বিদায় !

দীপাংকৰ কৌশিক

‘If I had to die for the love of the game, what else would be a better place than a cricket ground wearing my baggy green cap’ – ২০১৭ চনত এটা সাক্ষাৎকাৰত এনেদৰে কৈছিল তেওঁ। তিনিবছৰ পাছত যেন সেয়াই হ’ল। ক্ৰিকেটৰ খেলপথাৰত নহ’লেও খেলৰ বাবে ধাৰাভাষ্যৰ দিয়াৰ কামত জড়িত থকাৰ সময়তে মৃত্যু হ’ল তেওঁৰ। মাত্ৰ ৫৯ বছৰ বয়সতে আমাৰ মাজৰ পৰা বিদায় লয় তেওঁ। মৰুৰ দেশত চলি থকা আই পি এল ৰ খেলত টিভিত ধাৰাভাষ্য দিয়াৰ বাবে মুম্বাইত থকা সময়তে দেহাবসান ঘটা এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ হৈছে ডীন জোন্স। দক্ষিণ মুম্বাইৰ এখন বিলাসী হোটেলত আছিল তেওঁ। যোৱা ২৪ ছেপ্টেম্বৰৰ পুৱাৰ অহাৰ গ্ৰহণ কৰাৰ পিছত সতীৰ্থ ধাৰাভাষ্যকাৰসকলৰ সৈতে কথা পাতে তেওঁ। তাৰ পিছত হোটেলৰ নিজৰ কোঠালৈ যোৱাৰ সময়তে আচম্বিতে বাগৰি পৰে। চিকিৎসালয়লৈ লগে লগে নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ডীন জোন্সৰ। তৎক্ষণাতে তেওঁ আঁতৰি গ’ল আমাৰ মাজৰ পৰা। নিজস্ব শৈলীৰ কথন ভঙ্গীৰে ধাৰাভাষ্যৰ ক্ষেত্ৰখনত সুকীয়া স্থান দখল কৰিছিল তেওঁ। জনপ্ৰিয় হৈ উঠিছিল “প্ৰফেছৰ ডীনো”নামেৰে। এনেদৰে যে তেওঁ আঁতৰি যাব কোনেও ভবাই নাছিল।

৫২ খন টেষ্টত ৩,৬৩১ ৰাণ সংগ্ৰহ কৰিছিল তেওঁ। আকৌ ১৬৪ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁ সংগ্ৰহ কৰিছিল ৬,০৮৮ ৰাণ। ২০১৯ চনত জোন্সে অষ্ট্ৰেলিয়ান ক্ৰিকেট হল অব ফেমত স্থান পাইছিল। এগৰাকী মাৰমুখী বেটছমেনৰ লগতে তেওঁ আছিল সুদক্ষ ফিল্ডাৰ । ১৯৯৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক খেলুৱৈ হিচাপে বিদায় জনাইছিল জোন্সে । ১৯৮৬ চনত মাদ্ৰাছত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত বিখ্যাত টাই টেষ্টত তেওঁৰ ২১০ ৰানৰ দুৰ্দান্ত ইনিংছটো সদায়ে স্মৰণীয় হৈ ৰ’ব। খেলুৱৈ হিচাপে যেনেদৰে নিৰ্ভীক আছিল, ধাৰাভাষ্যকাৰ হিচাপেও তেওঁ আছিল মুক্ত মনৰ। ২০০৬ চনত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ হাছিম আমলাক টেৰৰিষ্ট বুলি অভিহিত কৰি বিতৰ্কতো সাঙোৰ খাইছিল জোন্সৰ নাম। জনপ্ৰিয়তা কিন্তু অটুট আছিল সদায়ে। ‘going, going, gone’ এই বিখ্যাত বাক্যশাৰী আৰু আমি কাহানিও লাইভ শুনিবলৈ নাপাওঁ। ধাৰাভাষ্যকাৰ আৰু ক্ৰিকেট বিশেষজ্ঞ হিচাপে তেওঁৰ পৰা আৰু বহুখিনি আমি পাবলগীয়া আছিল । খেলপথাৰৰ বাহিৰে ভিতৰে আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ক্ৰিকেট অনুৰাগীৰ মনত সদায়ে থাকি যাব । বিদায় ডীনো !!

LEAVE A REPLY

Please enter your comment!
Please enter your name here