“অসমৰ প্ৰথম কলেজখনৰ নাম কি আৰু কোন চনত স্থাপিত হৈছিল?” — “কটন কলেজ”

অংকুৰিমা দাস

সৰুতে সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰত লিখিছিলো। দ্বিতীয় মানত পঢ়া মইজনীয়ে সেইখিনি সময়ত জনা নাছিলো যে এসময়ত এই নামটো মোৰ হৃদয়ত এনেদৰে প্ৰোথিত হ’ব । ‘কটন’! ক’ব নোৱাৰাকৈয়ে কেতিয়া, কেনেকৈ মই এই নামটোৰ প্ৰেমত পৰিছিলো একেবাৰেই মনত নাই। তাৰপাছৰেপৰা এই নামটোৱে, জীৱনত প্ৰথমবাৰৰ বাবে প্ৰেমত পৰা এগৰাকী ষোড়শী গাভৰুৰ দৰেই মোৰ মন-প্ৰাণ আলোড়িত কৰি তুলিছিল । কটনত পঢ়াৰ সপোন, হেঁপাহবোৰে বগোৱা বাবলৈ আৰম্ভ কৰিছিল আৰু কটনৰ প্ৰতি বাঢ়ি অহা প্ৰেমে যেন লাহে লাহে কলি মেলি শিপাব ধৰিছিল মোৰ সৰ্বশৰীৰত ৷ ‘কটন’ মোৰ বাবে আন বহুতৰ দৰে কেৱল মাত্ৰ এখন কলেজ নাছিল, কটন মোৰ বাবে বাপুকণৰ সেই সপোনৰ কলেজখন আছিল ৷ সেই যে বাপুকণ “সাউদৰ পুতেকে নাও মেলি যায়”ৰ ৷

বিদ্যালয়ত পঢ়ি থাকোঁতেই গ্ৰন্থমেলাত কিতাপৰ দোকানে দোকানে ঘূৰি মই ‘কটন’ক লৈ লিখা উপন্যাসবোৰ সংগ্ৰহ কৰিছিলো ৷ নবীন বৰুৱাৰ “কটন কলেজ”, প্ৰণৱ কুমাৰ বৰ্মনৰ “কটন কলেজৰ হাজাৰ সন্ধিয়া”, অৰ্চনা বৰঠাকুৰৰ “কটনিয়ান এখন ৰ’দৰ খিৰিকী”, সুনীতা চাংকাকতিৰ “মই কটনিয়ান আছিলোঁ” পঢ়ি থাকোঁতে মোৰ মন মগজুত ইতিমধ্যে মই কটনিয়ান হৈ গৈছিলো। হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্টৰ দিনা মোৰ ৰিজাল্ট কি হ’ব সেইটোক লৈ ভয় লগা নাছিল ৷ ভয় খাইছিলো অন্য এটা কাৰণতহে ৷ কেনেবাকৈ যদি মোৰ ৰিজাল্ট বেয়া হয়, মোৰ কটনত পঢ়াৰ সপোন নিমিষতে ভাঙি চূড়মাৰ হৈ যাব! সেইটো ভাবি মোৰ আগদিনা গোটেই ৰাতি টোপনি যোৱা নাছিল। ৰিজাল্ট ভবামতেই হৈছিল যদিও মোৰ কটনলৈ অহাৰ যাত্ৰা বৰ মসৃণ নাছিল ৷ মা-দেউতাৰ মোক গুৱাহাটীলৈ পঠাবলৈ মন নাছিল। তেওঁলোকৰ ভয় কিজানি মই মহানগৰীৰ ভিৰৰ মাজত হেৰাই যাওঁ? তেওঁলোকে মই তেজপুৰ বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্স দিয়াতো বিচাৰিছিল। টি.ভি, বাতৰিকাকতত সততে কটনক লৈ ওলোৱা বাতৰিবোৰ শুনি তেওঁলোকে ভয় খাইছিল ৷ মাহঁতৰ কথামতেই মই এণ্ট্ৰেন্সত অৱতীৰ্ণ হৈছিলো । তেওঁলোকৰ বিশ্বাস মই এণ্ট্ৰেন্সত পাম ৷ পৰীক্ষা হলত বহি সেইখিনি সময়তে মই হাতত প্ৰশ্নকাকতখন লৈ এটা সিদ্ধান্ত লৈ পেলাইছিলো যে যিকোনো প্ৰকাৰে হ’লেও মই কটনত পঢ়িমেই ৷ এফালে মোৰ অতদিনৰ সপোন আৰু আনফালে মাহঁতৰ ৷ অৱশেষত মই এটা নকৰিবলগীয়া কাম কৰিলো ৷ প্ৰশ্নকেইটাত নিগেটিভ মাৰ্কিং আছিল আৰু মই ভুল ভুলকৈ প্ৰতিটোৰে উত্তৰ লিখি থৈ আহিলো। তাত ছিট পাই যোৱা হয় মই কটনত অহাৰ সুযোগ নাপালো হয় ৷ সেইখিনি সময়ত মোৰ মনত এটা কথাই বাৰে বাৰে আহি আছিল যে মই য’তেই নপঢ়ি যিমান ডাঙৰ কিবায়ে নহওঁ কিয় কটনত যদি পঢ়িবলৈ নাপাওঁ গোটেই জীৱনটোত এটা অসন্তুষ্টি চিৰদিনৰ বাবে ৰৈ যাব, মোৰ যে জীৱনটোৱেই অসাৰ্থক হৈ যাব ৷

তাৰপাছতো বহুত কান্দিছো, বহুত লাগিছো মাহঁতৰ লগত ৷ কটনত নামভৰ্তিৰ বাবে প – পত্ৰ পূৰণৰ পিছতো এটা ভয় আছিল কাট অফ্‌ক লৈ ৷ ইফালে মই লগৰ বহুতৰ দৰে অন্য কলেজৰ প-পত্ৰও পূৰণ কৰি থোৱা নাছিলো। কটনত নামভৰ্তি নোহোৱালৈকে সেইকেইটা দিন ঘৰত কেৱল আৰু কেৱল মাত্ৰ ভয়-শংকাত কটাইছো। আৰু অৱশেষত, মোৰ সপোনৰে জয় হ’ল ৷ কাৰোবাৰ বিশ্বাস নহ’লেও এইটো সঁচা যে মই এতিয়াও কেতিয়াবা নিজকে চিকুটি চাওঁ, মই যে বৰ্তমান কটনত আছো সেয়া বাস্তৱ হয় নে নাই ৷
কটনত আহি কি পালো সেইখিনি হয়তো শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম, কিন্তু কটনত নপঢ়া হয় মই যে জীৱনটোত বহুত কিবাকিবি নাপালো হয় সেয়া হাড়ে হিমজুৱে অনুভৱ কৰো ৷ কটনে মোক নতুনকৈ জীবলৈ শিকালে ৷ জীৱনৰ খলাবমাবোৰৰ সৈতে পৰিচয় কৰালে আৰু বিশেষকৈ কটনে মোক মানুহ চিনিবলৈ শিকালে ৷ এই যে একৈশ বছৰীয়া জীৱনটোত বহুবাৰ উজুটি খাই পৰিছো, পৰাৰপৰা উঠিবলৈও মোক কটনেই শিকাইছে ৷ জীৱনত অহা হাজাৰ ধুমহাক আওকাণ কৰি বাৰে বাৰে জীৱনক ভালপাব পৰাকৈ অফুৰন্ত শক্তি কটনেই দিছে। কটনক লৈ মই ইমানেই আৱেগিক যে বৰ্তমান অনুভৱবোৰক কথাৰ ৰূপ দিবলৈ যাওঁতে শব্দৰ অভাৱ হৈ আহিছে ৷ অলপতে এপি.এছ.চিৰ ৰিজাল্টৰ দিনা এইবাৰ কটনত নামভৰ্তি কৰা ভাইটি এজনে মোক সুধিছিল, “অংকুৰিমা বা, কটনৰ কোনোবাই ভাল কিবা এটা কৰিলে উৎসাহ, অভিনন্দন জনোৱাৰ বিপৰীতে কিয় verbally attack কৰা হয় বা down দিবলৈ চেষ্টা কৰা হয়?” মই হাঁহি এটা মাৰি তাক এটা কথাই কৈছিলো যে তোমাৰ প্ৰশ্নটোতেই উত্তৰটো আছে । উত্তৰটো ‘কটন’ যে!

আৰু মাত্ৰ ছয় মাহ বাকী। কটনত কটোৱা এই সময়বোৰ আৰু ভাললগা ব্যস্ততাবোৰ তাৰপাছত অতীত হ’ব। হৃদয়ৰ নিভৃত কোণৰপৰা এটাই আশা কৰিম, কটন সদায় সজীৱ হৈ থাকক, কটন সদায় সেউজীয়া হৈ থাকক ৷ সমালোচনাৰ অগনিয়ে বাৰম্বাৰ পুৰাৰ পাছতো কটন সদায় কটন হৈয়ে থাকক ৷ কোনোবা অংকুৰিমা এনেদৰেই কটনৰ প্ৰেমত পৰিব ৷ আকৌ কোনোবাই কটনলৈ আহি নিজক বিচাৰি পাব ৷ দেৱদাৰু নগৰীত আজীৱন বাজি থাকিব জীৱন-জীয়াৰ গান ৷ শেষত, মই অৰ্চনা বৰঠাকুৰ বাৰ ভাষাৰেই ক’ম, “কেৱল কটনলৈ অহাৰ বাবেই মই আৱিষ্কাৰ কৰিব পাৰিলোঁ মোৰ ভিতৰৰ মইজনীক! তিনিটা বছৰে মই মোক খান্দিলোঁ ৷ অন্বেষণ কৰিলোঁ জীৱনৰ উদ্‌ যাপনৰ!”

1 COMMENT

  1. ধুনীয়া হৈছে ! সচাঁকৈয়েই কটন এক আবেগ❤️
    আৰু হোষ্টেল সেই আৱেগত এক ❤️ বিশেষ ‘বিশেষ্য’

LEAVE A REPLY

Please enter your comment!
Please enter your name here