অসমীয়া মিউজিয়াম, মিউজিয়ামত অসমীয়া

ত্ৰিদিৱ ভাগৱতী
ত্ৰিদিৱ ভাগৱতী

প্রিয় পাঠক, আপোনালৈ আমাৰ এটা সৰল প্ৰশ্ন। শেহতীয়াকৈ অসমত সৰৱ চৰ্চা চলিছে বাঘৰ খাদ্যকলৈ। হয়তো আপুনিও এই বিষয়ে আপোনাৰ মত ক’ৰবাত তুলি ধৰিছে। আপুনি লিখিছে গো মাংসৰ সপক্ষত কিম্বা বিপক্ষত। ধৰা হ’ল বাঘৰ বাবে গো মাংসৰ সলনি ব্যৱস্থা কৰা হ’ল চিকেন বিৰিয়ানীৰ, সিংহৰ বাবে অৰ্ডাৰ দিয়া হ’ল চিকেন ম’মৰ। বাঘ-সিংহ উভয়েই প্ৰাণ ভৰি খালে সেই খাদ্য। এতিয়া আমাৰ প্ৰশ্নটো তেনেই উজু – বাঘৰো পেট ভৰিল, সিংহয়ো উদৰ পুৰাই খালে – কিন্ত নিবনুৱাৰ পেট কিদৰে ভৰিব? নিবনুৱাই কি খাব। বাঘ সিংহৰ পেটৰ চিন্তাৰ সলনি নিবনুৱাসকলৰ পেটৰ চিন্তা কৰাটো এইসময়ত অধিক প্ৰয়োজনীয় নাছিলনে?

পশ্চিম বংগৰ এখন বিশেষ সভা। মঞ্চত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা। ২০২১ ত পশ্চিম বংগত বিধানসভা নিৰ্বাচন। স্বাভাৱিকতেই ভাৰতৰ আন সকলো মুখ্য প্ৰদেশ বিজয়ৰ পাছত মোদী-শ্বাহৰ অশ্বমেধ ঘোঁৰাৰ পৰৱৰ্তী লক্ষ্য পশ্চিম বংগ। বিশিষ্ট সাংবাদিক কৰণ থাপাৰে পশ্চিম বংগৰ এই নিৰ্বাচনৰ গুৰুত্বৰ বিষয়ে লিখিছে – পশ্চিম বংগৰ নিৰ্বাচনী যুদ্ধ হ’ব ধৰ্মনিৰপেক্ষতা আৰু মোদী-শ্বাহৰ নতুন বিজেপিৰ হিন্দুত্বৰ মাজত। এই নিৰ্বাচনত জয় লাভ কৰিলেই ভাৰতৰ সংসদীয় ৰাজনীতিত অভূতপূৰ্ব সফলতা অৰ্জন কৰা এই যুটী সঁচা অৰ্থত হৈ উঠিব অপ্ৰতিৰোধ্য।

পাতনি দীঘলীয়া নকৰি মূল কথালৈ আহোঁ। সভাত বিশাল জনতাৰ সমুখত ভাষণ দি থকা জে পি নাড্ডাৰ মুখত এসময়ত শুনা গ’ল কা ৰ প্ৰসংগ। পশ্চিম বংগ জয়ৰ বাবে বিজেপিৰ অন্যতম প্ৰধান অস্ত্ৰ এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক। সেয়ে নাড্ডাৰ ভাষণত শুনা গৈছিল কাৰ প্ৰসংগ। ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে সমুখৰ জনতাক আশ্বাস দিছিল যে ক’ৰণাৰ বাবেহে আইনখনৰ কাৰ্যকৰীকৰণত কিছু পলম হৈছে। অতি শীঘ্ৰেই তেওঁলোকে লাভ কৰিব কা। আমি আচৰিত হওঁ। আমি আচৰিত হওঁ এইবাবেই – যিখন ৰাজ্যত নাড্ডাই সদম্ভে এই ঘোষণা কৰিছিল তাৰ চুবুৰীয়া ৰাজ্যখনত অৰ্থাৎ অসমত বিগত সময়ছোৱাত একেখন আইনৰ বিৰুদ্ধে চলা গণ আন্দোলনৰ সময়ত সেই একেজন নেতা, একেটা দলে অকণো গুৰুত্বই প্ৰদান কৰা নাছিল। আইৰ মুখৰ ভাষাটো আৰু নিজৰ অস্তিত্বৰ প্ৰতি সন্দিহান হৈ পৰা প্ৰতিজন স্বাভিমানী অসমীয়াই কৰা সেই আন্দোলনত পাঁচজনকৈ যুৱকে প্ৰাণ আহুতি দিয়াৰ পাছতো একমাত্ৰ এখন ৰাজ্যৰ নিৰ্বাচন জয়ৰ আশাত এটা দলে কিদৰে এই সকলো দেখিও নেদেখাৰ ভাও ধৰি প্ৰতাৰণা প্ৰবঞ্চনা কৰিব পাৰে – সেয়া ভাবিয়েই আমি আচৰিত হওঁ। নিৰ্বাচন জয়ৰ অংক সিদ্ধিৰ আশাত অসমৰ সৰ্বস্তৰৰ জনতাৰ প্ৰতিবাদকো একপ্ৰকাৰ ভেঙুচালি কৰি পুনৰ কা আহিবই বুলি কোৱাৰ দু:সাহস দেখি আমি আচৰিত হওঁ। সামান্যতমো গণতান্ত্ৰিক চিন্তা চেতনা থকা চৰকাৰে ইমান প্ৰতিবাদ হোৱাৰ পাছতো এনে সিদ্ধান্ত ল’ব পাৰেনে। আমি বুজি পাওঁ – নিজৰেই একাংশ মানুহে শাসন পায়েই দিল্লীৰ কথাত উঠা-বহা কৰিবলৈ আৰম্ভ নকৰিলে – দিল্লীয়ে সেই দু:সাহস কৰাৰ ধৃষ্টতা হয়তো কৰিব নোৱাৰিলেহেঁতেন।

বিজেপিৰ অংকটোও সৰল। যদিহে পশ্চিম বংগ নিৰ্বাচন জয়ৰ বাট সুগম কৰি তোলে অসমৰ ক্ষেত্ৰত ই কৰা ক্ষতি পুনৰবাৰ নিৰ্বাচনী টোপ, অসমীয়া মানুহক মিছা আশ্বাস দি পূৰণ কৰিব পৰা যাব। কেৱল অসমৰ জনতাক এই বিষয়সমূহৰ পৰা আঁতৰাই ৰাখি অন্য কিছু তৰল তুলুঙা কথাত ব্যস্ত ৰাখিলেই হ’ল। আৰু সেইবাবেই নাড্ডাৰ সেই মন্তব্যৰ পাছতেই অসমত হ’ব পৰা প্ৰতিবাদ, বিৰোধিতাৰ প্ৰতি চকু দিয়েই চাগে সৃষ্টি হৈ গ’ল বাঘৰ মাংস বিতৰ্ক অথবা মিয়া মিউজিয়ামৰ দৰে বিতৰ্কৰ। মূল বিষয়সমূহৰ পৰা, যোৱা চাৰে চাৰি বছৰে কৰা প্ৰতাৰণাসমূহৰ পৰা আঁতৰাই ৰাখি নিৰ্বাচনৰ আগত পূৰ্বৰ কাম-কাজ জনতাই ফঁহিয়াই চোৱাৰ পৰিৱেশো নাইকিয়া কৰি সেয়ে নিৰ্বাচনলৈ অতমাহ থকাৰ পাছতো এতিয়াই মেলি দিয়া হৈছে সাম্প্ৰদায়িক বিষবাষ্প।

নিৰ্বাচনলৈ এতিয়াও সময় আছে। কিন্তু এই কথা এতিয়াই অনুমান কৰিব পাৰি এইবাৰৰ নির্বাচনতেই সাম্প্ৰদায়িক ৰাজনীতিয়ে অসমত চৰম সীমা পাবগৈ। বিধানসভাৰ এখন কমিটিয়ে (যিখনৰ ১০ জন সদস্যই শাসকীয় পক্ষৰ) চৰ চাপৰিৰ লোকসকলৰ এটি সংগ্ৰহালয় স্থাপনৰ পৰামৰ্শ দিয়াৰ পৰা সেই পৰামৰ্শ সন্দৰ্ভত ৰাজ্যৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰীজনৰ মিয়া মিউজিয়ামৰ প্ৰসংগ আনি কৰা টিপ্পনীলৈ, এঠাইত তেওঁৰ প্ৰতিমূৰ্তি দাহৰ পৰা সেই দহনৰ ছবি বাৰে বাৰে সংবাদ মাধ্যমত দেখুৱাই আন ঠাইত নিজৰ ভোটবেংক সংগঠিত কৰালৈ- এই সমস্ত ঘটনাই সেয়াই প্ৰমাণ কৰে। শেষত আহিছোঁ মূল কথাটোলৈ। সাম্প্ৰদায়িক ৰাজনীতি কেতিয়াও একপক্ষীয় নহয়। যদিহে মিয়া মিউজিয়ামৰ ভয় দেখুৱাই বিজেপিয়ে ক’ৰবাত মানুহ একত্ৰিত কৰিছে বা কৰিব – এ আই ইউ দি এফৰ দৰে শক্তিয়ে বিজেপিৰ ভয় দেখুৱাই মানুহ একত্ৰিত কৰিব। উভয়েই উভয়ৰ পৰিপূৰক। দুয়োটা জীয়াই থাকিবলৈ প্ৰয়োজন দুয়োটাৰ। কিন্তু এই বিবাদৰ মাজত অসমীয়া মানুহৰ ভৱিষ্যতে ২০-৩০ বছৰ পাছত অসমতেই অস্তিত্বৰ বিষয়টোহে গম্ভীৰ হৈছে। বাঘ সিংহৰ মাংসৰ হিচাপ কৰি থাকোঁতে – সংস্থাপনৰ অভাৱত ভোকত থকা নিবনুৱাসকলে আজি প্ৰশ্ন কৰিছে আমি কি খাম । একেদৰে এই সমগ্ৰ বিতৰ্কৰ মাজতেই এই কথাও আমাৰ উপলদ্ধি হৈছে – মিয়া মিউজিয়াম স্থাপন হওঁক বা নহওঁক, উন্নয়ন আৰু প্ৰগতিৰ ৰাজনীতিৰ বিপৰীতে এনে মুকলি সাম্প্ৰদায়িক ৰাজনীতিয়ে এনে এটা দিন হয়তো আনিব যিদিনা নিজৰ স্বকীয় চৰিত্ৰ, অস্তিত্ব হেৰুৱাই পেলোৱা অসমীয়া মানুহক লগা হ’ব এটি মিউজিয়াম – অসমীয়া মিউজিয়াম। বাঘৰ মাংসৰ বিতৰ্কৰ দৰে বিষয়সমূহ যিসমূহে মূল প্ৰসংগবোৰৰ পৰা আমাক আঁতৰাই ৰখাৰ কাম কৰে – সেইসমূহৰ পৰা আঁতৰি থাকি প্ৰতিটো দলৰেই এই মুকলি সাম্প্ৰতিক ৰাজনীতিৰ বিপৰীতে উন্নয়ন,প্ৰগতি আৰু সম্প্ৰীতিৰ ৰাজনীতিৰ পক্ষত, থলুৱা বিকশিত অৰ্থনীতিৰ পক্ষত অসমৰ জনগণ থিয় নহ’লে সেই অসমীয়া মিউজিয়াম মুকলি হোৱাৰ দিনটোলৈ যে বৰ বেছি দিন ৰোৱাৰ প্ৰয়োজন নহ’ব – সেয়া নিশ্চিত।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here