বাটে বাটে ফুল সিঁচি থৈ

জ্যোৎস্না হাজৰিকা

মেজিকখনত উঠিবলৈ লওঁতেই পিছফালৰ পৰা খুন্দা এটা খাই পিছলৈ ঘূৰি চালে মনামীয়ে।ওখ পাখ ল’ৰা এটা।দেখাত গোটেইটো যুধিষ্ঠিৰ।
: ছৰি দেই ।বেয়া নাপাব।
:ছৰি মানে? চকুৰে নেদেখে নেকি?
:দেখো কাৰনেইটো ছৰি কৈছো।যুধিষ্ঠিৰৰ মিচিকিয়া হাঁহি। খঙত মুখখন ফুলোৱাৰ বাহিৰে উপায় নাছিল মনামীৰ।ইমানগাল মানুহৰ মাজত এইপাতৰ লগত লাগি থাকিলে নিজৰহে নাকটো যাব। শাৰীখন ঠিক কৰি খিড়ীকিৰ কাষত বহি ল’লে তাই।

মনামী বৰুৱা।ঘৰৰ পৰা অলপ দূৰৈত হাইস্কুল এখনৰ অংকৰ শিক্ষয়ত্ৰী।মেজিকত দৈনিক আধাঘণ্টাৰ যাত্ৰা।মেজিকৰ ড্ৰাইভাৰ হেণ্ডিমেনো অহাযোৱা কৰোতে চিনাকি হৈ গৈছে।নিয়মীয়া যাত্ৰীকেইজন গোট খালেহে মেজিক ষ্টাৰ্ট হয়।ছিট নোপোৱাৰ ভয়ো নাই বুক কৰা থাকে।আৰু লাগেনো কি!বেয়া লগা নাই তাইৰ।সহকৰ্মী কেইজনকো ভালেই পাইছে।দিনত তিনিটা অংকৰ ক্লাচ কৰিব লাগে তাই বচ সিমানেই।তাৰ পিছত কমনৰুমত শাক খোৱা, ভাত খোৱা কথা পাতি ঘৰত কৰা কামৰ বহীবোৰ চেক কৰা আৰু তিনি বজাত ঘৰলৈ অহা। সদ্যহতে এয়াই জীৱন চলি আছে।গাঁৱত চাকৰি কৰাৰ মজাই বেলেগ।প্ৰথম গণিতৰ ক্লাচ ল’বলৈ দশম শ্ৰেণীত ভৰি থওঁতেই কোনোবা অঘাইতং এটাৰ চিঞৰ”ঐ অংক পঢ়োৱা বাইদেউও থাকে নেকি?” এক মূহুৰ্তৰ কাৰণে থতমত খাই গৈছিল তাই। পিছে সিহঁতক আয়ত্তলৈ আনিবলৈ বৰ বেছি দিন নালাগিল তাইৰ।পিছলৈ সিহঁতৰ প্ৰিয় অংকৰ বাইদেউ হ’বগৈ পাৰিছিল তাই। এবাৰ আকৌ এটাই অংক কিতাপখনৰ ওজন বেছি কাৰণে কিতাপখন মাজেদি দুফাল কৰি এফাল ঘৰত থৈ আহিছিল!মুঠতে বৰণীয়া অভিজ্ঞতা। তাৰ মাজতে সিহঁতৰ বেগৰ পৰা উদ্ধাৰ হোৱা প্ৰেমপত্ৰ বোৰটো আছেই!এবাৰ এটাক গোটেইদিনটো সি লিখি অনা চিঠিখনৰ বানান শুদ্ধ কৰিব দিছিল তাই।এইবেলি অংকত ভাল নম্বৰ পাইছে সি।

মানুহৰ হেঁচা-ঠেলাত অলপ অগা- পিছা কৰোৱাই এডজাষ্ট কৰাই আছে হেণ্ডিমেনে!যুধিষ্ঠিৰে ডিঙি পোন কৰি বহিবই পৰা নাই! গোটেইটো হাত ভৰি কোঁচাই ধৰি অনা বান্দৰটোৰ লেখীয়াকৈ বহি আছে। হাঁহি উঠিল তাইৰ মনে মনে।কোন বা মহাপুৰুষ এখেত !মহাশয়ে পিছে একান্তমনে বাহিৰলৈ চায় গৈ আছে যেন এইখন পৃথিৱীত নাই তেখেত! তাই ঘড়ীটোলৈ চালে। আজি অলপ দেৰিয়েই হৈছে।প্ৰাৰ্থনা নাপালেগৈ নিজৰেই মনটো বেয়া লাগে! দৈনিক দশম শ্ৰেণীৰ পাঠদানেৰে তাইৰ দিনটো আৰম্ভ হয় তাইৰ।অঞ্চলটোৰ বেছিখিনি মানুহেই খেতিৰ ওপৰত নিৰ্ভৰশীল। গাঁওখনৰ সমীপেৰে বৈ যোৱা নৈখনেই যেন ভাগ্য নিয়ন্তা গাঁওবাসীৰ বাবে ।বাৰিষা ফেনেফোটোকাৰে বৈ অহা নৈখনে বহুতৰে ভঁড়াল উদং কৰি থৈ যায়।তথাপিও যেন জীপাল হৈ থাকে মানুহবোৰ। গাঁৱৰ বিয়া সবাহ সকলোতে নিমন্ত্ৰণ পাই সিহঁতে।লগতে নৈপৰীয়া ৰাইজৰ অকৃত্ৰিম মৰম।টিউচন ল’বলৈ সামৰ্থ নথকা ল’ৰা-ছোৱালীখিনিক যিমান পাৰে সহায় কৰিছে তাই।আগতে পথাৰত ৰোৱা তোলা সময়ছোৱাত ল’ৰা ছোৱালী নাহেই।গাঁৱত বিয়া সবাহ থাকিলেও বিদ্যালয়লৈ নহাটো যেন অলিখিত নিয়ম।এইবাৰ তাই নিজৰ শ্ৰেণীকেইটাত কিছু কাঢ়া কৰি দিছে।অভিভাৱক সকলো কিছু সজাগ হৈছে।

:বাইদেউ নামক নামক পাই গ’লো।
:হেৰা মইও নামিমহে অকল বাইদেউ নানামে।ইমান মুখখন চলাই অ এইজনে।মনামীয়ে ভোৰভোৰালে।তাইৰ লগে লগে খোজ ল’লে মহাপুৰুষে।খোজৰ গতি যিমানে খৰ হৈছে তাৰ কথাৰ কোবো চৰিছে।
:সদায় কেনেকৈ ইমান জল্ডি আহিম বাৰু মই? আজি ৰাতিপুৱাৰ টোপনিও আধৰুৱা হ’ল।স্কুলত সপোন নেদেখিলেহে হৈছে মেজিকৰ।বুকুখন চিৰিংকৈ মাৰিলে তাইৰ।এইপাতে মানে মাষ্টৰী কৰিব আহিছে তাকো একেখন স্কুলত।প্ৰভু বচাবা আৰু।ই বাৰু মোকেই জোকাইছে নেকি? আৰু খৰ হ’ল তাইৰ খোজ।
: ৰ’বহে একেলগে যাওঁ।একেখনেই স্কুল যেতিয়া। মনামীয়ে হাঁহি এটা মাৰি ক’লে আহক আহক ।স্বাগতম ।আপুনি জইন কৰিব বুলি গম পাইছিলো।পিছে এনেকৈ এণ্ট্ৰি মাৰিব বুলি ভবা নাছিলো।চিনাকিটো দি লোৱাহেঁতেন আপোনাৰ ইমেজটোও ঠিকে থাকিলেহেঁতেন শিক্ষক হিচাপে।

:সেইটোৱেই মই বেয়া পাওঁ বুজিছে ।ফ্ৰেমত বন্দী হৈ।এইযে মই ভাল হৈ দেখুৱালে আপুনি ভাল পাব বা বেয়া হৈ দেখুৱালে মোৰ সমস্ত বেয়াবোৰ আপুনি কল্পনা কৰি ল’ব।এইটোৱেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছা।আজিৰ পৃথিৱীত এই ভাল বেয়াৰ ইমেজটো আমি নিজেই বনাই দেখুৱাব পাৰো বুজিছে। মানুহৰ বুকুৰ ভিতৰেদি জুমি চাব জানিব লাগে আমি।তেতিয়াহে গম পায় ক’ত জোনাক ক’ত বিষাদ!এনেতে গাড়ী এখন চাৎকৈ কাষেৰে পাৰ হৈ গ’ল।
: চাব দেই।চাইচিতি খোজ কাঢ়িব।ৰাস্তাৰ মাজত সাহিত্য চৰ্চা কৰি থাকোতে কেতিয়াবা ফ্ৰেমত মালা পিন্ধি থাকিব লাগিব!

:ৰ’বহে আহিছোহে মাৰিয়েই পেলালে।বাই ডা ৱে মই বিজ্ঞান শিক্ষকহে দেই!
বাৰাণ্ডাতে হেডছাৰ ৰৈ আছে।প্ৰাৰ্থনা সভাখন তেওঁ নিজেই তদাৰক কৰে। আজিলৈকে কাকো টান কথা কৈ নোপোৱা মানুহজনক সকলোৱে মানি চলে।দেখিলেই শ্ৰদ্ধা ওপজে মানুহজনলৈ।
:ৰাগনীল আহিলা।মনামী চিনি পাইছা চাগে।আমাৰ নতুন বিজ্ঞান শিক্ষক ৰাগনীল বৰুৱা।মনামীয়ে উত্তৰ দিবই নাপালে
:পাওঁ ছাৰ আগৰপৰাই। মাত লগালেই সিফালৰ পৰা।কম বস্তু নহয় এইটো!
মনামীয়ে বেগটো থোৱাৰ ছলেৰে আঁতৰি আহিল ততাকৈয়াকৈ আৰু বা কি বলকে ঠিক নাই বুলি।
কম সময়তে কমনৰুমত জনপ্ৰিয় হৈ পৰিল ৰাগনীল বৰুৱা। হ’বই যিখনহে মুখ! মনামীয়ে ভোৰভোৰালে।ক্লাচ কৰি আহি বহাৰ লগে লগে ক’ৰবাৰ পৰা উৰি আহিলে ৰাগনীল।
: নাম্বাৰটো দিবাচোন।মেজিকত ছিট ৰাখিব লগীয়া হ’লে ফোন কৰিম। বাইকখনে কেতিয়াবা দিগদাৰি দিয়ে যে!এনেই নকৰো।
আপুনিৰ পৰা ডাইৰেক্ট তুমি! নাকৰ পাহি দুটা ফুলি উঠিল মনামীৰ।
: ছোৱালীৰ নম্বাৰ ল’বলৈ পৃথিৱীত বাহানা ঢেৰ সৃষ্টি কৰি থৈছে ভগৱানে।
:আচ্ছা মোক মানে সেইটো কেটেগৰিতে থ’ল ন?
: মই কোন থ’বলৈ? নিজেই নিজৰ কেটেগৰিটো দেখুৱাই আছেই দেখোন ৰাতিপুৱাৰ পৰা।কাৰ মুখ চাইছিলো জানো ৰাতিপুৱা।
:মই আক’ ৰাতিপুৱা উঠিয়েই আইনা চাওঁ যে! সেয়েহে ইমান ধুনীয়া আৰম্ভনি।চবৰে অৱশ্যে সেইটো ভাগ্য নাথাকে।আচ্ছা যাওঁ দেই।ক্লাচ আছে।চিনাকি হওঁগৈ ৰাইজৰ লগত।
কেনেকৈ পাৰে মানুহ ইমান সপ্ৰতিভ হ’ব।তাইৰ দেখোন কথাটো ক’ম নে নক’ম ভাবি থাকোতেই এবেলা যায়।এইবোৰ মানুহে য’তেই যায় হাঁহি চতিয়াই যায় । এনে মানুহৰ মনৰ উমান সতকাই পোৱা নাযায়।কলেজীয়া ৰুমমেট ৰিমলিলৈ মনত পৰিল তাইৰ।গোটেই হোষ্টেলটো খলকনি লগাই ফুৰিছিল।কিন্তু তাইৰ মনৰ কথাবোৰৰ ভাগ মনামীয়েহে পাইছিল।ক’ৰবাত কিবা এটা তালমিল আছিল তাহাঁতৰ।এৰা কেনেকৈ যে লগ হয় মানুহবোৰ। কেতিয়াও ভৱা নাছিল তাই শিক্ষয়ত্ৰী হ’ব বুলি।বৃত্তিটোৰ প্ৰতি তাইৰ অনীহা নহয় একপ্ৰকাৰৰ সন্মান আছিল।মানুহ গঢ়াৰ কমাৰশালত নিজক উচৰ্গা কৰিবলৈ মানসিক প্ৰস্তুতিও নাছিল।একো কৰিব নোৱাৰিলে দৰমহা কেইটা ল’বলৈও গাত লাগিব বুলি ভাবিছিল তাই। কিন্তু তাই পাৰিছিল নিজৰ জ্ঞানৰ পোহৰ বিলাবলৈ।উজুটি খোৱা নাছিল।গহীন গম্ভীৰ স্বভাৱটোৰ বাবেও সকলোৰে প্ৰিয়পাত্ৰও হৈছিল।নৈপৰীয়া গাঁওখনৰ প্ৰেমত পৰিছিল তাই।ৰাতিপুৱাতে চহৰৰ ব্যস্ততাপূৰ্ণ পথেৰে আহি ইয়াত প্ৰৱেশ কৰি কিবা যেন এক প্ৰশান্তি পাইছিল তাই। ৰাতিপুৱাৰ গাঁৱৰ ছবিখনে মনলৈ নতুন উদ্যম আনিছিল প্ৰতিদিনে।নৈখনে যেন প্ৰতি নিয়ত কঢ়িয়াই লৈ ফুৰিছিল কাহানিও নজহা নপমা জীৱনমুখী সুৰবোৰ… ছুটীৰ ঘণ্টা পৰাত খৰধৰকৈ বেগটো লৈ ওলাই আহিল নহ’লে এই জিৰাফে আকৌ লম্ভি দিব পাৰে।গাড়ীত যেনেতেনে যাব পাৰি বাৰু কিন্তু খোজকাঢ়ি যাওঁতে ছাগলী নিচিনাকে লেপলেপাই যাব নোৱাৰি আৰু।আগতীয়াকৈ মেজিকৰ ছিটত বহি ল’লে তাই।
:উৰি আহিলা নেকিহে? নেদেখিলো যে? জিৰাফৰ আগমণ।
:নাই।পৰাহ’লে এতিয়াও উৰি গুচি গ’লোহেঁতেন।
:ৱাহ!
মুখেৰে মাত এটা নমতাকৈ মোবাইল পিটিকি আহি আছে তাই।জিৰাফ এইবাৰ হেণ্ডিমেনৰ লগত ব্যস্ত।টাটা মেজিকৰ গোটেই ডিটেইলচ লৈছে।কাইলৈৰ পৰা চলাম বুলিয়েই ভাবিছে হ’বলা।ফিচিককৈ হাঁহি এটা ওলাই আহিল তাইৰ! সি পুৰুষ কাৰণেহে তাইক সংকোচে আৱৰি আছে।যদি ছোৱালী হ’লহেঁতেন ইমান সময়ে চাগে দোস্তি জমি গ’লহেঁতেন।সঁচাকৈ কিযে পুৰাতন নিয়ম।হাঁহো বুলিও হাঁহিব নোৱাৰা..মিলি যাওঁ বুলিও মিলি যাব নোৱাৰা..
:হেল্ল জীউমা গৈ আছো দেই মই।তুমি খাই লোৱা।ফোনটো থৈ তাইৰ ফালে চাই মিচিকিয়াই ক’লে,”মোৰ ছোৱালী ।মই গ’লেহে খাব।বাইজনীয়ে ৰেডি কৰি দিলে নাখায়। “
:তোমাৰ ছোৱালী?মুখেৰে কেতিয়া তুমি ওলালে তাই গমেই নাপালে।
: অ’ আমাৰ আছিল।মোৰ আৰু ৰিতিৰ।তাইক জন্ম দি ৰিতি গুচি গ’ল অজান দেশলৈ।জীউমা মোৰ হৈ থাকিল। আগৰ চাকৰিটো এৰি দিলো এইটো চাকৰি পোৱাত।এতিয়া তাইক সময়ো দিব পাৰিম।মায়ে বিয়া পতাৰ কথাকয়।নাপাতো ।পাতিলে ঘৈণী পাম।জীউমাই মাকক নাপাব।থাকক এনেকৈয়ে।
তুমি যাবা দেই ।মই তাইৰ কাৰণে চকলেট লৈ লওঁ।ৰিতিয়ে অভ্যাসটো বেয়া কৰি থৈ গ’ল।মই অফিচৰ পৰা গ’লে কিবা লৈ যাম বুলি ফুচুলাই থৈছিল এতিয়া সেইটোৱেই নিয়ম হ’ল বুজিছা। গাড়ীখন ৰখোৱাৰ লগে লগে মানুহটো ভীৰৰ মাজত মিলি গ’ল।হাজাৰ চেষ্টা কৰিও মনামীয়ে ৰাতিপুৱা লগপোৱা ল’ৰাজন আৰু এইমাত্ৰ গুচি যোৱা মানুহজনৰ মাজত একো সাদৃশ্য বিচাৰি নাপালে।

2 COMMENTS

  1. সকলোৱে নিজকে এটা হাঁহিৰ আঁৰত লুকাই ৰাখে। ভয় কৰে কিজানি নাহাহিলে দুখ বোৰ সকলোৱে দেখা পায় আৰু পুটো কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here