ভোক

প্ৰিয়ংকা কলিতা

কাহিলী পুৱাৰে পৰা দোপাট্‌পিটা বৰষুণজাকে বসুন্ধৰাক তিয়াই ৰাখিছে, মাজে মাজে একোটা বৰ্ষোপল।পুৱাটো তেনেই সেমেকা।অণৰ্গল আহি থকা বৰষুণজাকে ভিজাই থকা চোতালখনৰ দৰেই নিধিৰামৰ মনটোও ভিজি আছে এক অৱৰুদ্ধ ক্ৰন্দনত।কেৱল তাৰেই নে;ঘৰখনৰ তিনিওটা প্ৰাণীৰ কাৰো মুখত মাত নাই।পুৱা ৰ’দে ধল ফাট দিয়া আগতেই “শিশু ধাৰাপাত”পঢ়ি চিঞৰত তিনি ভুৱন দেখুওৱা কাজলৰ মুখত তাইৰ অপূৰঠ মনটোৰ অপ্ৰকাশ্য বিষাদ ফুটি উঠিছে।কাজলক বুকুৰ মাজত সুমুৱাই ল’বলৈ বুলি হাতখন মেলিছিলহে মাথোন,আস্! পিঠি কোণৰ বিষটোৱে ক্ৰোধত আগ্নেয়গিৰি কৰি উঠিল।বিষটোৰ উপস্থিতিয়ে বীভৎস আগনিশাটোৰ কথা অকপটে উনুকিয়াই গ’ল।”চোৰ চোৰ আমাৰ ঘৰত চোৰ কোন ক’ত আছে” নিৰ্মমতাৰ যন্ত্ৰণাত চকু ফাটি যেন জুই সদৃশ গৰম এটোপাল লোটক বুকুৰ স্ফুলিংগৰ পৰা বিগলিত হ’ল।

ক্ৰমাৎ বৰষুণ কমিছে।ৰাস্তাৰ কাষৰ জুমবোৰৰ পৰা উফৰি অহা তীৰ্যক প্ৰহসনৰ শেলবোৰ ঠিকেই কৰ্ণগোচৰ হৈছে তাৰ।আজি সকলোৰে বাবে সি এটা গৰম খবৰ,আলোচনা পৰ্যালোচনাৰ নতুন প্ৰসংগ।আজিৰ দৰে আগতে যদি নিধিৰাম আৰু তাৰ তিনিজনীয়া পৰিয়ালটো এই সভ্য গব্য সমাজখনৰ আলোচনা বিষয় হ’ল হয়।নিশ্চয় চাৰিদিন ভোকত থাকিব লগা নহ’ল হয়।চৰকাৰৰ এপাচি শাকত এটা জালুক লেখীয়া সাহায্য পাব লগাই নাপায়।সকলোৰে এটাই উদ্দেশ্য পুতৌৰ প্ৰদৰ্শন।

পিছচোতালত,মিনতিৰ প্ৰতিক্ৰিয়াবিহীন মুখ।আধলিটো মান ৰঙা ফোঁটটোৱে তাইৰ নিৰ্ভেজাল সৌন্দৰ্য্য প্ৰস্ফূটিত হোৱাকে নীৰৱে ঘোষণা কৰিছে।ফোঁটটো ল’লে অন্য প্ৰসাধনৰ প্ৰয়োজন নোহোৱাকৈ উজ্জ্বল তাই।হৰিণীৰ দৰে বিষন্ন অথচ গভীৰ চকুহালৰ গুৰিত আজি এটা ক’লা তৰপ পৰিছে;হয়তো টোপনিবিহীন আগনিশাৰ বাবে।গুৱাহাটীলৈ অহা দিন ধৰি মানুহজনীক না এসাঁজ পেটপূৰাই খুৱাব পৰিছে না হৰেকৰকমৰ পিন্ধাব পৰিছে।অথচ কোনো দিন আপত্তি নাই,নাই কোনো প্ৰতিবাদ।হয়তো মানুহজনীৰ আৱেগবোৰে নাইকিয়া হৈছিল তেতিয়াই,যেতিয়া সকলো হেৰুৱাই কাজলক পেটত লৈ গুৱাহাটীলৈ বুলি গুচি আহিছিল।

যোৱা নিশা ঘটনাটোৱে সি পাহৰি থাকিব বিচৰা অথচ,তাৰ অতিকৈ আপোন মাজুলীখনৰ ছবি মনত ভাঁহি আহিল।চেৰেঙকৈ দেউতাক ৰত্নেশ্বৰৰ মুখখনে আহি আমনি কৰিলেহি।মাত ফুটো-নুফুটোতে ঘাটমাউৰা নিধিৰামক দেউতাকে স্নেহৰ উষ্ণ স্পৰ্শে,প্ৰগাঢ় মৰম-আব্দাৰে তুলিছিল।খুঁটি খাব পৰা হ’লত মিনতিক বিয়া কৰাই দিয়ে।ভঁৰালে ঘৰে লখিমী নধৰা আছিল।কিন্তু সেই কালৰাত্রিটো,বিধ্বংসী বানজাক।সৰ্বস্ব উটি গৈছিল সিহঁতৰ সৰ্বস্ব।মাজুলীৰ গোটেই কমলাবাৰীৰ অঞ্চলটোৰ ভিতৰতে দক্ষ শিপিনী বুলি খ্যাত মিনতিয়ে পোনেই বৈ অতোৱা দহযোৰকৈ কাপোৰ জাহ গৈছিল বানত; চকুপানী বোৰৰো মৃত্যু হৈছিল মানুহজনীৰ সেইদিনাই।অৱশিষ্ট বুলি এপদ বস্তুও বাকী নথকাত মিনতিক সাৰথি কৰি গুচি আহিছিল গুৱাহাটীলৈ।দুই একে “ঠান হেৰালে মান হেৰাই” বুলি নাযাবলৈ উপদেশ দিছিল।কিন্তু দেউতাকৰ মৰাশটোকে বিচাৰি নোপোৱা ঠাই খনত নজহা-নপমা দুখবোৰ বান্ধি থাকেনো কোন সতে।

নিধিৰাম খামিডাঠ মানুহ।কামলৈ কেৰেপ নকৰে।সেয়েহে গুৱাহাটী ভাড়াঘৰটোতে জীৱনটো থানথিত লগাই;হাজিৰা বাতৰি বিলোৱা যি পায় তাকে কৰে।কাজলৰো জন্ম ভাড়াঘৰতে পেটে-ভাত খাই থাকিলেও বানৰ ভয় নাই।

কিন্তু দুসপ্তাহ ধৰি কথাবোৰ অলপ সলনি হৈছিল।ক’ৰণা ভাইৰাছৰ ভয়ঙ্কৰ সংক্ৰমণত সকলো বন্ধ।গুৱাহাটীৰ ব্যস্ত ৰাস্তাবোৰ তেনেই নিজম নিতাল।সকলোৱে প্ৰকৃতিৰ অতদিনৰ ক্ৰোধৰ পৰা নিজকে বচাবলৈ গৃহবন্দী ৰূপত আখৰা চলাইছে।কিন্তু সমস্যাটো যেতিয়া এসাঁজ ভাতৰ কাৰণে হয় সলনি হয় জীৱনৰ সংজ্ঞা।
এসপ্তাহ কোনোমতে চলি গ’ল ভাইৰাছৰ সংক্ৰমণ বাঢ়িছেহে।সি কামলৈ নোযোৱা দুসপ্তাহে হ’ল।সোমবাৰৰ নিশা তাক আৰু কাজলক চাউল কেইটামান সিজাই খাবলৈ দি,নিজৰ ভোক নাই বুলি কোৱা মিনতিয়ে পিছমুহূৰ্ততে কাজলৰ ভাতৰ পাতত সিঁচৰতি হোৱা ভাত কেইটা বুটলি মুখলৈ নিয়া দেখি নিধিৰামৰ দুচকু ৰঙা পৰি গৈছিল।ভয়ত কঁপি উঠিছিল শুনি আকৌ এজাক বানৰ আহ্বান।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছিল কালি দুপৰীয়া।যেতিয়া কাজলে “মা মোৰ ভোক লাগিছে বগা ভাত দুটামানকে দিয়া”বুলি ফেঁকুৰি উঠিছিল।দাইলবিহীন ভাতক বগা ভাত নামাকৰণ কৰিছে কাজলে কিয়নো শুধ বগা যে ।ঘৰত খুদকন এটাও নাই;মিনতি নিৰুত্তৰ হৈ ৰৈছিল।

একমাত্ৰ ছোৱালীজনীৰ মুখত কিবা এটা দি শুব পাৰিলে ,কাইলৈ কিবা এটা কৰিব লাগিব বুলি ভাবি পাগুলি টকা বিশটা ধাৰলৈ বিচৰা উদ্দেশ্যে শইকীয়া ঘৰলৈ বুলি বাট ল’লে।আকৌ এবাৰ শইকীয়ানীৰ অগ্নিমুখৰ কথা মনত পৰি দুখোজ পিছুৱাই আহিল।”মা মোৰ ভোক লাগিছে বগা ভাত দুটামানকে দিয়া” নাই সি যাবই লাগিব।

স্বাস্থ্যকেন্দ্রত চাকৰি কৰা শইকীয়া ঘৰত নাই।দৰ্জাখন খুলি “কি বিচাৰিছ”বুলি টানকৈ কৰ্কশ মাতে মাতষাৰ দিলেও স্পষ্ট শইকীয়ানীৰ মুখত ভয়,উদ্ধিগ্নতাৰ চিন।নিধিৰামে টকা বিশটা বুলি মুখখন মেলিছিল হে …।শইকীয়া পুতেকৰ কোঠাৰ পৰা উফৰি আহিল অস্ফুট অশ্লীল মাত।সুৰাৰ ভেকেটা-ভেকেট গোন্ধ এটা বতাহত মিহলি হৈ আহিল।তৎক্ষণাত শইকীয়া পুতেকৰ কোঠাৰ পৰা বাহিৰলৈ অবিন্যস্ত সাজপোছাক পিন্ধা অসংযত খোজ-কাটলে এটা ল’ৰা পাৰ হৈ গ’ল।ল’ৰাটো যোৱা পাছত শইকীয়া পুতেকৰ চিঞৰ আৰু ডাঙৰ হ’ল।”চাল্লা হাৰামজাদা মোক মোৰ টকা ঘূৰাই দে,বেটা আজিও মোক হৰুৱাই গ’লি” অতপৰে জড় মূৰ্তিৰ দৰে ৰৈ থকা শইকীয়ানী আমঠা-আমঠিকৈ নিধিৰামক বাৰাণ্ডাতে এৰি ভিতৰ পালেগৈ। “বুঢ়াক কেনেকৈ মেনেজ কৰিম তইয়ে ক’ মা আজিও হাৰিলো।”
নিধিৰামে পৰিস্থিতি বুজি কাকো মাত নিদিয়াকৈ ঘৰলৈ বুলি খোজ ল’লে।গেটখনত হাত দি কিবা এটা শুনা পালে সি।”চোৰ চোৰ আমাৰ ঘৰত চোৰ কোন ক’ত আছে” শইকীয়ানী মাত; চোৰ!একো ভু নৌপাওঁতেই তাৰ পিঠিত পৰিল শইকীয়া পুতেকৰ বেতৰ কোব..প্ৰহাৰ।মোক নামাৰিব একো নাই কৰা বুলি গগন ফালি সি চিঞৰিলে।ওচৰত প্ৰায় পঞ্চাছ জন মান মানুহ গোট খালে।কোববোৰ বাঢ়ি আহিল কিছু কিছুৱে পুলিচত দিবলৈ উপদেশ দিলে,একাংশই পাব্লিক ধূলাইহে ঠিক হ’ব বুলি হাতৰ খজুৱতি মাৰিলে।সি হৃদয়ৰে কামনা কৰিলে কোনোবা এজনে সোধক কি হেৰাল? বিচাৰ কৰক নাই চলচ্চিত্ৰৰ আকৰ্ষণীয় দৃশ্যৰ দৰে সকলোৱে উপভোগ কৰিছে,মন্তব্য কৰিছে দুই এজনৰ ম’বাইলৰ ফ্লাস্ জ্বলিছে।ফ’টো,ভিডিও হ’ব।পৰিয়ালৰ মানুহৰ চুৰি হোৱা পইচাৰ প্ৰতি লালসা নাই। বাহ্ কি অভিনয় ,কি মানৱীয়তা জুৱাত যোৱা পইচা চুৰি হোৱা ভাও দিয়াত সাৰ্থক মাক-পুতেকৰ মুখ পূৰ্ণাশাত জিলিকিছে।সি মই একো নাই কৰা কথাষাৰৰ প্ৰত্যুত্তৰত এজনে আটাহ পাৰি উঠিল “চোৰেনো চোৰ কৰিছোঁ বুলি ক’ব নে”।বহুত অকথ্য গালিৰ মাজত কাড়ে বিন্ধাদি বিন্ধি গ’ল দুলালৰ এষাৰ কথাৰে “পৰহি তাৰ কি তাও,মই দিয়া সহায়ৰ টোপোলা সি উভতাই পঠিয়াইছে,দিনে পোহৰে সহায় লব’লৈ বেয়া পায়।ৰাতি হ’লে চোৰ কৰিবলৈ ভাল।” চোৰ শব্দটোৱে যেন তাক এইবাৰহে আঘাট কৰি গ’ল।অসহায় ক্ষীণ মাতটোৱে যেন সি চিঞৰি ক’ব- “বিপদত সহায় হাত এখন সকলোকে লাগে।কিন্তু সেই সহায় লৈ সামাজিক মাধ্যমত ফ’টো এখন হৈ উজ্জ্বলি থাকিবলৈ কাৰ মন যাব।টোপোলাটোৰ বিনিময়ত ফ’টোত উঠাটো বাধ্যতামূলক যদি তেনে এটা কি দহটা টোপোলা ঘূৰাই দিম।আজিটো দস্তুৰমত টকা বিশটা ধাৰলৈ বিচাৰিহে আহিছিলো।” ডিঙিত লাগি ধৰিল কথাবোৰ ,চকুৰ আগত এসোপা এন্ধাৰ।কাণখন কিহবাই সোপা মাৰি ধৰিল,মূৰটো কিবা গধুৰ গধুৰ লাগিল।চাৰ্টটো তিটিছে ঘামত নিশ্চয়;ঘাম নহয় ৰঙা, ৰঙা ৰঙা ঘাম!তাৰপাছত তাৰপাছত একো মনত নাই তাৰ।ভোকাতুৰ পেটতো পিঠিৰ কোববোৰ অসহনীয় হৈ আহিলত চকুহাল মুদ খাই আহিল তাৰ।

পুৱা নিজক আৱিষ্কাৰ কৰিলে সিহঁতৰ চাং খনৰ ওপৰত।মিনতিয়ে গৰম পানী সেক দি থকা অৱস্থাত।মুখখন তেতিয়াও অতিৰক্ত হৈয়ে আছিল,চকুহাল ফুলা।কাজল মিনতিৰ কোলাত বহি ল’লেহি তাই আগতকৈ সৰু দুৰ্বল কণ্ঠৰে ঠেনঠেনাই উঠিল “মা মোৰ বৰ ভোক লাগিছে অ’.. বিস্কুট এখনকে দিয়া না।” তাইৰ গাখীৰত সেন্দুৰ মিহলোৱা যেন ৰঙৰ গাল দুখন তেনেই ঢেলা।অপৰাধবোধৰ বতাহে চুই গ’ল নিধিৰামক।ক’ত লুকুৱাব এবুকু যন্ত্ৰনাৰ ভাৰ।কিয় হাজাৰ দুখ সহিব পৰা মানুহে পেটৰ ভোকতো সহিব নোৱাৰে!

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here