বৈপৰীত্য

ইউৰেকা কাকতি

গানটোৱে উচুপি আছিল, মই কাষলৈ গৈ চুই দিওতে অকনমান কঁপনি তুলি পুনৰ তলমূৰ কৰিলে, গীটাৰখনৰ তাঁৰবোৰৰ ফাঁকেৰে সৰসৰাই হুমুনিয়াহৰ ৰাগ এটা নামি আহিল । মই চকুহাল মুদি দিলোঁ,এক অবৰ্ণনীয় প্ৰশান্তিত তৃপ্ত হৈ নিজৰ অলক্ষিতেই গানটোক আকোঁৱালি ল’বলৈ লও‍ঁতেই মোৰ ফোনৰ ৰিংটন বাজিল সশব্দে –
“লগন উকলি গ’ল. . . “
ৰিচিভ কৰি এইপাৰে নিশ্চুপ হৈ থাকিলোঁ মই, আশ্বৰ্যত বুকুখনত কিবা এটাই হেঁচুকি দিছে । শুনি গ’লো ইথাৰৰ সিপাৰৰ বাক্যবাণ,
-” তুমি মোক আজিলৈকে নুবুজিলা অৰুন্ধতী !”
উচাৎ মাৰি থিয় হ’লো মই । ম’বাইলটো সজোৰে বিচনাখনলৈ দলিয়াই দিলোঁ । গীটাৰখনৰ টুংটুঙনি ইতিমধ্যে নিশ্চুপ হৈ ৰৈছে । গানটোৱে মোলৈ অলৰ অচৰ হৈ চাই আই , এই মূহুৰ্তত মোৰ ক’বলৈ একো নাই । বুকুখন কিবা এক হাঁহাকাৰত আচ্ছন্ন হৈছে । বাহিৰত বৰষুণ, ভীষণ বৰষুণ । খিৰিকীৰ কাঁচৰ ফাঁকেৰে কিছুসময় চাই থাকিলোঁ । নীৰৱতা চৌপাশে, বাহিৰত লকডাউনৰ স্পৰ্শ নিস্তব্ধতা । ব্যস্ত চহৰখন শূণ্য এতিয়া । তাতেই বৰষুণজাকে আৰু অকনমান হেঁচা মাৰি ধৰিলেহি সেই আকুল মৌনতাক । যাক মই সহিব পৰা নাই । বহুসময়ত মানুহে কোলাহলৰপৰা বহুদূৰৈত আঁতৰি ৰ’ব খোজে, নিজক নিজৰ মাজতেই নিখোজ কৰিব খোজে । প্ৰায়েই ৰিবৰিবাই কয় নিজক অথবা আনক , “কেতিয়াবা হেৰাই যাবলৈ মনযায় । ” কোৱাহে হয়, কোৱাৰ দৰেই সহজ নহয় জীৱন-পৰিস্থিতি অথবা সময় । এনে এষাৰ কথা সিদিনা ময়ো কৈছিলোঁ বৰ্ণৱক , “মোৰ হেৰাই যাবলৈ মনযায়, মোক একেবাৰে অকলে এৰি দিয়া বৰ্ণৱ ।” তাৰ বোধহয় জেদ হৈছিল, কোনো প্ৰশ্নোত্তৰৰ পৰিক্ৰমা সৃষ্টি নকৰাকৈয়ে বৰ্ণৱে মোক মুকলি কৰি দিছিল, ইমান মুকলি কৰি দিছিল যে মই মোৰপৰাও হেৰাই গৈছোঁ । আজি বহুদিনৰ মূৰত সি ফোন কৰি কৈছে, এই কিছুসময় আগতে কৈছে -“তুমি মোক নুবুজিলা অৰুন্ধতী !” বৰ্ণৱৰ মাতষাৰ শুনি গলি শেষ হওঁ যেন হোৱা বুকুখনক পুনৰ আশ্বস্ত কৰিছিলো মই । তাৰ সমুখত মোৰ উচুপনিবোৰ ধৰা পৰিব বুলিয়েই নিশ্চুপ হৈ থাকি আঁতৰাই দিলোঁ ম’বাইলটো । এই যান্ত্ৰিক আকুলতা এই মূহুৰ্তত সহ্য হোৱা নাই মোৰ । ইথাৰৰ সিপাৰৰ পৰা ভাঁহি অহা মাতষাৰক স্বতঃস্ফূৰ্ত আকুল বুলি নাম দিব খুজিও মই থমকি ৰৈছো ‌। বোধহয় জেদে মোৰ বুকুত ঘৰ বান্ধিছে মোৰ অলক্ষিতেই, যিদৰে জেদক আলিংগন কৰি মোক দূৰ কৰিছিল বৰ্ণৱে, মই মাত্ৰ এবাৰ কওঁতেই !
যোৱা দিনকেইটাত সম্পূৰ্ণ নিসংগ মই । চ’চিয়েল মিডিয়া স্ক্ৰল কৰি আমনি লগাৰ পাছত বহুবছৰৰ মূৰত কিতাপত মূৰ গুজাৰ অভ্যাসটোক গঢ় দি লৈছোঁ মই । গিলিছো শব্দ, বুকুলৈকে আঁজুৰি লৈছোঁ বাক্যক আৰু ভাইৰাছ বিয়পি ফুৰা বতাহত বতিয়াই দিছোঁ হুমুনিয়াহক । হেডফোনডাল লাগি থাকে কাণত , নিস্তব্ধ পলবোৰত জীপ দি গুঞ্জৰিত হৈ থাকে গানবোৰ । এদিন হঠাৎ গান এটা নামি আহিল মোৰ সমুখলৈ, মোৰ বুকুত মূৰ থৈ উচুপিবলৈ ধৰিলে । মই তাক বুজালো, মোৰ নিজৰেই বুকু তেনেই তৰাং , কি দিম তোক ! সহানুভূতি, সান্তনা ? সেইদিনা মই সঠিককৈ বুজিব নোৱাৰিলোঁ গানটোৱে প্ৰকৃততে কিয় উচুপিছিল ! কি ইমান দুখ তাৰ ! অতবোৰ বুকুত সি ৰৈ আছে, অতবোৰ ওঁঠে তাক কঢ়িয়াই ফুৰিছে, তেন্তে তাৰ কিহৰ যাতনা ? মই আওকাণ কৰাৰ কথা ভাবিলেও নোৱাৰোঁ । যাতনাত পিষ্ট বুকুক বুজিবলৈ নিজেও যাতনাৰ ঘৰত থকাত অভ্যস্ত হ’ব লাগিব, কোনে কৈছিল এইষাৰ কথা ? বৰ্ণৱ, হয় বৰ্ণৱে কৈছিল । যি বৰ্ণৱ এতিয়া নাই কাষত, অথচ মই কঢ়িয়াই ফুৰিছোঁ তাৰেই কথাবোৰ । গানটোলৈ এবাৰ চালোঁ, শুই আছে । পলক নেপেলোৱাকৈ কিছুপৰ থৰ হৈ চাই থকাৰ পাছত দুৱাৰখন মুকলি কৰি দিলোঁ, প্ৰথমতে বাৰাণ্ডাৰপৰা বাহিৰলৈ হাতখন মেলি দিলোঁ, মোক চুই গৈছে এবেলা সিক্ততাই, বহুপৰ তিতিলো মই, থৰ হৈ চাই ৰ’লো মাজে মাজে নিজক । নিজৰ প্ৰতি অহেতুক পুতৌৱে ভাৰাক্ৰান্ত কৰিছে বুকুখন, এই অনুভৱ বৰ অসহনীয় । হঠাৎ বিস্ময়ৰ দুৱাৰ এখন মুকলি হৈ গ’ল মোৰ বাবে । পথৰ এইপাৰৰ মোৰ ঘৰৰ চোতালত বৰষুণ, অথচ পথৰ সিপাৰৰ পথাৰখনত ৰ’দ , জ্বলমলাই থকা ৰ’দ । মই দোৰিলো সেইদিশে, পথাৰখন পাবগৈ লাগে । বহুপৰ তিতিলো, এতিয়া অকনমান উম লওঁ, অকনমান ৰ’দৰ আদৰ লওঁ । বহুদূৰ দৌৰিছো মই , ভৰিত যাতনা অনুভৱ হৈছে, অথচ মই দৌৰিবলৈ এৰা নাই । ৰ’দ লাগে মোক ! তাৰপাছত, ফোপনিত নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰি পথাৰখনত থমকি ৰ’লো মই । দেখিলোঁ এটা ডাঙৰ ভীৰ পথাৰৰ মাজতে । তাৰপৰা মোৰ ঘৰৰ দিশলৈ চাই পঠিয়ালো, পুনৰ এবাৰ বিস্ময় আহত হ’লো, তাত তেতিয়াও বৰষুণৰ জোৱাৰ । আৰু পথটোৰ ঠিক এইপাৰে মই বিস্তীৰ্ণ ৰ’দত থিয় দি আছোঁ । লাহে লাহে মই ভিৰখিনিৰ ফালে আগুৱাই গ’লো, দেখিলোঁ অনেক গানৰ চিঞৰ, মই কাণখন হেঁচা মাৰি ধৰিলোঁ , চকুহাল ঘূৰাই দিওতেই দেখিলোঁ মোৰ বুকুত উচুপি থকা গানটোৱে নিথৰ হৈ বহি আছে একাষে, অকলে । তাৰ কাষত থিয় দি মই পুনৰ উচপ খাই উঠিলোঁ, তাৰ চৌপাশে সেউজীয়া শইচ, অথচ মই কিছুপৰ আগতে থিয় দি থকা ভিৰটোৰ দিশে শুকান নৰাৰ অৱশিষ্টহে আছে । অকলশৰীয়া গানটোক সুধিলোঁ, শুই আছিলা দেখোন মোৰ বিচনাত , ইয়ালৈ কেতিয়া আহিলা ?”
গানটোৱে এপলক মোলৈ চাই থাকি ক’লে, -“তুমিও বৰষুণত তিতি আছিলা দেখোন, ইয়ালৈ কেতিয়া আহিলা ?”
মোৰ উত্তৰ দিবলৈ মন ন’গল । অথচ মোক অবাক কৰি গানটো পুনৰ মোৰ বুকুলৈ বাগৰি আহিল আৰু উচুপি উঠিল , মই একো নুসুধিলো, উত্তৰ নাপাওঁ বুলি জানো যিহেতু ! একো নোকোৱাকৈ-নোসোধাকৈ তাক সজোৰে সাবটি ধৰিলোঁ । তাক আকলুৱাকৈ ক’লো, ঘৰলৈ যাওঁ ব’লা ! সি উত্তৰ দিলে, মই ইয়াত থাকিবলৈ আহিছিলোঁ, অথচ সকলো সলনি হৈ গৈছে ,বহুত কিবাকিবি আহিল ইয়ালৈ, অথচ কিবা এটা নাই । মোক লৈ ব’লা ।”
গানটোৱে মোৰ আঙুলি খামুচি ল’লে । মই পথৰ উপৰলৈ উঠি দেখিলোঁ দীঘলীয়া পথটোৰ এফালে ৰ’দ, বিপৰীত দিশে বৰষুণ । পলকতে বাটতো অচিনাকি যেন লাগিল । বৰষুণজাকৰ দিশেই গতি কৰিলোঁ, সেইফালে গ’লেহে মোৰ ঘৰ পাম । গানটো মোৰ লগতে আহি থাকিল, তেনেই নিশ্চুপ হৈ আহি আছে সি । তাৰ মৌনতাত টোকৰ দিবলৈ মন ন’গল মোৰ । লাহে লাহে মন কৰিলোঁ বাটতো দীঘল হৈ গৈছে আগতকৈও । এজাক শব্দ বহি আছে ধৰ্ণা দি, এজাক মানুহৰ শৱ উপঙি আছে বতাহত, কান্দি দিবলৈ মনগ’ল মোৰ । ক’লৈ আহিলোঁ মই ! এইবাৰ গানটোৰ হাতত ধৰি একপ্ৰকাৰ দৌৰি আহিলোঁ মই , বৰষুণত উপচি থকা মোৰ ঘৰৰ চোতাল গৰকি ঘৰ সোমালোঁ । লগে লগে ম’বাইলটো তুলি ল’লো । বৰ্ণৱবলৈ ফোন লগালো , সিপাৰৰ পৰা ভাঁহি আহিল বৰ্ণৱৰ উৎকণ্ঠিত মাত –
” অৰুন্ধতী, ফোনটো কিয় কাট কৰি দিছিলা, ক’ত আছিলা ?”

” সময়ৰ সন্ধিক্ষণৰপৰা আহিছোঁ বৰ্ণৱ, মোৰ মুকলি হোৱাৰ ইচ্ছা নাই । তুমি কেতিয়া আহিবা আকৌ ?”

“এতিয়াই গৈছোঁ চোৱা ! ভাইৰাছবোৰ শেষ হ’লেই গৈ পাম তোমাৰ কাষত । তেতিয়ালৈকে ভালে থাকিবা । “

” আছোঁ বৰ্ণৱ, মোৰ লগত গান এটা আছে, মোৰ দৰেই অকলশৰীয়া ।”
গানটোৱে মোলৈ চাই আছিল । মই একো নকলো তাক, চকুত এটা দৃশ্যই আমনি কৰিলেহি, শুকান নৰানিৰ মাজত থকা এজাক গানৰ ভিৰ আৰু একাষে অকলে, সেউজীয়া শইচৰ মাজত থিয় দি থকা গানটো । শব্দৰ ধৰ্ণা, উপঙি থকা শৱবোৰ তেতিয়া মোৰ মনৰপৰা অদৃশ্য হৈ গৈছে, যদিও নিজলৈ প্ৰতিশ্ৰুতি এটা এৰি দিছোঁ, কেতিয়াবা সিহঁতৰ কথাও লিখিম । গানটোলৈ চালোঁ, সি এতিয়া তৃপ্ত , মোলৈ চালোঁ, মই এতিয়া ভৰুণ সুখানুভূতিৰে, ইথাৰৰ সিপাৰে বৰ্ণৱৰ ওঁঠত হাঁহি, মই নেদেখাকৈয়ে দেখিছোঁ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here