আকাশ চুবৰ হেঁপাহেৰে

নিমাশ্ৰী ডাউকা

সময় সলনি হয়। জীৱন সলনি হয়। দুবছৰ আগতে এটি সপোন দেখিছিলো। সপোনটিয়ে যেতিয়া চকুত ধৰা দিছিল তেতিয়া মোৰ লগতে মা-দেউতা আৰু ভাইটিয়েও সেই সপোনৰ লগত একাত্ম হৈছিল। এই সপোনৰ পথ মসৃণ নাছিল। বহু সময়ত উজুটি খাই পৰিছিলোও। কিন্তু আকৌ থিয় হৈছিলো মা,দেউতা,ভাইটিৰ সহায়ত। প্ৰতিটো মূহূৰ্তত তেওঁলোকে মোক সাহস দি কৈছিল “পাৰিবা তুমি, ভয় নাখাবা,পথটি মসৃণ নহ’লেও পাৰ হ’ব পাৰিবা, মাত্ৰ তুমি খোজ দিয়া”। আৰু মই খোজ দিছিলো তেওঁলোকৰ সাহসক মোৰ আত্মবিশ্বাস হিচাবে লৈ ধীৰে ধীৰে। 
সেই সপোনটি আছিল APSC CCE 2018 আৰু সপোন বাস্তৱ হোৱাৰ সময় আছিল ২৪ ডিচেম্বৰ ২০২০ চন। এখিলা কাগজে জীৱনৰ ৰূপৰেখা কেনেকৈ সম্পূৰ্ণৰূপে সলনি কৰে নিজে সেয়া উপলব্ধি কৰিছিলো।

মোৰ এই ২ বছৰীয়া যাত্ৰাৰ অভিজ্ঞতা সমূহ মই সুমধুৰ বুলিও ক’ব নিবিছাৰো অথবা তিক্ত বুলি ক’লেও ভুল হ’ব। যাত্ৰাটি খলা-বমা আছিল।মই অসম লোকসেৱা পৰীক্ষাৰ বাবে পঢ়িব আৰম্ভ কৰিছিলো ২০১৮ চনৰ আগষ্ট মাহৰ পৰা আৰু মোৰ ঐচ্ছিক বিষয় হিচাপে প্ৰাৰম্ভিক পৰীক্ষাত বাছি লৈছিলো বুৰঞ্জী। কাৰিকৰী শিক্ষাৰ পৰা আহি বুৰঞ্জী বিষয়টো বাছি লোৱাৰ কাৰণ আছিল বুৰঞ্জী বিষয়টো সাধাৰণ বিষয় অৰ্থাৎ GS পেপাৰ খনৰ এটা অন্যতম বিষয় হোৱাটো আৰু মোৰ নিজৰ এই বিষয়টোৰ প্ৰতি থকা দূৰ্বলতা । যিহেতু মোৰ বাবে সময় কম আছিল, সেয়েহে মই ৰ্নিদিষ্ট কিছু কিতাপ হে পঢ়িছিলো আৰু পঢ়াখিনিক প্ৰতিদিনে আওৰাইছিলোঁ। প্ৰাৰম্ভিক পৰীক্ষা দিয়াৰ পিছত নিশ্চিত হৈছিলো যে মই এই পৰীক্ষাত উত্তীৰ্ণ হ’ম আৰু সেইবাবে মই লিখিত পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিলো। লিখিত পৰীক্ষাৰ বাবে প্ৰস্তুতিটো অলপ বেলেগ হয়, কিয়নো এই পৰীক্ষাত উত্তৰ বোৰ বহলকৈ লিখিব লাগে। আমাৰ ক্ষেত্ৰত দুখন ঐচ্ছিক বিষয় আছিল। এইবাৰ নতুন ছিলেবাছ অনুযায়ী GS পেপাৰ বেছি হ’ব। মই এই সময়ছোৱাত Assam Tribune,The Hindu,Rajya Sabha Tv,Study IQ,Unacademy, Drishti IAS আদি পঢ়িছিলো আৰু ইণ্টাৰনেট সেৱাৰ বহুলভাৱে ব্যৱহাৰ কৰিছিলো। মই NOTES বনোৱাতকৈ বেছি Mock Test ৰ ওপৰত গুৰুত্ব দিছিলো আৰু সময়ত প্ৰশ্নোত্তৰ সমূহ সম্পূৰ্ণ কৰাত অধিক মনোনিবেশ কৰিছিলো। মই সদায় ভাবিছিলো মোৰ উত্তৰ বাকীবোৰতকৈ বেলেগ হ’ব লাগিব আৰু গোটেই বোৰ পেপাৰ সম্পূৰ্ণ কৰিব লাগিব। মই লিখিত পৰীক্ষাত পেপাৰ সম্পূৰ্ণ কৰিছিলো। মই সদায় উত্তৰ বোৰ লিখোতে Current Affairs যোগ কৰিব চেষ্টা কৰিছিলো।লিখিত পৰীক্ষাৰ ৰিজাল্ট আমাৰ প্ৰায় এবছৰৰ পিছত দিছিল আৰু মোৰ মৌখিক পৰীক্ষাৰ দিন ৰিজাল্ট দিয়াৰ প্ৰায় এমাহ পিছত হৈছিল। মই মৌখিক পৰীক্ষাৰ বাবে প্ৰধানত: মোৰ স্নাতক আৰু স্নাতকোত্তৰৰ পাঠ্যক্ৰম খিনি, ঐচ্ছিক বিষয় খিনি,Current Affairs, নিজৰ ঠাইখিনিৰ বিষয়ে অধ্যয়ন কৰিছিলো। মোৰ viva প্ৰধানত: opinion base আছিল আৰু অসমীয়াতে বেছিখিনি হৈছিল। মই লিখিত পৰীক্ষাটি ইংৰাজী মাধ্যমত দিছিলো।

আজি এই স্থানত উপনীত হোৱাৰ ক্ষেত্ৰত মোৰ আত্মীয় স্বজন, বন্ধু-বান্ধৱৰ লগতে যিসকল লোকে মোক সহায় কৰিছিল, নতশিৰে মই তেওঁলোকৰ ওচৰত সেৱা জনাইছোঁ। শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যৰ পৰা আৰম্ভ কৰি কটন কলেজ, DUIET, P.Tech ৰ প্ৰতিগৰাকী শিক্ষাগুৰুক মই প্ৰণিপাত জনাইছো, লগতে NE-IAS, SLAC,BHADRA IAS ,CHANKYA,LUCENT একাডেমীৰ প্ৰতিগৰাকী শিক্ষাগুৰুৱে মোক কৰা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।এই দুবছৰীয়া যাত্ৰাৰ অন্তত মই অনুধাৱন কৰিলো যে যদিওবা আমি জীৱনৰ কিছুমান যুদ্ধত পৰাজিত হওঁ তথাপিও অক্লান্তভৱে যুঁজিলে অৱশেষত সপোনৰ যুঁজখনত জিকিব পাৰি। একাগ্ৰতা, ধৈৰ্য,সততা আৰু আত্মবিশ্বাসক মোৰ একান্ত সাৰথি কৰি সপোনৰ ৰূপোৱালী নৈখনত আগবাঢ়ি গৈছিলো আৰু অৱশেষত যথাস্থানত লংগৰ পেলাবলৈ সক্ষম হৈছিলো । 

শেষত APSC ৰ প্ৰতিজন প্ৰাৰ্থীৰ লগতে নৱপ্ৰজন্মৰ প্ৰতিগৰাকীকে ক’ব খুজিছোঁ যে আপোনালোকে সপোন দেখিবলৈ আৰম্ভ কৰক। অকল লোকসেৱাৰ পৰীক্ষা বুলিয়ে নহয়, কাৰিকৰী শিক্ষাৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি আটাইবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকে নিজক সাজু কৰি তোলক। সপোনৰ পম খেদি আগুৱাই যাওঁক আৰু এদিন যেতিয়া সেই সপোন বাস্তৱ হ’ব আৰু আত্মীয় স্বজনৰ চকুত আপোনাক লৈ গৌৰৱ অনুভৱ কৰা দেখিব; তেতিয়া যাত্ৰাৰ সকলোবোৰ কঠিনতাই জোনাকৰ পোহৰৰ ৰূপ পাব। মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু এশ শতাংশই উজাৰি দিয়ক যাতে থমকি ৰ’ব লগা নহয়।

তদুপৰি মই প্ৰতিগৰাকী পিতৃ-মাতৃৰ লগতে সমাজৰ প্ৰতিজন লোকক আহ্বান জনাইছো যে আপোনালোকে তেওঁলোকক উজুটি খাবলৈ নিদি অনুপ্ৰেৰণাৰে তেওঁলোকৰ সপোনৰ জগতখনত খোজ পেলাবলৈ উদ্বুদ্ধ কৰক ।আপোনালোকৰ এটি সৰু প্ৰেৰণাৰ শব্দই সঞ্জীৱনী ৰূপ লৈ তেওঁলোকক জীৱনৰ আধাৰশিলা স্থাপনত সহায় কৰিব।
এইছেগতে মই অসম চৰকাৰকো ধন্যবাদ জনাব বিচাৰিছো আপোনালোকে দুৰ্নীতিৰ বিৰূদ্ধে লোৱা কঠিন পদক্ষেপবোৰৰ বাবে। চৰকাৰৰ দূৰ্নীতিৰ বিৰূদ্ধে থকা শূণ্য সহনশীলতাৰ বাবে আজি মই এই স্থানত উপনীত হ’ব পাৰিলো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here