এলবাৰ্ট আইনষ্টাইন বনাম ছাৰ আইজাক নিউটন

১৯০৫ চন। চুইজাৰলেণ্ডৰ বাৰ্ণৰ এটা পেটেন্ট অফিচত কাম কৰা এজন ২৬ বছৰীয়া যুৱকে জাৰ্মানীৰ এখন আগশাৰীৰ জাৰ্ণেলত অগা-পিছাকৈ ৪ খন গৱেষণাপত্ৰ প্ৰকাশ কৰিলে। এই গৱেষণাপত্ৰকেইখনে সমগ্র বিশ্বত তোলপাৰ লগাই দিলে। এক কথাত সূচনা হ’ল – একধৰণৰ বৈজ্ঞানিক বিপ্লৱৰ। এই যুৱকজনৰ গৱেষণাই শতিকাজুৰি চলি অহা আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীসকলৰ ভিতৰত অন্যতম আইজাক নিউটনৰ বৈজ্ঞানিক ধাৰণাসমূহৰ মূল ভেঁটিত আক্ৰমণ কৰি তাৰ কিছু কিছু মতবাদ ভুল বুলি প্ৰমাণিত কৰিলে। আৰম্ভ হ’ল পদাৰ্থবিজ্ঞানৰ আধুনিক যুগ! কোন আছিল সেই ২৬ বছৰীয়া যুৱকজন? হয়, তেওঁ আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন।

পদার্থবিজ্ঞান বুলিলে আমি আজি যি বুজোঁ, তাৰ আৰম্ভণি খুব বেছি দিনৰ কথা নহয়। প্ৰকৃততে আধুনিক পদাৰ্থবিজ্ঞানৰ সূচনা হৈছিল আজিৰ পৰা মাত্ৰ ৪০০-৫০০ বছৰমান আগেয়ে। গেলিলিঅ’ গেলিলি, লিঅ’নাৰ্ডো ডা ভিন্সি, কোপাৰনিকাছ, টলেমী, টাইকো ব্ৰাহে, কেপলাৰ আদি বিজ্ঞানীয়ে আৰম্ভণিৰ সময়ছোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

১৬৪২ চনত গেলিলিঅ’ গেলিলিৰ মৃত্যু হয় আৰু সেই বছৰতেই ইংলেণ্ডত এটা শিশুৰ জন্ম হয়। পৃথিৱীৰ শ্ৰেষ্ঠতম গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানীসকলৰ ভিতৰত এজন বুলি কালজয়ী খ্যাতি ৰাখি থৈ যোৱা সেই শিশুটোৱেই আছিল ছাৰ আইজাক নিউটন। নিউটনে পদাৰ্থবিজ্ঞানৰ আটাইতকৈ প্ৰাথমিক তথা আকৰ্ষণীয় দিশ বুলি পৰিচিত পদাৰ্থৰ গতি(Motion) আৰু বল(Force)ৰ বিষয়ে গৱেষণা আৰম্ভ কৰিলে। বল আৰু বেগৰ পূৰ্বৱৰ্তী ধাৰণাসমূহৰ সহায় লৈ নিউটনে প্ৰকৃতিৰ প্ৰায় সকলোবোৰ জ্ঞাত ঘটনাক ব্যাখ্যা কৰিবলৈ সমৰ্থ হ’ল। পাৰ্থিৱ বস্তুৰ ওপৰিও গ্ৰহ-নক্ষত্ৰৰ ওপৰতো তেওঁ এই ধাৰণাসমূহ প্ৰয়োগ কৰিলে আৰু তাতো অভূতপূর্ব সফলতা লাভ কৰিলে। আমাৰ সকলোৰে পৰিচিত মহাকৰ্ষণ(Gravity) তত্বৰ সৃষ্টি কৰি নিউটন হৈ উঠিল – ‘বিজ্ঞানৰ ৰাজকুমাৰ’।

SPONSORED

নিউটনৰ কৃতকাৰ্যতাত অনুপ্রাণিত হৈ তেওঁৰ পৰৱৰ্তী সকলো বিজ্ঞানীয়ে নিউটনৰ নিচিনাকৈ গতি আৰু বলৰ সহায়ত বিভিন্ন প্ৰাকৃতিক পৰিঘটনাসমূহ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিলে আৰু আচৰিত কথা, তেওঁলোকেও ইয়াত কৃতকাৰ্যতাও লাভ কৰিলে। তেওঁলোকে দেখিলে যে, অকল বলবিজ্ঞানৰ(Mechanics) সমস্যাই নহয়; তাপগতিবিদ্যা(Thermodynamics) বা পোহৰ বিজ্ঞান আদিৰ বহুতো সমস্যাও নিউটনীয় ধাৰণাৰ সহায়েৰে সমাধান কৰিব পাৰি। এইদৰে নিউটনৰ যাদুকৰী মনীষাৰ পৰশ পাই পদাৰ্থবিজ্ঞানে এক নতুন ৰূপ ল’লে যি পিছলৈ ধ্ৰুপদী পদাৰ্থবিজ্ঞান(Classical Physics) নামে জনাজাত হৈ পৰিল আৰু ইয়াৰ পিছৰ প্ৰায় ২০০ বছৰ ধৰি চলি থাকিল এই নিউটনীয় ধাৰণাসমূহ।

এতিয়া আহোঁ, নিউটন আৰু আইনষ্টাইনৰ তত্বৰ বৈজ্ঞানিক ব্যাখ্যালৈ। আইনষ্টাইনে মন কৰিছিল যে নিউটনীয় পদাৰ্থবিজ্ঞান প্ৰকৃতিৰ সকলো ক্ষেত্রত প্ৰযোজ্য নহয়- ই বহুতো বিষয়ত সীমাবদ্ধ। বিশেষকৈ জেমছ ক্লাৰ্ক মেক্স’ৱেল নামৰ বিজ্ঞানীগৰাকীয়ে আৱিষ্কাৰ কৰা বিদ্যুৎচুম্বকত্বৰ(Electromagnetism) অমৰ সূত্র ৪টাক নিউটনীয় বলবিজ্ঞানৰ সহায়ত প্ৰকাশ কৰিব চেষ্টা কৰিও সফল হ’ব নোৱাৰাত এই সীমাবদ্ধতা তেওঁৰ মনত বিশেষভাৱে প্ৰকট হৈ উঠিল, গাঢ় হৈ পৰিল। সাধাৰণ বিজ্ঞানী হোৱা হ’লে তেওঁ হয়তো নিউটনীয় বলবিজ্ঞানৰ সামান্য পৰিৱৰ্তন কৰি তাক বিদুৎ চুম্বকীয় তত্বত খটুৱাবলৈ যত্ন কৰিলেহেঁতেন আৰু এইদৰেই সমস্যাটোৰ সাময়িক সমাপ্তি ঘটালেহেঁতেন। কিন্তু আইনষ্টাইনে নিজৰ অসামান্য প্ৰতিভাৰ সহায়েৰে সমস্যাটোৰ ভিতৰলৈহে সোমাই গ’ল। তেওঁৰ গৱেষণাই নিউটনীয় পদাৰ্থবিজ্ঞানৰ মূল ভেঁটিটোত আঘাত কৰিলেগৈ আৰু ফলশ্ৰুতিত পদাৰ্থবিজ্ঞানত সৃষ্টি হ’ল আপেক্ষিকতাবাদৰ(Relativity)।

এতিয়া আহোঁ, আইনষ্টাইনে কেনেকৈনো নিউটনৰ ধাৰণাসমূহ সলনি কৰি পেলালে? নিউটনীয় পদাৰ্থবিজ্ঞানত ধৰি লোৱা হৈছিল যে কোনো কাৰণতে সময় বা কালৰ(Time) ধাৰণাৰ পৰিৱৰ্তন নহয়। অৰ্থাৎ কাল পৰম(Absolute); বিশ্বৰ কোনো বিশেষ পদ্ধতিৰ ওপৰত ই নিৰ্ভৰ নকৰে। নিউটনে তেওঁৰ প্ৰিন্সিপিয়াত লিখিছিল ” নিজা স্বভাৱৰ গুণতেই পৰম, যথাৰ্থ আৰু গণিতীয় সময়ে কোনো বাহ্যিক বস্তুৰ ওপৰত নিৰ্ভৰ নকৰাকৈ সদায় একেফালে বৈ গৈ থাকে।” এইক্ষেত্ৰত, আইনষ্টাইনে দেখুৱালে যে সময়ৰ জোখ সকলোৰে বাবে একে নহয়, প্ৰত্যেকজন ব্যক্তিৰ বাবে ই সুকীয়া সুকীয়া। আচলতে সময়ৰ জোখ নিৰ্ভৰ কৰে নিৰীক্ষকজনৰ(Observer) অৱস্থানৰ ওপৰতহে। এই ধাৰণাই ক’লে যে গৈ থকা মানুহৰ বাবে সময় লাহে লাহে যায়। অৰ্থাৎ সময় পৰম(Absolute) নহয়, আপেক্ষিক(Relative) হে। উদাহৰণস্বৰূপে বিখ্যাত Twin Paradox ৰ কথা ক’ব পাৰি। ধৰা হওঁক, এজন মহাকাশচাৰীয়ে তেওঁৰ যমজ ভাতৃৰ পৰা বিদায় লৈ এখন অতি বেগী যানত উঠি মহাকাশলৈ যাত্রা কৰিলে। দুয়োজনৰেই বয়স সমান(যিহেতু যমজ), কিন্তু মহাকাশৰ পৰা ঘূৰি অহাৰ পিছত দেখা গ’ল যে মহাকাশচাৰীজনৰ তুলনাত পৃথিৱীত থকাজনৰ বয়স বৃদ্ধি হৈছে( কিয়নো যিমানেই বেগত যোৱা যায়, সময় সিমানেই কমি যায়)।

পৰম কালৰ(Absolute time) ধাৰণাৰ লগতে আন এক শতিকাজোৰা ধাৰণাও আপেক্ষিকতাবাদে নিৰ্মূল কৰিলে। পুৰণি পদাৰ্থবিদসকলে সময়ৰ নিচিনাকৈ মহাকাশকো(Space) পৰম বুলি গণ্য কৰিছিল, কিন্তু আইনষ্টাইনে দেখুৱালে যে মহাকাশ পৰম নহয়। বস্তুৰ গতিৰ লগে লগে ইয়াৰো পৰিৱৰ্তন ঘটে। তাৰ লগতে, পৰৱৰ্তী গৱেষণাত তেওঁ ক’লে যে মহাকাশ আৰু সময় দুয়ো আচলতে এক সন্মিলিত সত্বা(Combined entity) আৰু ইয়েই বিভিন্ন Science Fiction চিনেমাত আলোচিত হোৱা বিখ্যাত “Four Dimensional Space-time Continumm”। অৰ্থাৎ সময়ো এক ডাইমেনশন।

ইয়াৰ ওপৰিও, আপেক্ষিকতাবাদে ভৰ আৰু শক্তিৰ ধাৰণাৰো কিছু পৰিৱৰ্তন ঘটাইছিল। আইনষ্টাইনে ভৰ আৰু শক্তিৰ মাজত এক সম্পৰ্ক আৱিষ্কাৰ কৰি দেখুৱালে যে ভৰ আৰু শক্তিৰ মাজত আচলতে কোনো গভীৰ পাৰ্থক্য নাই। তেনেদৰেই সৃষ্টি হ’ল পদাৰ্থবিজ্ঞানৰ আটাইতকৈ জনপ্ৰিয় সমীকৰণটোৰ E=mc2 ।

ইয়াৰ পিছতেই আহোঁ, আইনষ্টাইনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক অৱদানটোলৈ। নিউটনে মহাকর্ষণ তত্বৰ(Theory of Gravity) জৰিয়তে অতীজৰে পৰা চলি অহা এক সাঁথৰৰ ওৰ পেলোৱাৰ লগতে বিশ্ব ৰহস্যৰো এক নতুন দুৱাৰ মুকলি কৰি দিলে। মহাকৰ্ষণ সম্পৰ্কে তেওঁৰ ধাৰণাসমূহ গাণিতিক ৰূপত প্ৰকাশ কৰিবলৈ সৃষ্টি কৰিলে প্ৰসিদ্ধ ‘কেলকুলাছ’। নিউটনে মহাকৰ্ষণক দূৰৰ পৰা ক্ৰিয়া কৰিব পৰা এক ৰহস্যময় বল হিচাপে কল্পনা কৰিছিল। তেওঁৰ মতে পৃথিৱী আৰু পাৰ্থিৱ বস্তুবিলাকৰ মাজত এক আকৰ্ষণ বল আছে যাৰ বাবে সকলো বস্তু পৃথিৱীৰ উপৰিভাগত পৰিবহি খোজে। তেওঁ আৰু অনুমান কৰিছিল যে, সেই একেবিধ বলেই সূৰ্য আৰু গ্ৰহবিলাকৰ মাজতো ক্ৰিয়া কৰে যাৰ ফলত গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে।

কাৰ্য্যক্ষেত্ৰত এই তত্বই অভাৱনীয় সফলতা লাভ কৰিছিল। এটা নিৰ্দিষ্ট সময়ত এটা গ্ৰহৰ অৱস্থান, সূৰ্যটোক এবাৰ প্ৰদক্ষিণ কৰিবলৈ গ্ৰহটোৱে লগোৱা সময়- ইত্যাদি সকলো কথাই নিউটনৰ এই তত্বৰ পৰা নিখুঁতভাৱে গণনা কৰিব পৰা গৈছিল। কিন্তু, নিউটনৰ এই তত্বটোৰো ভালেখিনি সীমাবদ্ধতা আছিল, বিশেষকৈ বুধ গ্ৰহৰ অস্বাভাৱিক ইলিপটিকেল(Elliptical) কক্ষপথৰ(Orbit) ক্ষেত্রত নিউটনৰ মহাকৰ্ষণ তত্ব ব্যৱহাৰ কৰিব পৰা নগ’ল।

এই সমস্যাটো সমাধান কৰিবলৈ গৈ আইনষ্টাইনে নিউটনৰ এই তত্বটোৰ ধাৰণাই সলনি কৰি দিলে। তেওঁ সাধাৰণ আপেক্ষিকতাবাদৰ(General Relativity) সহায়ত ব্যাখ্যা কৰিলে যে সকলো ভৰযুক্ত(Massive) বস্তুৱে মাধ্যাকর্ষণৰ(Gravity) বাবে ইয়াৰ চাৰিওফালৰ মহাকাশক একধৰণৰ বক্ৰ(Curve) আকৃতি দিয়ে আৰু এনেদৰেই কক্ষপথৰ(Orbit) সৃষ্টি হয়। মহাকৰ্ষণক হেজাৰ হেজাৰ মাইল দূৰৈত ক্ৰিয়া কৰিব পৰা এবিধ ৰহস্যময় বল বুলি নিউটনে যি কল্পনা কৰিছিল, আইনষ্টাইনে তাক এইদৰে নাকচ কৰিলে। আইনষ্টাইনৰ এই তত্বই বুধ গ্ৰহৰ কক্ষপথৰ সঠিক বিৱৰণ দিলে। এই তত্ব মতে, যিহেতু বুধ(Mercury) গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত, সেয়ে সূৰ্যৰ মাধ্যাকর্ষণৰ বাবে বুধ গ্ৰহ আৰু সূৰ্যৰ মাজৰ ঠাইখিনি বক্ৰ হৈ এক ইলিপটিকেল কক্ষপথ সৃষ্টি কৰে।

এইদৰে এলবাৰ্ট আইনষ্টাইনে গোটেই নিউটনীয় পদাৰ্থবিজ্ঞানৰ এক আমূল পৰিৱৰ্তন আনিলে। মহাকাশ, সময়, ভৰ, শক্তি আদি পদাৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাসমূহ পৰিৱৰ্তন কৰি তেওঁ বিজ্ঞানীসকলক এক নতুন জগতৰ সন্ধান দিলে। আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ব উদ্ভাৱন নোহোৱাহেঁতেন চাগে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে আমাৰ জ্ঞান কিছুমান ধূসৰ দাৰ্শনিক চিন্তাৰ সমষ্টিহে মাথোঁ হৈ ৰ’লহেঁতেন – আমাৰ দৃষ্টিত এয়াই তেওঁৰ সৰ্বশ্ৰেষ্ঠ অৱদান।

বহু শতিকা ধৰি নিউটনীয় তত্বই প্ৰকৃতিৰ প্ৰায়বিলাক কথাৰেই ইমান নিখুঁত আৰু সন্তোষজনক ব্যাখ্যা দি আহিছিল যে এসময়ত এই তত্বৰ জৰিয়তেই বিশ্বব্ৰহ্মাণ্ডৰ সকলো ৰহস্যৰ সম্ভেদ পোৱা যাব বুলি বিজ্ঞানী মহলে ভাবিছিল। নিউটনৰ প্ৰতিভাত মুগ্ধ হৈ বিখ্যাত সাহিত্যিক আলেকজেণ্ডাৰ পোপে লিখিছিল,
“Nature and Nature’s law lay hid in night,
God said, ” Let Newton be” and all was light.”

আইনষ্টাইনে নিউটনীয় তত্বৰ দুৰ্বলতাবোৰ উদঙাই দেখুৱালে, যাৰ ফলত কবিয়ে আকৌ লিখিলে,
“It didn’t last: The Devil howling, ‘Ho,
Let Einstein be!’ restored the status quo.”

সৰ্বশেষত এটা কথা মনত ৰখাটো প্ৰয়োজনীয়। আপেক্ষিকতাবাদে নিউটনীয় তত্বত থকা বহুতো ধাৰণাৰ সলনি কৰিলেও ই নিউটনীয় তত্ব ভুল বুলি কোৱা নাই। এটা তত্বৰ ওপৰত নিৰ্ভৰ কৰি আন এটা তত্বৰ সৃষ্টি হ’লে নতুন তত্বটোৱে পুৰণিটোক ভুল বুলি প্ৰমাণ নকৰে, বৰং পুৰণিক অধিক মনোমোহা ৰূপত নতুনকৈ চাবলৈহে শিকায়। আইনষ্টাইনে তেওঁৰ এখন ৰচনাত লিখিছে, ” আপেক্ষিকতাবাদ বা আন কোনো তত্বই নিউটনৰ মহান কাৰ্যাৱলীক অতিক্রম কৰিব নোৱাৰে। প্ৰকৃতিৰ দৰ্শনৰ ক্ষেত্রত আমাৰ সমগ্র আধুনিক চিন্তামূলক গঠনৰ ভেঁটি হিচাপে তেওঁৰ মহান ধাৰণাসমূহ সৰ্বকালৰ বাবে তাৎপর্যপূর্ণ হৈ থাকিব।”

বিজ্ঞানৰ কোনোটো তত্বই স্বয়ংসম্পূর্ণ নহয়। ইয়াৰ প্ৰতিটো তত্বৰে ঘাই শিপাডাল লুকাই থাকে পুৰণি তত্বসমূহৰ মাজত। ই যেন এখন পাহাৰ বগোৱাৰ দৰে কাম! গেলিলিঅ’ৰ সহায় লৈ নিউটন, নিউটনৰ সহায় লৈ আইনষ্টাইন, আইনষ্টাইনৰ সহায় লৈ হকিং- এনেদৰেই চলি আহিছে ৰহস্য উন্মেষণৰ এই যাত্রা। আৰু চিৰদিন চিৰকাল এইদৰেই চলি থাকিব জ্ঞান অন্বেষণৰ এই অবিৰত যাত্রা।

প্ৰসংগ পুথি: ১/পদাৰ্থবিজ্ঞানৰ ক্ৰমবিকাশ, এ.আইনষ্টাইন, ইনফেল্ড
২/আইনষ্টাইন আৰু আপেক্ষিকতাবাদ, শিবনাথ বৰ্মন
৩/সময়ৰ চমু ইতিহাস, ষ্টিফেন হকিং

14 COMMENTS

  1. প্ৰৱন্ধত ব্যৱহাৰ কৰা বৈজ্ঞানিক শব্দৰ যথাযথ প্ৰয়োগে প্ৰবন্ধটিৰ এটা সুন্দৰ মানদণ্ড প্ৰতিফলিত কৰিছে। কিছুমান বৈজ্ঞানিক শব্দৰ অৰ্থ প্ৰবন্ধটিৰ শেষত দিয়াটো প্ৰয়োজনবোধ কৰো। সুন্দৰ প্ৰয়াস। নতুন বৈজ্ঞানিক প্ৰৱন্ধৰ বাবে অপেক্ষাৰত।

  2. পঢ়ি বহুত ভাল লগিল কিছু নজনা কথা জনি পাই সুখী।

  3. পুৰণি কথাবোৰ নতুনকৈ সজাই পৰাই লিখাৰ বাবে সুখপাঠ্য হৈছে৷ মই ভাবোঁ, সময়ৰ দৰে বিজ্ঞানো গতিশীল৷ ইয়াৰ পাচতো আইনষ্টাইনৰ সূত্ৰৰ গইনা লৈ ভবিষ্যত পুৰুষে সৃষ্টিৰ নতুন বতৰা দিব, য’ত আইনষ্টাইনৰ দৰে নিউটনৰ সূত্ৰক পিতৃ বুলি স্বীকাৰ কৰিব৷

  4. কিছুমান নজনা কথা জানি ভাল লাগিল। তথ্য সম্বলিত অধিক লেখা পঢ়িবলৈ পাম বুলি আশাবাদী।

  5. পঢ়ি ভাল লাগিল আৰু এনে তথ্য সম্বলিত লেখা লিখিব বুলি আশা থাকিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here