বিকিৰণ বিহীন পৃথিৱীৰ কল্পনা

ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ

কিছুদিনৰ আগতে ফুৰিবলৈ বুলি মামাৰ ঘৰলৈ গৈছিলো।তামোল কাটি কাটি মোৰ লগত কথা পাতি থকা আইতাই কথাৰ মাজতে যথেষ্ট ক্ষোভত কলে “ঘৰৰ বাৰীখনত ইমানবোৰ তামোল গছ থকাৰ পিছতো এতিয়া বাপুতিসাহোন তামোল খনো কিনিহে খাব লগা হৈছে। ঔষধত দিবলেও তামোল এটা নালাগিলে”।
তেখেতৰ ক্ষোভৰ কাৰণনো কি বুজ লোৱাৰ আগতেই ভিতৰৰ পৰা মামী ওলাই আহি আৰম্ভ কৰিলে “নকবা আৰু বুইছা । ইমান মানা কৰাৰ পিছতো তোমাৰ মোমায়েৰাই মোবাইলৰ টাৱাৰটো বাৰীৰ চুকতে বহুৱালে। এতিয়া এই টাৱাৰৰ পৰা ওলোৱা বিকিৰণৰ ফলত বাৰীত তামোল নাৰিকল আদিতো নলগা হলেই, মানুহ কেইটাৰ স্বাস্থ্যক লৈয়ো চিন্তা হবলৈ ধৰিছে”।
“মোবাইল টাৱাৰৰ পৰা নিৰ্গত হোৱা বিকিৰণে আমাৰ অপকাৰে কৰে বুলি তোমাক কোনে কলে মামী?’’ মই সুধিলো।
“এইবোৰ কথা আজিকালি সকলোৱেই জানে। টেলিভিশ্বন, বাতৰিকাকত, সামাজিক মাধ্যম আদিটো এনেধৰণৰ খবৰ বিভিন্ন সময়ত প্ৰচাৰ হয়।কেতিয়াবা এনেকুৱা লাগে এইবোৰ সকলো বাদ দি ল’ৰা-ছোৱালী দুটাক লৈ একেবাৰে বিকিৰণ বিহীন কোনোবা ঠাইলৈ গুচি যাম”।
মোবাইলৰ টাৱাৰৰ পৰা নিৰ্গত হোৱা বিকিৰণে মানুহ তথা আন আন জীৱ প্ৰ্জাতিৰ বিভিন্ন ক্ষতিসাধন কৰে, আজিৰ এই ঔদ্যোগীকৰণৰ দিনত মানুহৰ শৰীৰটো নিতৌ বিভিন্ন ক্ষতিকাৰক ৰশ্মিৰ দ্বাৰা আক্ৰান্ত হয়, নিউক্লীয়েৰ পাৱাৰ প্লাণ্ট (Nuclear Power Plant)ৰ ওচৰৰ অঞ্চল সমূহ মুঠেই বাসোপযোগী নহয় ইত্যাদি ধাৰণা মামী আৰু আইতাৰ দৰে আন বহুতো মানুহৰ আছে।কিন্তু এইধৰণৰ কথা সমূহৰ কিবা বৈজ্ঞানিক ভিত্তি আছেনে?
মামীক উদ্দেশ্যি কলো “বিশ্বব্ৰহ্মাণ্ডত এনেকুৱা কোনো স্থান নাই যি সকলো ধৰণৰ বিকিৰণৰ পৰা সম্পূৰ্ণ ভাৱে মুক্ত।বিকিৰণ সকলোতে আছে, ই প্ৰ্কৃতিৰ এক এৰাব নোৱাৰা অংগ।আকাশ, বতাহ, মাটি সকলোতে ই আছে”।তেওঁ আচৰিত হৈ মোৰ চকুলে চালে, “কেৱল মোবাইলৰ টাৱাৰ বা নিউক্লীয়েৰ পাৱাৰ প্লাণ্টৰ ওচৰে-পাজৰেহে বিকিৰণ পোৱা যায় সেয়া মুঠেই নহয়; আমি খোৱা খাদ্য, পানী, বাস কৰা ঘৰ আদি সকলোতেই বিকিৰণ আছে। আনহে নালাগে আমাৰ দেহৰ ভিতৰতো বিকিৰণৰ উপস্থিতি পোৱা যায়”।মুখেৰে একে নকলেও মামীয়ে আগ্ৰহেৰে মোৰ কথা খিনি শুনিলে।
তেওঁৰ চকুত আগ্ৰ্হ দেখি মই আকৌ আৰম্ভ কৰিলো “ সূৰ্য্ই আমাক পোহৰ দিয়ে, শক্তি দিয়ে; সূৰ্য আছে বাবেই পৃথিৱীত জীৱ আছে। কিন্তু তুমি জানানে সূৰ্যয়ো বিভিন্ন বিকিৰণ নিৰ্গত কৰে? অতিবেঙুনী, অৱলোহিত আদি বিদ্যুত-চুম্বকীয় তৰ্ংগ সমূহ সূৰ্যৰ ৰশ্মিৰ অবিচ্ছেদ্য অংগ।যেতিয়ালৈকে সুৰ্যই পোহৰ দি থাকিব তেতিয়ালৈকে এই বিকিৰণ সমূহো পৃথিৱীৰ পৰিবেশত থাকিব। গতিকে নিজেই ভাবাচোন বিকিৰণ মুক্ত ঠাই বিছাৰি তুমি যাবা কলৈ”।
মামীয়ে চকুৰ পলক নেপেলোৱাকৈ মোৰ কথা শুনিছে, চকুত অপাৰ আগ্ৰ্হ আৰু কৌতুহল। ময়ো আগ্ৰ্হী শ্ৰোতা পাই দুগুণ উৎসাহেৰে কবলৈ ধৰিলো “ পৃথিৱীত উপলব্ধ সকলো বস্তু পৰমাণুৰ দ্বাৰা গঠিত।মানুহ, চৰাই, জীৱ-জন্তু আদিৰ পৰা আৰম্ভ কৰি, কাঠ, শিল, বালি, ধাতু, স্ফটিক আদি নিৰ্জীৱ বস্তু পৰ্যন্ত সকলোবোৰেই পৰমাণুৰ দ্বাৰা গঠিত।পৰমাণু সমূহ লগলাগি বিভিন্ন মৌল গঠন কৰে। এই মৌল সমূহৰ মাজত বিভিন্ন ধৰণৰ জৈৱিক তথা অজৈৱিক প্ৰ্ক্ৰিয়া ঘটি থাকে। এই প্ৰ্ক্ৰিয়া সমূহত বহুত সময়ত শক্তিৰ উৎপন্ন হয় আৰু মৌল সমূহে এই শক্তিক বিকিৰণ হিচাপে পৰিবেশলৈ এৰি দিয়ে। মৌলৰ ধৰ্ম অনুযায়ী নিৰ্গমণ কৰা বিকিৰণৰ তাৰাতম্য অৱশ্যেই ঘটে।সেয়ে কিছুমান পদাৰ্থৰ পৰা নিৰ্গত হোৱা বিকিৰণৰ পৰিমাণ বেছি, আন কিছুমানৰ কম।ইয়াৰ উপৰিও আমাৰ প্ৰ্কৃতিত এনেকুৱা বহুতো মৌল আছে যি সমূহে তেজস্ক্ৰিয়তা দেখুৱায়।”
“তেজস্ক্ৰিয়তা মানে?” মামীয়ে সুধিলে।
“আগতেই কৈছো যে প্ৰ্কৃতিত উপলব্ধ সকলো বস্তুয়েই পৰমাণুৰ দ্বাৰা গঠিত। এই পৰমাণু সমূহ আকৌ ইলেকট্ৰন, প্ৰটন আৰু নিউট্ৰন নামৰ তিনিবিধ প্ৰাথমিক কণাৰ দ্বাৰা গঠিত। ইয়াৰে প্ৰ্টন সমূহ হ’ল ধণাত্মক আধান যুক্ত আৰু ইলেকট্ৰন সমূহ ঋণাত্মক আধান যুক্ত। নিউট্ৰন সমূহ আকৌ প্ৰশম কণা, অৰ্থাৎ ইহঁতৰ কোনো আধান নাথাকে। একেবাৰে সহজ অৰ্থত কবলৈ হ’লে পৰমাণুৰ কেন্দ্ৰত প্ৰ্টন আৰু নিউট্ৰন সমূহ একেলগে থুপ খাই পৰমাণুৰ নিউক্লিয়াছ গঠন কৰে আৰু এই নিউক্লিয়াছৰ চাৰিওফালে ইলেকট্ৰন সমূহে পৰিভ্ৰমণ কৰি থাকে।সাধাৰণতে নিউক্লিয়াছত থকা প্ৰ্টন আৰু নিউট্ৰনৰ সংখ্যা সমান হয়। কিন্তু প্ৰকৃতিত এনেকুৱা বহুত মৌল আছে যাৰ নিউক্লিয়াছত থকা নিউট্ৰনৰ সংখ্যা প্ৰট্ৰনতকৈ বেছি। এনে ধৰণৰ নিউক্লিয়াছ সমূহৰ সুস্থিৰতা কম হয় আৰু এনে অসুস্থিৰ নিউক্লিয়াছ সমূহৰ পৰা বিদুৎ-চুম্বকীয় বিকিৰণৰ লগতে α, β আদি কণিকাৰ নিৰ্গমণ হৈ থাকে। এনেধৰণৰ মৌল সমূহক তেজস্ক্ৰিয় মৌল বোলা হয়। এনেধৰণৰ তেজস্ক্ৰিয় মৌল গছ, শিল, মাটি, পানী আদি সকলোতে থাকে আৰু এইবোৰৰ পৰা অহৰহ বিকিৰণ ঘটিয়েই থাকে”।
“আমাৰ দেহৰ ভিতৰতে ট্ৰিচিয়াম, কাৰ্ৱন-১৪, পটেচিয়াম-৪০ আদি তেজস্ক্ৰিয় মৌল থাকে।এই মৌল সমূহ আমি খোৱা আহাৰ, পানী বা উশাহত লোৱা বতাহ আদিৰ মাধ্যমেৰে আমাৰ দেহত প্ৰৱেশ কৰে। ইয়াৰ উপৰিও ৰেডন নামৰ আন এবিধ তেজস্ক্ৰিয় গেছক আমি দৈনন্দিন জীৱনত সদায়েই লগ পাই থাকো। ৰেডন গেছৰ নিৰ্গমণ পৃথিৱীৰ পৃষ্ঠভাগৰ পৰা হয়।ঘৰ বনাবলৈ ব্যৱহাৰ কৰা বালি, শিল, চিমেণ্ট আদিতো ৰেডন গেছ থাকে। গতিকে নিশ্ছয় সহজেই অনুমান কৰিব পাৰিছা যে পৃথিৱীৰ সকলো জীৱই এই প্ৰাকৃতিক ভাৱে ঘটি থকা তেজস্ক্ৰিয় বিকিৰণ বিলাকৰ সদায় মুখামুখি হৈ থাকে।ইয়াৰ উপৰিও আমাৰ পৃথিৱীৰ পৰিবেশলৈ বৰ্হিবিশ্বৰ পৰা আন আন মহাজাগতিক ৰশ্মি (cosmic ray) অহৰহ আহিয়েই থাকে”।
মোৰ কথাত মামী কিছু পৰিমাণে আশ্বস্ত হৈছিল যদিও ডাৱৰ সম্পূৰ্ণ ৰূপে তেতিয়াও আতৰা নাছিল।
“তাৰমানে তুমি কব খুজিছা যে মোবাইল টাৱাৰটো দুৰৰে কথা, নিউক্লিয়েৰ পাৱাৰ প্লাণ্টৰ ওচৰত থাকিলেও মানুহৰ একো ক্ষতি নহয়”।
“মই ক’ব খুজিছো নিউক্লিয়েৰ পাৱাৰ প্লাণ্টৰ ওচৰত থকা ব্যক্তি এজনৰ দেহত সোমোৱা বিকিৰণৰ পৰিমাণ প্লাণ্টৰ পৰা দূৰত থকা ব্যক্তি এজনৰ দেহত সোমোৱা বিকিৰণতকৈ খুব বেছি নহয়। কেৰেলাৰ দক্ষিণ ফালৰ সাগৰীয় অঞ্চল সমূহত যথেষ্ট পৰিমাণৰ তেজস্ক্ৰিয় মৌল আছে। সেইবাবে এই অঞ্চল সমূহত নিৰ্গমণ ঘটা বিকিৰণৰ পৰিমাণ আমাৰ দেশৰ “গড় বিকিৰণ” ৰ পৰিমাণতকৈ প্ৰায় ছয়গুণ মান বেছি।এই পৰিমাণ ভাৰতবৰ্ষৰ যিকোনো নিউক্লিয়েৰ পাৱাৰ প্লাণ্টৰ ওচৰ-পাজৰৰ অঞ্চলতকৈ নিশ্চিত ভাৱে বহুত বেছি”।
“বিকিৰণৰ পৰিমাণক ছিভাৰ্ট (sievert) নামৰ এককৰ দ্বাৰা জোখা হয়।যদি ধৰি লোৱা হয় যে এই পৃথিৱীত কোনো মানৱসৃষ্ট বিকিৰণৰ উৎস নাই, তেতিয়াও আমাৰ দেহত বিভিন্ন প্ৰাকৃতিক উৎসৰ পৰা এক বুজন পৰিমাণৰ বিকিৰণৰ প্ৰৱেশ ঘটে। এই পৃথিৱীত বাস কৰাৰ সুবাদতে আমি বছৰি প্ৰায় ২৪০০ মাইক্ৰছিভাৰ্ট (2400 microsievert/year) পৰিমাণৰ প্ৰাকৃতিক বিকিৰণৰ মুখামুখি হ’ব লগা হয়। কেৰেলা আদি সাগৰীয় অঞ্চল সমূহত এই মাত্ৰা ইয়াতকৈয়ো বেছি। বিমান যাত্ৰা কৰাৰ সময়তো আমি কিছু বেছি পৰিমাণৰ বিকিৰণৰ মুখামুখি হও। ৮ ঘণ্টাৰ বিমান যাত্ৰাত এজন ব্যক্তিৰ দেহত প্ৰায় ২০০ মাইক্ৰছিভাৰ্ট প্ৰৱেশ কৰে।”

“এই সকলো বিলাক প্ৰাকৃতিক বিকিৰণৰ উপৰিও আমি আজিকালি বিভিন্ন ধৰণৰ মানৱ-সৃষ্ট কৃত্ৰিম বিকিৰণৰ মুখামুখি হৈ থাকো।সাধাৰণ বুকুৰ X-Ray এখন কৰাওতেই আমাৰ দেহত প্ৰায় ৫০ মাইক্ৰছিভাৰ্ট পৰিমাণৰ বিকিৰণ প্ৰ্ৱেশ কৰে। যদি এজন ব্যক্তিৰ এবাৰ মাত্ৰ CT-Scan কৰা হয়, তেওঁ প্ৰায় ৬০০০ মাইক্ৰছিভাৰ্ট পৰিমাণৰ বিকিৰণৰ দ্বাৰা আক্ৰান্ত হয়।সকলোতকৈ মজাৰ কথাটো হ’ল ভাৰত চৰকাৰৰ “আণৱিক শক্তি নিয়ন্ত্ৰণ বৰ্ড”(Atomic Energy Regulatory Board) ৰ মতে এজন ব্যক্তিৰ দেহটো এবছৰত ১০০০ মাইক্ৰছিভাৰ্ট (1000 microsievert/year) পৰিমাণতকৈ বেছি বিকিৰণৰ দ্বাৰা আক্ৰান্ত হোৱা অনুচিত।ইয়াৰ অৰ্থ তেনেহলে এইটো নেকি যে CT-Scan কৰালে এজন ৰোগীৰ দেহৰ সাংঘাতিক ক্ষতিসাধন হয়? আচলতে “আণৱিক শক্তি নিয়ন্ত্ৰণ বৰ্ডে” ইচ্ছাকৃত ভাৱে আমাৰ দেহে গ্ৰহণ কৰিব পৰা বিকিৰণৰ সৰ্বাধিক মানটো যথেষ্ট কমাই নিৰূপণ কৰিছে। প্ৰ্কৃতাৰ্থত মানৱ দেহে ইয়াতকৈ বহু বেছি বিকিৰণ সহ্য কৰিব পাৰে আৰু সেইবাবেই CT-Scan আদিয়ে ৰোগী এজনৰ দেহৰ ক্ষতি সাধিব নোৱাৰে।ইয়াৰ উপৰিও এনেধৰণৰ বিকিৰণ সমূহে তাৎক্ষণিক ভাৱে দেহৰ অপকাৰ নকৰে। অৰ্থাৎ বন্দুকৰ গুলি এটাৰ দৰে বিকিৰিত ৰশ্মি এডালে দেহত প্ৰ্ৱেশ কৰাৰ লগে লগে আমাৰ শৰীৰটোক ফালি চিৰি পেলাব নোৱাৰে।গতিকে দেহত বেছি পৰিমাণৰ বিকিৰণ প্ৰ্ৱেশ কৰিলেও ইয়াৰ পৰা হ’ব পৰা বেয়া প্ৰ্ভাৱ সমূহক প্ৰ্শমিত কৰিবলৈ আমাৰ দেহটোৱে যথেষ্ট সময় পায়”। মামীৰ চকুত কিছু প্ৰ্ত্যয়ৰ চিন দেখা পালো।
“মোবাইল টাৱাৰটো বাদেই দিয়া তুমি যদি ভাৰতৰ নিউক্লীয়েৰ পাৱাৰ প্লাণ্ট এটাৰ ওচৰতো বাস কৰা, তেতিয়াও তোমাৰ দেহত প্ৰ্তি বছৰত মাত্ৰ ০.০০১ মাইক্ৰছিভাৰ্ট পৰিমাণৰ বেছি বিকিৰণহে প্ৰ্ৱেশ কৰিব। অৱশ্যে এনে প্লাণ্ট বিলাকত নিউক্লীয়েৰ শক্তি উৎপাদন কৰি থকা সময়ত নিৰ্গমণ হোৱা বিকিৰণৰ মান কিছু বৃদ্ধি হয় কিন্তু এই বিকিৰণ যাতে বাহিৰলৈ নাহে তাৰবাবে সকলো ধৰণৰ ব্যৱস্থা লোৱা হয়। নিউক্লীয়েৰ শক্তি উৎপন্ন হোৱা ৰিয়েক্টৰ(Reactors)সমূহৰ বেৰবোৰ অন্যন্ত শক্তিশালী আৰু সুৰক্ষিত। ইয়াৰ উপৰিও যিকোনো নিউক্লীয়েৰ পাৱাৰ প্লাণ্টৰ ১.৬ কি.মি. ব্যাসাৰ্ধৰ ভিতৰৰ এলেকাতো “সুৰক্ষিত অঞ্চল” বুলি গণ্য কৰা হয় আৰু এই এলকাত মানুহৰ বসতি নিষিদ্ধ। এই “সুৰক্ষিত অঞ্চল” ত কিন্তু বিভিন্ন চৰাই, জন্তু আদি কোনো অসুবিধা নোহোৱাকে বাস কৰে। ইমানৰ পিছতো জনসাধাৰণৰ সুৰক্ষাৰ কথা ভাবিয়েই নিউক্লীয়েৰ পাৱাৰ প্লাণ্ট সমূহে ইয়াৰ ৩০ কি.মি. ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চলটোৰ মাটি, পানী, বায়ু, খাদ্য-বস্তু, অণুজীৱ আদিৰ নমুনা নিয়মিত ভাৱে সংগ্ৰহ কৰি “বিকিৰণ বিশেষজ্ঞ”(Radiation Expert)ৰ দ্বাৰা পৰীক্ষা কৰাই কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা যাতে নঘটে তাৰ প্ৰ্তি সচেতন হৈ থাকে।”।
“তেনেহলে মোবাইল টাৱাৰ সমূহৰ পৰা অপকাৰী বিকিৰণ ওলাই বুলি টিভি, সামাজিক মাধ্যম আদিত কিয় প্ৰ্চাৰ হয়”? ইয়াৰ বিৰোদ্ধে জনা-বুজা ব্যক্তি আদিয়ে কিয় মাত নামাতে?”
“এনেধৰণৰ ভিত্তিহীন বা-বাতৰি আমাৰ দেশত একেবাৰে সাধাৰণ কথা। মোবাইলৰ বিকিৰণে আমাৰ দেহত ঘটাব পৰা অপকাৰিতা সম্পৰ্কে সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো বৈজ্ঞানিক সকলে অধ্যয়ন কৰিছে। ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাই (Indian Council of Medical Research) এই সম্পৰ্কে অধ্যয়ন কৰিবলৈ বিভিন্ন প্ৰ্তিষ্ঠানক কেইবাটাও প্ৰ্কল্প প্ৰদান কৰিছিল। এই অধ্যয়ন সমূহে মোবাইলৰ বিকিৰণে আমাৰ অপকাৰ কৰে বুলিয়েই মতপোষণ কৰিছে। কিন্তু এই সমূহ ফলাফল কিছু ভূৱা পত্ৰিকতহে প্ৰ্কাশ হৈছে আৰু আন্তৰাষ্ট্ৰীয় স্তৰত এইবোৰৰ কোনো গুৰুত্ব নাই। আনকি মোৱাইলৰ বিকিৰণৰ বাবে পইতাচোৰাৰ দেহত বিৰূপ প্ৰ্ভাৱ পৰে বুলি ২০১৭ চনৰ ডিচেম্বৰ মাহৰ “Current Science” নামৰ পত্ৰিকা খনত প্ৰ্কাশ পোৱা এটি লেখাৰ বৈজ্ঞানিক ভিত্তি যথেষ্ট দুৰ্বল আৰু সন্দেহজনক বুলি দাবী কৰি আমেৰিকাৰ Texas Health Science Centre ৰ বিজ্ঞানী ড০ বিজয়লক্ষ্মীৰ এটি লেখা একে খন পত্ৰিকাতে ২০১৮ চনৰ এপ্ৰিল মাহত প্ৰ্কাশ পায়।ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ মতেও তেওঁলোকে কৰা অধ্যয়নত মোবাইলৰ পৰা নিৰ্গমন হোৱা বিকিৰণে জীৱ সমূহৰ কিবা ক্ষতি সাধন কৰে বুলি নিশ্চিত ফলাফল পোৱা নাই। কিন্তু এনেধৰণৰ অপপ্ৰ্চাৰ বিভিন্ন মাধ্যমৰ জৰিয়তে চলিয়েই আছে। আজি কিছুদিনৰ আগতে মুক্তি পোৱা ৰজনীকান্তৰ চিনেমা ২.০ তো মোবাইল ফোনৰ বাবেই পক্ষীকুল ধ্বংস পোৱা বুলি দেখুওৱা হৈছে। প্ৰ্কৃততে কিন্তু এনেধৰণৰ কথা সমূহ নিত্যান্তই কল্পনাপ্ৰসূত; আজিৰ তাৰিখত ইয়াৰ যথাযোগ্য বৈজ্ঞানিক ভিত্তি নাই”।

“মামী তুমি জনানে বাৰু বিকিৰণক চিকিৎসা, কৃষি আদি ক্ষেত্ৰত বহুল ভাৱে ব্যৱহাৰ কৰা হয়”।
“কেঞ্চাৰ বেমাৰৰ চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা নহয় জানো”?
“হয়, কেঞ্চাৰ ৰোগীক দিয়া ৰেডিয়থেৰাপী নামৰ চিকিৎসা বিধত বিকিৰণ বহুল ভাবে ব্যৱহাৰ হয়। তাৰোপৰি X-Ray, CT-Scan আদি পদ্ধতিবোৰে বহুতো জটিল ৰোগ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰি কিমান মানুহৰ প্ৰাণ ৰক্ষা কৰিছে ভাবাচোন? ইয়াৰ উপৰিও কৃষি ক্ষেত্ৰতো বিকিৰণ প্ৰয়োগ কৰি সুফল পোৱা যায়।বিকিৰণে উন্নত জাতৰ বীজ প্ৰ্স্তুত কৰাত সহায় কৰাৰ লগতে ইয়াৰ ব্যৱহাৰে শস্যৰ উৎপাদনো বৃদ্ধি কৰে।ইয়াক খাদ্য স্ংৰক্ষণতো আজিকালি ব্যৱহাৰ কৰা হয়। বিকিৰণ প্ৰয়োগ কৰি পিয়াঁজ, আলু আদিক বেছি দিন বেয়া নোহোৱাকৈ ৰাখিব পাৰি।বিকিৰণে খাদ্য দ্ৰৱত অণুজীৱ সৃষ্টিতো বাধা দিয়ে।সেইবাবে মছলা আদিৰ সংৰক্ষণতো ইয়াক বহুল ভাবে ব্যৱহাৰ কৰা হয়। পৰিবেশ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰ্তো বিকিৰণে সহায় কৰে।ছালফাৰ ডাই অক্সাইড, নাইট্ৰ্জেন ডাই অক্সাইড আদি পৰিবেশ বিনিষ্টকাৰী গেছ কিছুমানৰ বিভংগণৰ বাবে বিকিৰণৰ ব্যৱহাৰ কৰা হয়।তুমি জানি হয়তো ভাল পাবা যে আজিকালিৰ ননষ্টিক(non-stick)বাচন বৰ্তন বোৰত খোৱা বস্তু লাগি নধৰিবৰ বাবে β-বিকিৰণৰ প্ৰয়োগ কৰা হয়।এনেধৰণৰ আৰু বহুতো ক্ষেত্ৰত বিকিৰণ ব্যৱহাৰ কৰা হয়”।
“তাৰমানে তোমাৰ মতে এই মোবাইল টাৱাৰটোৱে আমাৰ একো ক্ষতি নকৰে”।
“ক্ষতি কৰিব বুলি ক’ব পৰাকৈ অন্ততঃ আজিৰ তাৰিখত আমাৰ হাতত কোনো সঠিক বৈজ্ঞানিক তথ্য আৰু প্ৰমাণ নাই”।
“আজি তোমাৰ পৰা বহুত নজনা কথা জানিলো দিয়া। বহুত ডাঙৰ চিন্তা এটাৰ পৰা মুক্তি পালো। তোমাক বহুত বহুত ধন্যবাদ”।
“অকল ধন্যবাদেৰে ন’হব। ইমান সময় কথাকৈ মোৰ ডিঙি শুকাই গৈছে। আৰু একাপ চাহ খুৱাব লাগিব”।
আহা আহা বুলি কৈ মামী হাহিঁ হাহিঁ ভিতৰলৈ সোমাই গ’ল।
আইতাক কলো “ ভালকে তামোল এখন কাটক আইতা। চাহ কাপ খাই আহি আছো”।
আইতায়ো সোলা হাহিঁতো মাৰি ক’লে “ হ’ব বোপাই হ’ব। তই চাহকণ খাই আহগে যা”।
ময়ো চাহৰ আশাত ভিতৰলৈ সোমাই গ’লো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here