আকৌ নতুন প্ৰভাত ….

জ্যোৎস্না বৰুৱা

 ”   ঘড়ীটোৱে  কয় শুনা টিক্ টিক্ টিক্ 

             সময় গৈছে উৰি  ঠিক ঠিক ঠিক  “

       শৈশৱকালত  এইদৰে  সময় আৰু ঘড়ীৰ সৈতে  মোৰ  প্ৰথম পৰিচয় । তেতিয়া  স্কুলত  নামভৰ্তিকৰণ  হোৱাই  নাছিল  । কিন্তু  দেউতা আৰু ডাঙৰ বাইদেৱে মুখত মাত ফুটাৰে পৰা বিভিন্ন ধৰণে মোক  স্কুলৰ বাবে  সাজু  কৰিছিল । স্কুললৈ  যোৱাৰ পূৰ্বে বোলে কেইবাখনো কুঁহিপাত ফালিছিলো । তেতিয়া পলমকৈ শুই উঠা আৰু লগৰীয়াসকলৰ সৈতে বেছিকৈ খেলা-ধূলা কৰা সকলৰ উদ্দেশ্য দেউতাই এইদৰে কৈছিল  ,       “সোণৰ শৈশৱ কাল গ’লে আৰু নাহে  

         পখিলাই কাণে কাণে কয় ,

    ধেমালিত  মজি ল’ৰা  সোণাময় দিন 

          অবাবত নকৰিবা ব্যয় ।”

        আখৰ  পঢ়িবলৈ জনাৰ  পিছত পাঠ্যপুথিৰ  যোগেদি এইবোৰ নিজে পঢ়িলোঁ । মুখস্থ হ’ল । কিন্তু বুজি পালোঁ  বৰ পলমকৈ । তেতিয়াই   ডাঙৰ বাইদেৱে কোৱা  কাছ আৰু শহা পহুৰ দৌৰ  প্ৰতিযোগিতাৰ সাধুটোৰ  অন্তৰ্নিহিত নীতিশিক্ষাও আওকাণ কৰি কিছুমান অজুহাত উলিয়াই শহাটোৰ  দৰে মাজে মাজে   শুই থকাৰ বাবে আজিকালি  অনুশোচনাত  দগ্ধ হওঁ ।  কেইবাখনো গাঁৱৰ মানুহে আমাৰ ঘৰৰ ওচৰতে থকা তিনিআলিটোত অলৈ – তলৈ  যাবলৈ বাছত উঠিব লাগে  । এক -দুই মিনিটৰ বাবে নিৰ্দিষ্ট বাছখন ধৰিব নোৱাৰি কিছুমান মানুহে  আমাৰ ঘৰৰ  আহল -বহল চোতালখনত  বহি পৰৱৰ্তী বাছখনৰ বাবে  বোন্দাপৰ দিব লগা হওঁতে  প্ৰায়ে  আইতাই  আমাক  কৈছিল  -“শুই থকা শিয়ালে হাঁহ  ধৰিব  নোৱাৰে  ।” –এইবোৰ আছিল শৈশৱৰ কথা । সময়বোৰ অতীত হ’ল  । চিৰন্তন প্ৰজ্ঞাৰ বাৰ্তাবাহক কথাবোৰ অন্তৰাত্মাত খোদিত হৈ ৰৈ গ’ল  । পৃথিৱীত মানৱজাতি থকালৈকে এই প্ৰজ্ঞাৰ প্ৰবাহ  অব্যাহত থাকিব । 

                      মাধ্যমিক  স্কুলৰ  পঞ্চম শ্ৰেণীত ইংৰাজী  নতুনকৈ  শিকিছোঁ  । সপ্তম শ্ৰেণীলৈকে হাতৰ আখৰ লিখা বাধ্যতামূলক । প্ৰথমে লিখা হাতৰ আখৰৰ শাৰীটো  আছিল –  ‘  Time  is money ‘ .  ঘৰত দেউতাই লিখিবলৈ দিছিল  – ‘ Time and tide wait for none ‘, ‘ A stich in time  saves nine ‘ , ‘ Time  is fleeting ‘ ………….

শিক্ষক দেউতাই  এই শাৰীবোৰৰ গূঢ়াৰ্থও ব্যাখ্যা কৰিছিল ।  সময়  অমূল্য সম্পদ,  ই যে  কাৰো বাবে ৰৈ  নাথাকে আৰু সময়ৰ কাম  সময়মতে  নকৰিলে সৰু সৰু কামবোৰ বাঢ়ি বাঢ়ি গৈ যে এটা বলে নোৱাৰা  ডাঙৰ বোজা হৈ পৰে  –এই সাধাৰণ কথাটো নজনা মানুহ নাই  । এই কথাখিনি ময়ো জানিছিলো  কৈশোৰ কালতে  ।  বয়স  বঢ়াটো স্বাভাৱিক প্ৰক্ৰিয়া । কৈশোৰ  অতীত হ’ল । 

                         সময়  বোঁৱতী নদীৰ দৰে । চিৰ প্ৰবহমান । যৌৱনৰ ভৰপক সময়ৰ কলেজীয়া দিনবোৰত নৱবৰ্ষ  উপলক্ষে  শুভেচ্ছা জ্ঞাপন কৰা এজন  বন্ধুৰ  গ্ৰীটিংছ কাৰ্ড এখনে কঢ়িয়াই আনিলে  -‘ Time  is like a flowing river,  no water passes beneath your feet twice, much like the river,  moments never  pass you by again,  so cherish every moment that  life gives you and have  a wonderful  New Year. ‘  এক দুৰাৰোগ্য ব্যাধিৰ  সৈতে  যুঁজ কৰি বন্ধুজন যৌৱন কালতে  নাইকিয়া হৈ  গ’ল । সময়ত  কিবা এটা ক’ম  বুলি  কোৱা কথাষাৰ  তেওঁক নোকোৱাকৈ থাকিল  ।  ইমান ডাঙৰ শিক্ষা পায়ো মই  হেমলেটৰ দৰে  সকলোবোৰ ক্ষেত্ৰতে থেৰোগেঁৰো  কৰা  স্বভাৱটো  এৰিব  নোৱাৰিলোঁ । অথচ  শ্যেক্সপীয়েৰে  ৰিচাৰ্ড দ্বিতীয়ৰ জৰিয়তে  কোৱা কথাষাৰ মোৰ মনলৈ আহিয়ে থাকে -‘ Time  should never be wasted. I wasted time and now doth time  waste  me .’   একেদৰে ”মেকবেথ’ নাটকত  শ্যেক্সপীয়েৰে কোৱা    ‘ Time  and hour run through the roughest  day ‘ কথাষাৰো মই  অনুভৱ কৰি থাকিলো ।  উহ  ! কিং লীয়াৰৰ  জীৱনত সময়ে  যে কেনেকৈ  নিষ্ঠুৰ  অথচ মহৎ শিক্ষকৰ  ভূমিকা  পালন নকৰিছে  ! ৰজা লীয়াৰ আৰু  কৰ্ডেলিয়াই  সময়ৰ  আহ্বানক্ৰমে  জীৱনৰ মূল্য বাৰুকৈয়ে   ভৰিব লগা  হৈছে ।  মোৰ বাবেও  জীৱনৰ  সুৰটো কেতিয়াবা  বৰ  কৰ্কশ হৈ পৰিছে । এই ৰূঢ়তা মাজে -সময়ে  বৰ  অসহনীয় হৈ পৰিছে ।     বাৰে বাৰে   সলনি হৈছে  জীৱনৰ দৃশ্যপট  । অভিজ্ঞতা বাঢ়িছে । জীৱন সম্পৰ্কে ক্ৰমশঃ  দৃষ্টিভংগী উদাৰ হৈছে । অধিক সহনশীল হৈছোঁ ।  কলেজত পঢ়া ‘এজ  ইউ লাইক ইট ‘   নাটকৰ সপ্ত  পৰ্যায়ৰ  কথাবোৰত  জীৱনৰ ছন্দ স্পষ্টকৈ ফুটি উঠা দেখা পোৱা  হৈছোঁ   -‘All  the world’s is a stage, and all the men  and women merely  players : they have their exits and  their  entrances ; and one man in his time  plays many  parts , his  acts being  seven ages . ‘  বয়সৰ আঁচোৰত  এতিয়া শৰীৰৰ  পৰা যৌৱনে মেলানি মাগিলে  । বাক্যটো  লিখি  শেষ কৰাৰ লগে লগে  ফোনটো বাজি  উঠিল  । মৰমৰ ভনী  মীনাক্ষীৰ দেউতাক ,  বাওঁপন্থী  সমাজকৰ্মী হিচাপে  বিখ্যাত  চতিয়াৰ হেম বৰুৱাই ইহলীলা সম্বৰণ কৰিছে  । জীৱনৰ  সমস্ত সৌন্দৰ্য্য উপভোগ কৰাৰ পিছত প্ৰকৃতিৰ  অমোঘ নিয়মানুসৰি  বৃদ্ধত্বৰ পিছত   অনিবাৰ্য  মৃত্যুক  তেওঁ  আঁকোৱালি ল’লে । দেউতাকৰ চৰণত  উচৰ্গা  কৰা তাইৰ  প্ৰথমখন  উপন্যাস  ‘অদিতি ফুকন ‘ তেওঁ ছুবলৈ  নাপালে । সময়ৰ  গতি  অনিৰুদ্ধ  । পৰিৱৰ্তন  অনিবাৰ্য । মৃত্যুও জীৱনৰে অংশ বুলি গ্ৰহণ কৰিব পৰাকৈ মই এতিয়া জ্ঞানী আৰু সাহসী এক মধ্য বয়সীয়া  নাৰী ।

                        অলপতে জন্মদিনটোৱে  মোক নীৰৱে  ওলগ জনালে । মৃত্যুৰ  ফালে মই  আৰু  এবছৰ  আগুৱাই গ’লোঁ  । ২০২০ চনটো  বিদায়ৰ  দিশে যিমানেই  অগ্ৰসৰ হৈ গৈ আছে সিমানেই  মনৰ ভিতৰত বিষাদ আৰু বিচ্ছেদৰ কৰুণ  সুৰ  এটা প্ৰবল হৈ হৈ গৈ আছে ।  প্ৰতিটো ৩১ ডিচেম্বৰৰ নিশা ঘড়ীৰ কাঁটাই  ১২ সংখ্যাটোক অতিক্ৰম কৰাৰ  লগে লগে  মহাকালৰ  বুকুৱে  সাৱটি  লয় আৰু এটা  বছৰ । আৰম্ভ  হয় নতুন  এটা  বছৰ । মই  যিমানে মৌন আৰু স্থবিৰ হৈ নাথাকোঁ কিয়,  স্বাভাৱিক স্বচ্ছন্দ  গতিত অহৰহ ধাৱমান  সময়ে  মোৰ আওহেলাক  উপেক্ষা কৰি  নিৰ্ভীক  অথচ বিনীতভাৱে মোক  কৰমৰ্দন কৰিবই । দুৰ্ভগীয়াৰ দুচকুৰ লুণীয়া সাগৰৰ কাতৰ  মিনতি,  প্ৰবল প্ৰতাপী দিগ্বিজয়ী বীৰৰ হুংকাৰ আৰু আটাইতকৈ ধনী আৰু সমৃদ্ধিশালী ব্যক্তিৰ  ধন -ঐশ্বৰ্য্যৰ সুউচ্চ  পৰ্বতৰ  উপঢৌকন  একোকেই  ভ্ৰূক্ষেপ নকৰি সময় কেৱল আগুৱাই  যায়  ।নিষ্ঠুৰ,  ক্ষমাহীন, দুৰন্ত, দুৰ্দান্ত  আদি অনেক কৰ্কশ শব্দৰে সময়ক  গালি পাৰোঁ  । অথচ পুৱাৰ পৰা ৰাতিলৈ  দেখি আহিছোঁ উদাৰ  বেলি আৰু শান্ত  জোনৰ সৈতে  সময়ৰ  সচেতন  প্ৰকাশ  । নিজৰ কামবোৰ  সময়মতে  কৰিব নোৱাৰি  সকলো দেখি -শুনি আৰু বুজি পায়ো দুৰ্বিনীত  বেলিক জন ডানৰ দৰে  গালি  পাৰোঁ – Busie old foole , unruly  Sunne  ……  সময় কাৰো বাবে ৰৈ নাথাকে । কেৱল নানা ঘটনা -দুৰ্ঘটনা,  দুখ -যন্ত্ৰণা,  সংগ্ৰাম -সংঘৰ্ষ,  প্ৰাপ্তি -অপ্ৰাপ্তি ,মিলন -বিচ্ছেদৰ সাক্ষী  হৈ  ৰয়  সময় । সৃষ্টি আৰু ধ্বংসৰ যন্ত্ৰণাকো নিৰ্বিকাৰচিত্তে  সময়ে  লিপিবদ্ধ কৰি ৰাখে । ২০২০ চনত ক’ৰোনা অতিমাৰীয়ে মানুহক  শিকালে  জীৱন কি অভাৱনীয়ভাৱে অনিশ্চিত আৰু  ভয়ংকৰৰূপে ক্ষণভংগুৰ  । 

                       বিভিন্ন যুগত সময়ক  বিভিন্ন ধৰণে ব্যৱহাৰ  কৰা হৈছে  । প্ৰাচীন   গ্ৰীচত  সময়ৰ  ধাৰণা আছিল বৃত্তীয়  ।  মধ্য যুগত ছেইণ্ট আগাষ্টিনে তেওঁৰ  বিখ্যাত গ্ৰন্থ  The  City of God ত এই ধাৰণাটো কুসংস্কাৰপূৰ্ণ বুলি অভিহিত কৰি ইয়াক  ৰৈখিক  বুলি  দাবী  কৰিছিল । সাহিত্যৰ  ছাত্ৰী হিচাপে  মই  গ্ৰেবিয়েল গ্ৰাৰ্চিয়া  মাৰ্কেজৰ One  Hundred  Years of  Solitude ত সময়ৰ  বৃত্তীয়  ৰূপৰ    ধাৰণা কৰাৰ  বিপৰীতে ডান্তেৰ  Divine Comedy  আৰু উইলিয়াম ফক্ নাৰৰ  The  Sound  and  Fury  ত ৰৈখিক সময়ৰ ধাৰণা পাওঁ । মিলান কুণ্ডেৰাই সময়ৰ গতি ৰৈখিক হোৱাৰ বাবেই  মানুহবোৰ অসুখী বুলি কৈছে ।  ন’বেল বঁটা বিজয়ী জাৰ্মান  সাহিত্যিক টমাছ  মানে তেওঁৰ  বিখ্যাত গ্ৰন্থখনত কৈছে,  ‘What  is time  ? It is  a secret -lacking in substance  and  yet  almighty. ‘ প্ৰতিটো দিনেই পাৰ হৈ  যায় ,প্ৰতিটো দিনেই  প্ৰতিজন  মানুহৰে  জীৱনক  নীৰৱে  একচেটিয়া আশা  আৰু অভিজ্ঞতাৰে  নতুনকৈ গৰ্ভৱতী কৰে বাবে  তেওঁ কৈছে, ‘ Yes ,  time is a puzzling thing , there is  something about it that is hard to  explain  . ‘ এলবাৰ্ট  আইনষ্টাইনে সময়ক এক ভ্ৰম বুলিয়ে অভিহিত কৰিছে  ।

                      পাৰ হৈ যোৱা কালিটোক আজি আমি ঘূৰাই পাব নোৱাৰোঁ । কাইলৈ আহিব লগা  দিনটোৰ পৰাও  আজি  আমি এক মুহূৰ্তও ধাৰ কৰিব নোৱাৰোঁ । যিটো বস্তু আমি বেছিকৈ নাপাওঁ অথচ তাৰে আমি অপব্যয় কৰোঁ  বেছিকৈ । যি মহান ছ’ল’মনক ভগৱানে  প্ৰজ্ঞা , বুদ্ধি  আৰু জ্ঞানৰ বিশালতা প্ৰদান কৰিছিল সেইজন ছ’ল’মনেই  মানুহক পৰুৱাৰ জীৱনৰ  পৰা সুন্দৰ  জীৱনৰ  উদ্দেশ্যে নানা  শিক্ষা আহৰণ কৰিবলৈ উপদেশ দিছে  । হেনৰী  ৱাডচৱৰ্থ  লংফেল’ৰ A Psalm of Life নামৰ কবিতাটো আনন্দ চন্দ্ৰ আগৰৱালাই  ‘জীৱন সংগীত ‘ নামেৰে অনুবাদ কৰিছে  । সংসাৰৰ  ৰণক্ষেত্ৰত বীৰেন্দ্ৰ ৰূপে খ্যাতিমান হ’বলৈ হ’লে  সাহসক  সাৰথি কৰি  কৰ্তব্যৰ পাছে দৌৰিবলৈ তেওঁ কৈছে  ,  

        কল্পনা চকুৰে চোৱা / যেনেকৈ সুন্দৰ পোৱা //

         নকৰিবা দূৰভৱিষ্যত  পতিয়ন /

          অতীত মৰহি গ’ল /তাৰ কথা অন্ত হ’ল /

          মনৰ পৰাই তাক  কৰা বিসৰ্জন ।

         যিহকে  আগতে পোৱা /ততালিকে কৰি যোৱা //

         জীৱন্ত  জাগ্ৰত বৰ্তমান সময়ত, //

           লণ্ডনৰ আইনৰ অফিচ এটাত  মাখিমৰা  কেৰাণীৰ চাকৰিৰে  দৰিদ্ৰ জীৱন কটোৱা আৰ্নল্ড বেন্নেটে  দিনটোৰ চৌবিশ ঘন্টাৰ সম্ভৱপৰ শ্ৰেষ্ঠ  প্ৰয়োগ কৰাৰ উদ্দেশ্যে এখন কিতাপ লিখিলে  । কিতাপখনৰ নাম  দিলে : How to Live on Twenty -Four Hours a Day  . সময়ৰ যোগানটোক  এক প্ৰাত্যহিক বিস্ময় বুলি কৈ তেওঁ কৈছে,  ‘আপুনি  পুৱা শুই উঠিয়েই আপোনাৰ  ধনৰ মোনাটোত সোমাই থকা  আপোনাৰ জীৱন বিশ্বৰ  -আপুনি উদ্ভাৱন নকৰা চৌবিশটা ঘন্টাৰ কোষ  দেখা  পাব । সেইখিনি আপোনাৰ,  আপোনাৰ পৰম মূল্যবান সম্পদ । ইয়াক কোনেও আপোনাৰ পৰা লৈ যাব নোৱাৰে । চুৰি কৰি  নিব নোৱাৰি  । আপুনি পোৱাতকৈ কম বা বেছি পৰিমাণে ইয়াক কোনেও নাপায় । আনকি কোনো  প্ৰতিভাধৰে দিনটোত এঘন্টাও  বেছিকৈ  নাপায়  । ‘একেবাৰে  সময় নাই ‘ বা ‘এক মিনিট সময়ো দিব নোৱাৰোঁ ‘ বুলি আপত্তি কৰাসকলৰ বাবে কিতাপখনে  প্ৰমাণ কৰি দেখুৱাইছে যে  দিনটোৰ চৌবিশ ঘন্টাৰ সদ্ব্যৱহাৰ কৰি মন ,ব্যক্তিত্ব আৰু কৰ্মজীৱনত উন্নতি সাধি মানুহে নিজৰ সুখ ,সাফল্য আৰু  সন্তুষ্টি অটুট ৰাখিবলৈ সক্ষম হ’ব পাৰে । মানুহৰ জীৱন মাত্ৰে সময়ৰ সমষ্টি  । নাম , যশ , সন্মান,  সফলতা, সম্পত্তি আদি সময়ৰ সদ্ব্যৱহাৰৰ  ওপৰতেই নিৰ্ভৰ কৰে  ।

                    প্ৰতিটো দিনেই নতুন  । সুন্দৰ । জীৱনৰ  উত্তম দিন । নতুন  আশা আৰু স্বপ্নৰ  বাৰ্তাবাহক । প্ৰতিজন মানুহৰ বাবে জীৱনটো সম্পূৰ্ণৰূপে নিজৰ । সফলতা লাভ কৰিবলৈ হ’লে নিজেই  নিজৰ  কামৰ  আৰম্ভণি কৰিব লাগিব । জীৱনলৈ  অহা প্ৰতিটো ক্ষণতে কেনেদৰে  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব,  কেনেকৈ দুৰ্যোগৰ সময়ত  প্ৰত্যাহ্বান ল’ব এয়াও  সম্পূৰ্ণৰূপে  নিজৰ  কথা  । বয়স  যিমানেই  নাবাঢ়ক কিয় মানুহে সাধ্যানুসাৰে  নতুন  সপোন  দেখি সেইমতে  কাম কৰি  সুখী হ’ব পাৰে । প্ৰতিটো বছৰৰে  আৰম্ভণি আছে । শেষ আছে  । আকৌ  আৰম্ভণি …….কিন্তু  প্ৰতিবাৰেই  নতুন ধৰণেৰে  । সময়ৰ বেলিকা  এই অভিনৱ নতুনত্ব  বৰ ৰোমাঞ্চকৰ আৰু উদ্দীপনাদীপ্ত । নতুন বছৰৰ দিনটো সকলোৰে  বাবে জন্মদিন  হওঁক !  বছৰটোৰ শেষ প্ৰান্তত  ৰৈ  এইবাৰ  মোৰ মনলৈ আহিল   টি এছ  এলিয়টৰ কবিতাৰ পংক্তি :

 For  last year’s  words belong to last year’s language      

 And next year’s  words  await another voice .

……………………………..

What we call the beginning is often the end, 

And to make an end is to make a beginning. The end is where we start from. 

2                     ( Little Gidding )

LEAVE A REPLY

Please enter your comment!
Please enter your name here