অসমীয়া ভাষা-সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান

কৌশিক ৰঞ্জন বৰা

অসমৰ ৰাজনীতি , অৰ্থনীতি , সমাজ-সংস্কৃতিৰ লগতে ভাষা – সাহিত্যৰ ক্ষেত্ৰতো ঊনবিংশ শতিকাৰ সময়চোৱা অতি গুৰুত্বপূৰ্ণ। মোৱামৰীয়া বিদ্ৰোহ , মানৰ আক্ৰমণ , ছশ বছৰীয়া গৌৰৱময় আহোমৰ শাসনৰ অন্ত আদি ৰাজনৈতিক পৰিঘটনাই জোঁকাৰি যোৱাৰ পাছত ১৮২৬ চনত ঐতিহাসিক ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমত ইংৰাজৰ ঔপনিৱেশিক শাসনৰ আৰম্ভ ঘটে। কিন্তু ইয়াৰ লগে লগে বিভিন্ন ঠাইত ইংৰাজ বিৰোধী আন্দোলনেও গা কৰি উঠে । ইংৰাজৰ নতুন প্ৰশাসনিক নীতি , অৰ্থনৈতিক অৱস্থাৰ অৱনতি , ইংৰাজ বিৰোধী বিদ্ৰোহ আদিয়ে সৃষ্টি কৰা অস্থিৰ পৰিৱেশে অসমত ভাষা সাহিত্য চৰ্চাৰ পৰিবেশ একেবাৰে নোহোৱা হৈ পৰিছিল । এনে এক প্ৰেক্ষাপটতেই ১৮৩৬-৩৭ চনত অৰ্থাৎ ঔপনিৱেশিক শাসনৰ প্ৰায় এটা দশকৰ পিছত অসমত প্ৰৱেশ ঘটে ৰেভাৰেণ্ড নাথান ব্ৰাউন , ও. টি কাটাৰ , মাইলচ ব্ৰনছন আদিকে ধৰি কেইবাগৰাকী আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীৰ। অৱশ্যে ইয়াৰ পূৰ্বতে ১৮২৯ চনত জেমচ ৰে নামৰ এজন মিছনেৰী তদানীন্তন অসমৰ আয়ুক্ত ডেভিদ স্কটৰ অনুৰোধত অসমলৈ আহিছিল।
আমেৰিকান মিছনেৰীসকলে ঊনবিংশ শতিকাৰ চতুৰ্থ দশকত চীন, বংগদেশ আদিত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ আঁচনি গ্ৰহণ কৰিছিল । চীন দেশ আৰু তিব্বতত প্ৰৱেশৰ বাবে অসম অতি সুবিধাৰ ঠাই হ’ব বুলিয়েই আমেৰিকাৰ বেপ্তিষ্ট মিশ্যন সমাজে ১৮৩৫ চনত নাথান ব্ৰাউন, অলিভাৰ টি কট্ৰৰ আদিক অসমলৈ প্ৰেৰণ কৰে আৰু ১৮৩৬ চনত এইদলটি শদিয়াত উপস্থিত হৈ ধৰ্মৰ প্ৰচাৰৰ কাম আৰম্ভ কৰে। মিছনেৰী সকলে প্ৰথমতে পাহাৰীয়া জনজাতীয় লোকসকলৰ মাজত খ্ৰীষ্টান ধৰ্মৰ বাণী প্ৰচাৰৰ কাম আৰম্ভ কৰিছিল যদিও প্ৰতিকূল পৰিবেশ, ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু কেতবোৰ জনজাতিৰ মাজত হোৱা গোষ্ঠী গত সংঘৰ্ষ ইত্যাদিৰ বাবে তেঁওলোক সমতললৈ নামি আহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ নগাঁও, শিৱসাগৰ , গুৱাহাটী আদি ঠাইত নাথান ব্ৰাউন, মাইলচ ব্ৰনচন, বাৰ্কাৰ আদি মিছনেৰী সকলে বাহৰ পাতি ভৈয়ামৰ লোক সকলৰ মাজত ধৰ্মৰ প্ৰচাৰ কৰিছিল। মূলতঃ খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰকে লক্ষ্য হিচাপে লৈ অসমত প্ৰৱেশ কৰা এই সকল মিছনেৰীৰ ধৰ্ম প্ৰচাৰতে সীমাবদ্ধ নাথাকি অসমীয়া সমাজ , সংস্কৃতি, ভাষা ,সাহিত্য আদিত নতুন চিন্তাধাৰাৰ সূচনা কৰে । মিছনেৰীসকলৰ হাতত মধ্যযুগীয় ভাষা – সাহিত্যৰ পৰা পৃথক বৈশিষ্ট্যৰে অসমীয়া ভাষা- সাহিত্য উদ্ভাসিত হৈ উঠে ।
‌ মন কৰিবলগীয়া যে ইংৰাজে শাসনভাৰ হাতত লোৱাৰ কেইবছৰমানৰ পাছতেই অসমীয়া ভাষাক এলাগী কৰি ১৮৩৬ চনৰ পৰা অসমৰ বিদ্যালয় তথা অফিচ কাছাৰী বোৰত বঙলা ভাষাৰ প্ৰচলনে এচটা কলীয়া ডাৱৰ হৈ অসমীয়া ভাষা সাহিত্যৰ আকাশ চানি ধৰে। সেইসময়ত অসমৰ চৰকাৰী ভাষাৰ স্বীকৃতি পোৱা বাংলা ভাষা অসমীয়া জনগণৰ বাবে আছিল অতি আচহুৱা ‌। ইংৰাজৰ নতুন প্ৰশাসনিক নীতিৰ লগত অসমীয়া লোকসকল অপৰিচিত হোৱাৰ গ‌ইনাৰে ইংৰাজে তেওঁলোকৰ সহায়ৰ বাবে চৰকাৰী অফিচ কাছাৰী বোৰত বঙালী কৰ্মচাৰী নিয়োগ কৰিছিল‌ আৰু অসমীয়া সকলৰ আনুগত্যৰ প্ৰতি থকা বৃটিছৰ অহেতুক সন্দেহৰ সুযোগতে এই বঙালী কৰ্মচাৰী সকলে অসমীয়া ভাষাক বঙালী ভাষাৰ অপভ্ৰংশ ৰূপে পতিয়ন নিয়াই অসমীয়া ভাষাক অসমৰ পৰাই অপসাৰণ কৰাৰ আখৰা আৰম্ভ কৰে। তদুপৰি সেই সময়চোৱাত ভাষা ভিত্তিক জাতীয়তাবাদৰ লগত পৰিচিত নোহোৱা অসমৰ সম্ভ্ৰান্ত শ্ৰেণীৰ লোক সকলৰ ইংৰাজী আৰু বাংলা ভাষাক ৰজাঘৰীয়া লোকে ব্যৱহাৰ কৰা মান্য ভাষাৰূপে গ্ৰহণ কৰাৰ প্ৰবৃত্তিয়েও অসমীয়া ভাষাক অপসাৰণ কৰাত ইন্ধন ৰূপে ক্ৰিয়া কৰিছিল। ১৮৩৭ চনৰ আইন মতে ভাৰতৰ সকলো স্থানীয় চৰকাৰে আন ভাষাৰ সলনি স্থানীয় মাতৃভাষাত স্কুল – আদালত চলাব লাগে ; কিন্তু পৰিতাপৰ কথা সেই একেটা সময়তে এই আইনৰ চৰমৰ উলংঘনৰ জড়িয়তে অসমীয়া ভাষাক সমাধিস্থ কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছিল।
এনে সময়তে অসমত প্ৰৱেশ কৰা মিছনেৰীসকলৰ সন্মূখত দেখা দিছিল ভাষাৰ সমস্যাই। মিছনেৰী সকলে স্পষ্টকৈ বুজি উঠিছিল যে থলুৱা ভাষাৰ পৰিবৰ্তে অন্য ভাষাৰ ব্যৱহাৰৰ দ্বাৰা যীশুৰ বাণী সমূহ অসমীয়া জনসাধাৰণৰ মাজলৈ লৈ যাব পৰা নাযাব।এটা বিদেশী আমদানিকৃত ভাষাৰ যোগেৰে যে অসমীয়া জাতিৰ মাজত শিক্ষাৰ পোহৰ বিলাব নোৱাৰি সেই কথা মিছনেৰী সকলে পলে পলে অনুধাৱন কৰিছিল সেয়েহে তেওঁলোকে ১৮৪০ চনত শিৱসাগৰত ছপাখানা বহুৱাই এখন দুখন কৈ খ্ৰীষ্টান ধৰ্ম পুস্তক প্ৰকাশৰ ব্যৱস্থা কৰিছিল। ইয়াৰ বহুত আগতেই ১৮১৩ চনতে শ্ৰীৰাম পুৰৰ মিছনেৰী মিঃ কেৰীৰ উদ্যোগত আত্মাৰাম শৰ্মাই কৰা খ্ৰীষ্টান ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ বাইবেলৰ New Testament ৰ অসমীয়া অনুবাদ ছপা হৈ উলাইছিল, যিখন আছিল অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম খন গ্ৰন্থ।
অসমীয়া ভাষা – সাহিত্যৰ অমানিশাত মিছনেৰীসকলে এগছি বন্তি জ্বলাই পোহৰাই তুলিছিল । খ্ৰীষ্টান মিছনেৰী সকলৰ প্ৰচেষ্টাতে ১৮৪৬ চনত শিৱসাগৰৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথম আলোচনী ‘অৰুণোদই’য়ে ঊনবিংশ শতিকাৰ অসমীয়া সাহিত্যৰ ভেঁটি নিৰ্মাণ কৰিলে । ১৮৪৬ চনৰ পৰা ১৮৮০ চনলৈকে প্ৰকাশিত এই আলোচনীৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন আৰু মুদ্ৰক আছিল আলিভাৰ কাটাৰ। ইয়াৰ পিছতে মাইলচ্ ব্ৰনছন ,এম.হোৱেইটিং ইত্যাদিৰ সম্পাদনাত এই কাকত প্ৰকাশ হয়। যদিও যীশুৰ ধৰ্মৰ বাণী প্ৰচাৰ কৰাই মুল উদ্দেশ্য আছিল তথাপিও অৰুণোদইৰ পৃষ্ঠাত ধৰ্ম বিষয়ক ৰচনাতকৈ অন্যান্য ৰচনাৰহে প্ৰাধান্য আছিল। তদুপৰি অৰুণোদইৰ মাধ্যমেৰে মিছনেৰী সকলেই আনন্দৰাম ঢেকিয়াল ফুকন, নিধিলেভী ফাৰৱেল, পূৰ্ণানন্দ ডেকা, বলৰাম ফুকন, যজ্ঞৰাম দেওধাই বৰুৱা আদি ভালেসংখ্যক অসমীয়া ব্যক্তিক সাহিত্য ৰচনাৰ বাবে অনুপ্ৰাণিত কৰি অসমীয়া সাহিত্যৰ ভৱিষ্যতৰ বাট পকী কৰিছিল‌। অৰুণোদ‌ইক অনুসৰণ কৰি ‘আসাম বিলাসিনী ‘(১৮৭২-৮৩) , আসাম মিহিৰ (১৮৭২-৭৩) , আসাম দৰ্পণ (১৮৭৪-৭৫) আদি কাকত প‌্ৰকাশ হৈ অসমীয়া সাহিত্যক সমৃদ্ধ কৰে । ‘অৰুণোদই’ য়ে বাট দেখুৱাই নিদিয়া হ’লে এই কাকত সমূহৰ সৃষ্টিৰ ইমান সোনকালেই নহ’লহেঁতেন । অৰুণোদই’ য়ে মাতৃভাষা সম্পৰ্কে তেতিয়াও সচেতনতা লাভ নকৰি ইংৰাজী আৰু বাংলা ভাষাকে ৰাজভাষা জ্ঞান কৰি হীনমন্যতাত ভোগা অসমীয়া মানুহৰ মনত প্ৰথমবাৰৰ বাবে মাতৃভাষাৰ প্ৰতি সচেতন কৰি তোলাৰ লগতে ভাষিক জাতীয়তাবাদৰ বীজ সিচিঁছিল।
অৰুণোদইৰ প্ৰকাশৰ উপৰিও অসমীয়া ভাষাৰ পুনৰ প্ৰতিস্থাপনত নাথান ব্ৰাউন আৰু ডঃ মাইলছ ব্ৰনছনৰ ভুমিকা চিৰনমস্য। নাথান ব্ৰাউনে ইংৰাজী ভাষাত ৰচনা কৰা “Grammatical Notices of the Assamese Language” শীৰ্ষক গ্ৰন্থ খনেই আছিল অসমীয়া ভাষাৰ দ্বিতীয় খন ব্যাকৰণ। বহুতো ভাষাত বুৎপত্তি থকা ব্ৰাউনেই অসমীয়া ভাষা চৰ্চাৰ পথ মুকলি কৰে আৰু পৰবৰ্তী সময়ত বাণীকান্ত কাকতি দৰে পণ্ডিত সকলে তেওঁৰ পথকেই অনুসৰণ কৰি অসমীয়া ভাষাৰ গৱেষণাৰ পথ আৰু মসৃণ কৰি তোলে। ইয়াৰ বাদেও বাইবেলৰ ভাঙনি, জাত্ৰিকৰ যাত্ৰা, যীশুৰ জীৱনী ৰচনা ইত্যাদি তেওঁৰ উল্লেখযোগ্য সাহিত্য কৃতি।
একেদৰেই যীশুৰ বাণীৰ অসমীয়ালৈ ৰূপান্তৰৰ সমসাময়িক ভাবে মাইলছ ব্ৰনচনে অসমীয়া ভাষালৈ আগবঢ়োৱা যুগান্তকাৰী অৱদান হ’ল ” ইংৰাজি অসমিয়া অভিধান”। ১৮৬৭ চনত প্ৰকাশ পোৱা এই অভিধানত প্ৰায় ১৪,০০০ শব্দ সংকলিত হৈছিল।
এ. কে গাৰ্ণি নামৰ আন এজন মিছনেৰীয়ে ‘কানি বেহেৰুৱাৰ কথা’ ,‘ এলোকেশী বেশ্যাৰ কথা’, ‘কামিনী কান্তৰ চৰিত্র’ আদি ৰচনা কৰিছিল । তেওঁ ১৯০৫ চনত ‘দীপ্তি’ নামৰ এখন অসমীয়া আলোচনীয়ো সম্পাদনা কৰিছিল। ইয়াৰ উপৰিও মিচেচ এচ আৰ ৱাৰ্ডৰ ‘ইংৰাজী অসমীয়া শব্দকোষ’, মিছেছ কাট্ৰাৰৰ ‘ ইংৰাজী অসমীয়া খণ্ড বাক্য’ , মিচেছ এলিজা ব্ৰাউনে ৰচনা কৰা সাধুৰ পুথি সমূহ, মিচেচ গাৰ্ণিৰ ‘ ফুলমতী আৰু কৰুণাৰ কাহিনী’ ইত্যাদি সেই সময়চোৱাত ৰচিত গ্ৰন্থ। মিছনেৰী সকলৰ বাক্য ৰচনা ৰীতিত খুঁত থাকিলেও এইটো ঠিক যে পৰবৰ্তী যুগতো বাক্য ৰচনা অথবা শব্দৰ চয়নত তেওঁলোকৰ আদৰ্শই সহায় কৰিছিল। পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ মতে ” আমাৰ ভাষাক মিছনেৰী সকলে এটি সুৰ শিকাই গ’ল। সেই সুৰটি আগেয়ে অসমীয়া ভাষাই নাজানিছিল, ভাৰতবৰ্ষৰ কোনো ভাষাই নাজানিছিল। ই পাশ্চাত্য সাহিত্যৰ নিজা সম্পত্তি। তাক পাদুৰী চাহাব সকলে সাতসাগৰ তেৰ নৈ পাৰ হৈ আহি ভাৰতবৰ্ষৰ ভাষা বোৰক শিকাই দিলেহি। বৰ্তমান যুগৰ ভাৰতবৰ্ষীয় আন সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰো যতেই টোকৰ মাৰা এই বিলাতী সুৰটিৰ গুণগুণনি শুনিবলৈ পাবা।
মুখ্যতঃ খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যেকে আগত ৰাখি খ্ৰীষ্টান মিছনেৰী সকলে অসমীয়া ভাষাত সাহিত্যৰ চৰ্চা আৰু প্ৰকাশৰ কাম হাতত লৈছিল যদিও সুদূৰ আমেৰিকাৰ পৰা আহি তেওঁলোকে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ হকে যি কৰিলে সেইয়া চিৰস্মৰণীয়।
মিছনেৰী সকলে বৃটিছ চৰকাৰৰ লগত যুঁজ দি অসমীয়া ভাষাক শিক্ষানুষ্ঠান আৰু অফিচ – কাছাৰীত চৰকাৰী ভাষা ৰূপে স্বীকৃতি দিয়াত অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। প্ৰসিদ্ধ সাহিত্যিক ড: নগেন শইকীয়া দেৱৰ মতে ” যদিহে খ্ৰীষ্টান মিছনেৰী সকল অসমলৈ নাহিলেহেতেঁন তেতিয়া ইংৰাজ বিষয়া আৰু তেওঁলোকৰ অনুগত বঙালী কৰ্মচাৰী সকলৰ অনুগ্ৰহত অসমীয়া ভাষা চিৰদিনৰ বাবে সমাধিস্থ হ’লহেতেঁন।”
খ্ৰীষ্টান মিছনেৰী সকলে অসমীয়া ভাষাৰ ব্যাকৰণ , অভিধান আদি ৰচনা কৰি অসমীয়া ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ বাট মুকলি কৰে । উল্লেখনীয় যে নাথান ব্ৰাউনৰ Grammatical notices of the Assamese language তে পোন প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাৰ জন্ম সমন্ধে আলোচনা আগবঢ়োৱা হৈছিল। অসমীয়া ভাষাক বাংলাভাষাৰ এটা উপভাষা বুলি থকা ধাৰণাক নস্যাৎ কৰি ব্ৰাউনেই পোন প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাৰ স্বতন্ত্ৰতা ৰক্ষাৰ্থে মাত মাতিছিল ।
মিছনেৰীসকলে পাঠ্যপুথি ৰচনা কৰাৰ উপৰিও তেওঁলোকে অসমৰ ঠায়ে ঠায়ে পঢ়াশালি স্থাপন কৰি শিক্ষাৰ পোহৰ বিলাই ছিল । তেওঁলোকে অসমীয়া ভাষাত বাতৰি কাকত, আলোচনী ইত্যাদি প্ৰকাশ কৰি বৰ্হিবিশ্বৰ লগত সম্পৰ্কহীন তথা দিগভ্ৰান্ত অসমীয়া জাতিক এক নতুন দিগন্তৰ লগত চিনাকি কৰাই দিছিল। এই সময়ৰ সাহিত্য ধৰ্মমূলক হ’লেও মিছনেৰীসকলৰ সাহিত্যৰ যোগেদিয়েই অসমীয়া সমাজে ন ন বৈজ্ঞানিক সৃষ্টিৰ সৈতে পৰিচিত হৈছিল । লগতে ইংৰাজীৰ পৰা বিভিন্ন কাহিনী অনুবাদ কৰি পাশ্চাত্যৰ ধ্যান- ধাৰণাক অসমীয়া লোকৰ আগত তুলি ধৰিছিল । অসমীয়া ‌সাহিত্যৰ কবিতা,গদ্য , নাটক আদি বিভিন্ন ধাৰণাসমূহত মিছনেৰী সকলৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল । মন কৰিবলগীয়া যে অসমীয়া উপন্যাসৰো উকমুকনি মিছনেৰীসকলৰ হাততেই হৈছিল।
মুদ্ৰণ যন্ত্ৰ অথবা ছপাশাল স্থাপন কৰাটো মিছনেৰী সকলৰ এক অবিস্মৰণীয় কাম। ইয়াৰ জৰিয়তে তেওঁলোকে ছপাৰ মাধ্যমত অসমীয়া কিতাপ চপাই এক আধুনিক যুগৰ সুচনা কৰিলে। ছপাৰ ফলশ্ৰুতিত মিছনেৰীসকলৰ হাতত ঠন ধৰা অসমীয়া ভাষাই অসমীয়া গদ্যক এক নতুন ৰূপ দিয়াৰ লগতে অসমীয়া ভাষাৰ সমমানকৰণ (Standardisation) ত এক উল্লেখযোগ্য অৱদান যোগাইছিল।তদুপৰি পুৰণি অসমীয়া পুথি সমূহৰ সংগ্ৰহ আৰু সংৰক্ষণতো তেওঁলোকৰ ভুমিকা উল্লেখযোগ্য। এই প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকে অসমীয়া জাতিৰ ইতিহাসৰ পৰিচয় বাহক বহুতো আপুৰুগীয়া গ্ৰন্থ সংৰক্ষণ কৰাৰ লগতে অসমীয়া মানুহকো অতীতক সন্মান কৰিবলৈ শিকালে। কেতবোৰ শুৱলা প্ৰাচীন অসমীয়া শব্দৰ পুনৰূদ্ধাৰৰ লগতে ইংৰাজী ভাষাৰ পৰা কেতবোৰ শব্দৰ সুষম অনুবাদৰ যোগেদি অসমীয়া ভাষাৰ শব্দৰ ভৰাঁলো চহকী কৰাত এওঁলোকৰ ভুমিকা উল্লেখযোগ্য।‌
ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে বিদেশী শাসকৰ হাতত অসমে ৰাজনৈতিক , সাংস্কৃতিক আৰু ভাষিক স্বাধিকাৰ হেৰুৱাই পেলাইছিল। এই সময়চোৱাতে সৌভাগ্যক্ৰমে খ্ৰীষ্টান মিছনেৰী সকলে অসমত প্ৰৱেশ কৰি তেওঁলোকে অসমীয়া ভাষাৰ পুনৰূদ্ধাৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। অৰুণোদইৰ মাজেৰে আৰম্ভ হোৱা এই যাত্ৰাই অসমৰ লোকসকলৰ মাজত ভাষিক জাতীয়তাবাদৰ বীজ ৰোপণ কৰিছিল বুলি ক’লেও অতুক্তি কৰা নহ’ব। বৰ্তমানৰ প্ৰেক্ষাপটত আমি যেন কিছু পৰিমাণে এই সকল ব্যক্তিক পাহৰি পেলাইছো। অসমীয়া ভাষা সংস্কৃতিৰ জয়ঢোল কোৱাই থকাৰ পৰতেই যেন আমি পাহৰি গৈছোঁ আমেৰিকাৰ পৰা আহি অসমীয়া ভাষাক সঞ্জীৱনী প্ৰদান কৰা এই মিছনেৰী সকলৰ প্ৰচেষ্টাৰ কথা।সুদুৰ আমেৰিকাৰ পৰা আহি অসমৰ দৰে এখন পিছপৰা ৰাজ্যত শিক্ষাৰ পোহৰ বিলোৱা মাইলচ্ ব্ৰঞ্চন, নাথান ব্ৰাউন, আলিভাৰ টি কাটাৰ আদিক পুনৰ নৱপ্ৰজন্মৰ আগত চিনাকি কৰাই দিয়াৰ সলনি, নিজৰ ৰাজ্য পশ্চিম বংগই যাৰ আদৰ্শক বাৰে বাৰে নসাৎ কৰিছিল সেই শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিত্বক সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যৰেই আমদানি কৰি অসমৰ ভাষা সংস্কৃতিৰ পুনৰূদ্ধাৰৰ নায়ক সজোৱাৰ প্ৰৱণতা স্বয়ং শাসকৰ তত্ত্বাৱধানত আৰম্ভ হৈছে। অসমীয়াক মধ্যযুগৰ কুপমণ্ডুকতাৰ পৰা উলিয়াই আনি আধুনিক বিশ্বৰ লগত চিনাকি কৰি দিয়া তথা অসমীয়া ভাষা তথা ভাষিক জাতীয়তাবাদৰ প্ৰতিষ্ঠাৰ বাবে অহোপুৰুষাৰ্থ কৰা মিছনেৰী সকল অসমৰ প্ৰতিজন লোকৰ মনতেই চিৰসেউজ হৈ ৰোৱা উচিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here