আজব ৰীতি-নীতি (১)

সভ্যতাৰ বিকাশৰ পৰাই মানৱ প্ৰজাতিয়ে বিভিন্ন জাতি-জনগোষ্ঠীত বিভক্ত হৈ বাস কৰি আহিছে। তাৰ ফলত জন্ম হৈছে অলেখ সংস্কৃতি, অগণনীয় ভাষা, ভিন্ন ৰীতি-নীতি। একবিংশ শতিকাত আধুনিকতাৰ সমীৰে বিশ্বৰ অধিকাংশ জনতাক স্পৰ্শ কৰিলেও এতিয়াও বহুত জনগোষ্ঠীয়ে ধৰি ৰাখিছে নিজৰ স্বকীয় পৰিচয়; পালন কৰি আহিছে তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতি। ইয়াৰে কিছুমান ৰীতি-নীতি-পৰম্পৰা আমাৰ বাবে আচৰিত আৰু অদ্ভুত হ’লেও তেওঁলোকৰ বাবে আপুৰুগীয়া; নিজৰ উপৰি পুৰুষৰ পৰা প্ৰত্যেক প্ৰজন্মই উত্তৰাধিকাৰত লাভ কৰা সত্ত্বা। “প্ৰাঙ্গণ”ৰ এই বিশেষ শিতানত প্ৰত্যেক সংখ্যাত আমি দুটা বিশেষ জাতি আৰু তেওঁলোকৰ কিছু আচৰিত পৰম্পৰাৰ বিষয়ে জানিবলৈ পাম।

মাছাই জনগোষ্ঠী

১) মাছাই জনগোষ্ঠী:- আনৰ গালৈ থু মৰাটো বিশ্ববাসীৰ বাবে অভদ্ৰ আচৰণ যদিও কেনিয়া আৰু উত্তৰ তানজানিয়াত বাস কৰা মাছাই সম্প্ৰদায় এই ক্ষেত্ৰত ব্যতিক্ৰম। মাছাই জনগোষ্ঠী আফ্রিকাৰ সৰ্বপ্ৰথম জনগোষ্ঠী সমূহৰ অন্যতম। তেওঁলোকৰ মাতৃভাষা – ‘মা’।মাছাই জনগোষ্ঠীৰ বাবে থু মৰাটো এক সন্মানৰ চিন। স্বাগতম, অভিবাদন, বিদায় অথবা শুভেচ্ছা জনাবলৈ তেওঁলোকে ইজনে সিজনৰ গাত থুৱায়। অগ্ৰজে অনুজক থুৱালে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে। শিশু এটি জন্মলাভ কৰাৰ লগে লগে মাতৃয়ে শিশুটিৰ গালৈ থু নিক্ষেপ কৰে। বিয়াৰ সময়তো পিতৃয়ে কন্যাৰ কপাল আৰু বুকুত থুৰে আশীৰ্বাদ দিয়ে। আচৰিত নহয়নে ?
মাছাই সম্প্ৰদায় পৰ্যটক সকলৰ বাবে এক বিশেষ আকৰ্ষণ। কেনিয়া আৰু তানজানিয়াৰ জনসংখ্যাৰ মাত্ৰ ০.৭ শতাংশ থকা স্বত্বেও নিজৰ আপুৰুগীয়া সংস্কৃতি, খাদ্যাভ্যাস, থলুৱা ৰীতি-নীতি আৰু বস্ত্ৰৰ সংৰক্ষণ কৰি ৰখাৰ বাবেই মাছাই সম্প্ৰদায় সমগ্ৰ পূব-আফ্ৰিকাতেই প্ৰসিদ্ধ।

জাৰাৱা জনগোষ্ঠী

২) জাৰাৱা জনগোষ্ঠী :- আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ প্ৰাচীন খিলঞ্জীয়া সকলৰ ভিতৰত জাৰাৱা সম্প্ৰদায় অন্যতম। বহিৰ্বিশ্বৰ পৰা নিজকে আঁতৰাই ৰখা এই ৰহস্যজনক জনগোষ্ঠীৰ জনসংখ্যা এতিয়া চাৰিশতকৈ অধিক নহয়। এই জাৰাৱা সম্প্ৰদায়ৰ এক বিশেষ পৰম্পৰা আছে। যৌৱন কাল প্ৰাপ্তিৰ লগে লগে তেওঁলোকৰ ল’ৰা-ছোৱালীৰনাম সলনি কৰা হয়। এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় য’ত ল’ৰাবোৰে এটি বনৰীয়া গাহৰি চিকাৰ কৰি গাঁওবাসীৰ প্ৰতি অৰ্পণ কৰিব লাগে। আনহাতে ছোৱালীবোৰে ৰজস্বলা হোৱাৰ লগে লগে তেওঁলোকৰ শৰীৰত মাটি, গাহৰিৰ তেল আৰু এক বিশেষ ধৰণৰ আঠা লেপি দিয়া হয়। তাৰ পাছত তেওঁলোকক নতুন নামেৰে নামাংকিত কৰা হয়। ‘গ্ৰেট ট্ৰাংক আন্দামান ৰ’ড’ৰ নিৰ্মাণৰ ফলত এই জনগোষ্ঠীৰ অস্তিত্ব কিছু পৰিমাণে সংকটত পৰিছে। প্ৰতিকূল পৰিবেশতো তেওঁলোকে নিজৰ পৰম্পৰাগত শৈলী টান মুঠিৰে ধৰি ৰাখিছে।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

2 COMMENTS

  1. পঢ়ি ভাল লাগিল আৰু আগলৈয়ো এনে তথ্য সম্বলিত প্ৰবন্ধ পঢ়িবলৈ পাম বুলি আশা থাকিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here