অসমত ছ’চিয়েল মিডিয়া : এতিয়াৰ নহয় তেতিয়াৰ

সায়ন্তন শইকীয়া

ছ’চিয়েল মিডিয়া আমাৰ জীৱনলৈ অহা খুব বেছি দহ বাৰ বছৰ হৈছে। এই দহ বাৰ বছৰ সময়তেই ছ’চিয়েল মিডিয়া মানৱ সভ্যতাৰ একপ্ৰকাৰ অবিচ্ছেদ্য অংগ হৈ পৰিল। ৱাটচএপ, ফেচবুক, ইনষ্টাগ্ৰাম নহ’লে আমাৰ পেটলৈ ভাত নাযায়, ডিঙিৰ পৰা তললৈ পানী নানামে।মানুহৰ খং, ক্ষোভৰ বহিৰ্প্ৰকাশৰ কথাতেই হওক অথবা সুখৰ মুহূৰ্তবোৰ ধৰি ৰখাৰ ক্ষেত্ৰতেই, ছ’চিয়েল মিডিয়া বিন জীনা মুস্কিল! এতিয়া ভাবক, বিংশ শতিকাৰ প্ৰথমাৰ্ধত অসমত আজিৰ দৰে ফেচবুক, ৱাটচএপ থাকিলে কি কি হ’লহেঁতেন বা কেনেকুৱা হ’লহেঁতেন কথাবোৰ? ভাবক! বাৰু, আপুনি ভাবিব নালাগে, ময়ে ভাবোঁ। আপুনি মুঠতে পঢ়ি যাব –

১/

১৯১৬ চন। লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ শ্ৰেষ্ঠ Humor Artiste বুলি ইতিমধ্যে স্বীকৃতি পাইছে। তেওঁৰ নিজা এফ.বি পেজ এখন আছে : ‘কৃপাবৰ ভাৰ্চেচ লটকন জ’ক্স’। ফল’ৱাৰ লাখৰ ঘৰত। তেওঁক ‘সদৌ অসম মিমাৰ সন্থা’ৰ প্ৰথম অধিৱেশনৰ সভাপতি পতা হৈছে। হাজাৰ হাজাৰ মানুহৰ সমুখত তেওঁ উদাত্ত কণ্ঠেৰে ভাষণ দিছে : “হে’ ব্যংগপ্ৰেমী বান্ধৱ, মোৰ সেৱা ল’বা। আই মাতৃৰ মংগল আৰু ৰাইজৰ সুখ, শান্তি আৰু হাস্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এই পদক্ষেপ যুগমীয়া হৈ ৰ’ব বুলি ভাবো। আমি মনত ৰখা উচিত যে হাঁহিয়েই অসমীয়া মানুহৰ একমাত্ৰ গণতান্ত্ৰিক অধিকাৰ। নিজ নিজ প্ৰচেষ্টাৰে তোমালোকে বৃটিছ চৰকাৰৰ বিৰুদ্ধে আৰু গান্ধীৰ সপক্ষে যিখিনি ট্ৰ’ল বনাইছা সেইখিনিয়ে নিশ্চয় এদিন জননীৰ মংগল সাধিব।”

২/

১৯৩৫ চন। জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ৰ গোটেই ইউনিটটো সামৰি এখন চেলফি দিছে ‘জয়মতী : অসমৰ প্ৰথম বোলছবি’ নামৰ ফেচবুক পেজটোত। তাতেই কমেন্ট : ‘ভাল কাম কৰিছে জ্যোতি দা’, ‘দৌৰি দৌৰি যাম, জয়মতী চাম’। সকলোৱে জয়মতীৰ প’ষ্টাৰ নিজৰ ডি.পিত আপডেট কৰিছে। মাজে মাজে আইদেউ সন্দিকৈ আৰু আগৰৱালাদেউ লাইভ আহিছে ভোলাগুড়ি চাহ বাগিচাৰ পৰা। ৱাটচএপ আৰু বাকী পাব্লিচিটিৰ দায়িত্ব লৈছে বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই। ‘জয়মতী’য়ে মুক্তি পাইছে। গানবোৰৰ ক‘ভাৰ ইউটিউবত ওলাবলৈ লৈছে।

৩/

১৯০০ চন। হেনৰি কটন, মাণিক বৰুৱা, প্ৰভাত চন্দ্ৰ বৰুৱা, ভূৱন ৰাম দাস আৰু ফ্ৰেডৰিক ছুডমাৰ্চনৰ এটা ৱাটচএপ গ্ৰুপ খোলা হৈছে। গ্ৰুপটোৰ নাম: ‘আমাক কটন কলেজ লাগে’। তাতে মাণিক বৰুৱা আৰু হেনৰি কটনৰ মাজত তৰ্ক। মাণিক বৰুৱাই বিচাৰে যে কলেজখন কটনৰ নামত হওক। কটনে নামানে। খঙতে বৰুৱাই গ্ৰুপ লেফ্ট মাৰিছে। ভূৱন দাসে আকৌ মাণিক বৰৱাক এড্ কৰিছে আৰু সকলোকে কফি হাউছত কফি খাবৰ কাৰণে মাতিছে। গ্ৰুপত লগা কাজিয়াৰ স্ক্ৰীনশ্বট মনে মনে ছুডমাৰ্চনে মাৰি থৈছে পিছলৈ কামত আহিব ভাবি। ফেচবুকত ব্যাপক চৰ্চা চলিছে অসমত কলেজ এখন হ’ব বুলি।

৪/

১৯৪৯ চন। ড০ ভূপেন হাজৰিকাই আমেৰিকালৈ যাত্ৰা আৰম্ভ কৰাৰ আগতে তেখেতৰ টাইমলাইনত ফটো এখন দিছে। তাতে অসমৰ হাজাৰ হাজাৰ মানুহৰ শুভেচ্ছাবাণী আৰু লাভ ৰিয়েক্ট। আমেৰিকা গৈ পোৱাৰ পিছত তেখেতে জোছেফ মেককাৰ্থী আৰু তেখেতৰ সাম্যবাদ বিৰোধী আঁচনিখিনিৰ বিষয়ে অসমৰ মানুহক জনাইছে। চিকাগো ৰেল ষ্টেশ্বনত বহি ‘ঝক ঝক ৰে’ল চলে’টো প্ৰথমবাৰৰ কাৰণে তেখেতে লাইভত গাইছে। ‘সাগৰ সংগমত’টো তেখেতে লিখি থকাৰ বিষয়ে মানুহক কৈছে। ‘Completed PhD from University of Columbia’ বুলি তেখেতে নিজৰ ফেচবুক বায়’ আপডেট কৰিছে। অসমীয়া সংগীতৰ সুদিন আহি আছে বুলি অসমীয়াৰ মনত ইতিমধ্যে আশাৰ সঞ্চাৰ হৈছে।

আজিলৈ এইখিনিতে সামৰিছো। আপুনিও ২০২০লৈ ঘূৰি আহক, ময়ো যাওঁ!

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here