ভগ্নাৱশেষ

একতা শইকীয়া

ইয়াত কোনো উজ্জ্বল ৰং নাই
প্ৰতিটো ৰং উৱঁলি গৈছে
সুউচ্চ স্তম্ভবোৰ হতভম্ব!
সিহঁতৰ সমস্ত শাৰীৰ প্ৰায় শীৰ্ণকায়

পৰুৱাবোৰে লানি নিছিগাকৈ পৰিক্ৰমা কৰে ইয়াতেই।
কি পায় বিচাৰি?
ইয়াত শূন্যতাৰ বাদে একো নাই।

কাউৰীৰ জাকো আহে
উৰি উৰি—-
দিনটোৰ বিভিন্ন প্ৰহৰত
তহল মাৰি ফুৰেহি দেৱালয়ৰ চুকে কোণে।
ওখ বেৰবোৰত হাত ভৰি আচাৰি বতাহ এজাকে আটাহ পাৰি চিঞৰে!
শূন্যত পাকঘূৰণি খাই ওলমি ৰয় সময়।
ধূপ-ধূনা-চন্দনৰ হেৰোৱা সুগন্ধি বিচাৰি বতাহজাকে ছটফটাই!

সময় ওলমি ৰয় শূন্যতে

ৰংবোৰ উৱঁলি গৈ এন্ধাৰ হয়।
বতাহজাকৰ চিঞৰ দেৱালয়ৰ বেৰবোৰে, স্তম্ভবোৰে —
সকলোৱে শুহি লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here