আপুনিও এটা গল্প হ’ব পাৰে

কৃপাংকৰ চৌধুৰী

কেইদিনমানৰ পৰা গল্পকাৰ বিৰাট অসন্তুষ্ট।নতুন গল্প এটা লিখিব পৰা নাই।এইফালে আকৌ প্ৰকাশকৰ বাৰম্বাৰ তাগিদা।নিজৰ ওপৰতে খং উঠে গল্পকাৰৰ।কি হে পাইছিল তেওঁক এইবোৰ জঞ্জাল চপাই লবলৈ।বিয়াখন নাপাতিলেওতো হল হেঁতেন তেওঁ।দিনবোৰ তো ভালদৰেই চলি আছিল।এতিয়া পত্নীৰ সৈতে কাৰোবাৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰিব যোৱা, পত্নীক দৰ্শন কৰিবলৈ অহা মানুহক সময় দিয়া, আৰু যে কিমান কি নাটক! মুঠতে এইকেইদিন গল্পকাৰৰ ঘৰখন সকলো সময়তে মানুহেৰে গিজ-গিজাই থাকে।
বাস্তৱধৰ্মী গল্প লিখাৰ অভ্যাস নাই তেওঁৰ।গল্পৰ প্লটবোৰ কল্পনা কৰি লবলৈয়ে ভাল পাই তেওঁ।সম্পূৰ্ণ হোৱাৰ পিছত বাৰু গল্প বাস্তৱৰ আলমত লিখা যেনেই পাই পাঠকে।কিন্তু গল্পকাৰে জানে, গল্পৰ প্লট এটা আৰু বাইকৰ ইঞ্জিন একেই বস্তু।বিভিন্ন অলংকাৰ লগাবলগীয়া হয় তাত।তেতিয়াহে গল্পই কথা কোৱা আৰম্ভ কৰে।কিন্তু প্লট এটাৰ বাবে গল্পকাৰক এতিয়া নিৰলে অলপ সময়ৰ প্ৰয়োজন।অলপমান অকলশৰীয়াকৈ থাকিব বিচাৰে তেওঁ, কেতিয়াবা ঘৰৰ চাঁদত জোনটোৰ লুকা-ভাকু চাই,আৰু কেতিয়াবা নদীখনৰ পাৰত বেলি মাৰ যোৱা চাই।মানুহৰ মাজত থাকিলে গল্পকাৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ যোৱা যেন লাগে!
বিয়াখনৰ আগৰপৰা বিয়াখন শেষ হৈ আজিৰ দিনটোলৈকে, বহুত মানুহৰ অহা-যোৱা চলিছে গল্পকাৰৰ ঘৰলৈ।চূণ-তেল সনা মানুহৰ পৰা আদি কৰি মাছ বেপাৰী,মাংস বেপাৰী, গাখীৰৰ বেপাৰী ইত্যাদি ইত্যাদি।গল্পকাৰে লক্ষ্য কৰিছে সকলো মানুহেই যেন এটা এটা গল্প।জীয়া গল্প!একেলগে বহুত মানুহ দেখিলে তেওঁৰ এনে লাগে যেন তেওঁ এখন গল্পৰ বজাৰত থিয় হৈ আছে।যিকোনো এটা গল্পৰ প্লট তেওঁ নিজৰ গল্পৰ বাবে বাছি ললেই হল!
“সকলোবোৰকে মিলাই লিখি দিওঁ নেকি”-গল্পকাৰে ভাবিলে।
“যা: মস্ত কামোৰ নাটক এখন হব সেইখন”
গল্পকাৰে নিজেই নিজৰ ভাৱনাত হাঁহিলে!
একমুহূৰ্তৰ বাবে হয়তো গল্পকাৰৰ ভাৱনাবোৰ দিনবন্ধুৰ লগত মিলি যোৱা যেন ভাব হব পাঠকৰ।কিন্ত গল্পকাৰ দিনবন্ধু নহয়!সুকীয়াকৈ নিজৰ পৰিচয় এটা গঢ়ি তুলিবলৈ খুব কষ্ট হৈছিল গল্পকাৰৰ।
কিন্ত গল্পকাৰ দিনবন্ধু নহয়!সুকীয়াকৈ নিজৰ পৰিচয় এটা গঢ়ি তুলিবলৈ খুব কষ্ট হৈছিল গল্পকাৰৰ।গল্প বেয়া পোৱা মানুহবোৰৰ বাবে তেওঁ এতিয়াও দেউতাকৰ নামেৰেই পৰিচিত।
গল্পকাৰৰ নিজকে কেতিয়াবা খুব অকলশৰীয়া যেন লাগি যায়।সকলো থাকিও যেন তেওঁ অসম্পূৰ্ণ।এই অসম্পূর্ণতাক পূৰ্ণ ৰূপ দিবলৈয়ে হয়তো গল্পকাৰে বিয়াখনত সন্মতি দিছিল।কিন্তু তেওঁ ভবা নাছিল, লিখিবলৈ ইচ্ছা নকৰা গল্প এটাই তেওঁৰ বাবে অপেক্ষা কৰি আছে বুলি!
ফুলশয্যাৰ নিশাই পত্নীৰ সন্মুখত বিধস্ত হৈ গৈছিল গল্পকাৰ!
“আপুনি ভাল মানুহ,শ্ৰদ্ধা কৰোঁ আপোনাক,মোৰ বিশ্বাস আছে আপুনি মোক বুজিব।মোৰ হৃদয় খন যে কাৰোবাৰ ওচৰত বন্ধকত থৈ আহিছোঁ।এইখন বিয়া মোৰ অমতত হৈছে।”
গল্পকাৰ অবাক হৈ গৈছিল।এনেকুৱা লাগিছিল যেন ভয়ানক গল্প এটাই তেওঁৰ কোঠাত প্ৰৱেশ কৰিছে আৰু তেওঁক গো-গ্রাসে গিলিবলৈ আৰম্ভ কৰিছে।তেওঁ যেন যন্ত্ৰবৎ থিয় হৈ আছে,কিন্তু ইতিমধ্যেই তেওঁ যেন অচেতন হৈ পৰিছে।
নিশব্দে ওলাই গৈছিল গল্পকাৰ কোঠাটোৰ পৰা।জীৱনত তেওঁ বহুত গল্প লিখিলে,কিন্তু এনেকুৱা এটা গল্পৰ বাবে তেওঁ সাজু নাছিল।কেতিয়াও সাজু নাছিল!গল্পকাৰৰ তুলাচনীত সদায়েই আবেগৰ ভৰ বেছি।আবেগৰ দেৱালখন বগাই গল্পকাৰে বিবেক আৰু বাস্তৱৰ পৃথিৱীখনত প্ৰৱেশ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰে,কিন্তু বাৰে বাৰে উজুটি খাই তেওঁ!নিলাজৰ দৰে তেওঁ এতিয়া দৰ-দাম কৰিব নেকি পত্নীৰ হৃদয়ৰ!
প্ৰথমতে খং উঠিছিল গল্পকাৰৰ।বিয়াৰ আগতেই কব লাগিছিল তেওঁক এইবোৰ কথা।কিন্তু ভুল তেওঁৰ ও হয়তো আছে, বিয়াৰ আগত পত্নীৰ ভাবলেশহীন ভংগী দেখি তেওঁৰ এবাৰো মনলৈ এইবোৰ কথা অহা নাছিল!পত্নীৰ মাক-দেউতাকে হয়তো জানিছিল কথাবোৰ।কাৰ ভুলৰ বাবে তেওঁ ভুক্ত-ভোগী হ’ব লগীয়া হ’ল?
মুক্তি লাগে তেওঁক!সমাধান লাগে তেওঁক!
গল্পকাৰ জীৱন ভালপোৱা মানুহ।জীবন জিন্দাবাদেই তেওঁৰ কলমৰ শ্লোগান।আজিকালি শব্দবোৰে তেওঁৰ সংগ এৰিলে,গল্পবোৰে যেন তেওঁৰ লগত বিচ্ছেদহে ঘোষণা কৰিলে!আজিকালি গল্পকাৰ নীৰৱ!তেওঁৰ কলম পংগু্।
এই যে (কাম্য নোহোৱা) নীৰৱতাবোৰ,অচিনাকি ৰাস্তা এটাৰে গৈ থাকিলে হঠাতে পোৱা স্পীদ-ব্ৰেকাৰৰ দৰে লাগি যায় তেওঁৰ।গাড়ীখনৰ গতি ৰুদ্ধ কৰাৰ দৰে গল্পকাৰৰো যেন কলমৰ গতি ৰুদ্ধ কৰাৰ ষড়যন্ত্ৰ পৃথিৱীখনৰ।কিন্ত গল্পকাৰে জানে তেওঁৰ কলম ইমান দুৰ্বল নহয়।এন্ধাৰ নাশি পূৰ্ণিমা নমাই আনিবলৈ তেওঁ সক্ষম।আকৌ যেন যি উঠে গল্পকাৰ।বিষাদৰ আনন্দত।বিসৰ্জনৰ আনন্দত।ত্যাগৰ আনন্দত।এটা এটাকৈ গল্পবোৰ যেন ঘূৰি আহিছে তেওঁৰ ওচৰলৈ।
গল্পকাৰৰ কেতিয়াবা ৰেলগাড়ী এখন কিনিবলৈ মন যায়।দবা বোৰ তেওঁৰ নিজৰ হ’ব।প্ৰতিটো দবাতেই ভাগ ভাগ কৰি থব আবেগবোৰ।এটাত থাকিব আনন্দবোৰ,আকৌ আন এটাত বিষাদবোৰ।আকৌ অন্য এটাত থাকিব বা-মাৰলীয়ে বিধস্ত কৰি যোৱা প্ৰেমৰ সমাধিবোৰ।যেতিয়াই যিটো দবাত মন যায় বহি দিব তেওঁ।হিচাপ কৰিব পোৱা-নোপোৱাৰ!কেতিয়াবা আকৌ উভতনি যাত্ৰা কৰিব তেওঁ।এফালৰ পৰা খালি কৰি যাব দবাবোৰ।আকৌ কেতিয়াবা যাত্ৰীৰ অপেক্ষা কৰিব তেওঁ।আবেগৰ অস্থিৰতাই পংগু কৰি যোৱা মানুহবোৰক জীৱনৰ গীত গাবলৈ শিকাব।জীৱন ভাল পোৱা মানুহবোৰক উঠাব তেওঁ।ভৰাই যাব তেওঁলোকৰ আবেগৰ জোলোঙাবোৰ।এনেকৈয়ে চলি যাব যেন গল্পকাৰৰ জীৱনৰ ৰেলগাড়ী!
বহুদিনৰ মূৰত তেওঁ কলম তুলি লৈছে গল্প এটাৰ বাবে।কিবা এটা প্লট হয়তো মনলৈ আহিব,তাৰেই আশাত!কিন্তু এইয়া কি,তেওঁ নিজেই এটা গল্প হৈ গ’ল দেখোন!অসাৰ্থক গল্প তেওঁ ভাল নাপাই।গল্প হব নোখোজেও তেওঁ সেয়েহে।একমূহূৰতৰ বাবে তেওঁ ভাবিলে,থাকক, নিজৰ ডায়েৰীতেই সীমাবদ্ধ হৈ থাকক তেওঁৰ জীৱনৰ প্ৰথম অসাৰ্থক গল্পতো!কিন্তু গল্পটোৱে যদি লাহে লাহে কথা কোৱা আৰম্ভ কৰে?লাহে লাহে যদি মানুহবোৰে গল্পতো বিচাৰি বিচাৰি তেওঁৰ ওচৰ পায়হি তেতিয়া?
এৰা! ভালেই হল,মানুহেও বুজক,মানুহেও দেখক!তেওঁৰ জীৱনটো যেন এতিয়া এখন নাটকৰ দৰে।সমুখৰ ফালে পোহৰ আৰু পোহৰ,কিন্তু মাজতে ক’লা- ক’লা আৰ-কাপোৰ।গল্পকাৰক যেন কোনোবাই সেই আৰ-কাপোৰখন মেৰিয়াই দিছে।জীৱনে যেন পুতৌ কৰিবলৈ আৰম্ভ কৰিছে তেওক!প্রিয় ৰাজপথটোৰে তেওঁ দোভাগ নিশা খোজকাঢ়ি গৈ আছে,আৰু কোনোবাই যেন চাৰিওফালে অমানিশা ছটিয়াই দিছে।এন্ধাৰ আৰু এন্ধাৰ!

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here