অন্ধ অগ্নি

প্ৰয়াসী সূত্ৰধাৰ

চিৎকাৰ, ক্ৰন্দন,আৰ্টনাদেৰে কপি উঠিছে চৌদিশ।
কোনে আৰ্টনাদ কৰিছে বাৰু? কোনে??
হয়, ঠিকেই! শ শ নাৰীৰ গগনফলা চিঞৰ এয়া।
অস্পষ্ট চিঞৰ বোৰ নিশা গভীৰ ৰ বাবে স্পষ্ট হৈ উঠিছে।

প্ৰত্যাশিত জীৱন ৰ অপ্ৰত্যাশিত গধূলি ত সতিত্ব হেৰুওৱা নাৰীৰ ক্ৰন্দন এয়া।
সময়ৰ হাতত প্ৰতাৰিত হৈ ন্যায় প্ৰাপ্তিৰ আশাত চিঞৰিছে।
কিন্তু ন্যায় পোৱা জানো ইমান সহজ??
ন্যায় বিচাৰিছিল
ন্যায়ৰ সলনি পালে অপযশ।
সেয়ে প্ৰতিশোধৰ দাবাগ্নিত জ্বলি পুৰি মৰিছে।
চিতাৰ জুইত কৈও ভয়াবহ এই জুই।

আহ…. আৰু সহিব নোৱাৰি এই চিৎকাৰ।
কিযে বিভৎস এই চিৎকাৰ।।

আৰু কিমান নাৰী ৰ চিঞৰ শুনিব বন্ধু?? সমাজ ব্যৱস্থা আৰু মানুহৰ মানসিকতা সলোৱাৰ সময় এয়া ।
সময় সলাব ৰ হ’ল বন্ধু ,
সময় সলাব ৰ হ’ল …….

LEAVE A REPLY

Please enter your comment!
Please enter your name here