ভাৰতীয় খৰাঙৰ সাম্ভাব্য কাৰক উত্তৰ-আটলান্টিক

প্ৰীতম জ্যোতি বৰা

মই প্ৰীতম জ্যোতি বৰা। মোৰ ঘৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত আৰু অধ্যয়ন সূত্ৰে মই বৰ্তমান বাংগালোৰত । মই কটন কলেজ ৰ পৰা ২০১১ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেজপুৰ বিশ্ববিদ্যালয় ত নামভৰ্ত্তি কৰোঁ। ২০১৬ চনত পদাৰ্থ বিজ্ঞানত সংযুক্ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বাংগালোৰ স্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বা Indian Institute of Science (IISc) ত INSPIRE fellowship লৈ PhD ত যোগদান কৰোঁ। মোৰ গৱেষণাৰ বিষয়বস্তু হল যোৱা শতিকা জুৰি ভাৰতত হোৱা খৰাং আৰু ইয়াৰ ওপৰত বৃহত্তৰ বায়ুমণ্ডলীয় আৰু মহাসাগৰীয় কাৰক সমূহৰ প্ৰভাৱ।

কালি প্ৰকাশ পোৱা গৱেষণা পত্ৰ খনৰ ক্ষেত্ৰত তলত কিছু আভাস দাঙি ধৰিছো।

কৃষিপ্ৰধান দেশ ভাৰত যোৱা শতিকা টোত কমেও ২৩ টা খৰাং বছৰৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত ১৯৬৫, ১৯৮৭,২০১৫ আদি আছিল অতি ভয়াবহ যত অযুত সাধাৰণ জনতাৰ দুৰ্দশা হৈছিল । সাধাৰণতে খৰাং হোৱাৰ সৰু-বৰ বৈজ্ঞানিক কাৰক বহুত আছে যদিও সকলোতকৈ আধিপত্য বিস্তাৰ কৰি আহিছে প্ৰশান্ত মহাসাগৰ ত সময় সাপেক্ষে সৃষ্টি হোৱা El Nino নামৰ পৰিঘটনা টো এ। ২-৭ বছৰৰ মূৰে মূৰে অহা এই ঘটনাত পূৱ আৰু মধ্য প্ৰশান্ত মহাসাগৰ ৰ পানী গৰম হৈ উঠে আৰু ই অৱশেষত ভাৰতত বৰ্ষা হ্ৰাস কৰি শুকান খৰাং অৱস্থা বিয়পাই পেলায়। অৱশ্যে এই বিষয়ত দশক জুৰি বিশদ অধ্যয়ন হৈ আহিছে আৰু ইতিমধ্যে বতৰৰ আগজাননী দিবলৈ চুপাৰ কম্পিউটাৰ ত চলোৱা মডেল বোৰতো El Nino ক ভাৰতীয় মৌচুমী ক ব্যাঘাত কৰিব পৰা এটা অন্যতম কাৰক ৰূপে গণ্য কৰা হয়।
আমি উল্লেখ কৰা ২৩ টা খৰাঙৰ ভিতৰত ১৩ তাই El Nino ৰ সক্ৰিয় হৈ থাকোঁতে হৈছিল। গতিকে এই খিনি খৰাং হোৱাৰ এটা সম্যক ধাৰণা ইতিমধ্যে জনা হৈছে। কিন্তু বাকী ১০ তা খৰাং হওঁতে প্ৰশান্ত মহাসাগৰ সুপ্ত আছিল অৰ্থাৎ ভাৰতীয় মৌচুমী ক ব্যাঘাত জন্মোৱা ৰ কাৰণ নাছিল। গতিকে আমি এই মোটামুটি ৫০% খৰাং হোৱাৰ বৃহত্তৰ উৎস বিচাৰি গৱেষণা আৰম্ভ কৰিছিলোঁ। বৰষুণ, মহাসাগৰ আৰু বায়ুমণ্ডলৰ বিভিন্ন ৰাশি বিশ্লেষণ কৰাৰ অন্তত আমি কিছু গুৰুত্বপূৰ্ণ কথা অনুধাৱন কৰিলোঁ। প্ৰথমে দেখিলোঁ যে এনে ধৰণৰ খৰাং বোৰত বৰষুণ আগষ্টৰ সেহৰ ফালৰ পা হঠাৎ হ্ৰাস হব আৰম্ভ কৰে, যাৰ বিপৰীতে El Nino ৰ কাৰণে হোৱা খৰাং বোৰত বৰষুণ জুলাইৰ পৰাই কমা আৰম্ভ হয় । গতিকে এই দুইবিধ খৰাং ৰ বৰষুণ ৰ আচৰণৰ ব্যতিক্ৰম আছে। ক্ৰমাগভাৱে আমি গোলকীয় স্তৰত অনুসন্ধান কৰোঁতে উত্তৰ-আটলান্টিক মহাসাগৰত এক প্ৰৱল বায়ুমণ্ডলীয় সঞ্চালন প্ৰত্যক্ষ কৰিলোঁ। এই ক্ষেত্ৰৰ পৰা Rossby নামৰ বিশাল বায়ুমণ্ডলীয় তৰংগৰ উৎপত্তি হৈ পূৱৰ ফালে গতি কৰে। হাজাৰ কিমি জুৰি থকা এই তৰংগ বোৰ তিব্বত মালভূমি নৌপাওঁতেই দক্ষিণলৈ সোমাই ভাৰতত খুন্দা মাৰে। মাত্ৰ ১০/২০ দিনীয়া এই তৰংগ বোৰে আগষ্টৰ শেহৰ ফালে খুন্দা মৰাৰ ফলস্বৰূপে মৌচুমী বায়ুৰ প্ৰচলনত ব্যাঘাত জন্মে আৰু ২০ দিনৰ ভিতৰতে ভাৰতত বৰষুণ কমি অতিশয় খৰাংপৰিস্থিতি ৰ সৃষ্টি হয় যিটো আনকি ছেপ্টেম্বৰ লৈকে বৰ্তি থাকে ।

একে এশাৰীতে কবলে হ’লে বিগত শতিকাৰ ১৯০১ পৰা হোৱা খৰাং সমূহৰ মোটামুটি ৫০% খৰাং যাৰ ওপৰত প্ৰশান্ত মহাসাগৰৰ প্ৰভাৱ নাছিল, দেখা গৈছে যে উত্তৰ – আটলান্টিক মহাসাগৰ ত উৎপত্তি হোৱা বায়ুমণ্ডলীয় তৰংগ আহি আগষ্টৰ শেহৰ ফালে ভাৰতত খুন্দা মাৰি এই খৰাং সমূহৰ সৃষ্টি কৰে। এইখিনিতে আৰু এবাৰ উল্লেখ কৰা দৰকাৰ যে El Nino ৰ কাৰণে হোৱা খৰাং বোৰত সাধাৰণতে জুলাই মাহ তে বৰষুণ কমি খৰাং হৈ পৰে যিটো ছেপ্টেম্বৰ লৈকে বৰ্তি থাকে।

আমি আশা কৰিছোঁ এই পৰ্যবেক্ষণ ৰ সহায়ত ভাৰতত হোৱা খৰাং সমূহ অধ্যয়ন কৰাৰ দিশত এক নতুন দিশ খোল খাব। লগতে আশা কৰিছোঁ অধিক গৱেষণাৰ দ্বাৰা আৰু অধিক উত্তম খৰাং আগজাননী ৰ দ্বাৰা দেশৰ কৃষক আৰু কৃষিৰ কাৰণে সুবাৰ্তা কঢ়িয়াই আনিব পৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here