বুৰঞ্জীৰ পাটত খোজ কাঢ়ি…

আদিত্য প্রাণ বৰা
Öberbaum bridge

এটা সপোন আছিল। বিদেশত থাকি পঢ়া শুনা কৰাৰ এটা সপোন। ২০১৭ চনত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ২০১৯ চনৰ মাৰ্চ মাহত উৰা মাৰিলো ইউৰোপ অভিমুখে। গন্তব্যস্থান: বাৰ্লিন। অৱশেষত এটা সপোন পূৰ হল আৰু জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰাৰ সময় আহি পৰিছিল।

Alexanderplatz in Christmas

বাৰ্লিনৰ বিমানবন্দৰত উপস্থিত হৈ মোৰ মনটো সাতখন আঠখন কৰি উঠিছিল। বিমানবন্দৰটো বৰ ডাঙৰ নহয় আৰু ওলাইয়ে বাৰ্লিনৰ কেন্দ্ৰলৈ বাছ সেৱা পোৱা যায়।

বাৰ্লিনৰ গণপৰিবহন ব্যৱস্থাই মোক মুগ্ধ কৰিছিল। বাছ, ৰেল আৰু ট্ৰাম সেৱাৰে গোটেই বাৰ্লিনত ঘূৰা ফুৰা কৰাটো অতি সহজ কৰি তোলে। ব্যক্তিগত বাহনৰ কোনো প্ৰয়োজন নাই। ১টা টিকটেৰে ২ ঘণ্টাৰ বাবে যিকোনো সেৱা ব্যৱহাৰ কৰিব পাৰি। লৰালৰিকৈ ইয়াত লোৱা ঘৰটোত বস্তু বাহানি থৈ মই গৈছিলো Brandenburg Gate চাবলৈ। ওচৰতে থকা Reichstag চালো। Tiergarten Parkত বহি আৰাম কৰি গধুলি ঘৰলৈ উভতিলো। বাৰ্লিনৰ স্থাপত্যশিল্প দেখি মই আশ্চৰ্য্যচকিত হৈ পৰিছিলো।

Brandenburg Gate

পশ্চিমীয়া সভ্যতাৰ বিকশিত দেশ জাৰ্মানীৰ ৰাজধানী চহৰ হৈছে বাৰ্লিন। যদিও বাৰ্লিনৰ আলিবাটেৰে খোজ কাঢ়িলে এক বিকশিত দেশৰ বোধ হয়, কেতিয়াবা এনে লাগে যেন বাৰ্লিন এখন ২০ শতিকাতে থাকি যোৱা চহৰ। বাৰ্লিনৰ ওখ ওখ অট্টালিকাৰ সংখ্য আঙুলিৰ মূৰত গণিব পাৰি। তদুপৰি, চহৰখনৰ এক অনন্য আকৰ্ষণ আছে। Alexanderplatz, Potsdamer Platz আৰু Zoologischer Gardenত ফুৰি লাগিছিল যে হয়, মই বিদেশত আছো। Charlottenburgৰ ৰাজপ্ৰসাদ, ইহুদি স্মাৰক, Berlin Wall স্মাৰক, Checkpoint Charlie আদি সুন্দৰ আৰু ঐতিহাসিক। বাৰ্লিনৰ ভিতৰত আৰু আশেপাশে থকা বহুতো উদ্যান, হ্ৰদ, নৈ আদিয়ে চহৰখন আৰু কিছু শুৱনি কৰি তোলে।

Altes Museum

বাৰ্লিনৰ বুৰঞ্জীয়েও মোক খুবেই আকৰ্ষিত কৰিছিল। বাৰ্লিনৰ আলিবাটেৰে খোজ কাঢ়িলে বুৰঞ্জীৰ পাতত খোজ কঢ়া যেন অনুভৱ হয়।

দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পাছত জাৰ্মানীক পূব আৰু পশ্চিম জাৰ্মানীত বিভক্ত কৰা হয়। ৰাজধানী বাবে বাৰ্লিনো পূব আৰু পশ্চিম বাৰ্লিনত বিভাজন হয়। কিন্তু পশ্চিম বাৰ্লিন পূব জাৰ্মানীৰ ভিতৰত থকা এটা দ্বীপৰ দৰে হৈ পৰে।

১৯৬১ চনত ছোভিয়েট ইউনিয়ন আৰু পূব জাৰ্মানীয়ে পশ্চিম বাৰ্লিনক এখন ৩.৬ মিটাৰ ওখ পকী দেৱালেৰ বেৰি ধৰে। ‘Berlin Wall’ নামেৰে কুখ্যাত এই দেৱালখনে সুদীৰ্ঘ ২৮টা বছৰৰ বাবে এইখন চহৰ আৰু তাৰ বাসিন্দাসকলক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ভাৱে ভাগ কৰি ৰাখে।

Street in East Berlin

যদিও ১৯৮৯ চনৰ ৯ নবেম্বৰত এই বিভাজনৰ অন্ত পৰে, আজিও মানুহৰ চাল চলন, ঘৰ, দোকান-বজাৰ আৰু খাদ্য সংস্কৃতি আদিত তাৰ উদাহৰণ দেখা যায়। Berlin Wallৰ পতন হোবাৰ ৩১টা বছৰেই হ’ব হল, কিন্তু ইয়াৰ মানুহৰ মনত এই বিভাজনৰ কথা কালিৰ ঘটনা দৰে মনত আছে। স্হানীয় লোকৰ পৰা বাৰ্লিনৰ কাহিনীবোৰ শুনি এনে লাগে যেন ময়ো পুৰণি দিনৰ সেই ব্লেক্ এণ্ড হোৱাইট ফটোৰ ভিতৰত ঘূৰি ফুৰো।

বাৰ্লিন এখন মনমোহক চহৰ, আৰু এইখন চহৰত এবাৰ ভৰি থৈ প্ৰেমত নপৰা অসম্ভৱ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here