বন্ধ

ভাৰ্গৱ বৰুৱা

(১)

দেও দি পাৰ হ’ল শেহতীয়া সময়
শুকুতাকে মুকুতা কৰি চলি থাকোতে
দিনৰ পোহৰ ফালি দেখা পালোঁ প্ৰিজম-বিচ্ছুৰিত ৰামধেনু।

কত ফুলৰ কত বৰণ
কত বৰণৰ কত গোন্ধ
কত গোন্ধত কত অৱসাদ!
কিমান দ’ কৈ উশাহ ল’লে পিৰালিৰ তগৰজোপাই কিতাপৰ টেবুলখন আমোলমোল কৰিব পাৰে, সেয়া আজিহে গমি চালোঁ।

ক’ত পৰুৱাৰ লানি চিগিছে,
ক’ত উঁইপোকে কুটি খাইছে পিতাইৰ জুপুৰি,
কেনেকৈ ৰৈখিক কেৰেলুৱা-গতি এটা পাক মাৰি চক্ৰাকাৰে ঘূৰিছে
কেনেকৈ শামুকৰ খোলাত লাহে লাহে উজলিছে সময়ৰ মুকুতা।
ক’ত “পখিলাই পাখি মেলি উৰে উলাহত”, সেই উলাহ দেখা পালোঁ।

কেন্দুৰী বুঢ়ীৰ আগকপালত নতুনকৈ দুটা আঁচোৰ পৰিছে।
দাঁত নিকতাই হাহোঁতেও হাঁহিটো সৰকিব পৰা নাই।
এলান্ধুৰ দৰে তাত ওলমি আছে অন্তহীন হেৰুৱা সুবাস।
প্ৰাচীন-অবাৰ্চীন-বৰ্ষীয়ান।

আখলত নিমখৰ জোখত কিছু হীন-ডেঢ়ি ঘটিছে
আম টেঙা,নৰা বগৰী,ভেকুৰি তিতা,তিতামৰা,বেল আৰু গাখীৰৰ সোৱাদে জিভা নিদিৰ্ণ কৰিলে।
নাম-নুফুটা খাদ্যৰ তালিকাবোৰ হ’ল মাথোঁ এটি বিজ্ঞাপন।

( ২)

বাহিৰলৈ ওলাই গ’লে দেখা পাওঁ এক বিস্তীৰ্ণ ৰাজপথ।
এটি বিশাল ৰাজপথৰ দুইমূৰে শতাব্দী প্ৰাচীন দুজোপা বটগছ।
তলত কত মহাত্মা, কত বুদ্ধ ,কত শ্যেলী আৰু মাৰ্কিন লুথাৰ কিং।
দূৰৈত সান্ধ্যভ্ৰমণৰত বাৰ্ধক্য জর্জৰ অতীত
পাঁচ টকাৰ বাদাম চুবাই পিছে পিছে শানিত ভৱিষ্যত।

চাৰিওফালে মাথোঁ মানুহক লগ পোৱাৰ তাড়না।
এবাৰ দেখা পোৱাৰ তাড়না।
এষাৰ মাত শুনাৰ তাড়না।
মলয়াৰ দুপাখিত মনৰ বতৰা শুনাৰ ব্যৰ্থ চেষ্টা।

(৩)

তলা এটি ওলমাই থোৱাৰ বাবেই বহু দুৱাৰ মুকলিও হ’ল

নাতিদূৰত এজোপা এজাৰ ফুলিছে।
দেখি মোৰো বেজাৰ নলগা নহয়।

কিন্তু কওঁকচোন
সেইবুলিনো চকু মুদি দিওনে?
কেৱল বেজাৰ লগাৰ অজুহাতত!

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here