কিছুমান ত্ৰিভুজাকৃতিত এক বিশেষ সাজোনত লগোৱা থাকে। সাজোনটো লুডুগুটিৰ পাঁচ সূচোৱা বিন্দু কেইটাৰ দৰে। উক্ত সাজোনটোৰ নাম ‘কুইনকাংচ্’(Quincunx)। সেইবাবেই ‘গেলটন ব’ৰ্ড’ৰ আন এটা নাম হ’ল ‘কুইনকাংচ্’। এই উলম্ব ব’ৰ্ডখনৰ শীৰ্ষভাগৰ ঠিক সোঁমাজত মণি কিছুমান পৰিবলৈ দিয়া হয়। মণিবোৰ গজালবোৰৰ মাজেৰে যাদৃচ্ছিকভাৱে পাৰ হৈ নিম্নভাগত থকা এশাৰী ধাৰকত সোমাইগৈ। যদিও মণিবোৰ যাদৃচ্ছিকভাৱে পৰিবলৈ দিয়া হয়, সিহঁত সকলো ধাৰকতে সমানভাৱে সিঁচৰিত হৈ নপৰে। তাৰপৰিৱৰ্তে মণিবোৰৰ বিস্তৃতিৰ লেখটো হয় ঘন্টাকৃতিৰ (Bell shaped)। এই বিশেষ বিস্তৃতিটোক কোৱা হয় ‘Binomial Distribution’‌। ইয়াৰ সহায়ত গণিতৰ এটা গুৰুত্বপূৰ্ণ উপপাদ্য “Central Limit Theorem”-ৰ ব‍্যাখা কৰিব পৰা যায়। গেলটনে কৰা শাৰীৰিক উচ্চতাৰ দৰে বৈশিষ্ট‍্যৰ বংশানুক্ৰমিক প্ৰবাহৰ অধ্যয়নত “Central Limit Theorem”-ৰ প্ৰয়োগ কৰিছিল। তেওঁ বিশৃংলতাৰ মাজতো সুসংৱদ্ধ বিন‍্যাস দেখি আচৰিত হোৱাৰ কথা তেওঁৰ গ্ৰন্হ “Natural inheritance(1889)”-ত উল্লেখ কৰিছিল।

পৰৱৰ্তী সময়ত এই “Butterfly Effect” অধিক জনপ্ৰিয় হৈ আহে। ইয়াৰ ভিত্তিত বহুতো কল্পবিজ্ঞানৰ কিতাপ, চিনেমা আদিৰ সৃষ্টি হয়।দৈনন্দিন জীৱনৰ অনেক ক্ষেত্ৰত বিশৃংখলতাৰ উদাহৰণ পোৱা যায়। ৰাস্তাৰ যান-যঁট, প্ৰাকৃতিক দুৰ্যোগৰ আগমন,দুৰ্ঘটনাত পতিত লোকৰ সংখ্যা আদিৰ কথা এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি। আজি অৰ্থনীতি, পৰিসংখ্যা বিজ্ঞান, জীৱবিজ্ঞান, ভূতত্ববিজ্ঞান, পদাৰ্থবিজ্ঞান আদি অনেক ক্ষেত্ৰলৈ বিশৃংখলতা তত্বৰ ব‍্যৱহাৰৰ প্ৰসাৰ ঘটিছে।

বিশৃংখলতাৰ মাজতো প্ৰণালীৱদ্ধ বিন‍্যাসৰ অধ্যয়নে বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে নতুন জ্ঞান আহৰণৰ পথৰ সন্ধান দিব বুলি আশা কৰিব পৰা যায়।

5 COMMENTS

  1. আৰম্ভণি খুব ভাল হৈছে । পাচৰ ফালে বহুত বস্তু তৎক্ষণাৎ কৈ দিলা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here