আমোলমোল শেৱালিৰ গোন্ধ

ঋষিকন্যা বি দাস

অনুভৱ-১

Albert Camus এ কৈছিল- “Autumn is a second spring where every leaf is a flower” বসন্তৰ পিছত আমি অপেক্ষা কৰা সময়খিনিয়েই শৰৎ। যেতিয়া বৰ্ষাই ধুই থৈ যোৱাৰ পিছত শৰতে পৃথিৱীৰ সিক্ততাক জুৰ দিয়ে,যেতিয়া নৈৰ মামৰে ধৰা ৰং কৃষ্ণ নীলা হয়, যেতিয়া অনবৰতে উন্দোলাই থকা আকাশখনেও যত অভিমান সেইবাৰলৈ বুলি এৰি নীলাভ হয়, যেতিয়া ঘৰৰ পদূলিত ফুলা বগা ফুল আৰু তাৰ কণমানি ডাঠ কমলা ঠাৰিৰ শেৱালিবোৰে বাটৰুৱাক মোহাচ্ছন্ন কৰে, মইনাহঁ‌তে যেতিয়া ৰ’দ নোলাওতেই কুঁৱলী ফালি ফালি তলসৰা শেৱালিবোৰ ফ্ৰকৰ কোচত, খৰাহী একোটাত সামৰি লোৱাৰ প্ৰতিযোগিতা চলায়, যেতিয়া জোনবাই আৰু তৰাবোৰে আইতা আৰু নাতি-নাতিনীহঁ‌তক চোতালত বহি সাধুৰ লগতে নানা কথাৰ টোপোলাটো মেলিবলৈ হাত বাউল দি মাতে, যেতিয়া দূবৰিত জিলিকা নিয়ৰৰ টোপালবোৰ আমি চকুত সানি ল’ব পাৰো,যেতিয়া আমাৰ আপোন পথাৰবোৰে সেউজীয়া বিপ্লৱৰ জোৱাৰ আনে, যেতিয়া কোনো সৃষ্টিশীল মনে কহুঁ‌ৱা ফুলা দেখি অধীৰ হয় নৱ সৃষ্টিৰ উন্মাদনাত তেতিয়াই জানো শৰৎ নাহে। মই শৰৎ ভাল পাওঁ‌ নানানটা কাৰণত।প্ৰথম আৰু প্ৰধান কাৰণ হ’ল ইয়াত অহৰহ সৃষ্টিৰ প্ৰেৰণা আছে।ইয়াত আছে অজস্ৰ সোপান যি আমাক সমৃদ্ধ কৰে আমৃত্যু। শৰততেইতো শ্ৰীকৃষ্ণই বৃন্দাবনত মুৰুলীৰ সুৰেৰে বৃন্দাবনৰ গোপীসৱক আচন্ন কৰিছিল। কেৱল গোপীসৱকেই নে? সেই সুৰে আলোড়িত কৰিছিল বৃন্দাবনৰ আত্মাক।

‘শৰত কাল ৰাতি অতি বিতোপন, ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন’।।।

অনুভৱ ২

মই একান্তই আপোন অনুভৱ কৰা ঋতুৱেই হ’ল শৰৎ। শৰৎ বুলিলেই তাত দূৰ্গোৎসৱৰ মাদকতা থাকিব, উলহ-মালহ থাকিব।আমি যেতিয়া নিচেই সৰু আছিলো, দূৰ্গা পূজাত গৈ ভিন্ন ধৰণৰ দোকান দৰ্শন কৰাটো এক উল্লেখযোগ্য আৰু সবাতোকৈ ভাল লগা কাম আছিল, ক্ৰয় কৰাটো পিছৰ কথা। এটা ডাঙৰ বেলুন লৈ ঘৰমুৱা হোৱাৰ গৌৰৱেই আছিল অনন্য। অলপ যদি ব্যক্তিগত কথাৰ প্ৰসংগলৈ আহো -আমি প্ৰত্যেকবাৰেই টীয়ক চাহ বাগানলৈ দূৰ্গা পূজা চাবলৈ যাও। মটৰ চাইকেলত মা-দে’তামনিৰ মাজত বহি যোৱাৰ দিনৰ পৰা এতিয়ালৈ পৰম্পৰাটোত বিৰতি পৰিবলৈ পৰাপক্ষত দিয়া হোৱা নাই। দৰাচলতে দূৰ্গা পূজাৰ পৰিৱেশেই এক সুকীয়া পৰিৱেশ। আমি বিশেষকৈ সেই পৰিৱেশৰ লগত একাত্ম হ’বলৈ বা আমেজ ল’বলৈহে ওলাই যাও। পূৰ্বৰ ব্যস্ততাপূৰ্ণ আটাইকেইটা মাহ পাৰ কৰি যেতিয়া আপোন ঘৰখনলৈ ভিন্ন প্ৰান্তত পঢ়ি থকা বা কৰ্মৰত ছাত্ৰ-ছাত্ৰীসমূহ আৰু ব্যক্তিসকল উভতি আহে কিছুদিনলৈ হ’লেও, তেতিয়া তেওঁলোকে সেই শাৰদীয় দূৰ্গোৎসৱৰ মাদকতা বাৰুকৈয়ে উপলব্ধি কৰে, আনতকৈ অলপ হ’লেও পৃথককৈ।

অনুভৱ ৩

বৰ্তমানৰ পটভূমিত লিখা লেখা হিচাপে কৰ’ণা ৰ কথা উল্লেখ নকৰিলে লেখাটো সম্পূৰ্ণ নহ’ব। কৰ’ণাই এইবাৰ ৰ দূৰ্গা পূজাতো নিশ্চয়কৈ এক বিৰূপ প্ৰভাৱ পেলাব।দূৰ্গা পূজাকেই কেন্দ্ৰ কৰি যিসমূহ অন্যতম সফল ব্যৱসায় চলি আহিছিল,সেই সমূহো এইবাৰ হয়তো অসফল হ’ব। সাম্প্ৰতিক পৰিস্থিতিত দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ কথা মই বেলেগকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই। এনে পৰিস্থিতিত সমগ্ৰ বজাৰ ব্যৱস্থাটোতেই এক বৃহৎ খেলিমেলিৰ সৃষ্টি হৈছে । এতিয়া যদি চাও আমাৰ গাঁ‌ৱৰ,নগৰৰ দুবেলা দুমুঠিৰ কাৰণে নিতৌ শাৰীৰিক পৰিশ্ৰম কৰা বেছিভাগ মানুহেই দূৰ্গা পূজা বুলিলেই এসাজ নতুন কাপোৰৰ কথা মনলৈ আনে। সেই দেউতাকজনে হয়তো নিজৰ ল’ৰা-ছোৱালীকেইটাৰ মুখত এইবাৰ হাঁহি বিৰিঙাব নোৱাৰিব। সময় এতিয়া এনেকুৱা যে আমি এসাঁজ ভালকৈ খাবলৈও চিন্তা কৰিব লগা হ’ব আৰু বহুতেই চিন্তা কৰিবলগা হৈছেই।।।

অনুভৱ ৪

শৰতেই অনাবিল আনন্দ দিয়ে, আনি দিয়ে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ ,শৰৎ নিজেই সুন্দৰতাৰ এক অনন্য প্ৰতীক। শৰতে আহি আমাৰ মনবোৰ প্ৰফুল্লিত কৰক, এক পৰিৱেশৰ সূচনা কৰক যি উন্মোচন কৰিব আকৌ পূৰ্বৰ দৰে অথচ পূৰ্বতকৈ সুন্দৰ পৰিৱেশ। স্কটিছ অভিনেতা আৰু লেখক Robbie Coltrane ৰ মতে, “Its like going back to school. you know autumn! time for ‘Harry Potter’.” এই সময়ছোৱাতেই আমি নিজৰ বাবে সময় দিবলৈ ,অলপমান অৱসাদ দূৰ কৰিবলৈ এক পৰিৱেশ আমাৰ চাৰিওফালে দেখা পাওঁ‌।এনে সময়ত এখন ভাল গ্ৰন্থই নিশ্চিতভাৱে আমাৰ মন-মগজুত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব। পৃথিৱীত গ্ৰন্থই সকলো কথা শিকাব নোৱাৰে সেইটো সঁ‌চা, কিন্তু গ্ৰন্থই আমাক পোহৰাই এনেভাৱে সজাই তোলে যাৰ বাবে আমি আমাৰ চিন্তাবোৰ উত্তৰ প্ৰজন্মলৈ কঢ়িয়াই নিব পাৰো একো একোটা সবল যুগজয়ী যুক্তিসহ। শেষত এটাই আশা কৰিছো শৰৎ কাল এক সংকল্প হওক, হাজাৰজন উঠি অহা ল’ৰা-ছোৱালীৰ কৰ্মপ্ৰেৰণাদায়ক প্ৰদীপ হওক। উজ্জ্বলাওক ধৰা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here