ভূপেন হাজৰিকাৰ গানত ৰাজনৈতিক চেতনাবোধ

ভাৰ্গৱ প্ৰতিম খাৰঘৰীয়া

জীৱনৰূপী বিশাল সাগৰত সাঁতুৰি সাঁতুৰি কোনোদিন ক্লান্ত নোহোৱা, থমকি নোৰোৱা, গীতৰ কথা আৰু সুৰেৰে সহস্ৰ জনতাৰ হৃদয়ত আলোড়ন সৃষ্টি কৰা, বিশ্ববৰেণ্য শিল্পী, আজন্ম লুইতপৰীয়া ড° ভূপেন হাজৰিকাৰ শৈল্পিক যাত্ৰাৰ শৈশৱতেই সূচনা হৈছিল সাহিত্যৰথীৰ ওঁঠৰ এটি চুমাৰ জৰিয়তে। সৌভাগ্যৰে পৰিপূৰ্ণ শৈশৱ কালতেই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে মহান অসমীয়াৰ নিবিড় সান্নিধ্যলৈ অহাত হাজৰিকাই অতি কম বয়সতে সংগ্ৰাম, জনতা আৰু কৃষ্টিৰ মাজৰ সম্পৰ্কক পৰিষ্কাৰকৈ বুজি উঠাৰ ফলশ্ৰুতিত ষষ্ঠ শ্ৰেণীতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সমাজ-সংস্কাৰক হিচাপে লৈ “কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে” শীৰ্ষক গীতটি ৰচনা কৰি শৈশৱতেই জ্যোতিপ্ৰসাদৰ “ৰূপান্তৰ”ৰ সপোন দেখিছিল।

১৯৩৯ চনত কিশোৰ ভূপেন হাজৰিকাই ৰচনা কৰিছিল “অগ্নিযুগৰ ফিৰিঙতি” শীৰ্ষক গীতটি। এই গীতটিকেই সামাজিক আৰু ৰাজনৈতিক পটভূমিত ৰচিত তেখেতৰ প্ৰথম গীত বুলিব পাৰি। দেশৰ স্বাধীনতা সংগ্ৰামৰ কোবাল বতাহ, জ্যোতি-বিষ্ণুৰ জনমুখী আদৰ্শ আৰু অকৃত্ৰিম দেশপ্ৰেমৰ নিকট সান্নিধ্যৰে প্ৰভাৱান্বিত হোৱা ভূপেন হাজৰিকাই তেৰ বছৰতে তেখেতৰ মনত ব্ৰিটিছৰ শোষণ, পুঁজিপতিৰ দৰিদ্ৰক শোষণ ইত্যাদিৰ বিৰুদ্ধে উমি উমি জ্বলি থকা বিদ্ৰোহৰ বহিঃপ্ৰকাশ ঘটাইছিল “অগ্নিযুগৰ ফিৰিঙতি”ৰ জৰিয়তে। “নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম” বুলি লিখি তেখেতে শোষণকাৰী ব্ৰিটিছ চৰকাৰক পৰোক্ষভাৱে সকীয়নি দিয়াটোতেই গীতিকাৰ হিচাপে হাজৰিকাৰ বিচক্ষণতাৰ লগতে সামাজিক সুস্থিৰতাৰ ক্ষেত্ৰত তেখেতৰ চিন্তাৰ গভীৰতা আৰু তেখেতৰ সুস্থ ৰাজনৈতিক চেতনাৰ উমান পোৱা যায়। ১৯৪৮ চনত মুক্তি পোৱা বিষ্ণু ৰাভাৰ “চিৰাজ” বোলছবিত সন্নিবিষ্ট হোৱাৰ পাছত এই গীতটিয়ে অসমত বহুল প্ৰচাৰ লাভ কৰিছিল।

সীমাৰ সিপাৰে চীন দেশে মাও চে টুঙৰ নেতৃত্বত সমাজতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি পোৱাৰ প্ৰতিধ্বনি শুনি আনন্দিত হোৱা গীতিকাৰ হাজৰিকাই ১৯৬২ চনত সেই সাম্যবাদী চীনৰে অতৰ্কিত ভাৰত আক্ৰমণত স্তম্ভিত হৈ পৰিছিল। চীন-ভাৰতৰ কাল্পনিক সীমাৰেখা মেকমোহন লাইনক কেন্দ্ৰ কৰি চলি থকা বিবাদেই এই আক্ৰমণৰ মূল কাৰণ আছিল। দুয়ো দেশৰ মাজৰ এই জটিল ৰাজনৈতিক আৰু কূটনৈতিক সন্ধিক্ষণৰ মাজত যুদ্ধক্ষেত্ৰত অসহায় হৈ ৰোৱা ভাৰতীয় সৈন্য বাহিনীৰ সেনানী সকলক দেশপ্ৰেমৰ চেতনাৰে জাগ্ৰত কৰিবলৈ গীতিকাৰ হাজৰিকাই ৰচনা কৰে “ৰণক্লান্ত নহওঁ” শীৰ্ষক গীতটি।

“বুদ্ধ গান্ধীকো পদাঘাত কৰিলি/ পঞ্চশীলকে ত্ৰাস বুলি হাঁহিলি/ বিশাল এচিয়াৰ সংহতি নাশিলি/ তোৰ গৰ্ব খৰ্ব হ’ব- দম্ভ তৰ্ক যাব/ ভাৰত সিংহ আজি জাগ্ৰত হয়”। ইয়ে গীতিকাৰ হাজৰিকাৰ দেশপ্ৰেমক প্ৰকাশ কৰাৰ লগতে তেখেতৰ ইতিহাসৰ জ্ঞান আৰু গভীৰ অধ্যয়নৰ ফলতেই যে জটিল কূটনৈতিক সমস্যাক গীতৰ কথাৰ যোগেদি সংক্ষিপ্ত ৰূপত প্ৰায় সকলোৰে বোধগম্য হোৱাকৈ লিখিব পাৰিছিল, সেই কথাও প্ৰমাণ কৰে।

১৯৬৫ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানী নেতাদ্বয়- আয়ুব খান আৰু জুলফিকৰ আলি ভুট্টোক সকীয়াই দি ৰচনা কৰা গীতটোত হাজৰিকাই দুয়োজনকে পাৱত গজা বুলি স্পষ্টকৈ সমালোচনা কৰিছে। এই গীতটিত ড° ভূপেন হাজৰিকাৰ গণতন্ত্ৰৰ ধৰ্মনিৰপেক্ষতা, অখণ্ডতা আদিৰ প্ৰতি থকা দায়বদ্ধতা আৰু অকৃত্ৰিম দেশপ্ৰেম অন্তৰ্নিহিত হৈ আছে।

অসমৰ বিদেশী সমস্যাটোক এটা ধ্ৰুৱক বুলি ক’ব পাৰি। ১৯৭৯ চনত বিপন্নপ্ৰায় অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত অসমৰ ৰাইজে আৰম্ভ কৰিছিল জাতীয় অস্তিত্ব ৰক্ষাৰ অহিংস গণ সংগ্ৰাম। এই সুস্থ, বলিষ্ঠ সংগ্ৰামৰ প্ৰতি সমৰ্থন আগবঢ়াই ড° হাজৰিকাই লিখিলে “আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান” গীতটি। চিৰদিন শোষিত হৈ অহা অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এই সংগ্ৰাম নিষ্ক্ৰিয় কৰাৰ উদ্দেশ্যে শাসকীয় গোষ্ঠীয়ে চলোৱা অবৰ্ণনীয় অত্যাচাৰক আওকাণ কৰি নতুন প্ৰজন্মক জাতীয় স্বাৰ্থত ওলাই অহাৰ আহ্বান জনাই তেখেতে উদাত্ত কণ্ঠেৰে গাইছিল “আকৌ যদি যাব লাগে শৰাইঘাটলৈ” শীৰ্ষক গীতটি। ১৯৮০ চনৰ ১০ ডিচেম্বৰত ভবানীপুৰত অসম আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হোৱাত হাজৰিকাই আন্দোলনৰ বিৰুদ্ধে চলি থকা ৰাজনৈতিক কু-চক্ৰান্ত আৰু চৰকাৰৰ কু-শাসনৰ প্ৰতিবাদত লিখিছিল-
“আৰক্ষী বাহিনীৰে কু-শাসন ৰক্ষা
কিছুদিনহে কৰিব পাৰি।
নৱ নৱ পুৰুষৰ নোপোৱাৰ প্ৰকাশক
ভৰিৰে মোহাৰিব নোৱাৰি।”

ৰাইজৰ হৈ চৰকাৰক বজ্ৰৰ দৰে গৰ্জন কৰি গীতৰ মাজৰ কথাৰে প্ৰশ্ন সুধিছে এনেদৰে-
কথা:”বুজিছো পুহিছ ৰাইজৰ ধনেৰেই পাশৱিক বাহিনীক?
(পিছে) নপঠাৱ কিয়, মষিমূৰ কৰিবলৈ খাদ্য মজুতকাৰীক?”

অসমৰ ইতিহাসক কলুষিত কৰি, সুস্থ আৰু প্ৰৱল জনমতকো নেওচি অসংশোধিত ভোটাৰ তালিকাৰেই অনুষ্ঠিত হৈছিল ১৯৮৩ৰ নিৰ্বাচন। তদানীন্তন শাসক গোষ্ঠীয়ে সাংবিধানিক বাধ্যবাধকতাৰ দোহাই দি অনুষ্ঠিত কৰা এই নিৰ্বাচন অসমৰ ৰাইজে বৰ্জন কৰাত চৰকাৰী পৃষ্ঠপোষকতাত অসমৰ বুকুত বিৰাজ কৰা ঐক্য- সম্প্ৰীতিৰ ওপৰত তাণ্ডৱ সংঘটিত হৈছিল আৰু বহু নিৰীহ লোকৰ মৃত্যু হৈছিল। সেই কলংকিত ৰাজনৈতিক পৃষ্ঠপোষকতা আৰু তিৰাশীৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ভূপেন হাজৰিকাই ৰচনা কৰা “জুয়ে পোৰা তিৰাশীৰ নিৰ্বাচনী বতৰ” শীৰ্ষক গীতটিত অসম আন্দোলনৰ ৰক্তাক্ত পৰিৱেশ আৰু কুটিল ৰাজনৈতিক মেৰপেকৰ বাবে সহস্ৰজনে আপোনজনক চিৰদিনলৈ হেৰুৱাব লগীয়া হোৱাৰ হৃদয়বিদাৰক চিত্ৰ অংকিত হৈছে বুলি ক’ব পাৰি।

ভৱিষ্যতৰ পথ বিচাৰি দিকবিদিক হেৰুওৱা এখন সমাজৰ গভীৰ আস্থাৰ গান হ’ব বিচৰা শিল্পীগৰাকীয়ে গানতেই চিত্ৰিত কৰিছিল দেশপ্ৰেম, জাতিপ্ৰেম, মানৱপ্ৰেম, ঐতিহাসিক ঘটনা, ৰাজনৈতিক ঘটনাকে আদি কৰি সকলোবোৰ্ সেই সময়ৰ সমগ্ৰ বিশ্বৰ ঐতিহাসিক ঘটনা প্ৰৱাহ, গণ আন্দোলন, ৰাজনৈতিক অভিসন্ধি সকলোবোৰ গীতৰ মাজেৰেই সাধাৰণ জনতাৰ কাষলৈ লৈ গৈ প্ৰয়োজনীয় সময়ত সুস্থ গণচেতনা জাগ্ৰত কৰিব পৰা শিল্পী গৰাকীয়েই আছিল ড° ভূপেন হাজৰিকা। সংগীতক প্ৰজ্ঞাৰ শাৰীলৈ নি বৌদ্ধিক চিন্তাৰ বাৰ্তাবাহক হিচাপে তুলি ধৰি এক সুকীয়া সংগীতধাৰাৰ সৃষ্টি কৰাৰ লগতে সংগীতক ৰাজনৈতিক চেতনা, ইতিহাস চেতনা আৰু জীৱন সংগ্ৰামৰ বোজা-দোমোজাত বৈ যাব পৰা এক বলিষ্ঠ মাধ্যমত পৰিগণিত কৰিছিল এইজন মহান অসমীয়া শিল্পীয়ে। সেয়েহে ভূপেন হাজৰিকা ব্যতিক্ৰম, মহান আৰু অদ্বিতীয়। সংগীতৰ কালজয়ী ভাষাৰে সুস্থ ৰাজনৈতিক চেতনাবোধযুক্ত গীত ৰচনা কৰিব পৰা ব্যক্তি বা শিল্পী ভূপেন হাজৰিকাৰ পাছত অসমত আজিলৈকে নাই ওলোৱা বুলিয়েই ক’ব পাৰি। সেয়েহে আমাৰ অনুভৱ- অসমত যিদৰে শ্ৰীমন্ত শংকৰদেৱ অতুলনীয়, ঠিক তেনেদৰেই বিশাল ব্যক্তিত্ব, পাণ্ডিত্য, সংগীতৰ কালজয়ী ভাষাৰে ড° ভূপেন হাজৰিকাও অতুলনীয়।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here