বক্ৰপথৰ মানুহবোৰ

কিশোৰ দাস

সৰলৰৈখিক পথবোৰত খোজকাঢ়ি যাবলৈ আছিল দুখন ভৰি
সমস্যাবোৰ নেওচা দি যাবলৈ আছিল দুখন হাত

হঠাতে মানুহবোৰ কোঙা হ’ল
আৰু দৃষ্টি এৰি অদৃষ্টবাদত আকৃষ্ট হ’ল

তেতিয়াৰ পৰাই মানুহবোৰ বক্ৰপথৰ যাত্ৰী হ’ল।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here