অলপ আশা অলপ শংকা আৰু এক ঐতিহাসিক সুযোগ

ত্ৰিদিৱ ভাগৱতী
ত্ৰিদিৱ ভাগৱতী

অসমৰ ইতিহাস এহাতে যিদৰে দিল্লীৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ ইতিহাস আনহাতে অসমৰ ৰাইজেই নিৰ্বাচিত কৰি পঠিওৱা আশা-ভৰসাৰ নেতাসকলৰ ক্ষমতাৰ স্বাৰ্থত দিল্লীৰ ওচৰত আত্মসমৰ্পণৰ ইতিহাস।

আমি অসম আন্দোলন দেখা নাছিলোঁ। ছবছৰীয়া অসম আন্দোলনৰ কথা আমি কেৱল কিতাপত বা আনৰ মুখতহে শুনিছোঁ। কিন্তু জন্ম হৈয়েই আমি এনে এখন অসম পাইছোঁ – য’ত অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সংকট দিনক দিনে বৃদ্ধি পাই আহিছে। আক্ষেপৰ কথা যে আজিৰ অসমৰ ৰাজনীতিত থকা দুয়োটা প্ৰধান ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মূল ভোটবেংক অসমৰ খিলঞ্জীয়া মানুহক লৈ গঠিত নহয়। অৰ্থাৎ দুয়োটা দলেই অসমৰ খিলঞ্জীয়া মানুহৰ সলনি অবৈধ বাংলাদেশীৰ প্ৰীতিতহে অধিক আগ্ৰহী, অধিক নিমজ্জিত হৈছে। সুদীৰ্ঘ অসম আন্দোলনৰ ফলশ্ৰুতিত গঠিত আঞ্চলিক দলটোয়েও ক্ৰমাৎ নিজৰ আদৰ্শ, স্বকীয় চৰিত্ৰ হেৰুৱাই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলতেই বিলীন হৈছে। জন্ম হৈয়েই পোৱা এনে এক ৰাজনৈতিক পৰিৱেশেই আমাৰ প্ৰজন্মটোৰ বাবে এক ডাঙৰ ট্রেজেদি।

অসমৰ ৰাইজে ২০১৬ চনত বিজেপিক এটা ছাৰপ্ৰাইজ দিছিল। ২০১১ চনৰ বিধানসভা নিৰ্বাচনত যি বিজেপি দলে মাত্ৰ ৫ খন আসন পাইছিল, ২০১৬ ত অসমৰ ৰাইজে সেই আসনৰ সংখ্যা ৬০ খনলৈ বৃদ্ধি কৰিছিল। ২০১৬ ৰ নিৰ্বাচনত বিজেপিৰ এই অভূতপূৰ্ব উত্থানৰ কাৰণ অনেক। কংগ্ৰেছৰ তৃতীয়টো কাৰ্যকালত সীমাহীন দুৰ্নীতি চলিছিল। সুদীৰ্ঘকাল ধৰি অসমত সংঘ পৰিয়ালে চলাই আহিছিল সুপৰিকল্পিত কাম-কাজ। বিজেপিৰ নিৰ্বাচনী ৰণকৌশলো আছিল চমকপ্ৰদ। কিন্তু এই সকলোবোৰৰ ওপৰিও ২০১৬ ৰ নিৰ্বাচনত বিজেপিৰ সফলতাৰ আঁৰত আছিল আন এক বৃহৎ কাৰক – জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল। অসম আৰু অসমীয়া মানুহৰ অস্তিত্ব সুৰক্ষাৰ কথা কৈ শাসনলৈ অহা সৰ্বানন্দ সোণোৱালৰ ওপৰত প্ৰতিজন অসমীয়াৰ আছিল অগাধ বিশ্বাস। জাতিটোৱে ইতিপূৰ্বে ১৯৮৫ ৰ নতুন আশাৰ সঞ্চাৰ কৰা মানুহজাকক বিশ্বাস কৰি উজুটি খাইছিল। তথাপি কোনোবাখিনিত সৰ্বানন্দ সোণোৱালৰ প্ৰতি আছিল অকৃত্ৰিম ভালপোৱা, গভীৰ বিশ্বাস। সেই সৰ্বানন্দ সোণোৱালৰ দিনতেই নাগৰিকত্ব সংশোধনী বিধেয়ক আহিল। অসমত প্ৰতিবাদ হ’ল, কোনো দল সংগঠনৰ পৰিধি নামানি অসম চুক্তি আৰু ভাৰতৰ সংবিধানৰ পক্ষত থাকি ছাত্ৰ সমাজে আন্দোলন কৰিলে। আশা কৰা হৈছিল – অইন কোনোবাই নামাতিলেও জাতীয় নায়ক সৰ্বানন্দই অন্তত বিধেয়কখনৰ বিৰুদ্ধে আগৰ দৰেই বলিষ্ঠভাৱে মাত মাতিব। এইবাৰ সৰ্বানন্দ সোণোৱালেও অসম আৰু অসমীয়াৰ প্ৰতি থকা তেওঁৰ সীমাহীন ভালপোৱাৰ পৰিচয় দি অসমৰ ৰাইজক এটা ছাৰপ্ৰাইজ দিলে। অসমৰ আন দহজন নেতাৰ দৰে দিল্লীৰ আদেশকেই শিৰোধার্য কৰি জাতীয় নায়ক সৰ্বানন্দ সোণোৱালো মৌন হৈ ৰ’ল। দিল্লীৰ হাতত সংখ্যা আছিল। সংসদত সংখ্যাৰ জোৰত দিল্লীয়ে গৃহীত কৰিলে নাগৰিকত্ব সংশোধনী আইন। সৰ্বানন্দ সোণোৱালে দিল্লীৰ অসমবিৰোধী সিদ্ধান্তত সজোৰে মাত মতাৰ সাহসকণ দেখুৱাব নোৱাৰিলে। অসমৰ জাতীয় নায়কজন সংগোপনে প্রাক্তন জাতীয় নায়ক হ’ল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিনিময়ত অসমৰ মানুহলৈ আগবঢ়াই দিয়া সাংবিধানিক সুৰক্ষাকৱচৰ বিষয়টোও যে ৰাজনৈতিক টোপৰ বাহিৰে একো নাছিল তাকো পৰিশেষত অসমৰ মানুহে বুজি পালে। কাৰণ কমিটিয়ে প্ৰতিবেদন জমা দিয়াৰ ৫ মাহৰ পাছতো কা আন্দোলনৰ সময়ত অদ্ভুত অসম প্ৰীতি উথলি উঠা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰতিবেদন কাৰ্যকৰী কৰা দূৰৰে কথা নিৰ্ধাৰিত সময়ত প্ৰতিবেদন গ্ৰহণ কৰাৰ বাবেই সময় উলিয়াব নোৱাৰিলে। এক কথাত গভীৰ আশা আৰু বিশ্বাসেৰে অসমৰ ৰাইজে দিছপুৰলৈ পঠিওৱা সৰ্বানন্দ সোণোৱাল চৰকাৰে জাতীয় অস্তিত্বৰ প্ৰশ্নবোৰৰ কোনো উত্তৰ উলিয়াব নোৱাৰিলে।

এনে এক সময়তেই ২০২১ ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে নতুন আঞ্চলিক দল গঠনৰ কথাবোৰৰ চর্চা চলিছে। এই কথা আমিও দৃঢ়তাৰে বিশ্বাস কৰোঁ যে দীর্ঘদিন ধৰি দুয়োটা প্ৰধান ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক শাসনৰ গাদীত বহুৱাই নিৰাশ আৰু অসহায় হৈ পৰা জাতিটোক এটা নতুন আঞ্চলিক ৰাজনৈতিক দল লাগে। আমাৰ মূল সমস্যাবোৰ সমাধান কৰিবলৈ যে এটাও ৰাজনৈতিক দল ইচ্ছুক নহয় বা নিজৰ ভোটবেংকৰ ৰাজনীতিৰ গণ্ডীৰ বাহিৰত আমাৰ সমস্যা সমাধান কৰাটো তেওঁলোকৰ সামৰ্থৰ বাহিৰত – সেইবাবেই আমাক এটা নতুন আঞ্চলিক ৰাজনৈতিক দল লাগে। দুয়োটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষে মাত মাতি প্ৰতিবাৰেই বিশ্বাসঘাটকতা আৰু প্ৰতাৰণাৰ বলি হোৱা অসহায় মানুহজাকে ৰাজপথত চিঞৰি থকা কথাবোৰ সদনৰ মজিয়াত ক’ব পৰা দুজনমান প্ৰতিনিধিৰ স্বাৰ্থতেই আমাক লাগে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল।

প্ৰশ্ন হয় – এই নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহে বিজেপিৰ দৰে শক্তিশালী দল এটাক পৰাজিত কৰি ২০২১ ত দিছপুৰ দখল কৰিব পাৰিবনে? আমি একে উশাহতেই কওঁ নোৱাৰে। আজিৰ তাৰিখত তেনে চিন্তাও অবাস্তব কথা। কিন্তু ৰাজনৈতিক ভোটবেংকৰ আশাত নিজৰ কথাবোৰ সজাই-পৰাই নোকোৱা দহজন মানুহো যদি ২১ ৰ বিধানসভালৈ আমি পঠিয়াব পাৰোঁ – সেয়াহে আজিৰ তাৰিখত অধিক গুৰুত্বপূৰ্ণ কথা। আমাৰ মতে অবৈধ হিন্দু-মুছলমান বাংলাদেশীৰ ভোটবেংক গঢ়ি নিজৰ ৰাজনৈতিক ক্ষমতা বিস্তাৰ কৰি থকা দুয়োটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক অসমৰ পৰা বিদায় দিয়াৰ দীঘলীয়া ৰাজনৈতিক যুঁজখনত ২০২১ ৰ নিৰ্বাচন হ’ব পাৰে প্ৰথমটো খোজ। ২০২১ ৰ নিৰ্বাচনতেই এটা সাম্প্ৰদায়িক শক্তিক পৰাজিত কৰাৰ স্বাৰ্থত আন এটা সাম্প্ৰদায়িক শক্তিৰ বোকোচাত নুঠি নতুন আঞ্চলিক দলে অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষত থাকি এক দীঘলীয়া ৰাজনৈতিক সংগ্রামৰ সূচনা কৰিব পাৰে। যিকোনো ৰাজনৈতিক দলৰেই কিছু মৌলিক আদর্শগত স্থিতি আৰু দৃঢ়তা থকাটো উচিত। আমি বিশ্বাস কৰোঁ এখন সুস্পষ্ট বাস্তৱসন্মত পৰিকল্পনা, সুস্পষ্ট অৰ্থনৈতিক ৰূপৰেখা আৰু অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীক একত্ৰিত কৰি এখন সৰ্বাংগসুন্দৰ অসমৰ স্বপ্নৰ ৰো’ডমেপ অবিহনে কেৱল আন ৰাজনৈতিক দলবোৰৰ বিকল্প হিচাপেই নিজকে প্ৰক্ষেপ কৰিলে সেই দলৰ পৰা বৰ বিশেষ কিবাকিবি আশা কৰা ভুল হ’ব। সেয়ে এনেবোৰ দিশটো স্পষ্ট মত থকাটো অত্যন্ত প্ৰয়োজনীয়।

শেষত আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টিলৈ। ইতিমধ্যে আমি দেখা পাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন জাতীয় সংগঠন তথা ব্যক্তিবিশেষে পৃথক ৰাজনৈতিক দল গঠনৰ কুচ-কাৱাজ চলাইছে। স্বাভাৱিকতেই এনেসময়তেই আঞ্চলিক শক্তি বহুধাবিভক্ত হৈ ভোট বিভাজনৰ জৰিয়তে বিজেপিকেই সহায় কৰিব পৰাৰ আশংকাও মানুহৰ মাজত জন্মিছে। কিন্তু বিভিন্ন কাৰণত আদর্শগত মতবিৰোধ থকাৰ পাছতো ৰাজনৈতিক যুঁজখনৰ খাতিৰত আছু আৰু কৃষক মুক্তি উভয়ে জন্ম দিব লগা ৰাজনৈতিক দল দুটাই নিৰ্বাচনী ৰাজনীতিৰ স্বাৰ্থত ( যি দল মূল সংগঠন দুটাৰ পৰা পৃথক হ’ব) আসনৰ বুজা-বুজিৰ মাজেৰে আগবাঢ়িব বুলি আমি আশাবাদী। অতদিনে অসমৰ ৰাজনীতিৰ গতি-বিধি অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰি অহা সংগঠনসমূহৰ নেতৃবর্গই মানুহৰ মাজত নতুন আঞ্চলিক দল সম্পৰ্কে সৃষ্টি হোৱা আশা আৰু বিশ্বাসৰ ভেঁটি মজবুত কৰি এই বিষয়বোৰত সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিব বুলিও আমি আশাবাদী। অন্যথা অসমৰ ৰাজনৈতিক ইতিহাসৰ এনে এটা কেঁকুৰিত সময়ে অসমীয়া খিলঞ্জীয়া মানুহক দিয়া এই ঐতিহাসিক সুযোগটো গ্ৰহণ কৰাত আমি ব্যর্থ হ’লে চিৰদিনৰ বাবেই হয়তো অসমৰ খিলঞ্জীয়া মানুহৰ অস্ত্বিত্ব ৰক্ষাৰ সংগ্রামখন দুৰ্বল হৈ পৰিব।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here