বিদায় ধোনী

দীপাংকৰ কৌশিক

২০০৭ চন। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ বুল ৰিং হিচাপে খ্যাত ৱাণ্ডাৰাৰ্ছ ষ্টেডিয়ামত অনুস্থিত হৈছিল প্ৰথম বৰ্ষৰ টি২০ বিশ্বকাপৰ ফাইনেল। ভাৰতৰ সন্মুখত পাকিস্তান। অন্তিম অভাৰত ছোৱাইব মালিক নেতৃত্বাধীন পাকিস্তানক জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৩ ৰানৰ। ক্ৰীজত আছিল অভিজ্ঞ বেটছমেন মিছবাহ-উল-হক। টীম ইণ্ডিয়াক প্ৰথমবাৰৰ বাবে কোনো টুৰ্ণামেণ্টত নেতৃত্ব দিয়া মহেন্দ্ৰ সিং ধোনীয়ে সেই অন্তিম অভাৰটো কৰিবলৈ বল হাতত তুলি দিছিল যোগিন্দৰ শৰ্মাৰ। সকলো আচৰিত হৈছিল। ‘টাৰবোনেটৰ’ হৰভজন সিঙৰ এটা অভাৰ তেতিয়াও বাকী আছিল কিন্তু তেওঁৰ পৰিৱৰ্তে নৱাগত যোগিন্দৰকহে বলিং কৰিবলৈ মাতিছিল ধোনীয়ে। “ফলাফল যিয়েই নহওঁক, তোমাৰ প্ৰতি মোৰ পূৰ্ণ সমৰ্থন আছে।”- অভাৰটো আৰম্ভ হোৱাৰ পূৰ্বে যোগিন্দৰক কৈছিল ধোনীয়ে। শ্বাসৰূদ্ধকাৰী সেই ফাইনেলত ভাৰত বিজয়ী হৈছিল ৫ ৰানত। ‘নায়ক’ ৰূপে উদ্ভাসিত হৈছিল ‘অখ্যাত’ যোগিন্দৰ শৰ্মা ৷ আঁৰত আছিল ধোনী – ‘দ্য কেপ্টেইন কুল’। সেই টুৰ্ণামেণ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমিফাইনেলতো অন্তিম অভাৰত বলিং কৰিছিল যোগিন্দৰ শৰ্মাই। ‘বুল ৰিং’ৰ সেই সেই ঐতিহাসিক বিজয়ে যেন জন্ম দিছিল ভাৰতৰ সবাতোকৈ সফল অধিনায়ক গৰাকীক ! পৰিস্থিতি অনুসৰি সঠিক সময়ত সঠিক সিদ্ধান্ত লব পৰা জনেই বিজয়ী হয়।

তাৰ প্ৰতিফলন পুনৰ ঘটিছিল ২০১১ চনত। মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত ৫০ অভাৰৰ বিশ্বকাপৰ ফাইনেলত ধোনীয়ে বেটিং অৰ্ডাৰত নিজকে আগুৱাই আনিছিল আৰু খেলিছিল তেওঁৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ ইনিংছটো। ৭৯ তা বলত ৯১ ৰান। অৱধাৰিতভাবেই লাভ কৰিছিল ফাইনেলৰ ‘মেন অফ দ্য মেচ’ৰ সন্মান। ১৯৮৩ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে বিশ্বজয় কৰিছিল ভাৰতে। এটা সময়ত সৌৰভ গাংগুলীয়ে দেখা সপোনক বাস্তৱ ৰূপ দিছিল ধোনীয়ে। ২০০৪ চনত ভাৰতীয় দলত প্ৰথম খেলিবলৈ সুযোগ পোৱা ধোনীক প্ৰথমতে সকলোৱে মাৰমুখী বেটছমেনৰূপেহে চিনি পাইছিল।

৩৫০ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত ১০,৭৭৩ ৰান সংগ্ৰহ কৰি নিজকে তেওঁ সফল বেটছমেনৰূপে প্ৰতিষ্ঠা কৰিছিল। ৯০ খন টেষ্টত তেওঁৰ সংগ্রহ ৪,৮৭৬ ৰান। আকৌ ৯৮ খন টি২০ আন্তঃৰাষ্ট্ৰীয়ত ১,৬১৭ ৰান সংগ্ৰহ কৰিছিল তেওঁ। উইকেটকীপাৰ হিচাপেও ধোনীয়ে লাভ কৰিছিল ঈৰ্ষণীয় সফলতা। এদিনীয়াত ৩২১ টা কেচ, ১২৩ টা ষ্টাম্পিঙৰ অভিলেখ আছে তেওঁৰ নামত। টেষ্টটো ২৫৬ টা কেচৰ লগতে ৩৮ টা ষ্টাম্পিং কৰিছিল ধোনীয়ে। ষ্টাম্পৰ পিছফালে থাকি দুৰন্ত গতিৰে তেওঁ বেটছমেনক যিধৰনে আউট কৰিছিল তাৰ দ্বাৰা একোখন খেলৰেই গতি সলনি কৰি দিছিল ।

সফল বেটছমেন, সফল উইকেটকীপাৰ আৰু ভাৰতৰ সবাতোকৈ সফল অধিনায়ক তেওঁ। ১৯৯ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত টীম ইণ্ডিয়াৰ নেতৃত্ব দি ১১০ খনতেই দলক দিছিল জয়ৰ সোৱাদ। আকৌ ৬০ খন টেষ্টত দলক নেতৃত্ব দি ২৭ খনত জয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। দুবাৰকৈ বিশ্বকাপ জয় কৰাৰ লগতে আইচিচি চেম্পিয়নছ ট্ৰফীটো ধোনীৰ নেতৃত্বত বিজয়ী হৈছিল ভাৰত। কেৱল সেইয়া নহয়, টেষ্ট ৰেংকিংৰো শীৰ্ষত আৰোহণ কৰিছিল ধোনীবাহিনীয়ে। পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে ‘কেপ্টেইন কুলৰ’ সফলতা।

বিদায় অৱশ্যে সুখকৰ নহল তেওঁৰ। ২০১৯ চনৰ বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হৈছিল ভাৰত। সেইখনেই আছিল ধোনীৰ অন্তিম এদিনীয়া খেল। এইবাৰ স্বাধীনতা দিৱসৰ সন্ধিয়া তেওঁ ঘোষণা কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ কথা। লগে লগে অন্ত পৰিল এক সোণালী অধ্যায়ৰ – ধোনী যুগৰ। টীম ইণ্ডিয়াৰ জাৰ্চিত আৰু কেতিয়াও দেখা নাপাম ‘মাহী’ক। সফল বেটছমেন, উইকেটকীপাৰৰ লগতে এগৰাকী প্ৰেৰণাদায়ক অধিনায়কৰূপে তেওঁ সদায়ে স্মৰণীয় হৈ ৰ’ব। বিদায় ধোনী !

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here